ভাৰতৰ ৰাজনীতিৰ বিষয়ে A to Z জানক ( A to Z Indian political in Assamese)

 ভাৰতৰ ৰাজনীতিৰ বিষয়ে A to Z জানক ( A to Z Indian political in Assamese)




ইয়াত আপুনি পাব ভাৰতীয় ৰাজনীতিৰ সকলোবোৰ তথ্য


ভাৰতৰ ৰাজনীতিৰ A to Z



স্বাধীনতাৰ নতুন সোৱাদ - 

১৯৪৭ খৃঃৰ ১৫ আগষ্টৰ দিনা আমাৰ দেশৰ শাসনভাৰ আমাক গটাই ইংৰাজসকল নিজৰ দেশলৈ গুচি গল। আমি ভাৰতবাসী স্বাধীন হলোঁ।


পােন্ধৰ আগষ্টৰ দিনা নতুন দিল্লীৰ ইতিহাস প্রসিদ্ধ লাল-কিল্লাৰ ওপৰৰ পৰা বৃটিছ সাম্রাজ্যৰ জাতীয় পতাকা ইউনিয়ন জে তললৈ নামিল। তাৰ ঠাইত আমাৰ জাতীয় ত্রিঙ্গ পতাকা প্রতিষ্ঠিত হ’ল। দুশ বছৰৰাে ওপৰকাল বিদেশী শাসকৰ তলত থকাৰ পাচত আমি আমাৰ দেশৰ সুখ-দুঃখ, উন্নতি-অধােন্নতিৰ গৰাকী হলো। আমি আমাৰ দেশ শাসন কৰিবলৈ অধিকাৰ পালোঁ। এক কথাত কবলৈ হলে আমিয়েই আমাৰ ৰজা হলোঁ।


এই প্রথমবাৰৰ বাবে আমাৰ গােটেইখন দেশ এক শাসনৰ অধীনলৈ আহিল। প্রথমবাৰ বুলিছোঁ এইবাবেই যে ইংৰাজ অহাৰ আগতে আমাৰ দেশ স্বাধীন আছিল যদিও এতিয়াৰ দৰে এক শাসনৰ তলত নাছিল। বহুতাে সৰু ডাঙৰ স্বাধীন ৰাজ্যত বিভক্ত হৈ আছিল। আনকি ইংৰাজ শাসক সকলেও তেওঁলােকৰ শাসিত অঞ্চলৰ মাজে মাজে কিছুমান ৰাজ্যক দেশীয় ৰাজ্য, কৰদ ৰাজ্য, মিত্ৰ ৰাজ্য আদি বিবিধ নামেৰে বিভূষিত কৰি পালন-পােষণ কৰিছিল। স্বাধীনতাৰ পাচত আমাৰ দেশৰ এই ৰজা, ৰাজ্য, ৰাজবংশ আৰু ৰাজকীয় খিতাপ সমূহ লােপ পালে। নানা বিভিন্নতা গৈ এতিয়া আমি এখন জাতীয় পতাকাৰ তলত এক ভাৰতবাসী ৰূপে থিয় হব পাৰিলাে। প্রতিজন ভাৰতবাসীয়ে এতিয়া আমাৰ দেশৰ সুখ-দুঃখৰ সমস্যা সমূহৰ সমাধানত হাত উজান দিবলৈ অধিকাৰ লাভ কৰিলে।


সেই বাবে ১৯৪৭ খৃঃৰ পােন্ধৰ আগষ্টৰ দিনটো আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু মহত্বপূর্ণ দিন। স্বাধীনতা লাভৰ সেই প্রথম দিনটোত আমাৰ দেশৰ দহােদিশে নানা ৰং-ৰহইচ্ আৰু আনন্দ উল্লাসেৰে মুখৰিত হৈ উঠিছিল। তেতিয়া তােমালােক ওপজাই নাছিলা। তােমালােক পৰম ভাগ্যবান যে এখন স্বাধীন দেশত জন্মগ্রহণ কৰিছা। সেয়ে পৰাধীন ভাৰতবাসীৰ বাবে এই দিনটো কেনে মধুৰ, পবিত্র, আনন্দময় আৰু প্ৰেৰণাদায়ক আছিল তাক তােমালােকে কল্পনাই কৰিব নােৱাৰিবা। সেইদিনা আমাৰ পৰাধীন ভাৰতবাসীৰ এনে লাগিছিল যে আমি যেন এটা অন্ধকাৰ গুহাৰ পৰা ওলাই আহি মুকলি ঠাইত বিশুদ্ধ বায়ু সেৱন কৰিছোঁহি।


কিন্তু স্বাধীন হােৱাটো নিচেই ধেমালিৰ কথা নাছিল। সেই দিনাৰপৰা আমি কঠোৰ দায়িত্ব মূৰ পাতি লব লগা হৈছিল। আমাৰ নিজৰ দেশৰ মানুহৰ সুখ-দুঃখ, উন্নতি অৱনতিৰ বাবে কাম কৰাৰ দায়িত্ব আমাৰ ওপৰত পৰিছিল। আমি নিজকে শাসন কৰাৰ আঁচনি প্রস্তুত কৰিব লগা হৈছিল। দেশ শাসনৰ বাবে আমি কিছুমান নীতি-নিয়ম বান্ধি উলিয়াব লগা হৈছিল। এইবােৰকে পাচলৈ আমি আমাৰ সংবিধান ৰূপে স্বীকৃতি দি লৈছিলাে।


সংবিধান প্ৰনয়ণ -

পিচে সংবিধান এনে এটা বস্তু যে তাক এজন বা জনদিয়েক লােকৰদ্বাৰা লিখাই বা স্বীকৃতি দি লব নােৱাৰি। কাৰণ, ইয়াৰ মাজেৰে আমাৰ দেশৰ সমূহ লােকৰ আশা, আকাঙক্ষা, ইচ্ছা আদি প্রকাশ পাব লাগিব। সেইবাবে ১৯৪৬ খৃঃতে গােটেইখন দেশৰ বিভিন্ন ঠাইৰ পৰা ৩৮৫ বিশিষ্ট জ্ঞানী আৰু গুণী লােক নিৰ্বাচিত কৰি আমি এখন সভা গঠন কৰি লৈছিলোঁ। এই সভাখনৰ নাম আমি ‘গণ পৰিষদ ৰাখিছিলোঁ। আমাৰ দেশৰ সংবিধান ৰচনা কৰাৰ দায়িত্ব এই সভাখনৰ ওপৰতে ন্যস্ত কৰা হৈছিল। নতুন সংবিধান কাৰ্য্যকৰী নােহােৱালৈকে এই সভাখনেই আমাৰ দেশৰ শাসন কাৰ্য্য পৰিচালনা কৰিছিল। তােমালােকে নিশ্চয় কথা এটা ভাবি আচৰিত হৈছা যে— এই ৩৮৫ গৰাকী ব্যক্তিয়ে কেনেকৈননা একে ঠাইতে বহি, আলােচনা সমালােচনা কৰি এখন বিশাল সংবিধান ৰচি উলিয়াইছিল। প্রকৃততে এইটো সম্ভৱ হােৱা নাছিলাে।  তেওঁলােকে ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰ নামৰ এজন আইনবিদ মনীষীৰ সভাপতিত্বত এখন সৰু সমিতি গঠন কৰি দিছিল। এই সমিতিখনে দুবছৰ এঘাৰ মাহ ওঠৰ দিন কঠোৰ শ্ৰম কৰি সংবিধানৰ খচৰা এখন ৰচনা কৰিছিল। খচৰাখন ‘গণ পৰিষদত’ পেচ কৰা হৈছিল। নানা আলােচনা, সমালােচনা, শুধৰণী, সংশােধনীৰ পাচত ১৯৪৯ খৃঃ ২৬ নবেম্বৰত গণ-পৰিষদে সংবিধানৰ খচৰাখন গ্রহণ কৰিছিল।


১৯৫০ খৃঃৰ ২৬ জানুৱাৰীৰ পৰা এই সংবিধানখন বলবৎ কৰিবলৈ সিদ্ধান্ত লােৱা হৈছিল। এই সিদ্ধান্ত গ্রহণৰৰ এটা বিশেষ তাৎপৰ্য্য আছিল। ভাৰতীয় জাতীয় কংগ্ৰেছে ১৯৩০ খৃঃৰ ২৬ জানুৱাৰীৰ দিনটোতে পণ্ডিত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত লাহােৰত অনুষ্ঠিত বার্ষিক অধিৱেশনত ভাৰতবৰ্ষৰ পূর্ণ স্বৰাজ লাভৰ বাবে কাম কৰি যাবলৈ সংকল্প গ্রহণ কৰিছিল। তাৰ আগলৈকে তেওঁলােকে বৃটিছৰ ছত্র-ছায়াতে ‘স্বায়ত্ব শাসনহে’ দাবী কৰি আহিছিল। তেতিয়াৰে পৰা ভাৰতবাসীয়ে ২৬ জানুৱাৰী স্বৰাজৰ হকে কাম কৰিবলৈ সংকল্প গ্রহণ কৰাৰ পবিত্ৰ দিনৰূপে পালন কৰি আহিছিল।


সেইবাবেই ১৯৫০ খৃঃৰ ২৬ জানুৱাৰীৰ দিনা আমি আমাৰ নতুন সংবিধানখন কাৰ্য্যকৰী কৰি এইদৰে শপত গ্রহণ কৰিলােঃ


গণতন্ত্ৰ দিৱস - 

‘আমি ভাৰতবাসীয়ে আজি আমাৰ দেশখনক এখন ‘সার্বভৌম গণতান্ত্রিক প্রজাতন্ত্র’ ৰূপে গঢ়ি তুলিবলৈ এই সংবিধানখন গ্ৰহণ কৰি ইয়াৰ লগত অতি নিবিড় ভাবে জড়িত হ'লোঁ— ইত্যাদি ইত্যাদি।


সেইদিনাৰে পৰা এই দিনটো প্রতি বছৰে আমি ‘গণতন্ত্র দিৱস ৰূপে পালন কৰি আহিছোঁ। আচলতে পােন্ধৰ আগষ্টতকৈও বেচি আন্তৰিকতা আৰু ঐকান্তিকতাৰে আমি এই দিনটো পালন কৰোঁ। কাৰণ ‘গণতন্ত্র দিৱস’টো স্বাধীন ভাৰতৰ ইতিহাসত এটা অতি গুৰুত্বপূৰ্ণ আৰু তাৎপর্যপূর্ণ দিন। ১৯৪৭ খৃঃৰ পােন্ধৰ আগষ্টত আমি স্বাধীন হলোঁ যদিও স্বাধীনতাৰ উপযুক্ত গঢ় কিন্তু আমি ‘গণতন্ত্র দিৱসৰ দিনাহে দিবলৈ সক্ষম হ'লোঁ। এই দিনাৰ পৰাহে আমি আমাৰ নিজৰ সংবিধানৰ নীতি নিয়ম আৰু আইন পালন কৰিবলৈ আৰম্ভ কৰিলোঁ। আচল কথা— এই দিনাই আমি আমাৰ বিশাল দেশখনক ‘সার্বভৌম গণতান্ত্রিক প্রজাতন্ত্র’ ৰূপে ঘােষণা কৰিলোঁ। তােমালােকে ‘সার্বভৌম গণতান্ত্রিক প্রজাতন্ত্র’


নামৰ শব্দ তিনিটাৰ অৰ্থ বুজিবলৈ টান পাইছা নেকি বাৰু ? তেনেহলে আহাচোন— আমি এটা এটাকৈ শব্দ তিনিটাৰ আলােচনা কৰোঁ। -


‘সাৰ্বভৌম' শব্দৰ অৰ্থ হল এই যে আমি আমাৰ নিজৰ আৰু জন্মভূমি ভাৰতবৰ্ষৰ সম্পূর্ণ গৰাকী বা অধিকাৰী হলোঁ। এতিয়াৰ পৰা আৰু কোনাে বিদেশী শক্তিয়ে আমাৰ দেশৰ কথা আৰু কাৰ্য্যত মূৰ সুমুৱাব নােৱাৰিব।


‘গণতান্ত্রিক’ শব্দটোৱে আমি প্রতিষ্ঠা কৰা চৰকাৰৰ গঢ় আৰু নিয়ম আদিৰ ব্যাখ্যা দিয়ে। তােমালােকে আব্রাহাম লিঙ্কনৰ নাম শুনিছাহঁক নে বাৰু ? তেখেত এজনা খ্যাতিমান ৰাজনীতিজ্ঞ পণ্ডিত আছিল। তেওঁ গণতান্ত্রিক চৰকাৰৰ ব্যাখ্যা দিছিল এইদৰে :- গণতান্ত্রিক চৰকাৰ ৰাইজৰ চৰকাৰ; ৰাইজৰ দ্বাৰা গঠিত চৰকাৰ আৰু ৰাইজৰ ৰাৰে। আমাৰ সংবিধান মতেও আমাৰ চৰকাৰ সেই একে চৰকাৰ। আমাক শাসন কৰা লােকসকল আমাৰ সভাৰেই লােক। আমাৰ হৈ আমাৰ দেশখন শাসন কৰিবলৈ আমিয়েই তেওঁলােকক নিব্বাচিত কৰিছোঁ। মুঠতে গণতান্ত্রিক শব্দৰ চমু অর্থ হল এই যে আমাৰ দেশ শাসনৰ প্ৰতিটো কাৰ্য্যৰ গতিবিধি নিৰূপণ কৰোঁতে আমি দেশৰ প্ৰতিজন নাগৰিকৰে মতামত গ্রহণ কৰোঁ।


