জিতেন্দ্র নাথ গােস্বামী

জিতেন্দ্র নাথ গােস্বামী


জিতেন্দ্র নাথ গােস্বামী



চন্দ্রযানৰ মুখ্য বিজ্ঞানী ড° জিতেন্দ্র নাথ গােস্বামীৰ ঘৰ যােৰহাট চহৰত। ১৯৫০ চনৰ ১৮ নৱেম্বৰ তাৰিখে তেওঁৰ জন্ম। যােৰহাটৰ এটা সংস্কৃত আঢ্যৱন্ত পৰিয়ালত জন্মলাভ কৰা গােস্বামীয়ে প্রাথমিক আৰু মাধ্যমিক শিক্ষা যােৰহাটতে সমাপ্ত কৰে। সৰুৰে পৰা প্ৰখৰ মেধাৱী গােস্বামীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত ষষ্ঠ স্থান অধিকাৰ কৰি কলেজীয়া শিক্ষা লাভৰ বাবে অসমৰ অভিজাত উচ্চ শিক্ষাৰ অনুষ্ঠান কটন কলেজত ভর্তি হয়। পদার্থ বিজ্ঞানত উচ্চস্থান লৈ স্নাতক ডিগ্রী লাভ কৰাৰ পিছত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পদার্থ বিজ্ঞানতে সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্রী লাভ কৰি ‘টাটা ফাণ্ডামেণ্টেল গৱেষণা প্রতিষ্ঠান’ত পি এইচ ডি ডিগ্রী গৱেষক ছাত্র হিচাপে ভর্তি হয়। এই সময়খিনিৰ ভিতৰতে তেওঁ কালিফর্নিয়া বিশ্ববিদ্যালয় বার্কলিত স্নাতকোত্তৰ গৱেষক ছাত্র হিচাপে কাম কৰাৰ সুবিধা লাভ কৰে। ১৯৭৮ চনত তেওঁ গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা এইচ ডি ডিগ্রী লাভ কৰে।


ডক্টৰেট ডিগ্রী লাভ কৰাৰ পিছত তেওঁ কালিফর্নিয়া বিশ্ববিদ্যালয়ৰ বার্কলি, ৱাশিংটন বিশ্ববিদ্যালয়ত গৱেষক বিজ্ঞানী হিচাপে কাম কৰাৰ উপৰি, লুনাৰ আৰু প্লেনেটৰী, মাক্স প্লান্ট প্রতিষ্ঠানত কাম কৰি অভিজ্ঞতা সঞ্চয় কৰিছিল আৰু অধিক গৱেষণাত ব্ৰতী হৈছিল। তেওঁৰ গৱেষণাৰ প্রধান বিষয়বস্তু আছিল ‘সৌৰজগত আৰু জোতির্বিজ্ঞান’। গােস্বামীয়ে মহাজাগতিক ৰশ্মি (Cosmic Ray) আৰু টেকটোনিক প্লেট’ত কাম কৰি ইছৰৰাৰ (ISRO) অনুসন্ধান আঁচনিৰ প্ৰাৰম্ভিক পর্যায়ত বিজ্ঞানী হিচাপে কাম কৰিছিল আৰু পিছলৈ মহাজাগতিক ৰশ্মিৰ পৰীক্ষাগাৰত সহযােগী বিজ্ঞানী হয় আৰু পদোন্নতি লাভ কৰি মহাকাশযান’ৰ মুখ্য বিজ্ঞানী হয়। ড° জিতেন্দ্র নাথ গােস্বামীৰ প্রচেষ্টা আৰু যত্নতে ‘ চন্দ্রযান’ আকাশত নিক্ষেপ কৰা হৈছিল। তেওঁ আছিল ‘ চন্দ্রযান’ৰ মুখ্য বিজ্ঞানী।


মৃদুভাষী ড° গােস্বামীয়ে প্ৰথম ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰে ১৯৭৮ চনত। ৰাষ্ট্ৰীয় বিজ্ঞান সন্থাই তেওঁক প্রথম যুৱ বিজ্ঞানী’ পুৰস্কাৰেৰে পুৰস্কৃত কৰে। ১৯৮৬ চনত নাছা'ৰ ৰাজহুৱা সেৱা সাফল্য লাভৰ পুৰস্কাৰ পােৱাৰ পিছত, ১৯৯৪ চনত শান্তি স্বৰূপ ভাটনগৰ পুৰস্কাৰ লাভ কৰে। ২০০৩ চনত বিজ্ঞান আৰু প্ৰযুক্তিত উৎকর্ষ সাধনৰ বাবে ৰাষ্ট্ৰীয় ‘কমলকুমাৰী বটা’ লাভ কৰে। ২০১৪ চনত এছীয় মহাদেশীয় সাগৰীয় ভূ-বিজ্ঞান সমিতি’ৰ পৰা ‘অক্সফ’র্ড’ পুৰস্কাৰ লাভ কৰে। ২০১৪ চনত “অসম ৰত্ন’ লাভ কৰাৰ পিছত ২০১৭ চনত ভাৰত চৰকাৰে পদ্মশ্রী সম্মানেৰে বিভূষিত কৰে।


২০০৭ চনত তেওঁ ভাৰতৰ জ্যোতির্বিজ্ঞান সংস্থাৰ সভাপতি হােৱাৰ উপৰিও ‘ বিশ্ব-বিজ্ঞান অকাডেমী, ইউৰােপীয় ভূ ৰসায়নিক আৰু ভাৰতীয় বিজ্ঞান একাডেমী’ৰ সদস্য আছিল।



Post a Comment

0 Comments