ব্রজনাথ শৰ্মা

ব্রজনাথ শৰ্মা

১৮৯৪ চনৰ ১৫ ছেপ্টেম্বৰত বৰপেটাৰ শিলগাঁৱত ব্রজনাথ শৰ্মাৰ জন্ম হয়। তেওঁৰ দেউতাকৰ নাম পদ্মনাথ শৰ্মা আৰু মাকৰ নাম নৰ্শ্বেৰী দেৱী। জন্মৰ ডেৰ বছৰ বয়সতে তেওঁৰ পিতৃ বিয়োগ হয়। ফলত ডাঙৰ দদায়েক মহেশ্বৰ শৰ্মাই তেওঁক ডাঙৰ-দীঘল কৰে। তেওঁ স্কুলীয়া জীৱনৰ পাতনি মেলে ভেল্লা গাঁৱত। তেওঁ গৌৰীপুৰৰ তাৰিণীপ্ৰিয়া চতুষ্পাঠী বিদ্যালয়ত সংস্কৃতো পঢ়িছিল। তাত তেওঁ ইংৰাজী শিক্ষাও গ্ৰহণ কৰিছিল।

সৰুৰে পৰা তেওঁৰ পঢ়াতকৈ অভিনয় আৰু খেল-ধেমালিত বেছি ৰাপ আছিল। ১৪ বছৰ বয়সতে তেওঁ 'হৰিশ্চন্দ্ৰ' নাটকত অভিনয় কৰিছিল। ব্রজনাথ শৰ্মাই কিছুদিন সামৰিক বাহিনীত কেৰাণী চাকৰি কৰিছিল। সৈন্য বাহিনীৰ চাকৰি কৰাৰ সূত্ৰে তেওঁ বাগদাদ আৰু মধ্য এছিয়াৰ ভালেমান ঠাই ভ্ৰমণ কৰিছিল। বাগদাদত থাকোতেই তেওঁ মিষ্টাৰ জৰ্জ নামৰ এগৰাকী প্ৰসিদ্ধ সংগীতজ্ঞৰ সান্নিধ্য লাভ ক ৰে। ব্ৰজ শৰ্মাই তেওঁৰ পৰা সংগীতৰ শিক্ষা লাভ কৰে। বছোৰাত থাকোতে তেওঁ “বেষ্ট বেংগল ড্রামা ক্লাৱ'ৰ সভা হয়। তাৰ জৰিয়তে তেওঁ বঙালী নাটত অভিনয় কৰাৰ সুযোগ পায়। ১৯১৭ চনব পৰা ১৯২১ চনলৈকে এই সময়ছোৱাত বাজীৰাও, চন্দ্ৰগুপ্ত, মিচৰ কুমাৰী, মোগল পাঠান আদি নাটকত বহুবাৰ দক্ষতাৰে অভিনয় কৰিছিল।

১৯২১ চনত ব্রজনাথ শৰ্মা কলিকতালৈ আহে। তাত তেওঁ মঞ্চাভিনয়ৰ কলা কৌশল আয়ত্ত্বত ব্যস্ত হৈ পৰে। কলিকতাত তেওঁ বংগৰ বিখ্যাত অভিনেতা সুৰেন্দ্ৰ নাথ ঘোষৰ সান্নিধ্য লাভ কৰে। নাট্যাভিনয়ৰ অভিজ্ঞতা অর্জন কৰি ১৯২১ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ নিজ গাঁৱত ‘শিলা কালিকা অপেৰা পাৰ্টি' নামৰ এটি নাট্যানুষ্ঠানৰ জন্ম দিয়ে। তেৱেঁই আছিল এই অনুষ্ঠানটোৰ ওস্তাদ, মুখ্য অভিনেতা আৰু পৰিচালক। এই নাট্য দলৰ আন কেইগৰাকীমান অভিনেতা হ'ল ক্ৰমে মহেশ্বৰ শৰ্মা, হৰেন্দ্ৰনাথ শৰ্মা, নবীন দাস, উদয় নাথ, জনার্দন শৰ্মা, সভাৰাম দাস আদি । এই নাট্য দলটোৱে ‘বাজীৰাও' আৰু 'ৰাণা প্রতাপ' নামৰ দুখন নাট মঞ্চস্থ কৰিছিল। অৱশ্যে কিছু বেমেজালিৰ বাবে ১৯২৪ চনত এই নাট্যদলটো ভাঙি যায়।