‘প্রজাতন্ত্র’ শব্দই এইটোকে সূচায় যে আমাৰ চৰকাৰৰ মূৰব্বীৰূপে কোনাে ৰজা, সম্রাট বা নৱাব আদি নাই। নাইবা কোনাে এটা বিশেষ পৰিয়াল বা শ্ৰেণীয়েও আমাৰ দেশ শাসন নকৰে। আনকি, নিচেই সামান্য, অতি নিঃকিন লােক এজনেও আমাৰ দেশৰ ৰাষ্ট্রপতি নাইবা প্রধান মন্ত্রী হব পাৰে।


গতিকে ‘গণতন্ত্র-দিৱসৰ ওপৰত কিয় আমি ইমান গুৰুত্ব দিওঁ তাক তোেমালােকে নিশ্চয় বুজি পাইছা। তােমালােকে এইটোও নিশ্চয় বুজিছা যে আমাৰ সংবিধানখননা , অতি আৱশ্যকীয় আৰু গুৰুত্বপূর্ণ। ই আমাৰ ব্যক্তিগত অধিকাৰ নিৰূপণ কৰে, ব্যক্তিগত স্বাধীনতা ৰক্ষা কৰে আৰু কি ধৰণে নাইবা কেনেদৰে আমি শাসিত হম সেই কথা কৰে। এক কথাত কবলৈ হলে সংবিধানৰ আৱশ্যকো এইবােৰৰ বাবেই। আমাৰ জাতীয় জীৱনৰ সকলাে দিশ সংবিধানত সন্নিবিষ্ট হৈ আছে। আমি নিজকে নিজে কেনে ধৰণে শাসন কৰোঁ এই কথা আলােচনা কৰাৰ আগতে সংবিধানে কেনেকৈ আমাৰ ব্যক্তিগত স্বাধীনতা ৰক্ষা কৰে সেই বিষয়ে অলপ কলে ভাল হব। সংবিধানত চাৰিটা কথা বিশেষভাবে উল্লেখ কৰা আছে। ই প্রতিজন ভাৰতীয় নাগৰিকৰ বাবে আনিব : 



১) সামাজিক, আর্থিক আৰু ৰাজনৈতিক ন্যায়।


২) ভাব আৰু অনুভূতি প্রকাশ, বিশ্বাস আৰুৰ্ম ধৰ্মৰ স্বাধীনতা। 


৩) সুযােগ, অৱস্থা, ব্যৱস্থা আদিৰ সমতা।



৪) সকলােকে সমান ভাবে চোৱা, সকলােৰে মাজত একতা স্থাপন কৰা তথা সকলােকে


ভ্রাতৃত্বৰ ডােলেৰে বন্ধা ভাতৃত্ব। এই চাৰিটা বিশেষ কথাকে একো একোটা শব্দত প্রকাশ কৰা হয়— সাম্য, মৈত্রী, ন্যায়, আৰু স্বাধীনতা। তদুপৰি মানুহৰ মৌলিক অধিকাৰ সম্পর্কেও সংবিধানৰ সম্পূর্ণ অধ্যায় এটাত ব্যাখ্যা দিয়া আছে। মৌলিক অধিকাৰ সমূহ প্রতিজন ভাৰতীয় নাগৰিকে সমানে পাব লাগে। উদাহৰণ স্বৰূপে তােমালােকক কওঁ- আইনৰ চকুত সকলাে সমান। ই মানুহৰ এটা মৌলিক অধিকাৰ। অথাৎ চৰকাৰে সকলােকে সমান ব্যৱহাৰ কৰিব লাগিব। সকলােকে একে সমান সুযােগ-সুবিধা দিব লাগিব। চৰকাৰৰ চকুত ধনী, দুখীয়া উচ্চ, নীচ বুলি কোনাে ব্যৱধান থাকিব নােৱাৰে সকলাে সমান। আমাৰ সংবিধানত অস্পৃশ্যতা বুলি কোনাে কথা নাই। ।


সেইদৰে সংবিধানে ভাৰতীয় নাগৰিক সকলক ভাষাৰ স্বাধীনতা দিছে। কথাৰ স্বাধীনতা দিছে। যিকোনাে সমাজ ব্যৱস্থাকে আমি মানি চলিব পাৰোঁ। যিকোনাে সঙ্গ বা দলত আমি থাকিব পাৰোঁ। দেশ খনৰ ইমূৰৰ পৰা সিমূৰলৈ যলৈকে তলৈকে যাব পাৰোঁ। যিকোনাে চাকৰি কৰিব পাৰোঁ। যিকোনাে ব্যৱসায় চলাব পাৰোঁ।


আনহাতে, ভাৰতীয় কোনাে নাগৰিকেই আইনৰ আয়ত্বৰ বাহিৰত নহয়। অর্থাৎ ধনী-দুখীয়া, উচ্চ-নীচ সকলাে একেখন আইনৰদ্বাৰা পৰিচালিত। সকলােৱে একেখন আইনকে মানিবলৈ বাধ্য। নাগৰিক সকলৰ জীৱনৰ নিৰাপত্তা আৰু ব্যক্তিগত স্বাধীনতা ৰক্ষাৰ ব্যৱস্থাও সং - বিধানত সন্নিবিষ্ট কৰা আছে। নিজৰ সা-সম্পত্তিৰ সুফল ভােগ কৰাৰ নিশ্চয়তাও আছে।


লগে লগে এই অধিকাৰ সমূহ ভােগ কৰাত কিছুমান বাধা নিষেধধা আৰােপ কৰা আছে যাতে এজনে অধিকাৰ সমূহ ভােগ কৰিবলৈ যাওঁতে আন এজন সেইবােৰৰ পৰা বঞ্চিত নহয়। আন এটা তাত আৱশ্যকীয় অধিকাৰ সং - বিধানে আমাক দিছে। সেইটো হৈছে ধৰ্মৰ অধিকাৰ। যিকোনাে নাগৰিকে যিকোনাে ধর্ম গ্রহণ কৰিব পাৰে। আনকি আনৰ মাজত সেই ধর্ম প্রচাৰাে কৰিব পাৰে। আমি এখন ধর্ম নিৰপেক্ষ দেশৰ নাগৰিক। আমি সকলাে ধৰ্মৰে প্রতি শ্রদ্ধাশীল আৰু অনুভূতিশীল।


আমাৰ দেশত যদি কোনাে নাগৰিকে অনুভৱ কৰে যে তেওঁৰ প্রতি কোনাে অন্যায় কৰা হৈছে, তেনেহলে তেওঁ যিকোনাে ন্যায়ালয়ৰ সহায় লৈ ন্যায় বিচাৰ পাব পাৰে। এই অধিকাৰ আৰু নিৰাপত্তা সমূহ থকা বাবেই আমাৰ গণতন্ত্র আমাৰ বাবে অতি মহীয়ান। প্রকৃতার্থত সংবিধান মতে সকলাে ক্ষমতা আমাৰ অথাৎ ৰাইজৰ বা জনসাধাৰণৰ। জনসাধাৰণে প্রতি পাঁচ বছৰৰ অন্তৰে অন্তৰে স্বাধীনভাবে অথচ অতি গােপনে নিজৰ প্রতিনিধি নিব্বাচন কৰে। এই প্রতিনিধি সকলে জনসাধাৰণৰ হৈ আইন ৰচনা কৰে আৰু দেশৰ শাসন কাৰ্য্য চলায়। তেওঁলােকে কিন্তু নিজৰ খেয়াল খুচীমতে কাম কৰিব নােৱাৰে। কাৰণ তেওঁলােকৰ ওপৰত সংবিধান আছে। সংবিধানৰ ভিতৰত থাকিহে তেওঁলােকে কাম কৰিব পাৰিব।


পাঁচ বছৰৰ অন্তৰে অন্তৰে অনুষ্ঠিত হােৱা সাধাৰণ নিৰ্বাচনত ভােট দি আমি আমাৰ প্রতিনিধিসকলৰ নিৰ্বাচন কৰোঁ। কিন্তু দেশৰ সকলাে লােকে ভােট দিব নােৱাৰে। উদাহৰণ স্বৰূপে তােমালােকে ওঠৰ বছৰ নােপােৱালৈকে ভােট দিব নােৱাৰা। সংবিধানে তােমালােকক এই অধিকাৰ দিয়া নাই। তােমালােকক এইদৰে এৰি থােৱা বাবে হয়তাে বেয়া পাব পাৰা। কিন্তু আচল কাৰণটো কি জানা ? ভােটাধিকাৰ হ’ল সংবিধানত সন্নিবিষ্ট থকা সব্বোচ্চ অধিকাৰ। এই অধিকাৰৰ বলতে ৰাইজৰ মাজৰ পৰা লােক নিৰ্বাচন কৰি সেই নিৰ্বাচিত লােকৰ হাতত শাসন-ভাৰ সােধােৱা হয়। তাৰ পাচত তেওঁলােকৰ হাততে পাচৰ পাঁচ বছৰ কালৰ বাবে কোটি কোটি ভাৰতবাসীৰ ভাগ্য নিহিত হৈ থাকে। গতিকে স্বাভাৱিকতে এই প্রতিনিধিখিনি অতি সাৱধানে আৰু গভীৰ বুজা-পৰাৰ মাজেৰে নিৰ্বাচিত কৰিব লগা হয়। -


সেইবাবে এই অধিকাৰ লাভ কৰাৰ আগতে তােমালােকৰ বিচাৰ-বুদ্ধি সুস্থ আৰু বলিষ্ঠ হােৱা দৰকাৰ। এইবাবে ওঠৰ বছৰ বয়স নােহােৱালৈকে তােমালােকক ভােটাধিকাৰ দিয়া হােৱা নাই। কিশােৰ কালত তােমালােক আনৰ ফুচুলনিত আৰু চলাহি কথাত সহজে ভােল যােৱাটো সম্ভৱ। এজন মানুহ দেশ শাসন কৰিবলৈ উপযুক্ত হব নে নহয় তাৰ স্থিৰ আৰু শুদ্ধ সিদ্ধান্তত উপনীত হবলৈ তােমালােকৰ দোষােৰ-মােধােৰ লাগিব পাৰে। গতিকে উপযুক্ত জ্ঞান আৰু বিচাৰ-বুদ্ধি নােপােৱালৈকে ভােটাধিকাৰ দিয়া নহয়।


স্বাধীনতা লাভৰ যােৱা দুকুৰি এক বছৰৰ ভিতৰত আমি দহটা সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰিলোঁ। এই নিৰ্বাচনবােৰত লাখ লাখ মানুহে ভােট দি প্রার্থী-প্রতিনিধি সকলক জয়যুক্ত কৰিছে। এই নিব্বাচনসমূহ শান্তিপূর্ণ ভাৱে আৰু নিয়াৰিকৈ সম্পন্ন হােৱাটোও কম ডাঙৰ কথা নহয়। কেনেকৈ আমাৰ প্রতিনিধি নিৰ্বাচন কৰোঁ বাৰু ? ইয়াৰ নীতি-নিয়ম কি ? এই সম্পর্কেও তােমাললাকে কিছু বহলাই জনা দকাৰ। আমাৰ দেশখনক কেবাখনাে ৰাজ্যত বিভক্ত কৰা হৈছে। এই কথা তােমালােকে জানাই। সেইবােৰ হ’ল: (১) অসম, (২) পশ্চিম বঙ্গ, (৩) বিহাৰ, (৪) উৰিষ্যা, (৫) উত্তৰ প্ৰদেশ, (৬) পঞ্জাব, (৭) হাৰিয়ানা, (৮) হিমাচল, (৯) জম্মু আৰু কাশ্মীৰ, (১০) গুজৰাট, (১১) মহাৰাষ্ট্র, (১২) ৰাজস্থান, (১৩) মধ্য প্রদেশ, (১৪) তামিলনাড়ু, (১৫) কণাটক, (১৬) অন্ধ্র, (১৭) কেৰেলা, (১৮) নগালেণ্ড, (১৯) অৰুনাচল, (20) মেঘালয়, (২১) মণিপুৰ, (২২) ত্ৰিপুৰা, (২৩) মিজোৰাম, (২৪) চিকিম, (২৫) দিল্লী, (২৬) চণ্ডীগড়, - (২৭) আন্দামান, (২৮) গােৱা, (২৯) দা-নগৰ হাভেলি, (৩০) লাক্ষাদ্বীপ ইত্যাদি।


ভাৰতীয় নিৰ্বাচন

আমাৰ দেশৰ ৰাজধানী হ’ল নতুন দিল্লী। এই মহানগৰীৰ পৰাই গােটেইখন দেশৰ শাসন কাৰ্য্য নিয়ন্ত্রণ কৰা হয়। কেন্দ্রীয় শাসন কাৰ্য্য যুক্তঃৰাজ্যিক নিয়ম মতে চলে। অথাৎ শাসনৰ সুবিধাৰবাবে শাসনকাৰ্য্য কেন্দ্ৰ আৰু বিভিন্ন ৰাজ্যসমূহৰ মাজত ভগাই লােৱা হৈছে। কেন্দ্ৰক আমি ইউনিয়ন বুলিও কওঁ। কেন্দ্রীয় চৰকাৰে সামূহিক ভাৱে দেশৰ সকলাে শাসন-কাৰ্য্য নিয়ন্ত্রণ কৰে। ৰাজ্য চৰকাৰ সমূহে নিজ নিজ ৰাজ্যৰ ভিতৰুৱা শাসন-কাৰ্য্য চলায়।


