বৃশ্চিকাসন - যোগাসন

বৃশ্চিকাসন   - যোগাসন


প্ৰণালী – শৰীৰটো শিথিল কৰি উৰুৰি হৈ - শোৱক। এইবাৰ ভৰি দুখন আঠুত ভাঁজ কৰি পিঠিৰ ফাললৈ আনক। তাৰ পাছত দুয়োখন ভৰি লগলগাই সেই দুখন মূৰত স্থাপন কৰক আৰু হাত দুখন ওখ কৰি কিলাকুটি ভাঁজ কৰি দুহাতেৰে দুই ভৰি টানি আনি মূৰৰ ওপৰত টানি ধৰাৰ নিচিনাকৈ ৰাখক। এই সময়ত হাত আৰু ভৰি মূৰত থাকিব কেৱল মাত্র তলপেটটো মাটি স্পৰ্শ কৰি থাকিব। (ওচৰৰ ছবিলৈ লক্ষ্য কৰক)। 


উপকাৰিতা – এই আসন কৰিলে পেটৰ চর্বি কমিব, হাওঁফাওঁ সবল হ'ব। পেটৰ যাবতীয়া
ৰোগ দূৰ হ’ব। ক্ষুধা বৃদ্ধি পাব। পানীলগা কাহ আৰু হাঁপানী ৰোগ নিৰাময় হ'ব।

Post a Comment

0 Comments