চক্রাসন - যোগাসন

চক্রাসন  - যোগাসন


প্রণালী – প্রথমতে চিৎ হৈ শুই পৰক। এইবাৰ কিলাকুটিত হাত দুখন ভাঁজ কৰি হাতৰ তলুৱা দুই কান্ধৰ কাষত মজিয়াত ৰাখক। তাৰ পাছত ভৰি দুখন সেই একেলগে আঠুত ভাঁজ কৰি গোৰোহা সামান্য ফাক কৰি নিতম্বৰ ওচৰলৈ আনক। এইবাৰ হাত আৰু ভৰিৰ ওপৰত ভৰ দি কঁকাল, পিঠি আৰু মূৰ ওপৰলৈ তোলক। এই অৱস্থাত হাত আৰু ভৰি যতদূৰ সম্ভৱ প্ৰসাৰিত আৰু পোন কৰি সাধ্যমতে নিতম্ব ওপৰলৈ তোলক। ১০ চেকেণ্ড এই আসনত অৱস্থান কৰি ৫ চেকেও বিশ্রাম লৈ পুনৰ আসন কৰক। এইদৰে ৪ বাৰ কৰিব। 

উপকাৰিতা – এই আসন কৰিলে মেরুদণ্ড সবল, নমনীয় আৰু প্ৰসাৰিত হয় কাৰণে দীর্ঘ যৌৱন লাভ কৰা যায়। বুকু প্রশস্ত হয়। ছোৱালীবোৰৰ ক্ষীণ স্তন দৃঢ় আৰু পৃষ্ট হয়। মা হোৱাৰ পাছতো যদি মহিলাবোৰে এই আসন নিয়মিত কৰে তেনেহ'লে তেওঁলোকৰ শৰীৰৰ গঠন একেই থাকে। শৰীৰ আৰু মন সতেজ হৈ থাকে।

Post a Comment

0 Comments