নিৰ্বাচনৰ সময়ত আমি দুজন প্রতিনিধি নিৰ্বাচিত কৰিব লাগে। তাৰে এজনে কেন্দ্রীয় চৰকাৰত আমাৰ হৈ প্রতিনিধিত্ব কৰিব। আনজনে ৰাজ্যিক চৰকাৰত আমাৰ হৈ কাম কৰি যাব। কেন্দ্ৰলৈ যােৱাজনে নতুন দিল্লীৰ লােকসভা বা পার্সিয়ামেণ্টত আসন লৈ আইন প্রণয়ন কৰিব আৰু আমাক শাসন কৰাত আগ ভাগ লব। ৰাজ্যিক চৰকাৰলৈ যােৱা জনেও সেইদৰে ৰাজ্য বিধানসভাত আসন লৈ ৰাজ্য শাসনৰ গুৰি ধৰিব । |


একোখন ৰাজ্য কেবাটাও সমষ্টিত বিভক্ত কৰা হয়। প্রত্যেক সমষ্টিতে স্থায়ীভাবে বসবাস কৰা লােকসকলে সেই সমষ্টিৰ বাবে প্রতিনিধি নিৰ্বাচন কৰে।


আমাৰ দেশত বহুতাে ৰাজনৈতিক দল আছে। প্রতি সমষ্টিতে প্রত্যেক দলে নিৰ্বাচনৰ বাবে তেওঁলােকৰ নিজা লােক বাচি উলিয়ায়। কোনাে দলৰ লগত সম্পর্ক নথকা মানুহৰৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ সুবিধা আছে। এনে মানুহক আমি নির্দলীয় প্রার্থী বুলি কওঁ। ভাৰতবৰ্ষৰ নাগৰিকত্ব লাভ কৰা আৰু পঁচিশ কিম্বা তাৰ ওপৰৰ বয়সৰ যিকোনাে লােককে নিৰ্বাচনৰ প্ৰাৰ্থীৰূপে থিয় হােৱাৰ যােগ্যতা সংবিধানে দিছে।


. নাগৰিকত্ব মানে কি বাৰু ? এখন দেশৰ সুখ-দুঃখ, সুবিধা-অসুবিধা, উন্নতি-অৱনতিৰ লগত নিজকে একান্ত ভাবে জড়িত কৰি তাত স্থায়ী ভাবে বসবাস কৰিবলৈ অধিকাৰ লাভ কৰা যিকোনাে লােককে সেই দেশৰ নাগৰিক বুলি কোৱা হয়।


প্রত্যেক দলৰে নিজা নিজা প্রতীক বা চিহ্ন আছে। উদাহৰণ স্বৰূপে কব পাৰি যে আগেয়ে অবিভক্ত কংগ্ৰেছ দলৰ কান্ধত যুঁৱলী লৈ থকা বলদ এহাল নিৰ্বাচনৰ প্রতীক ৰূপে আছিল। পাচত এই দল দুভাগত বিভক্ত হৈ শাসক কংগ্ৰেছ আৰু সাংগঠনিক কংগ্ৰেছ নামে পৰিগণিত হােৱাত তেওঁলােকৰ নিৰ্বাচনী প্রতীকৰৰ সাল-সলনি ঘটিল। শাসক কংগ্ৰেছে ওহাৰত মুখ দি গাখীৰ পি থকা দামুৰীৰে গাই এজনী আৰু সাংগঠনিক কংগ্ৰেছে যঁতৰত সূতা কাটি থকা মহিলা এগৰাকীক নিৰ্বাচনী প্রতীকৰূপে গ্রহণ কৰিছিল। সেইদৰে এসময়ত স্বতন্ত্রদলে তৰা আৰু জনসঙঘই প্রদীপ আদি প্রতীক ৰূপে লৈছিল।


প্রাথীয়ে নিৰ্বাচনৰ প্ৰচাৰ সম্পৰ্কীয় কাগজ পত্ৰত নিজৰ নামৰ লগতে দলৰ প্রতীক সমূহাে চিহ্নিত কৰিব লাগে। দেশৰ অগণন অনাখৰী ভােটদাতাই এই প্রতীকৰ ছবি দেখিয়েই প্রার্থীজন কোন দলৰ তাক অনায়াসে বুজিব পাৰে। ভােটদানৰ কাৰ্য্যসমূহ সুকলমে সম্পন্ন কৰিবলৈ এখন কেন্দ্রীয় কমিটি গঠন কৰি দিয়া হৈছে। তাক নিৰ্বাচনী আয়ােগ বুলি কোৱা হয়। এই কমিটিৰ তলত প্রত্যেক ৰাজ্যতে একোখন পালি কমিটিও আছে। এওঁলােকে ভােটদানৰ দিন-বাৰ স্থিৰ কৰি দিয়ে। নিব্বাচিত হলে প্রতিজন প্রার্থীয়ে ৰাইজৰ বাবে কি কি কাম কৰিব তাক ৰাইজক ভালকৈ বুজাই দিব লাগে। তেওঁ বক্তৃতা দি আৰু নানা ধৰণৰ প্ৰচাৰ পত্রিকা বিতৰণ কৰি ৰাইজৰ মাজত ভােট ভিক্ষা কৰে। সেই সময়ত অসংখ্য ৰাজহুৱা সভা, শােভাযাত্রা আদি হয়। ৰাজপথ সমূহত, ডাঙৰ ডাঙৰ অট্টালিকাৰ দেৱালত, প্রাচীৰৰ গাত নিৰ্বাচনী গােহাৰিবােৰ মৰা হয়, নানা ধৰণৰ প্ৰচাৰ পত্ৰ লগােৱা হয়, দলৰ কাৰ্য্য পন্থা লিখি দিয়া হয়। ট্রাক, বাছ, জীপ আদিত উঠি দলে দলে মানুহে নিৰ্বাচনৰ কথা সমূহ প্রচাৰ কৰি ঘূৰি ফুৰে। মুঠতে সেই সময়ত আকাশ বতাহ ভােট নিনাদেৰে নিনাদিত হয়।


কিন্তু ভােটদানৰ দুদিন আগতে প্রচাৰ কাৰ্য্য নিয়ম অনুসৰি বন্ধ হৈ যায়। বক্তৃতা, শােভাযাত্রা, মাইকৰ ধ্বনি, গানবাজনা সকলােৰে সামৰণি পৰে। কাৰণ, সংবিধানে ভােটগ্রহণৰ আগৰ আঠচল্লিশ ঘণ্টা সময়খিনিৰ ভিতৰত কোনাে প্রচাৰকায্য চলাবলৈ অনুমতি দিয়া নাই।


এইদৰেই এদিন ভােটগ্রহণৰ দিনটো আহি পৰে। একো একোটা সমষ্টিৰ ভিতৰত সেই দিনাৰ বাবে কেবাটাও ভােটগ্রহণৰ কেন্দ্র স্থাপন কৰা হয়। ৰাতিপুৱাৰে পৰা সেইদিনা ভােটগ্রহণ কেন্দ্ৰবােৰৰ সন্মুখত অগনণ জনতাই নিজৰ নিজৰ ভােটাধিকাৰ সাব্যস্ত কৰিবলৈ শাৰী পাতে। ভােটকেন্দ্ৰৰ ভিতৰত থাকে ভালদৰে চিল-মােহৰ মৰা একোটা মজবুত বাকছ। ইয়াৰ ওপৰৰ ঢাকনীখনাে বেচ মজবুত। প্রতিজন প্রার্থীৰে নাম আৰু প্রতীক থকা এখিলা কাগজ ভােটদাতাক দিয়া হয়। এটা ৰবৰৰ ষ্ট্যাম্প সহায়ত তেওঁ নিৰ্বাচন কৰিব খােজা প্রার্থীজনৰ নাম আৰু প্রতীক চিহ্নিত কৰি দিয়ে। পাচত সেইখন ভাজ লগাই ভােটৰ বাকছত ভৰাই। বাকছটোক বেলট বাকছ বুলি কোৱা হয়। ভােটদাতাই অতি গােপন ভাৱে এই কাগজত চাপ মাৰি ভােটদান কার্য সম্পন্ন কৰে। তেওঁ কাক ভােট দিলে আনে জনাৰ উপায় নাই।


ভােটদানৰ পাচত ভােটদাতাৰ আঙুলী সহজে ধুই মচিব নােৱাৰা চিয়াঁহীৰে দাগ দিয়া হয়। তেওঁ যাতে বেয়া অভিপ্রায়েৰে দ্বিতীয়বাৰ ভােট দিব নােৱাৰে তাক নিশ্চিত কৰিবৰ বাবেই এই ব্যৱস্থা লােৱা হয়।


ভােটগ্রহণ শেষ হােৱাৰ পাচত বেলট বাকছৰ ঢাকনীবােৰ চিল-মােহৰ মাৰি বন্ধ কৰি পেলােৱা হয়। পাচত প্রার্থীসকলৰ বা তেওঁলােকৰ প্রতিনিধিৰ সমুখত বাকছবােৰ মেলি ভােট গনণা কৰা হয়। একোটা সমষ্টিৰ ভিতৰত যিজন প্রাথীয়ে বেশি সংখ্যক ভােট পাব তেওঁকেই সেই সমষ্টিৰ পৰা নিৰ্বাচিত হােৱা বুলি ঘােষণা কৰা হয়।


নিব্বাচনী আয়ােগে ভােট গ্রহণৰ সকলাে কাম যাতে নিয়াৰিকৈ আৰু অতি গােপনীয় ভাবে চলে আৰু প্ৰতিজন ভােটদাতাই নিৰ্বাচনৰ ক্ষেত্ৰত তেওঁৰ ব্যক্তি স্বাধীনতা আৰু বিচাৰ-বুদ্ধি যাতে নির্বিবাদে প্রয়ােগ কৰিব পাৰে তাৰ প্রতি সতর্ক দৃষ্টি ৰাখে। নিব্বাচনী আয়ােগ এটা স্বাধীন অনুষ্ঠান। ই চৰকাৰ বা চৰকাৰৰ বাহিৰৰ কোনাে অনুষ্ঠানৰ দ্বাৰা প্রভাৱান্বিত নহয়। ইয়াৰ মূৰব্বীজনক নিব্বাচনী আয়ুক্ত বােলা হয়। ভাৰতৰ উচ্চ ন্যায়ালয়ৰ বিচাৰপতিৰ সমানে এই বিষয়াজন ক্ষমতা সম্পন্ন। অথাৎ উচ্চ ন্যায়ালয়ৰ বিচাৰপতি এজনাৰ দৰে মুকলিমূৰীয়াকৈ তেওঁ কাৰ্য্য-নিব্বাহ কৰিব পাৰে। সাধাৰণ নিৰ্বাচনৰ আগত নাইবা পাচত হােৱা যিকোনাে আসোঁৱাহ, গণ্ডগােল আদি তেওঁ নিষ্পত্তি কৰি দিয়ে।


সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘােষণা কৰাৰ পাচত যিকোনাে পৰাজিত প্রাথীয়ে বা যিকোনাে ভাৰতীয় নাগৰিকে নিৰ্বাচনত হােৱা আসােৱাঁহ আদিৰ বিচাৰ আৰু সমিধানৰ বাবে সব্বোচ্চ ন্যায়ালয় পৰ্য্যন্ত যাব পাৰে। উদাহৰণ এটা দিলে তােমালােকে কথাটো ভালকৈ বুজি পাবা , প্রমাণিত হ’ল যে এজন প্রার্থীক ভােট দিবলৈ ভােটদাতাক ধন দি ঘােচ খুৱােৱা হৈছে। নাইবা হিন্দু, মুছলমান, খৃষ্টান আদি জাতিৰ নামত প্ৰচাৰ চলাই ভােটদাতাক ভােট দিবলৈ প্রলােভিত কৰা হৈছে বা বাধ্য কৰা হৈছে তেতিয়া কি হব ? সেই প্রার্থীজনৰ নিৰ্বাচন নাকচ কৰা হব। আচলতে আমাৰ নিৰ্বাচন প্রথা পৃথিবীৰ অন্যান্য গণতান্ত্রিক দেশসমূহৰ নিৰ্বাচন প্রথাতকৈ তুলনামূলক ভাবে বেচি শুদ্ধ আৰু মুকলিমূৰীয়া বুলি বিভিন্ন জন পণ্ডিতে মত প্রকাশ কৰিছে।


তােমালােকে এতিয়া বুজিলাইক যে কেনেদৰে আমি আমাৰ দেশ শাসনৰ বাবে প্রতিনিধি নির্বাচন কৰোঁ। নিৰ্বাচিত হােৱাৰ পাচত প্রতিনিধিসকলে নিজৰ নিৰ্বাচন অৰ্হতা অনুসৰি কেন্দ্ৰৰ লােকসভা বা ৰাজ্যৰ বিধানসভালৈ গৈ শাসনৰ কামত প্রবৃত্ত হয়।


শাসন কাৰ্য -

এতিয়া প্রশ্ন হ’ল— তেওঁলােকে কেনেকৈ শাসনকাৰ্য্য চলায় বাৰু ? তােমালােকে জানাই যে আমাৰ দেশৰ ৰাজধানী হ’ল নতুন দিল্লী। তাতেই আমাৰ শাসনৰ কেন্দ্রস্থল সংসদ বা পার্সিয়ামেণ্ট অৱস্থিত। সংসদ দুভাগত বিভক্ত। এভাগৰ নাম হ’ল লােকসভা আৰু আনটো ভাগৰ নাম হ’ল ৰাজ্যসভা। লােকসভাত মুঠ ৫৪৩ গৰাকী সদস্য আছে।


