কালিৰাম মেধি

কালিৰাম মেধি

অসম সাহিত্য সভাৰ তৃতীয় গৰাকী সভাপতি আছিল কালিৰাম মেধি। কালিৰাম মেধিৰ জন্ম হয় ১৮৭৮ চনৰ ১৮ অক্টোবৰত কামৰূপ জিলাৰ ঐতিহাসিক হাজো অঞ্চলৰ ৰামদিয়া গাঁৱত। মেধিদেৱৰ পিতৃ আছিল ভুকলি মেধি আৰু মাকৰ নাম সোণতৰা।

জন্মস্থান ৰামদিয়াতে প্রাথমিক শিক্ষা গ্ৰহণ কৰি, ১৮৯৭ চনত গুৱাহাটী কলেজিয়েট হাইস্কুলৰ পৰা প্রথম বিভাগত এন্ট্রেন্স পৰীক্ষাত উত্তীর্ণ হয়। উক্ত পৰীক্ষাত সংস্কৃত বিষয়ত অসমীয়া ছাত্ৰৰ মাজত সর্বোচ্চ স্থান লাভ কৰা বাবে হেমচন্দ্ৰ বৰুৱা পদক আৰু হেমধৰ বৰুৱা পদকো লাভ কৰিছিল কালিৰাম মেধিয়ে। কালিৰাম মেধিয়ে উচ্চ শিক্ষা গ্ৰহণ কৰিছিল কলিকতাত। কলিকতাৰ চিটি কলেজৰ পৰা ১৮৯৯ চনত প্ৰথম বিভাগত এফ. এ. পৰীক্ষাত উত্তীর্ণ হয়। আৰু একেখন কলেজৰ পৰাই ১৯০২ চনত অসম উপত্যকাৰ ভিতৰত প্ৰথম হৈ দ্বিতীয় শ্ৰেণীৰ সম্মানসহ বি. এ. পাছ কৰে। কালিৰাম মেধিক এই সাফলাৰ বাবে বিষ্ণুপ্রিয়া দেৱী পুৰস্কাৰেৰে সন্মানিত কৰা হৈছিল। বি. এ. পঢ়োতে তেওঁৰ বিষয় আছিল পদার্থ আৰু ৰসায়ন বিজ্ঞান। ১৯০৩ চনত তেওঁ পদাৰ্থ বিজ্ঞানত দ্বিতীয় শ্ৰেণীৰ চতুৰ্থ স্থান লাভ কৰি এম. এ. পৰীক্ষাত উত্তীর্ণ হয়।

কালিৰাম মেধিৰ বৃত্তি আছিল এজন প্ৰশাসনীক বিষয়া। ১৯০৪ চনত তেওঁ উপ-প্রতিসমাহৰ্তাৰূপে কামত যোগদান কৰে। পিছলৈ নিজৰ কৰ্মদক্ষতাৰ বাবে ক্রমে এছিছটেণ্ট ছেটেলমেন্ট অফিচাৰ, ই. এ. চি. মহকুমাধিপতি আৰু জিলাৰ উপায়ুক্ত হয়। ১৯৩৬ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে যদিও চৰকাৰে দুবছৰৰ বাবে বিশেষ দণ্ডাধীশ হিচাপে নিযুক্তি দিয়ে। তাৰ পিছত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ স্পিচিয়েল ৱাৰ ৰিকচ্ ইঞ্চ’ৰেনছ পদত নিযুক্তি লাভ কৰে। ১৯৪৬ চনৰ ১ জানুৱাৰীত চৰকাৰে কালিৰাম মেধিক ‘ৰায়বাহাদুৰ’ খিতাপ প্ৰদান কৰে।

কালিৰাম মেধিয়ে অসমীয়া সাহিত্যলৈ আগবঢ়োৱা বৰঙণিসমূহৰ ভিতৰত প্ৰবন্ধৰ সংখ্যাই বেছি। আৰু আটাইবোৰ প্ৰবন্ধই আছিল অসমীয়া সাহিত্য ভড়ালৰ অতি মূল্যবান সম্পদ। তেওঁৰ প্ৰকাশিত গ্রন্থসমূহ— প্রহ্লাদ চৰিত্ৰ (১৯১৩), মহাপুরুষ শংকৰদেৱৰ বাণী (১৯৪৯), অঙ্কাবলী (১৯৫০), অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব (১৯৩৬), অসমীয়া ভাষাৰ মূল (১৯১৮), বীজ গণিত (১৯৩৬), অসমীয়া প্রাথমিক প্রাকৃতিক বিজ্ঞান (১৯৩৭) আৰু অৰিজিন অব দি আছামিজ ড্রামা। এই গ্রন্থসমূহৰ ভিতৰত প্রথম তিনিখন আছিল কালিৰাম মেধিৰ দ্বাৰা সম্পাদিত গ্রন্থ।

১৯১৯ চনত অসম সাহিত্যৰ সভাৰ বৰপেটাত অনুষ্ঠিত অধিবেশনত কালিবাম মেধিয়ে সভাপতিত্ব কৰিছিল।

মৃত্যুৰ সময়লৈ বিভিন্ন জাতীয় অনুষ্ঠান প্রতিষ্ঠানৰ লগত ওতঃপ্রোতভাৱে লাগি থাকি ১৯৫৪ চনৰ ২৪ জানুৱাৰীত গুৱাহাটীৰ নিজাগৃহত এইগৰাকী ব্যক্তিত্বসম্পন্ন ৰায়বাহাদুৰ কালিৰাম মেধি স্বৰ্গগামী হয়।

Post a Comment

0 Comments