ভাৰত ৰত্ন চি এন আৰ ৰাও

 ভাৰত ৰত্ন চি এন আৰ ৰাও

চি এন আৰ ৰাও



চি এন আৰ ৰাওৰ সম্পূর্ণ নাম চিন্তামণি নাগেছা ৰামচন্দ্ৰ ৰাও। তেওঁ তৃতীয়গৰাকী ‘ভাৰত ৰত্ন’ বিজেতা বিজ্ঞানী। প্রথমগৰাকী ভাৰত ৰত্ন লাভ কৰা বিজ্ঞানী চন্দ্রশেখৰ ভেংকটৰমণ, দ্বিতীয়গৰাকী ৰাষ্ট্রপতি এ পি জে আব্দুল কালাম।


চি এন আৰ ৰাওৰ ১৯৩৪ চনৰ ৩০ জানুৱাৰী তাৰিখে বাংগালােৰ (বর্তমান বেংগালুৰু) নগৰত জন্ম হয়। তেওঁৰ মাতৃভাষা কানাড়া। মাক নাগেছা আৰু দেউতাক হনুমন্ত নাগেছা ৰাও। সৰুৰেপৰা প্ৰখৰ মেধাৱী ৰাৱে বাংগালুৰুত স্কুলীয়া শিক্ষা সমাপ্ত কৰি ১৯৫১ চনত মহীশুৰ বিশ্ববিদ্যালয়ৰপৰা বিজ্ঞানত স্নাতক উপাধি লাভ কৰে। বেনাৰস বিশ্ববিদ্যালয়ৰপৰা অতি দক্ষতাৰে স্নাতকোত্তৰ ডিগ্রী লাভ কৰি একাধাৰে পুৰুতু বিশ্ববিদ্যালয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্রী লাভ কৰে।


চি এন আৰ ৰাওৰ চাকৰি জীৱন আৰম্ভ হয় কানপুৰ আই আই টিত ১৯৬৩ চনত। ১৯৭৪ চনলৈ কানপুৰ আই আই টিতে শিক্ষাদান কৰে। ১৯৮৪ চনত ভাৰতীয় বিজ্ঞান পৰিষদৰ সঞ্চালক পদত নিযুক্তি লাভ কৰে আৰু ১৯৯৪ চনলৈ সঞ্চালকৰ দায়িত্ব পালন কৰে। এইছােৱা সময়ৰ ভিতৰতে তেওঁ অক্সফোর্ড, কেজি, কেলিফর্নিয়া আৰু পুৰুতু বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে। চি এন আৰ ৰাওৰ কৃতিত্ব অসীম। তেওঁৰ গৱেষণা আৰু অধ্যয়নৰ গভীৰতা দেখি পৃথিৱীৰ ৬০খন বিশ্ববিদ্যালয়ে সন্মানীয় ‘ডক্টৰেট ডিগ্রী প্রদান কৰে। ৪৫খন গ্ৰন্থৰ ৰচক' আৰু পােন্ধৰশ গৱেষণা পত্র প্রকাশ কৰি তেওঁ বিজ্ঞান জগতত অক্ষয় কীর্তি ৰাখিছে। ২০০৫ চনত তেওঁ প্রধানমন্ত্ৰীৰ বৈজ্ঞানিক গৱেষণা পৰিষদৰ অধ্যক্ষৰূপে নিযুক্ত হৈছিল।


চি এন আৰ ৰাও বিশ্বৰ ৰসায়ন বিজ্ঞানীসকলৰ বিশেষকৈ ‘ছলিড টেষ্টৰ গৱেষক হিচাপে অনন্য। অর্ধ শতাব্দীতকৈও অধিক কাল তেওঁ ৰাসায়নিক গৱেষণাত ব্যস্ত থাকি প্রভূত পৰিমাণৰ অৰিহণা যােগাইছে। চি এন আৰ ৰাও পৃথিৱীৰ আগশাৰীৰ ৰাষ্ট্ৰসমূহৰ স্বীকৃত বিজ্ঞান একাডেমী যেনে— আমেৰিকা, ইংলেণ্ড, জাপান আদিৰ সদস্য। তেওঁ চীন আৰু ভাৰতৰ মাজত বিজ্ঞানৰ সম্পর্ক ওচৰ চপাই আনে। ২০১৩ চনত চীন দেশৰ বিজ্ঞান একাডেমীয়ে চি এন আৰ ৰাওক চীনৰ সর্বোচ্চ সম্মান প্রদান কৰে। ২০১৩ চনৰ ১৬ নৱেম্বৰত ভাৰতৰ ৰাষ্ট্রপতিয়ে তেওঁক ভাৰত ৰত্ন’ উপাধি প্রদান কৰে।


চি এন আৰ ৰাও তৃতীয়জন ভাৰত ৰত্ন লাভ কৰা বিজ্ঞানী হলেও বিতর্কৰ উধ্বত নাছিল। তেওঁ বৰ স্পষ্টবাদী আছিল বাবেই তেওঁৰ দুই-এটা মন্তব্যই বিতর্কৰ মাজলৈ ঠেলি দিছিল। ৰাজনীতিকক ‘মুখ’ বুলি কৈ বিতর্কত সােমাই পৰিছিল।




Post a Comment

0 Comments