আগতে কৈ অহা হৈছে যে— এই সদস্যসকল বেলেগ বেলেগ দলৰ পৰা আহিব পাৰে। যিটো দলৰে সদস্য সংখ্যা সকলাে দলতকৈ আৰু সদনৰ আধা সদস্যতকৈ বেচি হয় সেই দলটোৱে শাসক দল হােৱাৰ মৰ্য্যদা লাভ কৰে। সংখ্যা গৰিষ্ঠ দলটোৱে তেতিয়া নিজৰ নেতা নিৰ্বাচন কৰে। এই নেতাগৰাকীয়ে পাচত দেশৰ প্রধান মন্ত্রী ৰূপে দায়িত্ব গ্রহণ কৰে। প্রধান মন্ত্রীয়ে তেওঁৰ দলৰ নিৰ্বাচিত সদস্য সকলৰ পৰা আৰু কেইজনমান সদস্যক মন্ত্ৰী ৰূপে বাচি লয়। এইসকলে প্রধান মন্ত্রীক দেশৰ শাসন পৰিচালনাৰ কামত সহায় কৰে।


আচলতে প্রধান মন্ত্রী আৰু আন মন্ত্রীসকলে সন্মিলিত ভাবেহে চৰকাৰ গঠন কৰে। লােকসভাত এওঁলােকে এফালে আসন লয়। এওঁলােকৰ পাচতে এওঁলােকৰ দলীয় সদস্য সকলে আসন গ্রহণ কৰে। অন্যান্য সংখ্যা লঘিষ্ঠ সদস্য সকলক বিৰােধী সদস্য বুলি অভিহিত কৰা হয়। এওঁলােকে শাসক দলৰ বিপৰীত ফালে আসন গ্রহণ কৰে।


লােকসভাৰ সৰহ সংখ্যক সদস্যই সমর্থন  নিদিলে কোনাে আইন পাছ হব নােৱাৰে। মন্ত্রীসকলে চৰকাৰ চলােৱাত সম্পাদন কৰা সকলাে কামৰ বাবে লােকসভাৰ সদস্যসকলৰ আগত উত্তৰ দিবলৈ বাধ্য।


লােকসভাৰ প্রথম অধিবেশনৰ সময়তে সদস্যসকলে শপত গ্ৰহণ কৰাৰ পাচত সদস্যসকলৰ মাজৰ পৰাই এজন অধ্যক্ষ আৰু এজন উপাধ্যক্ষ নিব্বাচিত কৰি লােৱা হয়। অধ্যক্ষ গৰাকী লােকসভাৰ আটাইতকৈ সন্মানিত ব্যক্তি। পণ্ডিত জৱাহৰলাল নেহৰুৱে এবেলি অধ্যক্ষক লােকসভাৰ সমূহ সদস্যবৃন্দ একত্রিত জ্ঞানৰ ভৰাল আৰু অধিকাৰ সমূহ ৰক্ষা কৰোঁ বুলি অভিহিত কৰিছিল।


অধ্যক্ষই লােকসভাৰ অধিবেশনবােৰত সভাপতিত্ব কৰি সেইবােৰৰ কাম সুচাৰুৰূপে চলায়। তেওঁ সদস্যসকলৰ অধিকাৰ সমূহৰ উপযুক্ত ৰক্ষণাবেক্ষণ দি সকলােকে নিজ নিজ মতামত প্রকাশ কৰাত সহায় কৰে। লােকসভাৰ মৰ্য্যাদা ৰক্ষাৰ ওপৰত তেওঁ চকু দিয়ে। তেওঁ অনুমতি দিলেহে সদস্যসকলে যিকোনাে প্রশ্ন মন্ত্রীসকলক সুধিব পাৰে। মুঠ কথা, তেওঁৰ বিনা অনুমতিত সদস্যসকলে লােকসভাৰ মজিয়াত মাত মতাৰ অধিকাৰ নাই, কোনাে বিষয়ৰ নিষ্পত্তিৰ বাবে লােকসভাত ভােট গ্রহণ কৰিব লগাৰ ক্ষেত্ৰত সাধাৰণতে অধ্যক্ষই ভােট দিব নােৱাৰে। কিন্তু শাসক আৰু বিপক্ষীয় দলৰ সমান সমান ভােট হলে নিজৰ ভােটটোৰে তেওঁ সেই বিষয়টোৰ নিষ্পত্তি কৰিব পাৰে।


লােকসভালৈ নিৰ্বাচিত হৈ আহোঁতে অধ্যক্ষজনাে সাধাৰণতে যিকোনাে ৰাজনৈতিক দলৰ জৰিয়তেই আহে। কিন্তু অধ্যক্ষ নিৰ্বাচিত হােৱাৰ পাচত তেওঁ দলৰ সদস্যপদ ইস্তফা দিব লাগে। তেওঁ যাতে সকলাে সদস্যৰ প্ৰতি ন্যায়বান হব পাৰে, সৎ হব পাৰে আৰু যাতে কোনাে দলৰ প্ৰতিয়েই তেওঁ কোনাে বিশেষ অনুগ্রহ দেখুৱাব লগা নহয়— তাৰ বাবেই সংবিধানত এই ব্যৱস্থা ৰখা হৈছে। এখন লােকসভা সাধাৰণতে পৰবৰ্ত্তী সাধাৰণ নিব্বাচনলৈকে পাঁচ বছৰ কাল চলি থাকে। ইয়াৰ অধিবেশন বছৰেকত অন্ততঃ দুবাৰ বহিব লাগে।


সংসদৰ আনটো বিভাগ ৰাজ্যসভা সৰ্বাধিক ২৫০ জন সদস্যেৰে সংগঠিত হয়। এওঁলােক কিন্তু জনসাধাৰণৰ দ্বাৰা পােনপটীয়াকৈ নিৰ্বাচিত হৈ নাহে। এওঁলােক ৰাজ্য বিধানসভা সমূহৰ নিৰ্বাচিত সদস্যসকলৰ দ্বাৰাহে মনােনীত হয়। এওঁলােকৰ ভিতৰৰ বাৰজন সদস্যক ৰাষ্ট্রপতিয়ে দেশৰ সাহিত্যিক, বৈজ্ঞানিক, সমাজসেৱক আদি জ্ঞানী, গুণী, ব্যক্তিসকলৰ মাজৰ পৰা মনােনীত কৰে।


ৰাজ্যসভাখন হ’ল স্থায়ী অনুষ্ঠান। লােকসভাৰ দৰে ই প্রতি পাঁচ বছৰৰ অন্তৰে অন্তৰে সলনি নহয়। তাৰ পৰিবৰ্তে প্রতি দুবছৰৰ মূৰে মূৰে ইয়াৰ এক তৃতীয়াংশ সদস্যই অৱসৰ লব লাগে। এওঁলােকৰ স্থান নতুন সদস্যেৰে পূৰােৱা হয়। একেজন সদস্যই পুনৰ মনােনীত হােৱাত কোনাে বাধা নাই। একেৰাহে ছবছৰ কাল একোজন লােক ইয়াৰ সদস্য ৰূপে থাকিব পাৰে। এই ব্যৱস্থাৰ এটা ডাঙৰ সুবিধা হল এই যে ই ৰাজ্যসভাৰ কামৰ ধাৰাবাহিকতা ৰক্ষা কৰাত সহায় কৰে। লােকসভাতকৈ সুচাৰু ৰূপে আৰু স্থায়ীভাৱে কাম চলাবলৈ ই সমর্থ হয়। কাৰণ লােকসভাত প্রতি পাঁচ বছৰৰ মূৰে মূৰে এচাম নতুন সদস্যৰ আবির্ভাব ঘটে।


আমাৰ দেশৰ উপৰাষ্ট্রপতি গৰাকীয়ে ৰাজ্যসভাৰ সভাপতি ৰূপে কাৰ্য্য পৰিচালনা কৰে। সদস্যসকলে এজনা উপসভাপতি নিব্বাচিত কৰি লয়। সভাপতিৰ অনুপস্থিতিত তেৱেঁই কাৰ্যনিৰ্বাহ কৰে।


এতিয়া লােকসভাৰ কাৰ্য্যসমূহৰ বিষয়ে তােমালােকক অলপ অচৰপ কওঁ। লােকসভাই তিনি ধৰণৰ কাৰ্য্য নিব্বাহ কৰে। ই (১) আইন প্রণয়ন কৰে, (২) দেশৰ অর্থৰ অথাৎ আয়-ব্যয় নিয়ন্ত্রণ কৰে আৰু (৩) চৰকাৰৰ অর্থাৎ প্রধান মন্ত্রী আৰু তেওঁৰ মন্ত্ৰীসকলৰ কাৰ্য্যপ্রবাহৰ ওপৰত কঠোৰ দৃষ্টি ৰাখে।


আইন প্রণয়ন কৰাই হ’ল লােকসভাৰ মুখ্য কাম। কোনাে এটা বিষয়ত এখন আইন কৰিব লগা হলে লােকসভাৰ বিচাৰৰ বাবে বিভাগীয় মন্ত্রীয়ে এটা নােট বা টোকা প্রস্তুত কৰিব লাগে। এই টোকাকেই ‘বিল’বুলি কোৱা হয়। লােকসভাৰ আৰু ৰাজ্যসভা উভয়ে ইয়াৰ ওপৰত আলােচনা আৰু বিবেচনা কৰি ইয়াক গ্ৰহণ কৰিব লাগে। ইয়াৰ পাচত ৰাষ্ট্ৰপতিৰ বিবেচনাৰ বাবে ইয়াক ৰাষ্ট্ৰপতিৰ ওচৰলৈ পঠোৱা হয়। ৰাষ্ট্রপতিয়ে বিবেচনা কৰি গ্রহণ কৰিলেই অর্থাৎ তেওঁ ইয়াৰ ওপৰত চহী কৰিলেহে বিলখন আইনত পৰিণত হব পাৰে।


লােকসভাৰ পৰা অনুমতি পালেহে চৰকাৰে চৰকাৰী ৰাজকোষৰ (ট্রেজাৰী) পৰা যিকোনাে পৰিমাণৰ ধন দেশৰ কামত ব্যয়কৰিব পাৰে। লােকসভাৰ বিনা অনুমতিত চৰকাৰে যি দৰে কোনাে ধন খৰচ কৰিব নােৱাৰে, সেইদৰে ৰাইজৰ পৰা কোনাে ধন সংগ্রহ কৰিবও নােৱাৰে। চৰকাৰে তেওঁলােকৰ আঁচনিমতে কৰিব খােজা কামৰ বাবে, আনকি বিষয়াসকলৰ বেতনৰ বাবেও লােকসভাৰ ওচৰত ধনৰ দাবী পেচ কৰিব লাগে। তদুপৰি ধন কেনেদৰে সংগ্ৰহ কৰিব পৰা হব তাৰে আঁচনিও তেওঁলােকে দাঙি ধৰিব লাগে। বিত্তমন্ত্রীয়ে সাধাৰণতে তেওঁৰ বাজেটৰ জৰিয়তে এইবােৰ লােকসভাত পেচ কৰে। লােকসভাৰ সদস্যসকলে বাজেটখন অতি যত্ন সহকাৰে অধ্যয়ন কৰে আৰু পাচত সমূহীয়াকৈ আলােচনা কৰে। আৱশ্যক বােধ কৰিলে সদস্যসকলে ইয়াৰ ওপৰত সাল-সলনিৰ প্ৰস্তাৱৱা তােলে। সেইবােৰ যথার্থ ভাৱে আলােচিত হােৱাৰ পাচত ভােটত দি বাজেট গ্রহণ কৰা হয়।


বাজেট গ্রহণ কৰাটো লােকসভাৰ এটা অতি আৱশ্যকীয় আৰু অপৰিহাৰ্য্য কাম। বাজেটত সন্নিবিষ্ট কৰা যিকোনাে প্রস্তাৱ সৰ্বাধিক সদস্যৰ ভােটত অগ্রাহ্য হলে চৰকাৰে তৎক্ষণাৎ ইস্তাফা দিয়াৰ নিয়ম। বাজেটত গৃহীত হােৱা ধন বছৰৰ শেষলৈ টনাটনি হলে বা চৰকাৰে কিবা এটা নতুন কাম কৰিবলৈ হাতত ললে সেই সময়তাে বিভাগীয় মন্ত্রীয়ে লােকসভাত ধনৰ আবেদন তুলি প্রস্তাৱ দাঙি ধৰিব পাৰে। ।


মন্ত্রীসকলক নানা প্রশ্ন সুধি সাধাৰণতে লােকসভাই তেওঁলােকৰ কাৰ্য্যৰ ওপৰত সতর্ক দৃষ্টি ৰাখে। প্রশ্ন সুধিবলৈ নির্দিষ্ট সময় একোটা স্থিৰ কৰি লােৱা হয়। এই সময়ছােৱাই হ’ল লােকসভাৰ অতি গুৰুত্বপূর্ণ সময়। প্রশ্নসমূহ আগতীয়াকৈ লােকসভাৰ অধ্যক্ষ বা ৰাজ্যসভাৰ চেয়াৰমেনলৈ পঠিয়াব লাগে। তেওঁলােকৰ অনুমতি সাপেক্ষে সেইবােৰ বিভাগীয় আৰু সংশ্লিষ্ট মন্ত্ৰীৰ ওচৰলৈ পঠোৱা হয়। মন্ত্রীজনাই সেইবােৰ অধ্যয়ন কৰি একো একোটা উত্তৰ লিখি পঠিয়ায়। এই উত্তৰৰ ওপৰত ভিত্তি কৰি পাচলৈ সভাত একোটা প্ৰশ্নৰ সন্দৰ্ভত আৰু বেচি প্রশ্ন তােলা হয়। মন্ত্রী আৰু সদস্যসকলৰ মাজৰ উত্তৰ-প্রত্যুত্তৰবােৰে সভাত প্রায়েই হাঁহি আৰু কৌতুকৰ ৰগৰ তােলে। কেতিয়াবা কেতিয়াবা বাক্যৰ খণ্ডযুদ্ধ হৈ কোনাে কোনাে সদস্যই বা কোনাে এটা দলে বা বিৰােধী সদস্যসকলে একত্রে সদন-গৃহ পৰিত্যাগ কৰে। কেতিয়াবা সদস্যসকলৰ মাজত হতাহতি হবৰৰ উপক্রম হয়।


