বীৰ চিলাৰায়ৰ জীৱন কাহিনী

বীৰ চিলাৰায়ৰ জীৱন কাহিনী



মহাবীৰ চিলাৰায় আছিল কোচৰজা বিশ্বসিংহৰ তৃতীয় পুত্র। তেওঁৰ আচল নাম শুক্লদেৱ। ককায়েক মল্লদেৱৰ লগত শুক্লদেৱে কাশীত এজন ব্রাহ্মণ পণ্ডিতৰ তলত বাৰ বছৰ কাল অধ্যয়ন কৰিছিল। শুক্লদেৱ দেখাত আছিল পাহুৱান পুৰুষ।

মল্লদেৱে ১৫৩৩ (১৫৪০?) চনতনৰনাৰায়ণ নাম লৈ কোচবিহাৰৰ সিংহাসনত বহে। শুক্ৰদেৱেও শুক্ৰধ্বজ নাম লৈ যুৱৰাজ তথা প্রধান সেনাপতিৰ দায়িত্ব লয়। ৰজা নৰনাৰায়ণে চিলাৰায়ক মৰমতে নুনু’ বুলি মাতিছিল। চিলাৰায় ‘চোটৰজা আৰু ‘চোটদেৱান’বুলিও জনাজাত আছিল। তেওঁ চিলাৰ দৰে ক্ষিপ্র গতিৰে যুদ্ধ কৰিছিল বাবে আহােমসকলে তেওঁক ‘চিলাৰায়’খিতাপ দিছিল। চিলাৰায় আত্ম সন্মানী আছিল। তেওঁ কেতিয়াও বিজিত পক্ষক অসন্মান কৰা নাছিল। চিলাৰায়ৰ আন এটা নাম হ’ল সংগ্রাম সিংহ। তেওঁ ভাৰতীয় ৰণ নীতিত ‘গৰিলা’ কৌশলৰ অন্যতম বাটকটীয়া আছিল। চিলাৰায়ে বৰ অসমৰ বিভিন্ন জন গােষ্ঠীৰ মাজত ভাতৃত্ববােধ স্থাপনত গুৰুত্ব আৰােপ কৰিছিল। সেয়ে তেওঁৰ নেতৃত্বত কোচ, কছাৰী, মেছ, ভুটীয়া, ভূঞা, চুটীয়া, ডফলা আদি নানা জাতিৰ সেনাই একেলগে যুঁজিছিল।

চিলাৰায় সংস্কৃত ভাষাত অগাধ পণ্ডিত আছিল। তেওঁ কবি জয়দেৱৰ গীতগােবিন্দ’ সম্পর্কে সংস্কৃতত টীকা-ভাষ্য লিখি থৈ গৈছে। আনকি প্রজাৰ সুবিধার্থে তেওঁ অনেক শাস্ত্র পণ্ডিতসকলৰ হতুৱাই অসমীয়ালৈ ভাঙনি কৰি থৈ গৈছে।

সংগীতততা চিলাৰায়ৰ ৰাপ আছিল। সংগীতৰ তাল, মান সম্পর্কে তেওঁৰ ভাল জ্ঞান আছিল। সেই সুবাদতেই তেওঁ শংকৰদেৱৰ সুগায়িকা ভতিজী ভুৱনেশ্বৰীক বিয়া কৰাইছিল। সেইবাবেই শংকৰদেৱ কোচ ৰাজসভাৰ মধ্যমণি হৈ উঠিছিল।

চিলাৰায় বৰ প্ৰজাহিতকৰ আছিল। বিদ্যা চর্চাৰ বাবে তেওঁ ঠায়ে ঠায়ে বহুতাে টোল সজাইছিল। আলিবাট বান্ধি দিছিল। কামাখ্যা মন্দিৰলৈ যােৱা পথটো নকৈ সজোৱাৰ উপৰি ভালেমান মঠ-মন্দিৰ সজাইছিল। তেওঁৰ জনহিতকৰ কামৰ এটা ভাল নিদর্শন হ’ল— খর্গস্রোতা। সেই সময়ত হাজো অঞ্চলত বৰ বানপানী হৈছিল। তেওঁ সেনাবাহিনীৰ হতুৱাই লুইতৰ ধাৰ পাণ্ডুনাথৰ পৰা হাজোলৈকে খন্দোৱাই। পােনাইছিল। ফলত অঞ্চলটো প্রবল বানৰ কবলৰ পৰা ৰক্ষা পৰে। যাঠি, খর্গ আদিৰে খান্দি কুটি পােননাৱাৰ বাবে এই জলধাৰাৰ নাম ‘খর্গস্রোতা’ হ’ল।

চিলাৰায় আছিল এজন প্রকৃতিপ্রেমী। তেওঁ পশু-পক্ষী আৰু পৰিৱেশ ৰক্ষাৰ প্রতি সচেতন আছিল। তেওঁ ৰাজ্যত ঠায়ে ঠায়ে পশু-পক্ষীৰ চিকিৎসক নিয়ােগ কৰিছিল। তেওঁৰ নিৰ্দেশত বিভিন্ন স্থাপত গছ-গছনি ৰােৱা হৈছিল।

এইগৰাকী মহাবীৰৰ জন্ম-মৃত্যুৰ সঠিক তাৰিখ জনা নাযায়। তথাপি সৰহভাগ বুৰঞ্জীবিদৰ মতে বংগ জয় কৰি ঘূৰি অহাৰ পথত বসন্ত ৰােগত আক্ৰান্ত হৈ ১৫৭১ চনৰ ২৪ ফেব্ৰুৱাৰীত চিলাৰায়ৰ গংগাৰ পাৰত মৃত্যু হয়।

Post a Comment

0 Comments