সিদ্ধাসন - যোগাসন

 সিদ্ধাসন - যোগাসন



প্রণালী -- প্রথমে ভৰি দুখন মেলি বহক। তাৰ পাছত বাওঁ ভৰিৰ আঠুটো এনেদৰে ভাঁজ কৰক যাতে গেৰোহা মলদ্বাৰ বা কোষদ্বয়ৰ মাজত থাকে। এইবাৰ জননেন্দ্ৰিয় আৰু অণ্ডকোষ বাওঁ হাতেৰে তুলি ধৰি বাওঁ গোৰোহাৰ ওপৰত ৰাখক। তাৰ পাছত সোঁ ভৰিৰ আঠুত ভাঁজ কৰি সোঁ ভৰিৰ গোৰোহা লিঙ্গ মূলৰ ওপৰত ৰাখক। তাৰ পাছত মেৰুদণ্ড পোন কৰি লৈ হাত দুখন আঠুৰ ওপৰত ৰাখি বহুক। এনেদৰে ৩০ চেকেণ্ডৰ পৰা যিমান সময় সম্ভব সিমান সময় থাকক।

উপকাৰিতা – পুৰণি কালত এনে আসন কৰিয়েই ঋষি মুনিসকলে ধ্যানত সিদ্ধি লাভ কৰিছিল। কোনো বিষয়ত মনঃসংযোগ ৰাখিবলৈ এই আসন কৰা উচিত। এই আসন কৰিলে কঁকাল আৰু আঠুব সন্ধিস্থল সরল হয়, মানসিক চঞ্চলতা দূৰ হয়। অজীর্ণ, উদাৰময়, হাঁপানি, হৃদৰোগ, ক্ষয়ৰোগ নিৰাময় হয়। এই আসনত জিভাৰ আগটো তালুত লগাই ৰাখিব।

Post a Comment

0 Comments