কেতিয়াবা কেতিয়াবা জনসাধাৰণ বৰ ঘনিষ্ঠ ভাবে জড়িত থকা কোনাে বিশেষ জৰুৰী ঘটনাৰ আলােচনাৰ অৱতাৰণা কৰিও চৰকাৰৰ কাৰ্য্যৰ ওপৰত নিয়ন্ত্রণ ৰখাৰ চেষ্টা কৰা হয়। উদাহৰণ স্বৰূপে কৈছোঁ— ধৰা, এটা ডাঙৰ ৰেল দুর্ঘটনা হল, নাইবা কোনাে সংঘর্ষ বন্ধ কৰিবলৈ গৈ পুলিচে গুলি চলাব লগা হ’ল ; ফলত বহুতাে মানুহ নিহত হ’ল। তেতিয়া সদস্যসকলে লােকসভাৰ যিকোনাে এদিনৰ কাৰ্য্যসূচী স্থগিত ৰাখি এই বিষয়টোৰ আলােচনাৰ বাবে প্ৰস্তাৱ আগ বঢ়াব পাৰে। এনে ধৰণৰ প্ৰস্তাৱক সভা-স্থগিত প্রস্তাৱ বােলা হয়। এনে প্রস্তাৱ সাধাৰণতে চৰকাৰক সমালােচনা কৰিবলৈ বিপক্ষীয় সদস্যসকলে দাঙি ধৰে। অধ্যক্ষই এনে প্রস্তাৱ আলােচনাৰ যােগ্য হয় নে নহয় বিবেচনা কৰি উপযুক্ত ব্যৱস্থা লয়। কেতিয়াবা কেতিয়াবা কোনাে এটা বিষয়ৰ ক্ষেত্ৰত এনেকুৱাও হৰ পাৰে যে বিষয়টো তেনে জৰুৰী নহয়, কিন্তু চৰকাৰৰ পৰা খা-খবৰ পাবলৈ হলে এই বিষয়টো লােকসভাত তুলি ধৰা নিতান্তই প্রয়ােজন। তেতিয়া এনে বিষয় সমূহ ‘মনযােগ আকর্ষক জাননী’ৰ দ্বাৰা লােকসভাত দাঙি ধৰা হয়। যিকোনাে সদস্যই বিষয়টোৰ ওপৰত চৰকাৰৰ দৃষ্টি আকর্ষণ কৰি জাননী জাৰি কৰে। এনে জাননী পালে সংশ্লিষ্ট মন্ত্রীয়ে বিষয়টোৰ লগত জড়িত থকা সকলাে তথ্য আৰু সূত্র আদি লােকসভাত দাঙি ধৰি ঘটনাৰ ওপৰত চৰকাৰী ব্যাখ্যা আৰু মন্তব্য দিবলগীয়া হয়। যিসকল চৰকাৰ পক্ষীয় সদস্যই মন্ত্রীত্ব পােৱা নাই তেওঁলােকৰাে লােকসভাত বিল উত্থাপন কৰা নাইবা পৰামর্শ দিয়াৰ অধিকাৰ আছে এই কামৰ বাবে লােকসভাৰ অধিবেশন চলি থকা কালছােৱাত সপ্তাহত এটা দিন আছুতীয়াকৈ ৰখা হয়। এই দিনটোক ‘ন অফিছিয়েল ডে’ বা অনানুষ্ঠানিক দিৱস বুলি কোৱা হয়।


তােমালােকে এতিয়া বুজি পালা যে সংসদ হ’ল জনসাধাৰণৰ প্ৰহৰী স্বৰূপ। চৰকাৰৰ হাতত জনসাধাৰণৰ মৌলিক অধিকাৰ যাতে খর্ব নহয়, নানা উপায় আৰু কৰ-কাটলৰ জৰিয়তে জনসাধাৰণৰ পৰা সংগ্ৰহ কৰা ধনৰ প্ৰতিটো পইচাই যাতে চৰকাৰে জনসাধাৰণৰ উন্নতিৰ হকে খৰচ কৰে তাৰ প্ৰতি ই কঢ়া দৃষ্টি ৰাখে।


আইন প্ৰনয়ণ

আইন প্রণয়নৰ ক্ষেত্ৰত লােকসভা আৰু ৰাজ্যসভা উভয়ৰে সমান অধিকাৰ আছে। কিন্তু অর্থৰ ক্ষেত্ৰত লােকসভাৰ ইচ্ছা অনুসৰিহে সকলাে কাৰ্য্য সম্পন্ন হয়। গণতন্ত্ৰৰ নিয়মমতে জনসাধাৰণৰ পৰা অর্থ সংগ্রহ কৰিবলৈ আৰু সেই অর্থ খৰচ কৰিবলৈ প্ৰস্তুত কৰা সকলাে আঁচনিতে গণতন্ত্রৰ সকলাে নাগৰিকৰে সমর্থন অতি প্রয়ােজনীয়। জনসাধাৰণে পােন-পটীয়াকৈ নিৰ্বাচিত কৰি পঠিওৱা সদস্যসকলৰ ইচ্ছাৰ জৰিয়তেহে সমূহ জনসাধাৰণৰ ইচ্ছা আৰু সমর্থন প্রকাশ কৰিব পাৰি। সেয়ে জনসাধাৰণে পােনপটীয়াকৈ নিৰ্বাচন নকৰা ৰাজ্যসভাৰ সদস্যসকলৰ দেশৰ অৰ্থৰ ওপৰত কোনাে হাত নাই। ইচ্ছা কৰিলে এওঁলােকে লােকসভালৈ পৰামৰ্শ পঠিয়াব পাৰে।


অর্থ সংক্রান্তীয় বিলৰ বাহিৰে আন সকলাে বিল দুয়ােখন সভাৰ দ্বাৰা গৃহীত হবই লাগিব। কোনাে বিষয়ত দুয়ােখন সভা এক মতত উপনীত হব নােৱাৰিলে দুয়ােখনকে একেলগে বহুৱাই বিষয়টোৰ ওপৰত আলােচনা কৰাৰাে ব্যৱস্থা আছে। দুয়ােখন সভাৰে সমূহ সদস্যৰ সৰ্বাধিক ভােটৰ ভেটিত বিষয়টো গ্রহণ কিম্বা অগ্রাহ্য কৰা হয়।


দুয়ােখন সভাৰে সদস্যসকলে বা স্বাধীনতা পূৰা মাত্রাই উপভােগ কৰে। সদনত তেওঁলােকে কোৱা কোনাে কথাৰ বাবে বা তেওঁলােকে কৰা কোনাে কাৰ্য্যৰ বাবে আইন-আদালতে তেওঁলােকৰ ওপৰত কোনাে ব্যৱস্থা লব নােৱাৰে। সেইবুলি কিন্তু তােমালােকে এইটোও নেভারিবা যে তেওঁলােকে যিহকে মন যায় তাকে কব পাৰে আৰু যি খুচী তাকে কৰিব পাৰে। সংবিধানতে তেওঁলােকৰ বাবে নীতি-নিয়ম বন্ধা আছে তেওঁলােকে সদনত কোনাে অভদ্র, ইতিকিং সূচক বা অশ্লীল কথা আৰু ভাষা প্রকাশ কৰিব নােৱাৰে, কৰিলে সেই কথা বা ভাষাক ‘আন- পালিয়ামেন্টৰী’ বা অসংসদীয় বুলি অভিহিত কৰা হয়। সদস্য এজনৰ বাবে এইয়া বৰ অভদ্র আৰু অপমানজনক।


সদস্যসকলৰ বক্তৃতাসমূহ সভাৰ কাৰ্য-ক্রমণিকাৰ লগত সঙ্গতি থকা হব লাগিব। ইচ্ছাকৃত ভাবে তেওঁলােকে কোনাে কথা বা কাৰ্যৰে সভাৰ গতিধাৰাক ব্যাহত কৰিব নােৱাৰিব। সভাৰ ময্যাদা ক্ষুন্ন হােৱা কোনাে কাম তেওঁলােকে কৰিব নােৱাৰিব। যদিহে তেওঁলােকে তেনেধৰণৰ কিবা কৰে তেনেহলে অধ্যক্ষই জোৰকৈ হলেও তেওঁলােকক সদন-গৃহ ত্যাগ কৰিবলৈ বাধ্য কৰাব পাৰিব। নাইবা কিছুদিনলৈ তেওঁলােকক সদনত যােগদান দিয়াৰ পৰা বিৰত কৰাব পাৰিব অথবা মন্ত্রীসকলৰ মন্ত্রী পদো বাতিল কৰিব পাৰি


এয়া হ’ল আমাৰ সংসদ সম্পকীয় কথা। এতিয়া আমি আমাৰ ৰাষ্ট্রপতি, প্রধান মন্ত্রী আৰু মন্ত্রী বৰ্গৰ বিষয়ে কিছু আলােচনা কৰি


আমাৰ ৰাষ্ট্রপতি গৰাকী হ’ল আমাৰ দেশৰ সৰ্বোচ্চ প্রশাসনীয় বিষয়া। ভাৰতীয় গণতন্ত্রৰ তেওঁ মূৰব্বী। হলেও তেওঁ কিন্তু সংবিধানিক মূৰব্বীহে। আচলতে তেওঁৰ কোনাে ক্ষমতা নাই। প্রধান মন্ত্রীৰ উপদেশ মতেহে তেওঁ সকলাে কাৰ্য্য নিব্বাহ কৰে। শাসন সংক্রান্ত সকলাে বিষয়তে আমাৰ প্রধান মন্ত্রীয়েহে শেষ সিন্ধান্ত লয়। কাৰণ তেওঁ সংসদৰ ওচৰত আৰু সংসদৰ জৰিয়তে দেশৰ জনসাধাৰণৰ ওচৰত সকলাে কামৰে জবাবদিহি কৰিব লাগে। প্রধান মন্ত্রীৰ দৰে ৰাষ্ট্রপতি গৰাকী ৰাইজৰ দ্বাৰা পােন-পটীয়াকৈ নিব্বাচিতও নহয়। লােকসভা, ৰাজ্যসভা আৰু সকলাে ৰাজ্যৰ বিধানসভা সমূহৰ নিৰ্বাচিত সদস্যৰ দ্বাৰাহে ৰাষ্ট্রপতি গৰাকী নিৰ্বাচিত হয়।


ত্রিশ বছৰ ওপৰ বয়সৰ যিকোনাে ভাৰতীয় নাগৰিকে আমাৰ দেশৰ ৰাষ্ট্রপতি হব পাৰে। পাঁচ বছৰৰ বাবে তেওঁ নিৰ্বাচিত হয়। অৱশ্যে পাচৰ পাঁচ বছৰৰ বাবেও একে গৰাকী লােকেই ৰাষ্ট্রপতি নিব্বাচিত হােৱাত কোনাে বাধা নাই।


. আমাৰ ৰাষ্ট্ৰপতিৰ আসনখন ময্যাদাপূর্ণ। দেশৰ আৰু ৰাইজৰ সকলাে সন্মান ৰাষ্ট্ৰপতিৰ সন্মানৰ লগত জড়িত হৈ আছে। দিল্লীৰ ৰাষ্ট্রপতি-ভৱন নামৰ ধুনীয়া ৰাজকাৰেং সদৃশ অট্টালিকাত তেওঁ বাস কৰে। বছৰি দিল্লীত অনুষ্ঠিত হােৱা গণতন্ত্র দিৱসৰ আনন্দমুখৰ উৎসৱৰ কাৰ্য-ক্রমণিকাত যদি তােমালােকৰ কেৱে উপস্থিত থাকিবলৈ সুবিধা পাইছা, তেনেহলে নিশ্চয় দেখিছাহক যে-- কেনে আড়ম্বৰেৰে তেওঁ এই উৎসৱ লানিৰ প্ৰতিটোতে অংশ গ্রহণ কৰে। অন্য স্বাধীন দেশৰ ৰজা,ৰাণী, সভাপতি, ৰাষ্ট্রপতি আদি আমাৰ দেশলৈ আহিলে আমাৰ ৰাষ্ট্রপতিয়ে বৰ ধুম-ধামেৰে তেওঁলােকক আদৰণি জনায় আৰু ভােজ-ভাত খুৱাই তেওঁলােকক আপ্যায়িত কৰে।


