বিশ্বৰ প্ৰথম বিজ্ঞানী আর্যভট্ট’ৰ বিষয়ে জানো আহা

বিশ্বৰ প্ৰথম বিজ্ঞানী আর্যভট্ট’ৰ বিষয়ে জানো আহা



বিশ্বৰ প্ৰথম বিজ্ঞানী আর্যভট্ট’ৰ গুপ্তযুগতে পাটনাৰ কুসুমপুৰত ৪৭৬ খ্রীষ্টাব্দৰ ১৩ এপ্রিলৰ দিনা জন্ম হৈছিল। তেওঁ গ্রহ-নক্ষত্ৰৰ গতি নির্ধাৰণ কৰিছিল। তেৱেঁই প্রমাণ কৰিছিল ‘গ্রহণ’ ৰাহু-কেতু নামৰ ৰাক্ষসৰ গ্রাস নহয়।

 অসাধাৰণ প্ৰতিভাৰ অধিকাৰী আর্যভট্টই চন্দ্র, সূৰ্য্য আৰু পৃথিৱীৰ বয়স নির্ধাৰণ কৰিলে। এইজন জ্যোতির্বিদ, গণিত, বিজ্ঞানী বীজগণিতৰ জন্মদাতা। তেৱেঁই প্রথম পৃথিৱীক মাধ্যমিক শক্তিৰ দ্বাৰাই জুখিলে।

আর্যভট্টই প্রথম ঘােষণা কৰে যে, পৃথিৱীখন ঘূৰণীয়া আৰু পৃথিৱীখনে নিজ মেৰুদণ্ডৰ ওপৰত আৱর্তন কৰে। সেই সময়তে নহয় আজিও আমাৰ সমাজত বিশ্বাস, গ্রহণ হলে মানুহে চন্দ্র, সূৰ্য্যৰ পিনে নাচায়, কোনাে ধৰণৰ খাদ্য নাখায়। আনকি পানীও নাখায়- কাৰণ ৰাহু আৰু কেতুৰ গ্ৰাসৰ কাৰণে চন্দ্ৰ আৰু সূৰ্য্যগ্রহণ হয়। কিন্তু আর্যভট্টই প্রমাণ কৰিলে এয়া অন্ধবিশ্বাস। পৃথিৱী আৰু চন্দ্ৰৰ ভঁৰ
কাৰণেহে গ্রহণ হয়। আর্যভট্টই মাত্র দুখন গ্রন্থ ৰচনা কৰিছিল। (১) আর্যভটীয়, (২) তন্ত্র। দুয়ােখন গ্ৰন্থৰ দ্বাৰাই তেওঁ পৃথিৱী, চন্দ্র, সূৰ্য্য মাধ্যাকর্ষণ, গ্রহণ, বীজগণিত আদিৰ স্থিতি নির্ধাৰণ কৰিছিল। আর্যভট্টৰ মতে, সূৰ্য্য পৃথিৱীতকৈ সৰু। পৃথিৱীৰ বয়স গণনা কৰিব পাৰি, কিন্তু সূৰ্য্যৰ নােৱাৰি। কাৰণ সূৰ্য্যই জ্বলি জ্বলি নির্বাপিত হৈ নতুনকৈ আকৃতি ধাৰণ কৰে। তেওঁৰ মতে, পৃথিৱী, চন্দ্ৰ আদি গ্রহৰ নিজা পােহৰ নাই; সূৰ্য্যইহে পােহৰ দিয়ে।

আর্যভট্টই মিনিট, ঘণ্টা, দিন, মাহ, বছৰ আদি প্রথমে নির্ধাৰণ কৰি উলিয়াইছিল। মাধ্যাকর্ষণ শক্তিৰ ক্ষেত্ৰত আর্যভট্টৰ ব্যাখ্যা সম্পূর্ণ পৃথক। নিউটনে মাধ্যাকর্ষণ শক্তি আৱিষ্কাৰ কৰাৰ কেইবাশ বছৰ আগেয়ে আর্যভট্টই চতুর্থ শতিকাতে ইয়াক পােহৰলৈ আনিছিল। বিশ্বৰ সর্বপ্রথম বিজ্ঞানৰ আদি গুৰু আর্যভট্ট বিশ্বত চিৰদিন জিলিকি থাকিব |

Post a Comment

0 Comments