ভূ-নমন আসন - যোগাসন

ভূ-নমন আসন  - যোগাসন



প্রণালী – প্রথমে বজ্রাসন বহক। তাৰ পাছত লাহে লাহে সন্মুখৰ ফালে হালি যাওক। এইবাৰ হাত দুখন পিছৰ ফালে নি বাওঁ হাতেৰে সোঁহাতৰ কিলাকুটিৰ তলৰ অংশ আৰু সোঁহাতেৰে বাওঁহাতৰ কিলাকুটিৰ তলৰ অংশ ধৰক। তাৰ পাছত লাহে লাহে শ্বাস গ্রহণ কৰক আৰু শ্বাস ভিতৰত আবদ্ধ কৰি ৰাখক। এইবাৰ মূৰটো মাটিত লগাই দিয়ক। তাৰ পাছত নাকটো মাটিত লগাই ধীৰে ধীৰে শ্বাস ত্যাগ কৰক। প্রতিদিন ৫ চেকেও এই আসনত থাকি ৪ বার অভ্যাস কৰক। 

উপকাৰিতা – এই আসনত উদাৰময় ৰোগ ভাল হয়, যকৃতৰ দুৰ্বলতা দূৰ হয়। বুকু, পেট আৰু সমস্ত স্নায়ুতন্ত্ৰৰ গোলমাল আৰু বিকৃতি স্বাভাৱিক কৰি তোলে। তাৰোপৰি ডায়বেটিচ, পানীলগা, বাত, অনিদ্রা, অগ্নিমান্দ্য, হাঁপানি রোগতো উপকাৰ পোৱা যায়।

Post a Comment

0 Comments