দেশৰ কর্ণধাৰ ৰূপে আমাৰ ৰাষ্ট্রপতিয়ে বহুতাে বিশেষ সা-সুবিধা উপভােগ কৰে। উদাহৰণ স্বৰূপে-তেওঁ ৰাষ্ট্ৰপতিৰ আসনত থাকি সমাধা কৰা কোনাে কাৰ্য্যৰ বাবে তেওঁক কোনাে আইন বা আদালতে জগৰীয়া সাব্যস্ত কৰিব নােৱাৰে। তেওঁক ফাটেকো দিব নােৱাৰি। কিন্তু সংবিধানৰ নীতি-নিয়ম উলঙঘা কৰিলে তেওঁকো ৰাষ্ট্ৰপতিৰ আসনৰ পৰা আতৰাব পাৰি। এই কাৰ্য লােকসভা আৰু ৰাজ্যসভাৰ সমূহ সদস্যৰ দুই তৃতীয়াংশৰ সমর্থন ক্রমে এটা প্রস্তার পাছ কৰি কৰিব পৰা হয়।


তােমালােকে প্রশ্ন সুধিব পাৰা যে আমাৰ ৰাষ্ট্রপতি গৰাকী যদি চৰকাৰৰ প্রকৃত মূৰব্বী নহয়েই তেনেহলে তেওঁৰননা কাম কি ? প্রশ্নটো কিন্তু বৰ ভাল প্রশ্ন হব। শুনা! আমাৰ চৰকাৰৰ সকলাে ধৰণৰ আইন, আদেশ, নির্দেশ আৰু সিদ্ধান্ত সমূহ ৰাষ্ট্ৰপতিৰ নামতহে অনুমােদন আৰু পাছ কৰা হয়। আন দেশৰ লগত যিকোনাে ধৰণৰ চুক্তি আদি কৰা হয় ৰাষ্ট্ৰপতিৰ নামত। লােকসভাৰ সংখ্যা গৰিষ্ঠ দলে তেওঁলােকৰ নেতা নিৰ্বাচন কৰাৰ পাচত সেই নেতা গৰাকীক আনুষ্ঠানিক ভাৱে প্রধান মন্ত্রী নিযুক্ত কৰে ৰাষ্ট্রপতিয়ে। প্রধান মন্ত্ৰীৰ বাচনি আৰু উপদেশ মতে মন্ত্রীসভাৰ অন্যান্য মন্ত্রী বৃন্দকো ৰাষ্ট্রপতিয়ে নিযুক্তি দিয়ে। বিদেশৰ লগত সকলাে ধৰণৰ যােগাযােগ ৰাষ্ট্ৰপতিৰ জৰিয়তেহে কৰা হয়। সেয়ে বিদেশৰ পৰা নিযুক্ত হৈ অহা ৰাষ্ট্রদূত সকলে তেওঁলােকৰ নিয়ােগ পত্ৰ আমাৰ ৰাষ্ট্ৰপতিৰ ওচৰত দাখিল কৰিব লাগে। আমাৰ দেশৰ পৰা আন দেশলৈ যােৱা ৰাষ্ট্রদূত সকলকো ৰাষ্ট্রপতিয়ে নিয়ােগ কৰে। তদুপৰি ৰাষ্ট্রপতিয়ে আমাৰ দেশৰ উচ্চ ন্যায়ালয় আৰু সব্বোচ্চ ন্যায়ালয়ৰ মাননীয় বিচাৰপতি সকলক আৰু ৰাজ্যৰ ৰাজ্যপাল সকলক নিব্বাচিত কৰি নিযুক্ত কৰে। আমাৰ সৈন্য বাহিনীৰাে তেওঁ সৰ্ব্বময় কত্তা। আমাৰ দেশৰ যিকোনাে আদালতে বিচাৰ কৰি সাব্যস্ত কৰা দোষীৰ মৃত্যুদণ্ডৰ শাস্তিও ৰাষ্ট্রপতিয়ে ইচ্ছা কৰিলে মার্জনা কৰিব পাৰে। 




ৰাষ্ট্রপতিয়ে সংসদ অধিবেশন সমূহ আহ্বান কৰে। প্রতি বছৰে প্রথম অধিবেশনখন লােকসভা আৰু ৰাজ্যসভাই যুটীয়াকৈ পতাৰ নিয়ম। এই যুটীয়া অধিবেশনত ৰাষ্ট্রপতিয়ে প্রথমে বক্তৃতা দিয়ে। এই বক্তৃতাটোক ৰাষ্ট্ৰপতিৰ ভাষণ’ বুলি কোৱা হয়। এই ভাষণত ৰাষ্ট্রপতিয়ে সেই সময়ৰ জাতীয় আৰু আন্তজাতিক সমস্যা সমূহৰ ওপৰত মন্তব্য দি সেইবােৰৰ লগত আমাৰ দেশ কেনে ভাবে জড়িত আছে তাৰ আভাস দিয়ে আৰু চৰকাৰৰ নীতি আৰু কাৰ্য্য-আঁচনি সম্বন্ধে বহলাই ব্যাখ্যা কৰে। ই এটা অতি গহীন গম্ভীৰ অনুষ্ঠান। সংসদৰ কেন্দ্ৰীয় হলত অনুষ্ঠিত হােৱা এই সভাত অধ্যক্ষ, উপাধ্যক্ষ সমন্বিতে অন্যান্য পাৰিষদবর্গৰ লগত ৰাষ্ট্রপতিয়ে শােভাযাত্রা কৰি সােমায়হি।


কিন্তু এটা কথা তােমালােকে মন কৰিবাহঁক দেই! ৰাষ্ট্ৰপতিৰ ভাষণখন হলে তেওঁ নিজে নিলিখে। ইয়াক প্রধান মন্ত্রী আৰু তেওঁৰ মন্ত্রী বইহে যুগুতাই দিয়ে। কাৰণ, তেওঁলােকৰ নীতি আৰু কাৰ্য্যৰ আঁচনি সমূহহে আচলতে ৰাষ্ট্ৰপতিৰ মুখেৰে প্ৰকাশ পায়। ৰাষ্ট্রপতিয়ে কৰা আটাইবােৰ কাম আচলতে তেওঁলােকৰ উপদেশ মতেহে সমাধা কৰা হয়।


কোনাে বিশেষ কাৰণ বশতঃ যদি কোনাে ৰাজ্য চৰকাৰে ৰাজ্যৰ শাসন পৰিচালনা কৰিবলৈ অক্ষম হয়, তেনেহলে ৰাষ্ট্রপতিয়ে সেই ৰাজ্যৰ শাসনভাৰ নিজৰ হাতলৈ আনি তাত ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰিব পাৰে। এই কাৰ্য্যও কিন্তু প্রধান মন্ত্ৰীৰ উপদেশ মতেহে কৰিব লগা হয়। ৰাষ্ট্রপতিজনাৰ চৰকাৰৰ লগত আৰু কোনাে সম্বন্ধ নাই। আমাৰ চৰকাৰৰ প্রকৃত কর্ণধাৰ হ’ল প্রধান মন্ত্রী। তেৱেঁইহে দেশৰ প্রকৃত শাসক। তেওঁক আওপকীয়া ভাবে ভাৰতৰ জনগণে নিব্বাচিত কৰি পঠোৱা প্রতিনিধি সকলৰ মাজৰ পৰাই তেওঁ নিৰ্বাচিত হয়। নিৰ্বাচিত হােৱাৰ লগে লগে ৰাষ্ট্রপতিয়ে তেওঁক অন্যান্য মন্ত্ৰীগ মনােনীত কৰি চৰকাৰ গঠন কৰিবলৈ আহ্বান জনায়।


মন্ত্ৰী সভা

 ‘প্রধান মন্ত্রী’– ইংৰাজীত ‘প্রাইম মিনিষ্টাৰ’শব্দটোৰ উদ্ভাৱন কৰে ইংৰাজসকলে, ইয়াৰ অৰ্থ হ’ল প্রধান মন্ত্রী। কেবিনেট বা মন্ত্রীসভাত থকা বহু কেইজন মন্ত্ৰীৰ মাজত তেওঁৰ স্থান প্রথমতে। তেওঁ অন্যান্য মন্ত্রীসকলক মনােনীত কৰি ৰাষ্ট্রপতিক জনালেহে ৰাষ্ট্রপতিয়ে বাকীবিলাকক মন্ত্রীৰূপে নিযুক্তি দিয়ে। মন্ত্রীপৰিষদৰ লগত দিহা-যুগুতি কৰি তেৱেঁইহে আমাৰ চৰকাৰৰ নীতি সমূহ নিৰ্দ্ধাৰণ কৰে, সেই নীতি সমূহ কাৰ্য্যকৰী কৰিবলৈ আঁচনি প্রস্তুত কৰে আৰু ৰাজ্য সমূহৰ শাসন কাৰ্য্যৰৰ গতি-পথ নিৰ্দ্ধাৰণ কৰে। মন্ত্রীসকলৰ মাজত নাইবা কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত কিবা মতবিৰােধ ঘটিলে তেৱেঁই তাৰ মীমাংসা কৰে। চৰকাৰৰ উচ্চ বিষয়াবর্গ যেনে ৰাজ্যপাল, ৰাষ্ট্রদুত, বিচাৰপতি, সেনাধিনায়ক আদিৰ নিৰ্বাচন আৰু নিযুক্তিৰ সময়তাে ৰাষ্ট্রপতিয়ে তেওঁৰ লগত পৰামৰ্শ কৰিব লাগে। কোন মন্ত্ৰীৰ হাতত কোনটো চৰকাৰী বিভাগ থাকিব তাৰ ব্যৱস্থাও তেৱেঁই কৰে। বিভিন্ন দপ্তৰৰ মাজত সমন্বয় ৰক্ষীও একমাত্র তেৱেঁইহে।


দেশৰ তেওঁ এজন অতি আৱশ্যকীয় ব্যক্তি। তেওঁৰ দায়িত্বও অশেষ। দেশ শাসনৰ গধূৰ বােজা তেওঁৰ কান্ধৰ ওপৰত। সংসদত চৰকাৰৰ হৈ মাত মতাৰ একমাত্ৰ তেওঁহে উপযুক্ত ব্যক্তি। চৰকাৰৰ নীতি সমূহত সমর্থন পাবৰ বাবে তেওঁ সদস্য সকলৰ মন জয় কৰিব পাৰিব লাগে। নিজৰ দলৰ সদস্য সকলক তেওঁ শুদ্ধ পথেৰে পৰিচালিত কৰিব লাগে। অন্যান্য দেশৰ লগত আমাৰ দেশৰ সম্বন্ধ কেনে হব তাকো তেৱেঁই স্থিৰ কৰিব লাগে।


কিন্তু প্রধানমন্ত্রী আৰু তেওঁৰ মন্ত্রীবর্গই তেওঁলােকৰ কাৰ্য্যৰবাবে সকলাে সময়তে সংসদৰ ওপৰত আৰু সংসদ সৰিয়তে জনসাধাৰণৰ ওচৰত কৈফিয়ৎ দিবলৈ বাধ্য। যদি সদনৰ সৰহ সংখ্যক সদস্যই মন্ত্রীসভাৰ ওপৰত আস্থা হেৰুৱায় তেনেহলে তেওঁলােকে মন্ত্রীসভাৰ বিপক্ষে অনাস্থাৰ প্ৰস্তাৱ পাছ কৰি তেওঁলােকক ক্ষমতাচ্যুত কৰিব পাৰে। সেইদৰে যদি অর্থ-সংক্রান্তৰ দৰে কোনাে বিল সংসদত গৃহীত নহয়, তেনেহলে মন্ত্রীসভাই তৎক্ষণাৎ পদত্যাগ কৰিব লাগে। -


১৯৪৭ খৃঃৰ পােন্ধৰ আগষ্টৰ দিনা পণ্ডিত জৱাহৰলাল নেহৰুৱে স্বাধীন ভাৰতৰ প্রথম প্রধান মন্ত্রী পদ গ্রহণ কৰি কি কৈছিল জানানে ? জাতিৰ উদ্দেশ্যে দিয়া ভাষণত তেওঁ কৈছিলঃ “সহবাসী ৰাইজ ! আমাৰ মাতৃভূমি ভাৰতবৰ্ষৰ স্বাধীনতাৰ বাবে কাম কৰিবলৈ মই বহুদিন আগৰে পৰা সুবিধা পাই আহিছোঁ। মই আজি ভাৰতীয় জনগণৰ সেৱা আৰু উন্নতিৰ হকে কাম কৰিবলৈ সংকল্প গ্রহণ কৰা প্ৰথমজন সেৱক হিচাবে আপােনালােকৰ সন্মুখত ভাষণ দিবলৈ ওলাইছোঁ। মই আজি এই পদত অধিষ্ঠিত হব পাৰিছোঁ একমাত্র আপােনালােক ইচ্ছাৰ বলতহে। আপােনালােকে যিমান দিনলৈ মােক আপােনালােক পূর্ণ আস্থাৰে এই সন্মানিত পদত ৰাখিব সিমান দিনলৈহে মই ইয়াত থাকিব পাৰিম।”


শাসকীয় দল সলনি হৈ থাকে। কাৰণ, বেলেগ বেলেগ সময়ত বিভিন্ন ৰাজনৈতিক দল ক্ষমতাত অধিষ্ঠিত হয়। সেয়ে মন্ত্রীসকলৰৰ সাল-সলনি ঘটে। কিন্তু চৰকাৰ নিৰ্ব্বিবাদে চলি থাকিবই লাগিব নহয় জানাে ? কিছুমান স্থায়ী আমােলাৰ দ্বাৰা চৰকাৰৰ শাসনকার্য নিয়াৰিকৈ পৰিচালনা কৰা হয়। এই আমােলাসকলক সচিব বা চেক্রেটৰী বুলি অভিহিত কৰা হয়। শাসনকার্য পৰিচালনাত অন্যান্য বিষয়া সকলেও এওঁলােকক সহায় কৰে।


