ত্রিকোণাসন - যোগাসন

ত্রিকোণাসন - যোগাসন


প্রণালী – প্রথমে পোন হৈ থিয় হৈ দুয়োখন ভৰি দুইফালে যথাসম্ভব মেলি দিয়ক। এইবাৰ কঁকালৰ পৰা শৰীৰৰ বাওঁফালটো বাওঁফালে সেঁকা কৰি বাওঁ ভৰিৰ গোৰোহা চেপি ধৰি সেই অনুক্ৰমে সোঁহাতখন ওপৰলৈ তোলক। ১০ চেকেও এইদৰে থাকি এই বাৰ সোঁফালটো সোঁফালে বেঁকা কৰি সোঁভৰিব গোৰোহাত ধৰি বাওঁহাতখন ওপৰলৈ তোলক। এই আসন প্রতিদিন ৫-৬ বাৰ কৰিলে ভাল আৰু প্রতিবাৰেই সময় অলপ অলপ বঢ়োৱাৰ চেষ্টা কৰিব।

উপকাৰিতা - এই আসন কৰিলে মেৰুদণ্ডত ৰক্তপ্রবাহ বাড়ে, মেরুদণ্ড সৰল আৰু নমনীয় হয়। বাত বেদনাৰ অৱসান হয়। দীর্ঘদিন শৰীৰ স্বাভাৱিক
থাকে।

Post a Comment

0 Comments