ব্রজনাথ শৰ্মা ১৯২৪ চনত বৰনগৰৰ ওচৰৰ দক্ষিণ গণকগাড়ীলৈ উঠি যায়। আৰু তাতেই স্থায়ীভাৱে থাকিবলৈ লয়। তাত তেওঁ জনৈক অনাদৰ মহাজনৰ অৰ্থ সাহায্যত ১৯২৪ চনত ‘দক্ষিণ গণকগাড়ী অপেৰা পাৰ্টি প্রতিষ্ঠা করে। কিন্তু এই নাট্য দলটোও বেছি দিন নিটিকিল। ১৯২৯ চনত সেইটোও ভাঙি যায়। তথাপি তেওঁ ভাগি পৰা নাছিল। অসমীয়া নাট্য শিল্পৰ উন্নয়নৰহকে তেওঁ চেষ্টা অব্যাহত ৰাখিছিল। ১৯৩০ চনত তেওঁ কচুবিল চাহ বাগিছাৰ বৰবাবু বিপিন চন্দ্ৰ বৰুৱাৰ লগ লাগি 'কহিনুৰ অপেৰা পাৰ্টিৰ জন্ম দিয়ে। সম্পূর্ণ ব্যৱসায়িক ভিত্তিত জন্ম দিয়া এই অনুষ্ঠানটোৱে ৰাইজৰ বিপুল সমাদৰ লাভ কৰে। এই নাট্যদলেই অভিনেতাক বেতন দিয়া প্ৰথা প্রথমে আৰম্ভ কৰে। ১৯৩০ চনত তেওঁ চলন্ত থিয়েটাৰ আৰম্ভ কৰি সাংস্কৃতিক ক্ষেত্ৰত এক নতুনত্ব প্রদান কবে। মঞ্চত সহ-অভিনয়ৰ পাতনি মেলে ব্রজনাথ শৰ্মাই। ব্রজনাথ শৰ্মাই উর্বশী, বৰুণা, পতিতা, মনোমতী আৰু বৰ্জিতা নামৰ চাৰিখন নাট

ৰচনা কৰে। তেওঁ 'বিপ্লৱী' নামৰ এখনি আত্মজীৱনীও লিখে। তেওঁ ভালেমান গীত

ৰচনা কৰিছে। গীতবোৰ দেশ প্রেমমূলক।

১৯৩৫ চনত তেওঁ কংগ্ৰেছ দলত যোগদান কৰে। ১৯৩৭ চনত তেওঁ বৰনগৰ কংগ্ৰেছ কমিটির উপসভাপতি হয়। বিয়াল্লিছৰ গণ আন্দোলনত বৰনগৰ অঞ্চলত আন্দোলনৰ নেতৃত্ব দিছিল ব্রজনাথ শৰ্মাই। এই আন্দোলনৰ সময়ত বৰনগৰৰ বিমানঘাটি আৰু সৰভোগ থানা জ্বলোৱাৰ উচতনি দিয়াৰ অপৰাধত তেওঁ ব্ৰিটিছৰ ৰোষত পৰে। বহুদিন কোচবিহাৰ, কলিকতা, নবদ্বীপ আদিত আত্মগোপন কৰিছিল। পিছত তেওঁ পুলিচৰ হাতত ধৰা পৰে। তেওঁ গুৱাহাটী, ছিলেট, তেজপুৰ জে’লত কাৰাবৰণ খাটিছিল। ১৯৪৬ চনত তেওঁ জে'লৰ পৰা ওলায়। জে'লৰ পৰা ওলাই তেওঁ বিষ্ণুপ্ৰসাদ ৰাভা আৰু বিন্দা সিঙৰ লগত বোম্বাইলৈ গৈ নৌ-বিদ্ৰোহৰ প্ৰশিক্ষণ লয়। জীৱিকাৰ বাবে তেওঁ লালী আৰু কাঠৰ ব্যৱসায় কৰিছিল।

১৯৪৮ চনত তেওঁ কংগ্ৰেছ দল ত্যাগ কৰি ছ'চিয়েলিষ্ট পাৰ্টিত যোগ দিয়ে। এই দলৰ পৰাই তেওঁ ১৯৫২ চনত সৰভোগ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয় বৰণ কৰে। পিছত তেওঁ ৰাজনীতি ত্যাগ কৰে। পুনৰ নাট্য জগতলৈ ঘূৰি আহি হাউলীৰ মৈৰামাৰা চতুৰ্ভুজ অপেৰা পাৰ্টি (১৯৫৫), শিঙিমাৰী যাত্ৰা পাৰ্টি (১৯৫৬), কেৰ্খাবাৰী যাত্ৰা পাৰ্টি আদিৰ ওস্তাদ হিচাপে সেৱা আগবঢ়ায়।

তেওঁৰ দুগৰাকী পত্নী। প্ৰথমগৰাকীৰ নাম গুণৱতী দেৱী আৰু দ্বিতীয়গৰাকীৰ নাম ৰক্ষদা দেৱী। দুয়োগৰাকীৰ মাজত এঘাৰটা সন্তানৰ পিতৃ

১৯৫৮ চনত গুৱাহাটী সাহিত্য সভাই তেওঁক সাংস্কৃতিক সন্মিলনৰ সভাপতি নির্বাচিত করে। ১৯৫৯ চনত সংস্কৃতিৰ পূজাৰীজনক তেজপুৰ কামৰূপীয়া সনাতন ধর্মমণ্ডলীয়ে সম্বর্ধনা জনায়।

১৯৬০ চনৰ ১২ ছেপ্টেম্বৰত তেওঁ গুৱাহাটী মেডিকেল কলেজত ইহলীলা সম্বৰণ কৰে।

Post a Comment

0 Comments