মন্ত্রীসকল হ’ল ৰাজনীতিক। দলীয় নীতিৰে তেওঁলােক নিয়ন্ত্রিত হয়। তেওঁলােকৰ কাৰ্য্যকালাে অস্থায়ী। কিন্তু সচিব সকল স্থায়ী। তেওঁলােক হ’ল বিভিন্ন চৰকাৰী বিভাগৰ বিবিধ কাৰ্য্য পৰিচালনাত অতি অভিজ্ঞ লােক। তেওঁলােকে তেওঁলােকৰ পৰিপক্ক শাসন-অভিজ্ঞতা আৰু জ্ঞানেৰে মন্ত্রীসকলক সৰ্ব্বতােভাৱে সহায় কৰে। মন্ত্রীসকলে প্রস্তুত কৰা বিভিন্ন কাৰ্য্য পদ্ধতি প্ৰকৃততে সচিব সকলেহে সাফল্যমণ্ডিত কৰি তােলে। এয়া হ’ল আমাৰ দেশৰ ৰাজধানী নতুন দিল্লীৰ কেন্দ্ৰীয় চৰকাৰৰ কাৰ্য্য নিব্বাহৰ কথা।


আমাৰ ৰাজ্যবােৰৰ ৰাজ্যিক বিধানসভা সমূহাে প্রায় একে পদ্ধতিৰে চলে। তােমালােকক আগেয়ে কৈছোঁ যে ভােটেৰে প্রতিনিধি নিৰ্বাচন কৰা সময়ত আমি দুজন প্রতিনিধি নিৰ্বাচন কৰোঁ। এজন সংসদৰ বাবে আৰু আনজন ৰাজ্যিক বিধানসভাৰ বাবে। সংসদলৈ যােৱা প্রতিনিধিজনৰ কামৰ বিষয়ে তােমালােক কিছু ধাৰণা হ’ল। এতিয়া ৰাজ্যিক বিধানসভালৈ যােৱাজনে কি কৰে চোৱাচোন বাৰু !


আমাৰ দেশখনক কেবাখনাে ৰাজ্যত ভাগ কৰা হৈছে। স্বাধীনতাৰ পাচত ৰাজ্য পুণর্গঠন আয়ােগ নামৰ কমিটি এখনে এই কাৰ্য্য সমাধা কৰে। এই আয়ােগৰ চেয়াৰমেন আছিল ফজল আলি নামৰ এগৰাকী বিখ্যাত আইনজ্ঞ পণ্ডিত। পাচত তেওঁ আমাৰ অসমৰ ৰাজ্যপালাে হৈছিল। ৰাজ্যপাল হৈ থাকোঁতেই অসমৰ তেতিয়াৰ ৰাজধানী ছিলঙত তেওঁ স্বগী হৈছিল। ৰাজ্য পুর্ণগঠন আয়ােগৰ আন দুগৰাকী সদস্যও আছিল বিদগ্ধ পণ্ডিত। তেওঁলােক হ’ল চৰ্দাৰ কেৱল মাধৱ পাণিক্কাৰ আৰু পণ্ডিত হৃদয়নাথ কুঞ্জৰু। তােমালােকে এই মনীষী সকলৰ জীৱনীবােৰ পঢ়িবা।


ইংৰাজসেকল আমাৰ দেশ শাসন কৰাৰ সময়ত দেশখনক কিছুমান প্রদেশত ভাগ কৰি লৈছিল। তেতিয়া কিন্তু একো একোজন ৰজা মহাৰজা বা নবাৱৰ তলত কিছুমান দেশীয় ৰাজ্য, কৰদ ৰাজ্য বা মিত্ৰৰাজ্যও আছিল। এই ৰজা মহাৰজা সকলে ইংৰাজৰ সাৰ্বভৌমত্ব মানি চলিলেও নিজ নিজ ৰাজ্যৰ ভিতৰত কেতবােৰ বিশেষ সা-সুবিধা আৰু ক্ষমতা ভােগ কৰিছিল। 


স্বাধীন ভাৰতবৰ্ষৰ ৰজা-মহাৰজাসকলৰ অধীনত থকা ৰাজ্যবােৰৰ বিলােপ সাধন কৰি এখন বৃহৎ ভাৰতবর্ষ গঠিত কৰা হ'ল। ই এটা বেচ কঠিন কাম আছিল। কোনাে কোনাে দেশীয় ৰজাক সৈমান কৰিবলৈ স্বাধীন ভাৰতৰ 1 - চৰকাৰে সৈন্য বাহিনীও পঠাব লগা হৈছিল। যিজনৰ নেতৃত্বত এই কাম সমাধা হৈছিল তেওঁ আছিল ভাৰতৰ উপ-প্রধান মন্ত্রী চৰ্দাৰ বল্লভ ভাই পেটেল। তেওঁৰ জীৱনীটোও তােমালােকে পঢ়িবা। পাচত এই বিৰাট দেশখনৰ শাসন-কাৰ্য্যৰ সুবিধাৰ বাবে একে ধৰনৰ নীতি-নিয়ম, আচাৰ-ব্যৱহাৰ, ভাষা-সাহিত্য আদিৰ বশৱৰ্ত্তী হৈ চলা জনসাধাৰণক লৈ ৰাজ্য পুনৰগঠন আয়ােগে দেশখনক কিছুমান ভাগত ভগাই পেলালে। প্রথমতে ভাৰতত এনে ধৰণৰ ৰাজ্য আছিল পােন্ধৰখন। এতিয়া সেইবােৰেই পুনৰ বিভক্ত হৈ হৈ ডেৰ কুৰিমান হৈছেগৈ। আমাৰ অসমখনক সাত টুকুৰা কৰি ‘সাত-ভনী’ আখ্যা দিয়া হল।


আমাৰ দেশৰ চৰকাৰ হ’ল ফেডাৰেল প্ৰথাৰ চৰকাৰ। ইয়াৰ অর্থ হল এই যে--- চৰকাৰী ক্ষমতা একে ঠাইতে কেন্দ্রীভূত কৰি নাৰাখি কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত বিভক্ত কৰি ৰখা হৈছে। কেন্দ্রীয় চৰকাৰে সামূহিকভাৱে সমগ্ৰ দেশখনৰে শাসনকার্য নিয়ন্ত্রণ কৰে। ৰাজ্য চৰকাৰ সমূহে নিজ নিজ ৰাজ্যৰ শাসনকার্য চলায়। ৰাজ্য । চৰকাৰ সমূহৰ কামবােৰাে ঠিক কেন্দ্ৰত হােৱাৰ দৰেই পৰিচালিত হয়।


নিব্বাচিত প্রতিনিধিসকল সংসদৰ দৰেই গােট একোটাত একত্রিত হয়। ইয়াক ৰাজ্যিক বিধানসভা বােলে। ৰাজ্যিক বিধান সভাববাৰে সংসদৰ দৰে কাৰ্যনিৰ্বাহ কৰে। মহাৰাষ্ট্র, কণাটক, তামিলনাড়ু, উত্তৰপ্ৰদেশ, অন্ধ্র, জম্মু আৰু কাশ্মীৰ আৰু বিহাৰৰ দৰে ডাঙৰ ডাঙৰ ৰাজ্যসমূহৰ দুখনকৈ বিধানসভা আছে। তাৰে, এখনক বিধানসভা আৰু আনখনক বিধান পৰিষদ বােলা হয়। এই বিধানসভা দুখনাে কম বেচি পৰিমাণে কেন্দ্ৰৰ লােকসভা আৰু ৰাজ্যসভাৰ দৰে। বিল একোখন আইনত পৰিণত কৰিবলৈ হলে দুয়ােখন সভাতে গৃহীত হব লাগে। কিন্তু টকা-পইচা সংক্রান্ত বিল মাত্র বিধানসভাত গৃহীত হলেই হয়।


বিধানসভাৰ সদস্য সংখ্যা ৰাজ্যভেদে বেলেগ বেলেগ হয়। ই নিৰ্ভৰ কৰে ৰাজ্যসমূহৰ জন-সংখ্যাৰ ওপৰত। উদাহৰণ স্বৰূপে উত্তৰপ্ৰদেশৰ বিধানসভাত চাৰিশৰৰ ওপৰ সদস্য আছে; আনহাতে নগালেণ্ডৰ বিধানসভাৰ সদস্য কিন্তু ষাঠীজনহে। বিধানসভা আৰু লােক-সভাৰ সদস্য একে নিয়মেৰে নিৰ্বাচিত হয়। লােকসভাৰ সদস্যজনৰ সমষ্টিটো ডাঙৰ, বিধানসভাৰ জনৰ সৰু। লােকসভাৰ সমষ্টি বিধানসভাৰ সমষ্টিৰ প্ৰায় ছ-গুন। কথাটো বুজিছানে বাৰু ? অথাৎ কমেও ছটা বিধানসভাৰ সমষ্টি মিলি এটা লােকসভাৰ সমষ্টি সংগঠিত হয়। নিব্বাচনৰ সময়ত একেজন ভােটদাতাই এটা ভােট লােকসভাৰ প্রার্থীক আৰু এটা বিধানসভাৰ প্ৰাৰ্থীক দিব লাগে।


বিধান পৰিষদৰ সদস্যসকল জনসাধাৰণৰ দ্বাৰা পােনপটীয়াকৈ নিৰ্বাচিত নহয়। ইয়াৰ তিনিভাগৰ এভাগ সদস্য বিধানসভাৰ সদস্য সকলে নিব্বাচিত কৰে। বাকী সকল স্থানীয় বিবিধ অনুষ্ঠান, লােকেলবাের্ড, শিক্ষক সন্থা, গ্রেজুৱেট সন্থা আদিয়ে নিৰ্বাচন কৰিব লাগে। ৰাজ্যৰ ৰাজ্যপাল জনেও সাহিত্যিক, বৈজ্ঞানিক সমাজসেৱক আদিৰ মাজৰ পৰা আঠজন মান সদস্য মনােনীত কৰি দিয়ে। বিধানসভাৰ কাম সুচাৰুৰূপে সমাধা কৰিবলৈ নিব্বাচিত কৰা সদস্যজনক অধ্যক্ষ বুলি কোৱা হয়। তেওঁ সদস্য সকলৰ অধিকাৰ সমুহৰ, ৰক্ষণাবেক্ষণ কৰে। তেওঁৰ ময্যাদা মন্ত্রী এজনৰ সমপৰ্য্যায়ৰ। ইংৰাজী ভাষাত তেওঁক যদিও স্পীকাৰ (অধ্যক্ষ) বুলি কোৱা হয়, আচলতে তেওঁ কথা কিন্তু কয় বৰ কম। তেওঁ অন্য সদস্য সকলক কথা কবলৈ সুবিধাহে কৰি দিয়ে। বিধানসভাৰ সন্মান আৰু ময্যাদাৰ ওপৰত তেওঁ কঢ়া চকু ৰাখে। বিধান পৰিষদ পৰিচালনা কৰা ব্যক্তি গৰাকীক ‘চেয়াৰমেন’ বুলি কোৱা । হয়।


বিধান সভা সমূহেও নিজৰ নিজৰ আইন প্রণয়ন কৰি লয়। কিন্তু সকলাে বিষয়ৰে আইন ৰচনা কৰাৰ অধিকাৰ তেওঁলােকৰ নাই। কেন্দ্ৰ আৰু ৰাজ্যবােৰৰ ভিতৰত আইন প্রস্তুত কৰাৰ নীতি-নিয়ম সম্পর্কে সংবিধানত তিনিটা টোকা দিয়া আছে। প্রথমটো টোকা কেন্দ্র সম্বন্ধীয়। ইয়াত থকা সাতানব্বৈটা বিষয়ৰ আইন কেন্দ্রীয় চৰকাৰে প্রণয়ন কৰিব পাৰে। যেনে- প্রতিক্ষা, বৈদেশিক কার্যক্রমণিকা, অর্থ, বাণিজ্য, ৰেল, নৌঃপৰিবহন, বায়ুঃপৰিবহন, বন্দৰ, , আয়কৰ ইত্যাদি।


টেলিগ্রাফম, টেলিফোন দ্বিতীয় টোকাটো হ'ল ৰাজ্য সম্বন্ধীয়। ইয়াত ছয়ষষ্ঠীটা বিষয়ৰ কথা কোৱা আছে। এই বিষয় সমূহৰ ওপৰত । ৰাজ্য চৰকাৰে আইন প্রস্তুত কৰিব পাৰে। যেনে- ৰাজ্যখনৰ ভিতৰুৱা আইন, শান্তি আৰু শৃঙ্খলা বিশেষকৈ পুলিচ বিভাগ, জনস্বাস্থ্য বিভাগ, শিক্ষা, ৰাস্তা, পদুলি, কৃষি, পানী-বিতৰণ, বন ইত্যাদি। ৰাজ্য চৰকাৰে পােনপটীয়াকৈ তুলিব খােজা ৰাজহ নাইবা কৰ আদিৰ বিষয়েও আইন কৰিব পাৰে। তাৰ দ্বাৰা কিন্তু তেওঁলােকে কেন্দ্রীয় চৰকাৰৰ সেই সেই সম্পর্কীয় ক্ষমতাৰ ওপৰত হাত দিব নােৱাৰিব। তৃতীয় টোকাটোক ‘কনকাৰেন্ট’ অথাৎ সহগামী টোকা বুলি কব পাৰি। ইয়াত থকা বিষয়বােৰৰ ওপৰত কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ— উভয়ে আইন কৰিব পাৰে। উভয়ে একে সময়তে একেটা বিষয়ৰ ওপৰত আইন প্রস্তুত কৰিলে কেন্দ্ৰৰ দ্বাৰা প্রযােজিত আইনখনেই বলবৎ কৰা হয়।


