শ্বহীদ কুশল কোঁৱৰৰ জীৱন কাহিনী

শ্বহীদ কুশল কোঁৱৰৰ জীৱন কাহিনী



বিয়াল্লিছৰ গণ-আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ জন্ম হৈছিল ১৯০৫ চনৰ ২১ মার্চত (৯ চত) গােলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ চাওদাং চাৰিলাআলিত। তেওঁৰ পিতৃৰ নাম আছিল সােণাৰাম কোৱৰ আৰু মাতৃৰ নাম আছিল কণপাহী ওৰফে কণকেশ্বৰী। সােণাৰাম কেঁৱৰৰ পুত্র-কন্যাসকল আছিল সেন্দুৰী, ধর্মেশ্বৰ, সমাই, কুন্তী, কুশল, মেকেঞ্জী আৰু সােণাধৰ। ১৯১২ চনত কুশল কোৱৰৰ বয়স ৭ বছৰ।পিতাকে ওচৰৰ বালিজান প্রাথমিক বিদ্যালয়ত কুশল কোঁৱৰক নাম লগাই দিয়ে। ১৯১৮ চনত তেওঁ প্রাথমিক শিক্ষা সাং কৰি গােলাঘাট চৰকাৰী বেজবৰুৱা মধ্য ইংৰাজী বিদ্যালয়ত নাম ভর্তি কৰে। কুশল কোৱৰে বেজবৰুৱা মধ্য ইংৰাজী বিদ্যালয়ত নামভৰ্তি কৰাৰ পাছত গােলাঘাটৰ এটা সৰু মেছত থাকিবলৈ লয়।

গােলাঘাটত থকা সময়তেই ১৯২১ চনত দেশজুৰি স্বাধীনতা আন্দোলনে গা কৰি উঠে। এনেতে দেশৰ হকে কাম কৰিবলৈ অসমৰ বহুতাে ছাত্ৰ-ছাত্ৰীয়ে স্কুলকলেজ এৰি ৰাজপথলৈ ওলাই আহিল। ১৯২১ চনত কুশল কোঁৱৰেও শিক্ষা জীৱনৰ অন্ত পেলাই গাঁৱলৈ উভতি আহিল। কুশল কেঁৱৰেও মহাত্মা গান্ধীৰ আন্দোলনত জঁপিয়াই পৰিল। কুশল কোঁৱৰৰ বয়স তেতিয়া ১৭ বছৰ।

কুশল কোঁৱৰৰ দেউতাক সােণাৰাম কোঁৱৰে কাঠৰ ব্যৱসায় কৰিছিল। প্রথমতে এই ব্যৱসায়ত দেউতাকে উন্নতি লাভ কৰিছিল যদিও ক্ৰমাৎ ব্যৱসায়ৰ অৱনতি ঘটিবলৈ ধৰাত দেউতাকে বালিজানৰ পৈতৃিক ভেটি ত্যাগ কৰি সৰুপথাৰ ৰেংমাইত থাকিবলৈ লয়। কুশল কোঁৱৰৰ দেউতাকে তাত খেতিবাতি কৰাৰ উপৰিও এখন দোকান দিছিল। কুশল কোঁৱৰে দেউতাকক দোকানৰ কামত সহায় কৰি দিছিল। লাহে লাহে ৰেংমাই অঞ্চলত কুশল কোৱৰৰ জনপ্রিয়তা বাঢ়িল। সকলােৱে মিলি পিছপৰা অঞ্চলটোত আৰম্ভ কৰিলে এখন প্রাথমিক বিদ্যালয়। ৰাইজে শিক্ষক। নিযুক্তি দিলে কুশল কোঁৱৰক। কুশল কোঁৱৰে অবৈতনিকভাৱে শিক্ষকতা কৰিছিল। ইফালে কুশল কেঁৱৰৰ পৰিয়ালটো আর্থিক সংকটত পৰিব লগা হয়। তেতিয়া কুশল কোঁৱৰে জামুগুৰি চাহ বাগিচাত এটি কেৰাণী চাকৰি যােগাৰ কৰিলে। এই চাহ বাগিচাখন আছিল মি. উইলছন। কিছুদিন কাম কৰাৰ পিছত তেওঁ বৃটিছ কর্মচাৰীৰ তলত চাকৰি কৰিবলৈ অমান্তি হয়। পিছত তেওঁ অসমীয়া মালিক বিশ্বেশ্বৰ শৰ্মাৰ চাহ বাগিচাত যােগদান কৰে। ১৯২৭ চনত চাহ বাগিচাত কেৰাণী কামত যােগদান কৰি ১৯৩৬ চনলৈ প্রায় ৯ বছৰ কাল কুশল কোঁৱৰে চাহ বাগিচাখনত কাম কৰিছিল।

