পশ্চিমোত্তানাসন - যোগাসন

পশ্চিমোত্তানাসন   - যোগাসন


প্ৰণালী – প্রথমে চিৎ হৈ শুই পৰক। এইবাৰ হাত দুখন মূৰৰ ওপৰফালে দীঘলকৈ মেলি দিয়ক। এইবাৰ কঁকালৰ পৰা গোৰোহালৈকে ভৰি দুখন পোন কৰি কঁকালৰ পৰা দেহৰ উপবিভাগ ধীৰে ধীৰে সন্মুখলৈ ভাঁজ কৰি দুই হাতৰ আঙুলিবে দুই ভৰিৰ বুঢ়া আঙুলিত ধৰক। সেই সময়ত শ্বাস প্রশ্বাস স্বাভাৱিক ৰাখিব। ইয়াৰ পাছত সন্মুখৰ ফালে বেচিকৈ হালি গৈ কপাল আৰু মুখ আঠুত লগাওক। ২৫ চেকেণ্ড এইদৰে থকাৰ পাছত পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহক। ১৫ চেকেণ্ড শবাসন বিশ্রাম লৈ আকৌ এই আসন অভ্যাস কৰিব। প্রতিদিন এইদৰে ৪ বাব কৰিব । 

উপকাৰিতা – এই আসন কৰিলে মেৰুদণ্ড, পাকস্থলী, প্লীহা আৰু মূত্রগ্রন্থি সংক্রান্ত সকলো অসুবিধা দূৰ হয়। চায়াটিকা, বহুমূত্র, অর্শ ইত্যাদি ৰোগ আৰোগ্য হয়। পাতল পায়খানা, গ্ৰহণী ৰোগ দূৰ হয়। পেটৰ সঞ্চিত চৰ্বি কমে।

Post a Comment

0 Comments