প্রথম অসমীয়া বিশ্ব স্বীকৃত বিজ্ঞানী গুৰুপ্রসাদ দাস

প্রথম অসমীয়া বিশ্ব স্বীকৃত বিজ্ঞানী গুৰুপ্রসাদ দাস


গুৰুপ্রসাদ দাস


অসমীয়া বিজ্ঞানীৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা। তেওঁলােকৰ ভিতৰত গুৰুপ্রসাদ দাসক ধৰা নহয়। গুৰুপ্রসাদ দাস পৃথিৱী বিখ্যাত বিজ্ঞানী হৈও অসমত অজ্ঞাত হৈ থাকিল। কাৰণ, তেওঁৰ প্ৰচাৰ নাছিল। কর্মক্ষেত্র আছিল অসমৰ বাহিৰত আৰু বিদেশত।


গুৰুপ্রসাদ দাসৰ জন্ম ১৯০৪ চনৰ ২৫ মার্চ তাৰিখে বৰপেটাৰ বিলটাৰী হাটীত। পিতৃ ৰামপ্রসাদ আৰু মাতৃ পদ্মাৱতী। ডাঙৰ-দীঘল হয় বৰপেটাত। সৰুকালৰ পৰা তেওঁ পঢ়া-শুনাৰ প্রতি আগ্রহী নাছিল। কোনাে প্রকাৰে প্রাথমিক স্কুলৰ ডেওনা পাৰ হােৱাত পিতৃ উকীল ৰামপ্রসাদ দাসে বৰপেটা উচ্চ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰি দিয়ে কিন্তু তেওঁ স্কুললৈ নগৈ দুই-এজন সমনীয়াৰ লগত অবাবতে ঘূৰি ফুৰে। কেতিয়াবা স্কুললৈ গ'লেও শিক্ষকৰ কোনাে প্রশ্নৰে উৰ দিব নােৱাৰে। সেয়ে স্কুলৰ ভূগােল শিক্ষক ভােগৰাম নাথে তেওঁক ‘গৰু' বুলি মাতিছিল। কিন্তু কেনেবাকৈ সৌভাগ্যৰ বলত কলিকতাৰ পৰা গুৰুপ্রসাদ দাসে প্রৱেশিকা পাছ কৰে।


আমি সকলােৱে ৰেলগাড়ীত উঠিছাে। ইঞ্জিনচালিত গাড়ী থাকিলেই ‘ব্রেক’ অনিবার্য। চাইকেল, স্কুটাৰ, মটৰ থমাবলৈ ব্রেক প্রয়ােজন। ৰিচার্ড ত্রিভেথিকে ১৮০৪ চনত ৰেলগাড়ী আৱিষ্কাৰ কৰে। ভাপৰ ইঞ্জিনৰ সহায়ত তেতিয়া ৰেলগাড়ী চলিছিল ১৮২৫ চনৰ পৰা। ৰেলখন ষ্টেচনত থমাবলৈ চালকে বহু আগৰেপৰা ইঞ্জিন বন্ধ কৰিব লগা হৈছিল। তথাপি ৰেলখন ষ্টেচনত নৰৈ বহু আগলৈ দৌৰিছিল বা ষ্টেচন পােৱাৰ বহু আগতে থামিছিল। যাত্রীসকলে দৌৰাদৌৰি কৰি কোনােমতেহে গাড়ীত উঠিছিল। আজি পৃথিৱীত মানুহৰ যাতায়াত সুচল মাধ্যম ৰেলগাড়ী। ৰেল থমাবলৈ ‘ব্রেক’ অতি জৰুৰী। ব্রেক অবিহনে কোনাে গাড়ীকে নির্ধাৰিত সময়ত, নির্দিষ্ট ঠাইত ৰখােৱা সম্ভৱ নহয়। ৰেলৰ ব্রেক আৱিষ্কাৰ কৰে অসমৰ বৰপেটাৰ এজন অখ্যাত ব্যক্তিয়ে। তেওঁ হ’ল—গুৰুপ্রসাদ দাস। এটা মটৰ গেৰেজৰ যােগালি হিচাপে কৰ্মজীৱন আৰম্ভ কৰা গুৰুপ্রসাদ দাসৰ অতুলনীয় সৃষ্টি ৰেলৰ ব্রেক— য'ত লিখা আছে জি পি ব্রেক (GP Break) গুৰুপ্রসাদ দাস আজি পৃথিৱী বিখ্যাত বিজ্ঞানী।


