হােমি জাহাংগীৰ ভাবা

হােমি জাহাংগীৰ ভাবা


হােমি জাহাংগীৰ ভাবা



হােমি জাহাংগীৰ ভাবাৰ জন্ম ১৯০৯ চনৰ ৩০ অক্টোবৰত বােম্বাই (বর্তমান মুম্বাই)ৰ এটি ধনী সম্ভ্রান্ত পাৰ্চী পৰিয়ালত। পিতৃ জাহাংগীৰ ভাবা এজন শিক্ষিত ব্যক্তি আছিল। তেওঁ অক্সফ'ৰ্ডৰপৰা এম এ পাছ, লণ্ডনৰ পৰা বাৰ এট’ল। এজন বিখ্যাত আইনজ্ঞ আছিল। হােমি জাহাংগীৰ ভাবাৰ ককাদেউতাক আছিল মহীশূৰ (বর্তমান কর্ণাটক) ৰাজ্যৰ শিক্ষা বিভাগৰ মহাপৰিদৰ্শক। এটা শিক্ষিত, বৌদ্ধিক পৰিৱেশত ভাবা ডাঙৰ-দীঘল হৈছিল। হােমি জাহাংগীৰ ভাবাই ল’ৰাকালত দেউতাক আৰু ককাদেউতাকৰ ব্যক্তিগত পুথিভঁৰালত বহি কিতাপ পঢ়িছিল।


ভাবাৰ শিক্ষা জীৱন আৰম্ভ হয় ১৯১৬ চনত, মুম্বাইৰ বিখ্যাত কেথেড্রেল স্কুলত। স্কুলীয়া শিক্ষা সমাপ্ত কৰি এনফিলষ্টোন কলেজ আৰু ৰয়েল ইনষ্টিটিউট অবূ ছায়েন্সৰ পৰা ১৯২৭ চনত সুখ্যাতিৰে উত্তীর্ণ হয়। ১৯২৭ চনত কেজিৰ কেইয়াছ কলেজত ইঞ্জিনিয়াৰিং পঢ়িবলৈ ভর্তি হয় আৰু কেম্ব্রিজৰপৰা মেকানিকেল ছায়েন্সত প্রথম শ্রেণী লাভ কৰে।


দেউতাকৰ ইচ্ছা আছিল ভাবাই ইঞ্জিনিয়াৰিং পঢ়ক আৰু জামছেদপুৰৰ টাটা আইন এণ্ড ষ্টীল কোম্পানীৰ উন্নয়নৰ বাবে লাগক; কিন্তু ভাবাৰ ইচ্ছা আছিল সম্পূর্ণ বিপৰীত।


হােমি জাহাংগীৰ ভাবাই বিশ্বৰ প্ৰথম শ্ৰেণীৰ অনুষ্ঠান কেজিৰ ‘কেভেণ্ডিচ গৱেষণাগাৰত ১৯৩০ চনত যােগ দি বিশ্বৰ বিখ্যাত পদার্থবিদসকলৰ লগত কাম কৰাৰ সুবিধা পায়। কেভেণ্ডিচত গৱেষণাগাৰত কাম কৰি থাকোতেই ১৯৩৪ চনত ভাবাই আইজাক নিউটন বৃত্তি লাভ কৰি ইউৰােপৰ কেইবাটাও প্রসিদ্ধ গৱেষণাগাৰত কাম কৰাৰ সুবিধা লাভ কৰে। ১৯৩৪ চনৰপৰা ১৯৪০ চনলৈ হােমি জাহাংগীৰ ভাবাই ইংলেণ্ডৰ ৰয়েল কমিছন বৃত্তি লাভ কৰে। ১৯৩৪ চনত কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ পৰা মহাজাগতিক ৰশ্মি (Cosmic Rays) ওপৰত গৱেষণা কৰি ডক্টৰেট ডিগ্রী লাভ কৰে। ১৯৩৭ চনত এটা বিখ্যাত গৱেষণামূলক প্রবন্ধ লিখে।


১৯৩৯ চনত ভাবা ভাৰতলৈ ঘূৰি আহে। সেই চনতে দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হােৱাত তেওঁ ইংলেণ্ডলৈ ঘূৰি নগৈ ভাৰততে থকাৰ সিদ্ধান্ত লয়। ১৯৩৯ চনত ভাবাই বাংগালােৰৰ ভাৰতীয় বিজ্ঞান প্রতিষ্ঠানত ‘তাত্ত্বিক পদার্থ বিজ্ঞানৰ নতুনকৈ সৃষ্টি কৰা ৰীড়াৰ হিচাপে যােগ দিয়ে। দুবছৰ পিছত মহাজাগতিক ৰশ্মিৰ অধ্যাপক নিযুক্ত হয়।


