হেমচন্দ্র গোস্বামী

হেমচন্দ্র গোস্বামী


অসম সাহিত্য সভাৰ চতুৰ্থ গৰাকী সভাপতি আছিল হেমচন্দ্ৰ গোস্বামী। হেমচন্দ্র গোস্বামীর জন্ম হয় গোলাঘাটৰ ঢেকীয়াল মৌজাৰ গৌৰাং সত্ৰত, ১৮৭২ চনৰ ৯ জানুৱাৰীত। ডম্বৰুধৰ গোস্বামীৰ আছিল তেওঁৰ পিতৃৰ নাম আৰু মাতৃ আছিল ঘনকান্তী দেবী।

হেমচন্দ্ৰ গোস্বামীৰ গাঁৱতেই প্রাথমিক বিদ্যালয়ৰ শিক্ষা সাং হয় আৰু ১৮৮৮ চনত নগাঁও চৰকাৰী হাইস্কুলৰ পৰা প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীর্ণ হয়। পিছত তেওঁ কলিকতাৰ প্ৰেছিডেন্সী কলেজত উচ্চ শিক্ষাৰ বাবে নামভৰ্তি কৰে যদিও বি. এ. ডিগ্ৰী লাভ নকৰাকৈ ঘৰলৈ গুছি আহে।

১৮৯৪ চনত গুৱাহাটীৰ সোণাৰাম হাইস্কুলত প্রধান শিক্ষক হিচাপে কর্ম জীৱনৰ পাতনি মেলিছিল যদিও বেছি দিন শিক্ষকতাৰ কাম নকৰিলে। তাৰ পিছত সেই সময়ৰ অসমৰ ৰাজধানী শ্বিলঙৰ সচিবালয়ত চাকৰি কৰি নিজৰ দক্ষতাৰ পৰিচয় দিয়ে। আৰু ১৮৯৭ চনৰ পৰা চাব ডেপুটি কালেক্টৰ, পিছত ই. এ. চি. আৰুডেপুটি মেজিষ্ট্রেট হিচাপে ১৯২৫ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে।

অসমীয়া ভাষা-সাহিত্যৰ ভড়াললৈ উল্লেখনীয় অৱদান আগবঢ়াবলৈ সক্ষম হোৱা এইগৰাকী হেমচন্দ্ৰ গোস্বামীয়ে কলিকতাত এফ. এ. থকা দিনত চন্দ্ৰ কুমাৰ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ লগত মিলি গঠন কৰিছিল 'অসম ভাষা উন্নতি সাধিনী সভা'। আৰু এওঁলোক তিনিওজনেই প্ৰকাশ কৰিছিল অসমীয়া ভাষা সাহিত্যত এটা যুগৰ সৃষ্টি কৰা মাহেকীয়া আলোচনী 'জোনাকী'।

অসমীয়া সাহিত্য জগতলৈ হেমচন্দ্ৰ গোস্বামীয়ে আগবঢ়োৱা অৱদানৰ চানেকি আছিল কিছু সুকীয়া। তেওঁ গল্প, উপন্যাস, নাটক আদিত বিশেষ ভূমিকা গ্রহণ কৰা নাছিল। কিন্তু কবিতা ৰচনাৰে হেমচন্দ্ৰ গোস্বামীয়ে অসমীয়া সাহিত্য জগতত বোৱাই দিছিল অন্য এক সুঁতি। ১৯০৭ চনত প্ৰকাশিত হৈছিল তেওঁৰ কবিতা সংকলন ‘ফুলৰ চানেকি’। ৰোমাণ্টিক কবিতাৰ অন্যতম প্রবর্তক হেমচন্দ্র গোস্বামীয়ে যুগুতাই উলিওৱা ‘অসমীয়া সাহিত্যৰ চানেকি' নামৰ গ্ৰন্থখন আছিল জোনাকী যুগৰ এটা মাইলৰ খুটিস্বৰূপ। তেওঁ ১৯০০ চনত হেমচন্দ্ৰ বৰুৱাৰ ‘হেমকোষ’ উদ্ধাৰ কৰি তাক সম্পাদনা কৰি উলিয়াইছিল। হেমচন্দ্ৰ গোস্বামীৰ দ্বাৰা সম্পাদিত আন এখন মূল্যবান গ্রন্থ হ’ল ১৯১৮ চনত প্ৰকাশিত ‘ভট্টদেৱৰ কথা-গীতা’। অসমীয়া সমাজৰ এজন বুৰঞ্জী সংগ্রাহক হিচাপেও নিজৰ সুখ্যাতি ৰাখিবলৈ সক্ষম হোৱা হেমচন্দ্ৰ গোস্বামীৰ দ্বাৰা সম্পাদিত অইন কেইখন মূল্যবান প্রাচীন গ্রন্থ হ'ল – সূর্যখড়ি দৈবজ্ঞৰ ‘দৰং ৰাজবংশাৱলী', 'হস্তিবিদ্যার্ণব’, ‘শ্রীহস্তমুক্তাৱলী’, ‘পুৰণি অসমীয়া বুৰঞ্জী' আৰু ‘কাম ৰত্নতন্ত্র'।

১৯২০ চনত তেজপুৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিবেশনৰ সভাপতি হিচাপে নির্বাচিত হৈছিল হেমচন্দ্ৰ গোস্বামী।

এইজন যুগস্রষ্টা সাহিত্যৰ কাণ্ডাৰীৰ মৃত্যু হয়। ১৯২৮ চনৰ ২ মেতে গুৱাহাটীৰ নিজা বাসভবনত।

Post a Comment

0 Comments