উড্ডীয়ান বন্ধ মুদ্রা - যোগাসন

উড্ডীয়ান বন্ধ মুদ্রা - যোগাসন



প্রণালী – 

প্রথমে পােন হৈ ভৰি দুখন এফুটমান মেলি ৰাখক। এইবাৰ কঁকালৰ পৰা ওপৰৰ অংশ সন্মুখৰ ফালে অলপ হালি হাত দুখন দুই উৰুৰ ওপৰত ৰাখি লাহে লাহে শ্বাস ত্যাগ কৰি পেট খালি কৰক। এই সময়তনাভিৰ নিম্নাংশ আৰু উৰ্দ্ধাংশক এনেভাৱে আকর্ষণ কৰিব যাতে পেটে পিঠি লাগি যায়। আকৌ এইটোও লক্ষ্য ৰাখিব লাগিব যাতে পেটৰ পেশীত টান নপৰে। ১০/১৫ চেকেণ্ড এইদৰে থাকি স্বাভাৱিকভাৱে শ্বাস লৈ আগৰ অৱস্থালৈ আহক। 





উপকাৰিতা — এই আসন কৰিলে অজীর্ণ, অম্ল, গ্রহণী, কোষ্ঠবদ্ধতা, জণ্ডিচ,পিত্তশূল, পেটফুলা, হার্নিয়া, হাঁপানি দূৰ হয়।

Post a Comment

0 Comments