হলাসন - যোগাসন

হলাসন  - যোগাসন


প্ৰণালী – প্রথমে চিৎ হৈ শোৱক। এইবাৰ আপোনাৰ হাত দুখন শৰীৰৰ দুয়োকাষে ৰাখক। তাৰ পাছত হাতৰ ওপৰত ভৰ দি দম লৈ লৈ ভৰি দুখন একেলগে মাটিৰ পৰা তুলি মূৰৰ ফাললৈ লৈ গৈ মূৰৰ পৰা যিমানখিনি সম্ভৱ দূৰত ভৰি দুখন এনেভাবে ৰাখক যাতে ভৰিৰ গোৰোহা দুটা সংযুক্ত থাকে। এই সময়ত লক্ষ্য ৰাখিব লাগিব। থুতুৰিটো যাতে বুকুৰ সৈতে লাগি থাকে আৰু ভৰি দুখন আঠুত ভাঁজ নলগাকৈ পোন হৈ থাকে। এইদৰে ২০-২৫ চেকেণ্ড থাকি ১৫ চেকেণ্ড বিশ্রাম লৈ মুঠ ৪ বাৰ আসনটো অভ্যাস কৰিব। 


উপকাৰিতা – এই আসন কৰিলে কঁকালত চর্বি নজমে। মেৰুদণ্ড সবল আৰু কার্যক্ষম হৈ থাকে। মহিলাসকলে সন্তান জন্মৰ ৪মাহ পিছৰ পৰা এই আসন কৰিলে ভাল ফল পাব ।  কোষ্ঠকাঠিন্য, অগ্নিমান্দ্য, পেট ফুলা, বহুমূত্ৰ ৰোগ নিৰাময়তো সুফল পোৱা যায়।

Post a Comment

0 Comments