ব্যাঘ্রাসন - যোগাসন

ব্যাঘ্রাসন - যোগাসন


প্ৰণালী - প্ৰথমে বহি লৈ হাত দুখন হাতৰ তলুৱাৰ পৰা কিলাকুটি পর্যন্ত মাটিত ৰাখি ভৰি দুখন আঠুত ভঁজ কৰি ভৰি পতা যিমানখিনি পাৰি আঠুৰ ওচৰলৈ আনক। এইবাৰ নিঃশ্বাস লৈ লৈ শৰীৰৰ ভৰ কিলাকুটিৰ পৰা হাতৰ তলুৱাৰ অংশত ৰাখি কান্ধ আৰু কঁকালৰ ভাৰসাম্য ঠিকে ৰখা অৱস্থাত ভৰি দুখন লগলগায় যিমান পাৰে ওপৰলৈ তােলক | লক্ষ্য ৰাখিব সেই সময়ত দেহৰ কোনাে অংশ যেন নকঁপে। ১০ চেকেণ্ড শবাসনত বিশ্রাম ল’ব। এই আসন ৪ বাৰ অভ্যাস কৰিব। (তলৰ ছবি চাওক।)





উপকাৰিতা -- 

এই আসন কৰিলে মেৰুদণ্ড সবল হয়, দেহৰ মেদ হ্রাস হয়, কঁকালৰ বল বাঢ়ে, কোষ্ঠকাঠিন্য দূৰ হয়, ভােক বাঢ়ে।

Post a Comment

0 Comments