তৰুণৰাম ফুকন

তৰুণৰাম ফুকন

ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰখ্যাত নেতা, অসম বিখ্যাত চিকাৰী এজন; যাক দেশভক্ত তৰুণৰাম ফুকন বুলি জনা যায়— সেইগৰাকী প্ৰসিদ্ধ আৰু বহুমুখী প্রতিভাসম্পন্ন ব্যক্তি আছিল অসম সাহিত্য সভাৰ দশম গৰাকী সভাপতি। তৰুণৰাম ফুকনৰ জন্ম হয় ১৮৭৭ চনৰ ২২ জানুৱাৰীত গুৱাহাটীৰ ভৰলুমুখত। ফুকনৰ পিতৃৰ নাম আছিল বলোৰাম ফুকন আৰু মাতৃৰ নাম ভগীৰথী দেৱী। পিতৃ নামনি অসমৰ বিজনীৰ দেৱান আৰু এগৰাকী বিখ্যাত চিকাৰী, তেওঁৰ হাতীৰ মহল আছিল।

তৰুণৰাম ফুকনে ভৰলুমুখতে প্রাথমিক শিক্ষা গ্রহণ কৰি কটন কলেজিয়েট স্কুলৰ পৰা সুখ্যাতিৰে প্রবেশিকা পৰীক্ষাত উত্তীর্ণ হয় আৰু কলিকতাৰ প্ৰেচিডেন্সী কলেজলৈ গৈ ভর্তি হয় উচ্চ শিক্ষাৰ বাবে। প্রেচিডেন্সী কলেজৰ পৰা সুখ্যাতিৰে এফ. এ. পৰীক্ষা পাছ কৰাৰ পিছত সেই কলেজতে বি. এ. পঢ়ে। পাছত লণ্ডনলৈ গৈ তাত চাৰিবছৰ কাল বেৰিষ্টাৰী পঢ়ে।

অতি বিলাসী জীৱন-যাপন কৰি ভালপোৱা তৰুণৰাম ফুকনে লণ্ডনৰ পৰা ঘূৰি আহি কলিকতা উচ্চ ন্যায়ালয়ত ওকালতি আৰম্ভ কৰে। তৰুণৰাম ফুকন আছিল অসমৰ তৃতীয়গৰাকী বেৰিষ্টাৰ। কলিকতা চহৰত কর্মময় জীৱন আৰম্ভ কৰা তৰুণৰাম ফুকনে কলিকতাত চাইকেল চলাই ঘূৰা-ফুৰা কৰিছিল। সেই সময়ত চাইকেল এখন কিনি চলোৱাতো হেনো আছিল অতি সম্ভ্রান্ত পৰিয়ালৰ কাম। অসমলৈ আহোতে কলিকতাৰ পৰা চাইকেল এখন আনি গুৱাহাটীত চলাইছিল আৰু অসমৰ ভিতৰত প্ৰথমগৰাকী চাইকেল আৰোহী হিচাপে নিজক পৰিচিত কৰিছিল। তৰুণৰাম ফুকনে কলিকতাত ওকালতি কৰিবলৈ এৰি দি গুৱাহাটীত ওকালতি কৰিবলৈ লয়। পিছলৈ অৱশ্যে তেখেতে ওকালতি কামৰ পৰা আঁতৰি আহি সক্ৰিয় ৰাজনীতিৰ ক্ষেত্ৰত নামি পৰে।

তৰুণৰাম ফুকনে কলিকতাত ওকালতি কৰি থকা সময়তে যুগ্ম জীৱনৰ পাতনি মেলে। ডিব্ৰুগড়ৰ পৰশুৰাম খাউণ্ডৰ জীয়াৰী বিদ্যুৎপ্রভা দেৱীৰ পাণি গ্ৰহণ কৰা তৰুণৰাম ফুকনৰ কাৰ্যদক্ষতা আৰু বাকপটুতা দেখি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁলৈ নিজৰ কন্যাক বিয়া দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছিল যদিও বাগ্মীবৰ তৰুণৰাম ফুকনে সেই প্রস্তাব নাকচ কৰিছিল বুলি জনা যায়।

একেধাৰে বিশিষ্ট সাহিত্যসাধক, বাগ্মীবৰ, চিকাৰী, খ্যাতিসম্পন্ন উকীল আৰু এজন ৰাজনৈতিক নেতা হিচাপে দক্ষতাৰ পৰিচয় দাঙি ধৰা তৰুণৰাম ফুকনৰ প্রকাশিত গ্রন্থসমূহৰ ভিতৰত— স্মৃতিমালা (১৯২৬), যৌনতত্ত্ব (১৯৩৩) আৰু মোৰ চিকাৰী কাহিনী আদি।

Post a Comment

0 Comments