কলিকতা যাত্রা ও বিংশ শতিকাৰ আৰম্ভণিতে বৰপেটাৰ অৰবিন্দ দাস আৰু উপেন ওজাই এৰী চাদৰৰ ব্যৱসায় কৰিছিল। এবাৰ কলিকতাৰ এখন প্রদর্শনীত ভাগ ল’বলৈ যাওঁতে গুৰুপ্রসাদ দাসক সহায়কাৰী হিচাপে লৈ গ'ল। কলিকতাৰ টাউন হলত প্রদর্শনীত লগ পালে বৰপেটাৰ কামেশ্বৰ দাসক। কামেশ্বৰ দাস বৰ মেধাৱী ছাত্র আছিল। ১৯১৭ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা গণিত বিষয়ত এম এম পৰীক্ষাত প্রথম শ্ৰেণীৰ প্রথম হৈ উত্তীৰ্ণ হৈছিল। তেওঁ বেংকত চাকৰি কৰি, মটৰৰ ব্যৱসায়ত হাত দিয়ে। কামেশ্বৰ দাসৰ লগত গুৰুপ্রসাদ দাসৰ চিনাকি হয়। তেওঁৰ যােগেদিয়েই সেই সময়ৰ কলিকতাৰ মেয়ৰ এছ কে ৰাহা আৰু অসমৰ বিখ্যাত ব্যৱসায়ী ভােলা দাস বৰুৱাৰ লগত গুৰুপ্রসাদ দাসৰ সম্পর্ক গঢ়ি উঠে। ১৯২২ চনত গুৰুপ্রসাদ দাসে ভােলা বৰুৱাৰ মটৰ গেৰেজত যােগালি হৈ কামত যােগদান কৰি নিজৰ কৰ্মপটুতা আৰু কাৰিকৰী দক্ষতাৰ বলত অতি সােনকালে এজন দক্ষ মেকানিক হৈ উঠে।


গুৰুপ্রসাদ দাসে এজন ইংৰাজ চাহাবৰ গাড়ী এখন অতি কম সময়ৰ ভিতৰত নিখুঁতভাৱে ভাল কৰি দিয়াত মেকানিকজনৰ কৰ্ম কুশলতাত মুগ্ধ হয় আৰু গুৰুপ্রসাদ দাসক হাওৰাৰ বিখ্যাত ৱার্ন এণ্ড কোম্পানীত কাম কৰাৰ সুবিধা কৰি দিয়ে। গুৰুপ্রসাদ দাসৰ কর্মপটুতা দেখি ৱার্ন এণ্ড কোম্পানীয়ে লণ্ডনত থকা ৰেল ইঞ্জিনিয়াৰিং প্রতিষ্ঠানত কাম কৰিবলৈ পঠায়। কলিকতাত গেৰেজৰ কাম কৰি থাকোতে ১৯২৪ চনত চিতপুৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰে।


গুৰুপ্রসাদ দাস লণ্ডনলৈ নির্বাচিত হােৱা শুনি গৱৰ্নৰ বেটচন বেলে বৰ ভাল পায় আৰু লণ্ডনলৈ যােৱা, থকা-মেলাৰ সুবিধা কৰি দিয়ে। লণ্ডনত কোম্পানীৰ নির্দেশ মতে ইনষ্টিটিউট অব মেকানিকেল ইঞ্জিনিয়াৰিঙতি প্রশিক্ষণ ল’বলৈ ধৰে। তাতেই ৰেলগাড়ীৰ গৱেষণা কৰাৰ সুবিধা পায়। পাঁচ বছৰ গৱেষণা (১৯২৫-১৯৩১)ৰ পিছত তেওঁ ৰেলৰ ব্রেক আৱিষ্কাৰ কৰে। গুৰুপ্রসাদ দাসে আৱিষ্কাৰ কৰা ব্রেকৰ বাবে বার্ন এণ্ড কোম্পানী’ পৃথিৱী বিখ্যাত হৈ পৰে। ইংৰাজ চৰকাৰে ৰেলৰ ব্যৱহাৰ কৰা ব্রেকৰ নাম ৰাখিলে জি পি ব্রেকছ (G P Breaks)। তেওঁক মেকানিকেল ইঞ্জিনিয়াৰ বুলি স্বীকৃতি দি প্রমাণ পত্র দিয়ে। পিচত ভাৰতীয় ৰেলৱেই লণ্ডনস্থ বিভাগত উচ্চ পদ দি সন্মান জনায়। তেওঁ আই আৰ এছ লাভ কৰা প্রথম ভাৰতীয়।


১৯৩১ চনত লণ্ডনৰ পৰা উভতি আহি ভাৰতত ৰেল বিভাগৰ বিশেষ বিষয়া হিচাপে নিয়ােগ হয়। অৱসৰৰ পিচত কলিকতাতে বসবাস কৰে। ১৯৮২ চনত তেওঁৰ মৃত্যু হয়।



Post a Comment

0 Comments