উদ্ধৱ কুমাৰ ভৰালী

উদ্ধৱ কুমাৰ ভৰালী


উদ্ধৱ কুমাৰ ভৰালী


উদ্ভাৱক-প্রযুক্তিবিদ ড° উদ্ধৱ কুমাৰ ভৰালীৰ ঘৰ উত্তৰ লক্ষীমপুৰত। তেওঁ বৰ্তমানলৈ ১৪৫ টা নতুন মেচিন উদ্ভাৱন কৰি বিশ্বত অভিলেখ সৃষ্টি কৰিছে। তেওঁ ‘মেচিনমেন’ বুলিও বিশ্বত জনাজাত। তেওঁৰ আৱিষ্কৃত মেচিনসমূহ জনসাধাৰণৰ মাজত অতি প্রিয়। দুখীয়া, নিম্ন মধ্যবিত্ত আৰু কৃষকৰ উপযােগীকে নির্মিত মেচিনসমূহৰ দাম তেনেই কম আৰু ইয়াক ব্যৱহাৰ কৰি সকলাে শ্ৰেণীৰ মানুহ উপকৃত হৈছে। শ্রীভৰালীৰ উদ্ভাৱনৰ লক্ষ্য হ'ল- মানুহক সহায় কৰা। পৰিষ্কাৰ-পৰিচ্ছন্নতাৰে কম খৰচত নতুন প্রযুক্তি ব্যৱহাৰ কৰি উন্নত জীৱন-যাপন কৰিব পৰাকৈ তেওঁ মেচিনসমূহ ৰাইজৰ মাজত উলিয়াই দিছে।


শ্ৰীভৰালীয়ে উদ্ভাৱন কৰা মেচিনসমূহৰ ভিতৰত সৰ্বসাধাৰণ মানুহৰ চকুত নপৰা ডালিমৰ গুটিবােৰ কম সময়তে পৃথক কৰা মেচিনটো দেশবিদেশত অতি জনপ্রিয়। ভৰালীৰ আন কেইটামান সফল সৃষ্টিৰ ভিতৰত লগত লৈ পথাৰত শস্য সিঁচা যন্ত্র, শাৰীৰিক ভাবে অক্ষমজনৰ কাৰণে হাতৰ বিজ্ঞানী ব্যৱহাৰ নােহােৱাকৈ আহাৰ খােৱা আৰু চাফ-চিকুণ কৰা যন্ত্র, তিৰােতাৰ অতি প্রয়ােজনীয় পুনৰ ব্যৱহাৰ কৰিব পৰা নেপকিন, ভঁৰালৰ পৰা পােনপটীয়াকৈ গুটি সিঁচিব পৰা যন্ত্র, ঘৰৰ জাৱৰ-জোঁথৰ পুৰিব পৰা চুলা, মানসিক ৰােগগ্রস্তৰ কাৰণে আবদ্ধীকৰণ চকী ইত্যাদি।


শ্রীভৰালীৰ কৰ্মৰাজি আৰু তেওঁৰ সৃষ্টিসমূহক বিশ্বৰ সংবাদ মাধ্যমে উচ্চ-প্রশংসা কৰাৰ উপৰিও তেওঁক বি বি চিয়ে যুগৰ প্রযুক্তিবিদ আৰু অবিৰত উদ্ভাৱক’ আখ্যা দিছে। হিন্দু কাকতৰ মন্তব্য—“ভৰালীৰ সৃষ্টিৰাজি জীৱনৰ পৰীক্ষা সম্পাদন কৰা বুলি কৈছে। যােৰহাট কৃষি বিশ্ববিদ্যালয়ে ভৰালীৰ সৃষ্টি আৰু কৃষিৰ উৎকর্ষত একাণপতীয়াকৈ সহযােগ আগবঢ়োৱাৰ বাবে, ২০১৪ চনত সন্মানীয় ডক্টৰেট ডিগ্ৰীৰে (ডি এছ চি) সন্মানিত কৰে।


ড° ভৰালীয়ে তেজপুৰ কেন্দ্রীয় বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ‘প্রযুক্তি আৰু আৱিষ্কাৰৰ সঞ্চালকৰূপে কার্যনির্বাহ কৰিছিল।


উদ্ভাৱক, ড° ভৰালী মেচিন নির্মাণ কৰাৰ উপৰিও সমাজসেৱাত অগ্রণী ভূমিকা লৈ আহিছে। ২০০৩ চনত উত্তৰ লক্ষীমপুৰত ইউ-কে-বি’ নামৰ প্রতিষ্ঠান এটা স্থাপন কৰি গৱেষণা আৰু মেচিনৰ পৰিকল্পনা’ আৰম্ভ কৰি শতাধিক নিবনুৱাক সংস্থাপন দিছে। ইউ-কে-বি কমফট’ (UKB Comfort) এটা মানৱ সেৱাৰ গৱেষণা কেন্দ্র। অক্ষমজনক স্বাৱলম্বিতাৰ বাবে নতুন সৌহার্দ্যপূর্ণ পৰিকল্পনাৰে সঁজুলি নির্মাণ কৰি স্বাবলম্বী আৰু পৰিষ্কাৰ জীৱন-যাপনৰ পথ প্রদর্শন কৰিছে। ‘নিৰাশ্রয়’ নামৰ এটা সেবাকেন্দ্র স্থাপন কৰি দুখীয়া নিৰাশ্রয়জনলৈ সেৱা আগবঢ়াইছে।


ড° ভৰালীৰ ব্যক্তিত্ব, কৃতিত্ব আৰু সৃষ্টিৰাজিৰ ওপৰত বিশ্বৰ বিভিন্ন চেনেলে ১৭ খনকৈ ডকুমেণ্টৰী নিৰ্মাণ কৰি বিশ্বত প্রচাৰ কৰিছে। ড° উদ্ধৱ কুমাৰ ভৰালী বিশ্বৰ দহজন উদ্ভাৱকৰ ভিতৰত স্থান লাভ কৰাৰ উপৰিও দুবাৰকৈ আন্তর্জাতিক উদ্ভাৱকৰ পুৰস্কাৰ লাভ কৰিছে।


ড° ভৰালীয়ে বর্তমানলৈ লাভ কৰা পুৰস্কাৰসমূহৰ ভিতৰত ৰাষ্ট্ৰপতিৰ ৰাষ্ট্ৰীয় তৃণমূল উদ্ভাৱক পুৰস্কাৰ’, নাছাৰ সৃষ্টি আৰু পৰিকল্পনা সৃষ্টি সন্মান, অসম সাহিত্য সভাৰ ‘প্রযুক্তি ৰত্ন’ আদি উল্লেখযােগ্য।




Post a Comment

0 Comments