বাংগালােৰত অধ্যাপক হৈ থকাৰ সময়তে ভাবাই বিদেশৰ দৰে ভাৰততাে এটা মৌলিক গৱেষণা চলাব পৰা গৱেষণাগাৰ স্থাপনৰ কথা চিন্তা কৰি ১৯৪১ চনত টাটা ব্যৱসায়ী গােষ্ঠীৰ টাটা ট্রাষ্টলৈ এখন চিঠি লিখে। তেওঁ যুক্তি দর্শায় যে দেশত এটা পূর্ণাংগ গৱেষণাগাৰ গঢ়ি উঠিলে দুই দশকমানৰ ভিতৰতে আণৱিক শক্তিৰপৰা বৈদ্যুতিক শক্তি উৎপাদন কৰিব পৰা হ'ব, তেতিয়া ভাৰতে এদল বিশেষজ্ঞ সৃষ্টি কৰিবলৈ সক্ষম হ'ব আৰু এদিন ভাৰত বিদ্যুতত স্বনিৰ্ভৰশীল হ'ব পাৰিব।


ভাবাৰ প্ৰস্তাৱত টাটা ট্রাষ্টৰ জে আৰ ডি টাটাই পূর্ণ সমর্থন দিয়ে। নাম ৰখা হয় টাটা ইনষ্টিটিউট অব্‌ ফাণ্ডামেণ্টেল ৰিছাৰ্চ’। স্থান নির্বাচন কৰা হয় বােম্বাই (বর্তমান মুম্বাই)। ১৯৪৫ চনত ভাবাই নতুনকৈ প্রতিষ্ঠা কৰা গৱেষণা প্রতিষ্ঠানত অধিকর্তা হিচাপে যােগ দিয়ে। বােম্বে চৰকাৰেও অর্থ সাহায্য আগবঢ়ায়। ভাবাৰ উদ্দেশ্য আছিল জার্মানীৰ ‘মেক্স প্লেংক ইনষ্টিটিউট’ আৰ্হিত ভাৰততাে এটা গৱেষণাগাৰ স্থাপন কৰা।


১৯৫৫ চনৰপৰা কেন্দ্রীয় চৰকাৰে গৱেষণা প্রতিষ্ঠানটোৰ সম্পূর্ণ দায়িত্ব লয়। চৰকাৰে ‘টাটা ইনষ্টিটিউট অব ফাণ্ডামেণ্টেল ৰিছাৰ্চক পাৰ্মাণৱিক পদার্থ বিজ্ঞান আৰু গণিতৰ জাতীয় কেন্দ্র হিচাপে স্বীকৃতি দিয়ে।


১৯৫৪ চনত তেওঁ ভাৰত চৰকাৰৰ পাৰমাণৱিক আয়ােগৰ সচিব নিযুক্ত হয়। ট্রম্বে পাৰমাণৱিক কেন্দ্ৰৰ আঁচনি আৰু নির্মাণত ভাবাই বিশেষ সহায় আগবঢ়ায়। ১৯৫৫ চনত ৰাষ্ট্ৰসংঘৰ আহ্বানত পাৰ্মাণৱিক শক্তিৰ আন্তঃৰাষ্ট্রীয় সভাত তেওঁ সভাপতি নির্বাচিত হয়। ১৯৫৭ চনত ট্রম্বেৰ পাৰমাণৱিক কেন্দ্র মুকলি কৰা হয় আৰু ভাবাৰ স্বপ্ন পূৰণ হয়।


১৯৬৬ চনৰ ২৪ জানুৱাৰীৰ দিনা ইউৰােপৰ মাউন্ট ব্রাংক পর্বত হােৱা শােকাৱহ বিমান দুর্ঘটনাত ভাবাৰ মৃত্যু হয়। ভিয়েনাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় পাৰ্মাণৱিক এজেন্সিৰ উপদেষ্টা সমিতিৰ সভাত যােগ দিবলৈ তেওঁ ৰাওনা হৈছিল। বিজ্ঞানৰ উন্নয়নৰ চিন্তাতে আজীৱন কটোৱা হােমি জাহাংগীৰ ভাবাৰ মৃত্যু হৈছিল বিজ্ঞানৰ সভালৈ যাওঁতে।



Post a Comment

0 Comments