তােমালােকে এতিয়া বুজিলা যে ৰাজ্যিক আৰু কেন্দ্রীয় চৰকাৰৰ কামবােৰ সুন্দৰকৈ ভগাই থােৱা আছে। কোনাে গােলমাল লাগিলে প্রধান মন্ত্রীৰ উপদেশ মতে ৰাষ্ট্রপতিয়ে ৰাজ্যৰ শাসন-ক্ষমতা নিজৰ হাতলৈ আনিব পাৰে।


আমাৰ ৰাষ্ট্রপতিজনা যিদৰে আমাৰ দেশৰ মুৰব্বী, সেইদৰে ৰাজ্যপাল জনাও একো একোখন ৰাজ্যৰ মূৰব্বী। তেওঁৰ জৰিয়তেহে ৰাজ্যখনৰ সকলাে শাসকীয় ৰীতি-নীতি সদৰি কৰা হয়। ৰাষ্ট্রপতিয়ে ৰাজ্যপালক নিয়ােগ কৰে। ৰাজ্যপালৰ কাৰ্য্যকালাে পাঁচ বছৰীয়া। সাধাৰণতে কোনাে এখন ৰাজ্যৰ গুণী আৰু জ্ঞানী ব্যক্তি এজনক আন এখন ৰাজ্যৰ ৰাজ্যপালৰূপে মনােনীত কৰা হয়। ৰাজ্যপাল গৰাকীয়ে যাতে সেই ৰাজ্যৰ স্থানীয় ৰাজনীতিৰে সৈতে জড়িত হৈ পৰিব নােৱাৰে তাৰ বাবেই এই ব্যৱস্থা ৰখা হৈছে। ৰাজ্যপালৰ বিষয়টোও অতি সন্মানী। ৰাজভৱন’ নামৰ চৰকাৰী বাসভৱনত তেওঁ বাস কৰে।


নিৰ্বাচনৰ পাচতে নিব্বাচিত জনপ্রতিনিধি বা - সদস্যসকল ৰাজ্য বিধানসভালৈ আহে। সংখ্যাগৰিষ্ঠ দলটোৱে তেওঁলােকৰ নেতা নিব্বাচিত কৰে। ৰাজ্যপালে এই নেতাজনক মন্ত্রীসভা গঠন কৰিবলৈ আহ্বান জনায়। নেতাজনে তেওঁৰ মন্ত্রীসভাৰ সদস্যসকলক নিব্বাচন কৰে। শেষত এই নেতাজনকে ৰাজ্যৰ মুখ্যমন্ত্রী আৰু বাকীসকলক মন্ত্রীৰূপে ৰাজ্যপালে শপত গ্ৰহণ কৰােৱায়। মন্ত্রীসকলে সংবিধানৰ সকলাে নীতি-নিয়মৰ প্রতি অনুগত্য স্বীকাৰ কৰি নির্ভয়ে আৰু পক্ষপাত শূণ্য হৈ চৰকাৰ সমূহ সংগঠিত হয়।


কেন্দ্ৰত ৰাষ্ট্ৰপতিৰ নামত কৰাৰ দৰে ৰাজ্যসমূহতাে শাসনৰ সকলাে কাম ৰাজ্যপালৰ নামত কৰা হয়। বিধান সভাৰ অধিবেশন বােৰৰ ৰাজ্যপালে মুকলি কৰে। তেওঁৰ ভাষণ কিন্তু সম্পূর্ণভাবে নিজৰ নহয়। মুখ্যমন্ত্রী আৰু তেওঁৰ মন্ত্রীবর্গই ৰাজ্যপালৰ ভাষণৰ প্রস্তুতিত মুখ্য অংশ লয়


ৰাজ্যপালে চহী নকৰিলে কোনাে বিল আইনত পৰিণত হব নােৱাৰে। ৰাষ্ট্ৰপতিৰ দৰে ৰাজ্যপালেও ৰাজ্যৰ আদালতে বিধান কৰা দোষীৰ শাস্তি কমাব পাৰে বা দোষীক শাস্তিৰ পৰা একবাৰে ৰেহাই দিব পাৰে। এই সকলােতে কিন্তু মুখ্যমন্ত্ৰীৰ অনুমােদনৰ বা উপদেশৰ একান্ত আৱশ্যক হয়। আচলতে মুখ্যমন্ত্রী জনেহে ৰাজ্যৰ প্ৰকৃত শাসনকৰ্ত্তা। অন্যান্য মন্ত্ৰী সকলৰ সহযােগীতাত তেৱেঁহে ৰাজ্যখনৰ সকলাে শাসন-নীতি নিদ্ধাৰিত কৰে। কেন্দ্রীয় মন্ত্রীসভাৰ দৰে একে প্রণালীৰে তেওঁলােকে ৰাজ্যৰ শাসন-কাৰ্য্য পৰিচালনা কৰে। মন্ত্রীসকলক সহায় কৰিবলৈ কেন্দ্ৰত থকাৰ দৰে ৰাজ্য সমূহতাে ‘চেক্রেটৰী বা সচিব নামৰ বিষয়া সকল আছে। তেওঁলােকৰ তলত অন্যান্য বিষয়া সকলে কাৰ্য্য পৰিচালনাত সহায় কৰে।


ৰাজ্যপালদ্বাৰা প্রশাসিত ৰাজ্য সমূহৰ উপৰিও আমাৰ দেশত কেন্দ্রীয় চৰকাৰে পােনপটীয়াকৈ শাসন কৰা সৰু সৰু ৰাজ্য কেইখনমান আছে। এই ৰাজ্যবােৰতাে নিজৰ নিজৰ বিধানসভা আৰু মন্ত্রীমণ্ডলী আছে। কিন্তু এইসকলৰ ক্ষমতা অতি সীমাবদ্ধ। ৰাজ্যৰ মুৰব্বীৰূপে নিয়ােজিত উপৰাজ্যপাল জনে সততে এনে ৰাজ্যৰ মন্ত্রী মণ্ডলীক দিহা-পৰামর্শ দি শাসন কাৰ্য্য চলায়। কেন্দ্রীয় চৰকাৰৰ ওচৰত উপৰাজ্যপাল গৰাকীহে সকলাে সময়তে দায়ী থাকিব লাগে।


ভাৰতীয় আইন কানুন

আমাৰ আইন বিভাগটোও দেশৰ শাসন-কাৰ্য্য পৰিচালনাৰ এটা প্রধান অঙ্গ। সব্বোচ্চ ন্যায়ালয়, উচ্চ ন্যায়ালয় আৰু সৰু সুৰা ন্যায়ালয়বােৰক লৈ এই বিভাগটো সংগঠিত হৈছে। ন্যায়ালয়বােৰে আমাৰ মৌলিক অধিকাৰ সমূহৰ সংৰক্ষণ কৰে, আৰু চৰকাৰে যাতে সকলােৰে প্রতি সমান ব্যৱহাৰ কৰি ৰাজকার্য পৰিচালনা কৰে তালৈ চকু দিয়ে। লােকসভা, ৰাজ্যসভা আৰু বিধান সভাবােৰৰ দৰে ন্যায়ালয়বােৰৰ আমাৰ গণতন্ত্রৰ এটা অতি আৱশ্যকীয় আৰু অপৰিহাৰ্য্য অঙ্গ। আচলতে সংবিধানৰ সংৰক্ষক হ’ল এই ন্যায়ালয়বােৰহে। যি কোনাে ব্যক্তিয়ে সংবিধানত দিয়া অধিকাৰবােৰৰ পৰা বঞ্চিত হােৱা বুলি অনুভৱ কৰিলে সেই কথা তেওঁ ন্যায়ালয়ৰ মজিয়ালৈ আনিব পাৰে। ন্যায়ালয়ে তাৰ বিচাৰ কৰি যথােচিত প্রতিকাৰৰ দিহা কৰে। এক কথাত কবলৈ হলে চৰকাৰ আৰু ৰাইজ উভয়ে সংবিধানৰ গণ্ডীৰ ভিতৰত থাকি নিজ নিজ কাৰ্য্য পৰিচালনা কৰিছে নে নাই তাৰ ওপৰত তীক্ষ দৃষ্টি ৰখাই আইন বিভাগৰ কৰ্ত্তব্য।


তদুপৰি চৰকাৰে প্রণয়ন কৰা আইনবােৰ ৰাইজক বুজাই দিয়াৰৰ প্রয়ােজন হয়। কেৱে আইন ভঙ্গ কৰিলে তাৰ শাস্তিৰ উপযুক্ত আৰু ন্যায্য বিধানৰ ব্যৱস্থাও কৰিব লগা হয়। এই কাম বােৰ ন্যায়ালয়ে কৰে।


সব্বোচ্চ ন্যায়ালয়েই হ’ল দেশৰ আইন সম্পকীয় সব্বোচ্চ সংস্থা। এগৰাকী মুখ্য ন্যায়াধীশ আৰু দহ গৰাকী সহকাৰী ন্যায়াধীশেৰে ই সংগঠিত। সব্বোচ্চ ন্যায়ালয়ৰ আৰু ৰাজ্যিক উচ্চ ন্যায়ালয়বােৰৰ ন্যায়াধীশ সকলৰ লগত আলােচনা কৰি ৰাষ্ট্ৰপতিয়ে মুখ্য ন্যায়াধীশ জনাক নিযুক্তি দিয়ে। সব্বোচ্চ ন্যায়ালয়ৰ অন্য বিচাৰক সকলক মুখ্য ন্যায়াধীশৰ লগত পৰামর্শ ক্ৰমে ৰাষ্ট্রপতিয়ে নিয়ােগ কৰাৰ নিয়ম।


সব্বোচ্চ ন্যায়ালয়ৰ বিচাৰপতি হব লগীয়া ব্যক্তি গৰাকী এজন ভাল আইনজ্ঞ হােৱাটো প্রয়ােজনীয়। ৬৫ বছৰ বয়সলৈকে তেওঁ এই আসন অধিকাৰ কৰি থাকিব পাৰে। সংসদৰ উভয় সদনে ৰাষ্ট্ৰপতিৰ ওচৰত যুটীয়া ভাবে লিখিত আবেদন জনাই তেওঁক অপসাৰিত কৰিব পাৰে। অৱসৰ গ্ৰহণৰ পাচত সর্বোচ্চ ন্যায়ালয়ৰ বিচাৰপতি গৰাকীয়ে ভাৰতবৰ্ষৰ কোনাে আদালততে ওকালতি কৰিব নােৱাৰে।


সব্বোচ্চ ন্যায়ালয় দিল্লীৰ এটা বিশাল অট্টালিকাত অৱস্থিত। আমাৰ সংবিধান মতে ই পৃথিৱীৰ সকলাে দেশৰে সব্বোচ্চ ন্যায়ালয় সমূহৰ তুলনাত বেচি ক্ষমতা অধিকাৰ কৰি আছে। ফৌজদাৰী আৰু চিভিল উভয় দিশতে ই আমাৰ দেশৰ সৰ্ব্বোচ্চ বিচাৰালয়। কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰবােৰৰ মাজত ঘটা যি কোনাে মনােমালিন্যৰে ই নিষ্পত্তি কৰে। ইয়াৰ ক্ষমতা আৰু প্রভাব গােটেই দেশখনতে বিয়পি আছে। আইনৰ যি কোনাে ধাৰাৰে ই দিয়া ব্যাখ্যা নাইবা মতামত দেশৰ অন্যান্য আদালত সমূহে মানিবলৈ বাধ্য।


সব্বোচ্চ ন্যায়ালয়ৰ ঠিক পাচতে অথাৎ আইনৰ ক্ষেত্ৰত দ্বিতীয় স্থান অধিকাৰ কৰি আছে প্রত্যেক ৰাজ্যত থকা আমাৰ উচ্চ ন্যায়ালয় সমূহে। ইয়াতাে এজনা মুখ্য বিচাৰপতি আৰু কেবাজনাে বিচাৰপতি থাকে। এওঁলােকক ৰাষ্ট্রপতিয়ে নিযুক্তি দিয়ে।


ৰাজ্যৰ কোনাে ব্যক্তিয়ে সেই ৰাজ্যৰ চৰকাৰে তেওঁক কোনাে মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰা বুলি সেই ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ ওচৰত আপীল কৰিলে সেই কাম তৎক্ষণাৎ বন্ধ কৰিবলৈ উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক হুকুম দিব পাৰে।


উচ্চ ন্যায়ালয়ৰ বিচাৰক সকলে ৬২ বছৰ বয়সলৈকে কাৰ্যনিৰ্বাহ কৰিব পাৰে। উচ্চ ন্যায়ালয়ৰ বিচাৰপতি হবলৈ তেওঁৰ অন্ততঃ দহ বছৰ কাল ওকালতি কৰাৰ অভিজ্ঞতা থাকিব লাগিব। অৱসৰ লােৱাৰ পাছত তেওঁ সেই উচ্চ ন্যায়ালয়ত ওকালতি কৰিব নােৱাৰে, কিন্তু সব্বোচ্চ ন্যায়ালয়ত বা আন ৰাজ্যৰ উচ্চ ন্যায়ালয়ত ওকালতি কৰিব পাৰিব।

Post a Comment

0 Comments