আধুনিক অস্ত্রোপ্রচাৰৰ পিতৃ শুশ্রুত'ৰ বিষয়ে জানো আহক

 আধুনিক অস্ত্রোপ্রচাৰৰ পিতৃ শুশ্রুত'ৰ বিষয়ে জানো আহক

শুশ্রুত



আমাৰ দেশত আয়ুর্বেদ চিকিৎসা অতি পুৰণি। আনকি বেদততা আয়ুর্বেদ চিকিৎসাৰ কথা উল্লেখ আছে। পুৰণি কালত আয়ুর্বেদ চিকিৎসা ব্যক্তিবিশেষৰ মাজতে আবদ্ধ আছিল। আয়ুর্বেদ চিকিৎসাৰ গুণাগুণৰ বিষয়ে প্ৰচাৰ নােহােৱাত আৰু পৰিয়ালৰ মাজতে সীমাবদ্ধ কৰি ৰখাত মানুহে আয়ুর্বেদ চিকিৎসাৰ বিষয়ে জনা নাছিল বাবে লাহে লাহে লােপ পাব ধৰিছিল।


প্রকাশিত তথ্য-পাতিৰ ওপৰত নিৰ্ভৰ কৰি ক'ব পাৰি আয়ুর্বেদ শাস্ত্ৰৰ ভিতৰত চৰক-সংহিতা’ আৰু ‘শুশ্রুত-সংহিতা' দুখন অতি পুৰণি বহুমূলীয়া গ্রন্থ। সংস্কৃত ভাষাত লিখিত এই গ্রন্থ দুখনৰ বিষয়ে পশ্চিমীয়া পণ্ডিত চাটনৰ মত—“অস্ত্রোপ্রচাৰৰ ব্যৱহাৰিক বিজ্ঞান শুশ্রুতেই প্রথম প্রৱর্তন কৰে৷ ‘শুশ্রুত তন্ত্র’ শুশ্রুতৰ দ্বাৰা লিখিত গ্রন্থ।” পিচৰ কালত নাগার্জুন আদি পণ্ডিতসকলে ‘শুশ্রুত তন্ত্র’ৰ সংশােধন কৰে।


পণ্ডিতসকলে বিভিন্ন লেখা আৰু তথ্য-পাতিৰ ওপৰত নিৰ্ভৰ কৰি একমত হৈছে যে শুশ্রুত কোনােপধ্যেই ষষ্ঠ শতিকাৰ পিছৰ নহয়। আয়ুর্বেদ শাস্ত্ৰত শুশ্রুতক ধন্বন্তৰিৰ পিচতে স্থান দিয়া হৈছে। শুশ্রুত ধন্বন্তৰিৰ শিষ্য আছিল। আয়ুর্বেদ শাস্ত্ৰৰ অস্ত্রোপ্রচাৰ (Surgery) বিভাগ ধন্বন্তৰি আৰু শুশ্রুতৰ হাততে সম্পূর্ণভাৱে গঢ় লৈ উঠে। আনহাতে ভেষজৰ (medicine) বিকাশ হয় ভৰদ্বাজ, আত্রেয়ৰ হাতত।


শুশ্রুতই আঠ প্রকাৰৰ অস্ত্রোপ্রচাৰৰ কথা উল্লেখ কৰিছে। (১) ছেদনঃ অর্শ, হাড়ৰ অস্ত্রোপচাৰ (২) ভেদন ঃ ফোহা আদিৰ অস্ত্রোপচাৰ (3) বেদনঃ সিৰা কাটিবলৈ কৰা অস্ত্রোপচাৰ (৪) লেখন ও টনচিল, টেমুনা আদিৰ বাবে কৰা আৰু পেটত জমা হােৱা পানী উলিয়াবলৈ কৰা অস্ত্রোপচাৰ (৫) ঈশানঃ শৰীৰৰ ভিতৰত কোনাে বাহিৰৰ বস্তু (Foreign body) সােমাই থাকিলে তাক উলিয়াবলৈ এই অস্ত্রোপচাৰ কৰা হৈছিল। (৬) আহৰণ : শৰীৰৰ ভিতৰৰ পৰা শিল বা মৃত জ্বণ উলিয়াবলৈ কৰা অস্ত্রোপচাৰ (৭) শ্রাবণঃ টেমুনা বা কেঁহাৰ পৰা পূজ উলিয়াবলৈ কৰা অস্ত্রোপচাৰ (৮) শৰীৰৰ কটা-ছিঙা চিলাই কৰিবলৈ বেজী-সূতা ব্যৱহাৰ কৰা হৈছিল। সূতা ছিল্কৰ বা ঘোঁৰাৰ নেজৰ নােম বা গুলঞ্চি লতা আদিৰ পৰা প্ৰস্তুত কৰা হৈছিল।


