বেণুধৰ ৰাজখোৱা

বেণুধৰ ৰাজখোৱা

অসম সাহিত্য সভাৰ নৱম গৰাকী সভাপতি আছিল বেণুধৰ ৰাজখোৱা। ৰাজখোৱাৰ জন্ম হৈছিল ১৮৭২ চনৰ ১১ ডিচেম্বৰত, ডিব্ৰুগড় খোৱাঙত। তেওঁৰ পিতাকৰ নাম সুচান্দাৰাম ৰাজখোৱা আৰু মাক হীৰাৱতী। পিতৃ আছিল জয়পুৰ মৌজাৰ মৌজাদাৰ। জয়পুৰতে শিক্ষাৰ আদিপাঠ আৰম্ভ কৰি ডিব্ৰুগড় চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ত ভর্তি হয়। সেই বিদ্যালয়ৰ পৰা তেওঁ এণ্ট্ৰেন্স পৰীক্ষাত উত্তীর্ণ হয় ১৮৮৯ চনত। বেণুধৰ ৰাজখোৱাই উচ্চ শিক্ষা গ্ৰহণ কৰিছিল কলিকতাৰ পৰা। প্রথমে তেওঁ কলিকতাৰ প্ৰেচিডেন্সী কলেজত ভর্তি হৈছিল যদিও চিটি কলেজৰ পৰাহে ১৮৯২ চনত এফ. এ. পৰীক্ষাত উত্তীর্ণ হয়। ১৮৯৬ চনত বেণুধৰ ৰাজখোৱাই ৰিপণ কলেজৰ পৰা বি. এ. পাছ কৰে। পিছত এম. এ. আৰু আইন পঢ়িব লৈছিল যদিও সেই শিক্ষা অসমাপ্ত হৈ ৰৈছিল।

বেণুধৰ ৰাজখোৱাই কৰ্ম জীৱন আৰম্ভ কৰে ১৮৯৯ চনৰ পৰা। এজন উপপ্রতিসমাহর্তাব পদত নিযুক্তি লাভ কৰি আৰম্ভ কৰা কৰ্মজীৱনৰ অন্ত পৰে ১৯৩২ চনত শিৱসাগৰৰ উপায়ুক্ত হৈ। তেখেতে চাকৰি কালৰ মাজতে বিবাহ পাশত আৱদ্ধ হয় ডিব্ৰুগড়ৰ দুতিৰাম বৰুৱাৰ জীয়েক ৰত্ন কুমাৰী বৰুৱাৰ লগত।

শৈশৱৰ পৰাই সাহিত্য চৰ্চাত হাত দিয়া বেণুধৰ ৰাজখোৱা আছিল এজন কবি, নাট্যকাৰ আৰু নিবন্ধকাৰ। ১৮৮০ চনত 'সঞ্জীৱনী' নামৰ বঙালী ভাষাৰ কাকতখনৰ জৰিয়তে লিখা-মেলা কৰিবলৈ আৰম্ভ কৰি পিছত 'জোনাকী’ আৰু ‘বিজুলী’ আলোচনীতো সাহিত্য সাধনা কৰি নিজৰ প্ৰতিভা উজ্বলাই তোলে। বেণুধৰ ৰাজখোৱাই তৃতীয় বছৰৰ পৰা 'বিজুলী'ৰ সম্পাদনাৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল। বেণুধৰ ৰাজখোৱাৰ ৰচিত আৰু প্ৰকাশিত কবিতা পুথি হৈছে– পঞ্চ কবিতা (১৮৯৫), দশগীত (১৮৯৯), সৰু ল'ৰাৰ গান (১৯১০), চন্দ্রসম্ভর (১৯০০), অসমীয়া ভাই (১৯০১), বাঁহী (১৯০৩), জীবন সন্ধিয়া (১৯২৯), দেহৰ প্ৰলয় (১৯৩০), সিপুৰীৰ বাতৰি (১৯৩০), পুনরুত্থান (১৯৩১)। নাটক— সেউজী কিৰণ (১৮৯৪), কুৰি শতিকাৰ সভ্যতা (১৯০৮), দৰবাৰ (১৯১২), কলিযুগ (১৯১২), তিনিঘৈণী (১৯২৮), চোৰৰ দৃষ্টি (১৯৩১) আদি। ১৮১৭ চনত ৰচনা কৰে 'অসমীয়া খণ্ডবাক্য কোষ’ অসমীয়া ভাষাৰ এখন উল্লেখনীয় গ্রন্থ। 'মহাসতী জয়মতী’ আৰু ‘মোৰ জীৱন দাপোণ’, ‘বিহু’ তেখেতৰ দ্বাৰা ৰচিত আন তিনিখন উল্লেখনীয় গ্রন্থ। বেণুধৰ ৰাজখোৱাৰ দ্বাৰা ৰচিত ইংৰাজী গ্রন্থকেইখন হ'ল– Assamese Demonology (1905), Notes on the Sylhetes Dialect (1913), Short Account of Assam (1915), Assamese Popular Su perstitions (1920), A Note on the Miri Tribe in Assam আদি। তেখেত এজন দক্ষ অনুবাদকো আছিল। তেওঁ ইংৰাজীলৈ অনুবাদ কৰিছিল বিপ্ৰ দামোদৰ (১৯১৩), নামঘোষা (১৯১৯), কাণখোৱা (১৯২০), গুণমালা (১৯২৩)। বেণুধৰ ৰাজখোৱাই ‘আদিকাণ্ড ৰামায়ণ' সম্পাদনা কৰাৰ উপৰি কেইবাখনো পাঠ্যপুথিও ৰচনা কৰিছিল।

১৯২৬ চনত ধুবুৰীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ নৱম অধিবেশনত সভাপতিৰ আসন অলংকৃত কৰিছিল।

অসমীয়া সাহিত্য জগতৰ এইগৰাকী সাধকৰ মৃত্যু হয় ১৯৫৫ চনৰ ২২ জুনত।

Post a Comment

0 Comments