ৰজনীকান্ত বৰদলৈ

ৰজনীকান্ত বৰদলৈ

আধুনিক অসমীয়া সাহিত্যত যিগৰাকী সাহিত্য সাধকৰ হাতত অসমীয়া উপন্যাসে পূর্ণ প্রতিষ্ঠা লাভ কৰিছিল তেৱেঁই হ'ল ৰজনীকান্ত বৰদলৈ। ৰজনীকান্ত বৰদলৈৰ জন্ম হয় ১৮৬৭ চনৰ ২৪ নৱেম্বৰত, গুৱাহাটীৰ হেদায়ৎপুৰত। তেওঁৰ পিতৃৰ নাম আছিল নৱকান্ত বৰদলৈ আৰু মাতৃ আছিল স্বর্ণময়ী দেৱী। জনা যায় ৰজনীকান্ত বৰদলৈৰ পূৰ্বপুৰুষ উজনি অসমৰ দিহিঙৰ আছিল। সেয়ে তেওঁলোকক দিহিঙীয়া বৰদলৈ বুলি জনাজাত।

ৰজনীকান্ত বৰদলৈৰ মোমায়েকৰ ঘৰ আছিল উত্তৰ গুৱাহাটীত। তেওঁ মোমায়েকৰ ঘৰত থাকিয়ে প্রাথমিক শিক্ষা আৰম্ভ কৰিছিল। ১৮৫৫ চনতে তেওঁ গুৱাহাটী চৰকাৰী হাইস্কুলৰ পৰা এন্ট্ৰেন্স পৰীক্ষাত উত্তীর্ণ হয়। পিছত কলিকতালৈ গৈ তাৰ মেট্রোপলিটান কলেজৰ পৰা ১৮৮৭ চনত এফ. এ. পৰীক্ষাত উত্তীর্ণ হয় আৰু বি. এ. পৰীক্ষাত উত্তীর্ণ হয় ১৮৮৯ চনত।

কলিকতাত পঢ়া দিনৰ পৰাই সাহিত্য চৰ্চাৰ পাতনি মেলা ৰজনীকান্ত বৰদলৈয়ে ওতঃপ্রোতভাৱে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ লগত জড়িত হয়। আৰু ‘জোনাকী' আলোচনীত ‘শৰীৰ তত্ত্ব’ শীর্ষক এলানি প্রবন্ধ প্ৰকাশ কৰি প্ৰচুৰ জনপ্রিয়তা অর্জন কৰে অসমীয়া সমাজত।

ৰজনীকান্ত বৰদলৈ কলিকতাৰ পৰা অধ্যয়ন শেষ কৰি আহিয়েই ১৮৯০) চনত গুৱাহাটীৰ উপায়ুক্তৰ কাৰ্যালয়ত কেৰাণীৰ চাকৰিত নিযুক্তি লাভ কৰে। পিছলৈ তেওঁ ১৮৯১ চনত লাভ কৰে সেই কার্যালয়তে চাবডেপুটি কলেক্টৰ পদ। তাৰ পিছত সেই পদতে উত্তৰ লক্ষীমপুৰ জিলালৈ বদলি হৈ যায় আৰু ১৯০১ চনত তেওঁ একট্টা এছিষ্টেণ্ট কমিছনাৰ আৰু ১৯০৯ চনত লাভ কৰে নগাঁৱৰ উপায়ুক্তৰ পদ। সেই পদতে তেওঁ অসমৰ অ'ত-ত'ত কাৰ্যনিৰ্বাহ কৰি ১৯১৮ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে।

তেখেত একেধাৰে এজন ঔপন্যাসিক, কবি, প্রবন্ধকাৰ, নাট্যকাৰ, হাস্য ৰসিক হিচাপে সাহিত্য সাধনা কৰি অসমীয়া সাহিত্য ভৰাল চহকী কৰি থৈ গৈছে। তেখেতৰ দ্বাৰা ৰচিত অসমীয়া উপন্যাস সাহিত্যৰ তালিকাৰ উল্লেখনীয় উপন্যাস কেইখন হ'ল— মনোমতী (১৯০০), দন্দুৱাদ্রোহ (১৯০৯), ৰঙ্গিলী (১৯২৫), নির্মল ভকত (১৯২৬), তাম্ৰেশ্বৰী মন্দিৰ (১৯২৬), ৰহদৈ লিগিৰী (১৯০৩), ৰাধা-ৰুক্মিণীৰ ৰণ আদি। ৰজনীকান্ত বৰদলৈৰ দ্বাৰা ৰচিত এইসমূহ বুৰঞ্জীমূলক উপন্যাসৰ বাহিৰেও তেওঁ ৰচনা কৰিছিল প্ৰথম অসমীয়া সামাজিক উপন্যাস ‘মিৰি জীয়ৰী’ আৰু ‘খাম্বা-খুইবীৰ সাধু'

১৯২৫ চনৰ ২৭ ডিচেম্বৰৰ পৰা নগাঁৱত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অষ্টম অধিবেশনত সভাপতিত্ব কৰিছিল ৰজনীকান্ত বৰদলৈদেৱে। অসমীয়া উপন্যাসৰ এজন বাটকটীয়া হিচাপে পৰিচিত ৰজনীকান্ত বৰদলৈ ১৯৪০ চনৰ ২৫ মাৰ্চত গুৱাহাটীৰ নিজ গৃহত স্বৰ্গগামী হয়।

Post a Comment

0 Comments