শুশ্রুতই অস্ত্রোপচাৰৰ বাবে ১২৫ বিধ সা-সঁজুলি ব্যৱহাৰ কৰিছিল। অস্ত্রোপচাৰৰ আগেয়ে ৰােগীৰ হাতত ধৰি স্নায়ু পৰীক্ষা কৰি স্বাস্থ্যৰ বুজ লৈছিল, খােৱা-বােৱাৰ নিয়ম বান্ধি দিছিল। কিছুমান অস্ত্রোপচাৰৰ আগেয়ে ৰােগীৰ আহাৰ খােৱা বর্জন আছিল। আকৌ সৰু-সুৰা অস্ত্রোপচাৰত লঘু আহাৰ খাবলৈ পৰামর্শ দিছিল। শুশ্রুতই অস্ত্রোপচাৰৰ আগেয়ে ধূনা, নিমপাত, সৰিয়হ আদিৰে কোঠাটো নির্বিজীকৰণ কৰাৰ সপক্ষে যুক্তি দর্শাইছিল। আজি একবিংশ শতিকাত আধুনিক চিকিৎসা বিজ্ঞানততা শুশ্চতৰ মতকেই পােষণ কৰি অস্ত্রোপ্রচাৰ কোঠাটো নির্বিজীকৰণ (Sterile) কৰি লােৱা হয়।


শুশ্রুতে অস্ত্রোপচাৰৰ বাবে এনে কিছুমান সূক্ষ্ম চোকা সঁজুলি ব্যৱহাৰ কৰিছিল, যিবােৰৰ দ্বাৰাই এডাল চুলিকো দুভাগ কৰিব পাৰিছিল। শুশ্রুতই অস্ত্রোপচাৰৰ আগেয়ে সঁজুলিসমূহ গৰম পানীত ডুবাই ৰাখি


বীজাণুমুক্ত কৰিবলৈ পৰামর্শ দিছিল। ভিন-ভিন অস্ত্রোপচাৰৰ বাবে পৃথকপৃথক সাসঁজুলি ব্যৱহাৰ কৰিছিল। তেৱেঁই প্রথমে শৰীৰৰ মঙহালযুক্ত ঠাইৰ পৰা মাংস কাটি নি অস্ত্রোপচাৰত প্রয়ােজন হােৱা ঠাই পূৰণ কৰি ৰােগীক সুস্থ কৰি তুলিছিল। সেয়ে শুশ্রুতক আজিকালিৰ প্লাষ্টিক ছাৰ্জাৰীৰ পিতৃ বুলি কোৱা হয়। আজি কালি শল্য চিকিৎসকসকলে যি ধৰণৰ আধুনিক অস্ত্র ব্যৱহাৰ কৰে সেইবােৰ শুশ্রুতই ষষ্ঠ শতিকাতে আৱিষ্কাৰ কৰিছিল। আজি একবিংশ শতিকাত, প্রযুক্তি বিদ্যাৰ সহায়ত নতুন ৰূপত অস্ত্রোপচাৰত প্রয়ােজনীয় সঁজুলিবােৰ সূক্ষ্মভাৱে নিৰ্মাণ কৰি উলিওৱা হৈছে।


চিকিৎসা বিজ্ঞানত অস্ত্রোপচাৰৰ ক্ষেত্ৰত ‘শুশ্রুত’ক পিতৃ বুলি স্বীকাৰ কৰিবই লাগিব। এনে এজন মহান চিকিৎসকে ষষ্ঠ শতিকাতে ভাৰতত অস্ত্রোপচাৰৰ আৰম্ভণি কৰি দেশত চিকিৎসাবিদ্যাৰ নতুন সূচনা কৰা বাবে আমি গৌৰৱান্বিত। শুশ্রুতৰ অৱদান অভূতপূর্ব। তেওঁ চিকিৎসা বিজ্ঞানত অস্ত্রোপচাৰৰ পিতৃ বুলি সদায় স্মৰণীয় হৈ ৰ'ব।

Post a Comment

0 Comments