প্ৰণায়াম নং - ৭) উজ্জায়ী প্রাণায়াম

প্ৰণায়াম নং - ৭) উজ্জায়ী প্রাণায়াম




কেনেদৰে কৰিব – 

ধূলি ধোঁৱাহীন ঠাইত প্রথমতে ধ্যানাসনত বহক। চকু মুখ বন্ধ কৰি শ্বাস লওক। শ্বাস লােৱাৰ সময়ত গলত ওকাৰ শব্দ উচ্চাৰণ কৰিব লাগিব। যিমান সময় শ্বাস ল’ব সিমান সময় শব্দ কৰিব আৰু সেই শব্দ বাহিৰ হ’ব নাকেৰে। ইয়াৰ পাছত শ্বাস বন্ধ কৰিব। থুতৰি নামি আহিব কণ্ঠকূপলৈ অর্থাৎ জালন্ধৰ বন্ধ। যিমান সময় পাৰে সিমান সময় কুম্ভকত থাকিব। তাৰমানে শ্বাস ভিতৰত ধৰি ৰাখিছে। ইয়াৰ পাছত যেতিয়া আৰু ধৰি ৰাখিব নােৱাৰা হ’ব তেতিয়া মূৰটো ধীৰে ধীৰে তুলি সোঁ নাক বন্ধ কৰি বাওঁ নাকেৰে শ্বাস বাহিৰ কৰি দিব। মনত ৰাখিব, মূৰ তােলাৰ সময়ত কিন্তু শ্বাস এৰিব নােৱাৰিব।






উপকাৰ -

সূর্যভেদন প্রাণায়ামৰ দৰে এই প্রাণায়াম অভ্যাস কৰিলে শৰীৰৰৰ তাপ বৃদ্ধি পায়। সেয়ে এই প্রাণায়াম শীতকালত কৰাই ভাল। পানীলগা কাহ, গলগণ্ড, থাইৰয়েড, টনচিল, হাঁপানী, আমবাত (এলার্জী), ক্ষয়কাহ, অজীর্ণ, অনিদ্রা, নাকৰ শব্দ হােৱা প্রভৃতি ৰােগ নিৰাময় হয়। কণ্ঠ নিৰােগ আৰু মধুৰ হয়।

Post a Comment

0 Comments