অমৃতভূষণ দেৱ অধিকাৰী

অমৃতভূষণ দেৱ অধিকাৰী

অসম সাহিত্য সভাৰ পঞ্চম গৰাকী সভাপতি আছিল অমৃতভূষণ দেৱ অধিকাৰী। ১৮৫৮ চনত গোৱালপাৰাৰ দলগোমা সত্ৰৰ কণ্ঠভূষণ দেৱ অধিকাৰীৰ ঔৰসত আৰু আকাশী লতা দেৱীৰ গৰ্ভত জন্ম হৈছিল এইজন ক্ষণজন্মা পুৰুষৰ তেওঁলোক নৰহৰিদেৱৰ বংশধৰৰূপে গোৱালপাৰাত জনাজাত। এই নৰহৰি দেৱেই হেনো স্থাপন কৰিছিল নামনি অসমৰ প্ৰসিদ্ধ দলগোমা সত্ৰখন।

সৰুতেই পিতৃহাৰা হৈ পৰা অমৃত ভূষণদেৱ অধিকাৰীয়ে অতি দুখ, কষ্টৰ মাজতেই ডাঙৰ-দীঘল হয়। জন্মস্থান গোৱালপাৰাত হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰি পিছলৈ তেওঁ কলিকতালৈ যায় উচ্চ শিক্ষা গ্ৰহণৰ বাবে। তাত তেখেতে জেনেৰেল এছেমব্লি ইনষ্টিউছনত (বর্তমান স্কটিছ চার্চ) ভর্তি হয়। কিন্তু দুর্ভাগ্যৰ বতৰা বি. এ. পৰীক্ষালৈ কিছুদিন বাকী থাকোতেই শিক্ষা সমাপ্ত নকৰাকৈ ঘৰলৈ উভটিব লগা হয়। কিয়নো তেওঁ যিগৰাকী ককায়েকৰ আশ্ৰয়ত থাকি পঢ়া-শুনা কৰিছিল, সেইগৰাকী ককায়েক ৰাজেন্দ্ৰভূষণ অধিকাৰীৰ অকাল বিয়োগ ঘটিছিল।

পিছে পঢ়া-শুনাত অতি মেধা থকা হেতুকে অমৃতভূষণ দেৱ অধিকাৰীয়ে চাকবি এটা যোগাৰ কৰি উলিয়াইছিল। তেওঁ সহকাৰী প্ৰধান শিক্ষক হিচাপে কাম কৰিছিল যোৰহাট বেজবৰুৱা হাইস্কুলত। পিছত তেওঁ যোৰহাটৰ পৰা গুচি আহি যোগদান কৰিছিল সহকারী প্রধান শিক্ষক হিচাপেই গোৱালপাৰাৰ গৌৰীপুৰত স্থাপন কৰা হাইস্কুল এখনত।

অমৃতভূষণ দেৱ অধিকাৰীৰ সাহিত্য চৰ্চা আৰম্ভ হৈছিল 'বাঁহী', 'আবাহন' আদি আলোচনীৰ পৃষ্ঠাত। অসমীয়া বৈষ্ণৱ সাহিত্যলৈ এই গৰাকী ব্যক্তিয়ে আগবঢ়োৱা কৃতিত্ব সদায় জিলিকি থাকিব অসমীয়া সাহিত্যৰ বুৰঞ্জীত। অমৃত ভূষণ দেৱ অধিকাৰীৰ প্ৰকাশিত গ্রন্থসমূহৰ ভিতৰত 'শ্ৰীমন্নাম ঘোষা' উল্লেখনীয়। (১৯১১চন)

১৯২৩ চনত যোৰহাটত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিবেশনত অমৃতভূষণ দেৱ অধিকাৰীয়ে সভাপতিত্ব কৰিছিল। 

সংস্কৃত সাহিত্যৰ এজন সু-পণ্ডিত হিচাপে খ্যাত আৰু সেই সময়ত ‘অসম পুথি বছা সমিতি'ৰ অন্যতম সদস্য হিচাপেও সেৱা আগবঢ়োৱা অমৃতভূষণ দেৱ অধিকাৰীৰ মৃত্যু হয় ১৯৪২ চনত।

Post a Comment

0 Comments