ময়ুৰাসন

ময়ুৰাসন


প্রণালী – প্রথমে আঠু ভাঁজ কৰি বহক। ইয়াৰ পাছত দুই হাতৰ তলুৱা এনেভাৱে মাটিত ৰাখক যাতে হাতৰ আঙুলিবোৰ ভৰিৰ ফালে থাকে। এইবাৰ দুই হাতৰ ভাঁজ কৰি নাভিৰ দুকাষে ৰাখক। তাৰ পাছত তলপেট দৃঢ়ভাৱে ৰাখি সম্মুখৰফালে হালি মূৰটো মাটিত লগাওক। এইবাৰ হাতৰ তলুৱাৰ ওপৰত ভৰ দি সমস্ত দেহটো টানকৈ ৰাখি শূন্যতে ওপঙাই ৰাখক। ভৰি দুখন লগলগাই ৰাখিব। এই অৱস্থাত ৩০ চেকেণ্ড থাকি ৫ চেকেণ্ড শবাসনত বিশ্রাম ল’ব। এইদৰে ৪ বাৰ এই আসনটো কৰিব। (ওচৰৰ ছবি অনুসৰণ কৰক) 


উপকাৰিতা – এই আসন কৰিলে যকৃত, প্লীহা আৰু এড্ৰিনেল গ্ৰন্থিবোৰত ৰক্তপ্রবাহ বৃদ্ধি পায়। উদাময়, অৰ্শ, প্লীহাৰ ৰোগ নিৰাময় হয়। পেশী দৃঢ় আৰু পুষ্ট হয়।

Post a Comment

0 Comments