কুশল কোৱৰৰ চাহ বাগিচাৰ চাকৰিত অকণাে মন বহা নাছিল। তাৰ পৰিৱর্তে দেশক পৰাধীনতাৰ কবলৰ পৰা মুক্ত কৰাৰ কামতহে বেছি মনােনিবেশ কৰিছিল। কুশল কোঁৱৰে চাকৰি কালতাে কংগ্ৰেছ কৰ্মীসকলৰ লগত যােগাযােগ ৰাখিছিল। মাজে সময়ে তেওঁ কংগ্ৰেছৰ সংগঠনৰ কামত সহায় কৰিছিল। তাকে লৈ দেউতাক সােণাৰাম কোৱৰৰ চিন্তা। দেউতাকে কুশল কোৱৰক বিয়া পাতি দিবলৈ থিৰাং কৰে। ১৯২৯ চনৰ ফাগুন মাহৰ ২৪ তাৰিখে কেঁৱৰে গােলাঘাটৰ মৰঙী কেঁৱৰ গাঁৱৰ প্রভাৱতীক বিয়া কৰায়। কুশল কোৱৰে খগেন আৰুনগেন নামৰ দুটি পুত্র সন্তান লাভ কৰে।

১৯৩৬ চনত কুশল কোঁৱৰে বাগিচাৰ চাকৰি এৰি স্বাধীনতা সংগ্রামত সক্রিয়ভাৱে জড়িত হৈ পৰে। সেই সময়ছােৱাত তেওঁ গােলাঘাটৰ বিপ্লৱী বীৰ শংকৰ বৰুৱাৰ সান্নিধ্য লাভ কৰি উৎসাহ-উদ্দীপনাৰে কংগ্ৰেছৰ কামত নামি পৰে। তেওঁ বিলাতী কাপােৰ বৰ্জন কৰি নিজ হাতে সূতা কাটি খদ্দৰ কাপােৰ পিন্ধিছিল।

১৯৪২ চন। ৱাৰ্দ্ধাত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ সভাত ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰাৰ সিদ্ধান্ত হয়। বৃটিছে এই আন্দোলনক বেআইনী ঘােষণা কৰে। দেশৰ বহুতাে ঠাইত কংগ্ৰেছ কৰ্মীক গ্রেপ্তাৰ কৰা হয়। এনে সময়তেই সৰুপথাৰৰ চাংপুলৰ ওচৰত ৰেল বগৰােৱাৰ আঁচনি লােৱা হয়। এই কার্য পৰিচালনা কৰিছিল মৃত্যু বাহিনীয়ে। গােলাঘাটৰ সুৰেন ফুকন, ধর্মেশ্বৰ বৰুৱা, তিলক বৰা, ইন্দ্ৰেশ্বৰ ফুকন আদি কর্মী গৈ সৰুপথাৰত আত্মগােপন কৰি থকা বৈকুণ্ঠ সিং, ৰঞ্জন ডেকা, নগেন চুতীয়া, ঘনশ্যাম শইকীয়া, কনকেশ্বৰ আদিৰ লগত আলােচনা কৰি ৰেল বগৰােৱাৰ সিদ্ধান্ত লৈছিল। ইয়াৰ দলপতি আছিল বৈকুণ্ঠ সিং। সেইমতে ১৯৪২ চনৰ ১০ ছেপ্টেম্বৰত ৰেল লাইন খুলি দুর্ঘটনা ঘটোৱা হয়। এক বেচৰকাৰী হিচাপ মতে এই দুর্ঘটনাত পতিত হৈ সৈন্য কঢ়িয়াই অহা ৰেলখনৰ প্রায় ১০০০ সৈন্যৰ মৃত্যু ঘটে। সেই সময়ত কুশল কোঁৱৰ প্ৰকৃত গান্ধীবাদী আৰু সৰুপথাৰ কংগ্ৰেছ কমিটীৰ সম্পাদক আছিল। এই ঘটনাত পুলিচে তেওঁক দোষী সাব্যস্ত কৰিলে। কুশল কোঁৱৰৰ উপৰিও এই ঘটনাত আন ৪২ জনক অভিযুক্ত কৰিছিল। এই ঘটনাৰ মূল নায়ক বৈকুণ্ঠ সিঙক ছমাহ পিছত ঠগীৰাম বৰাৰ ঘৰত গ্রেপ্তাৰ কৰে।

শিৱসাগৰ জিলাৰ অধিপতি চি. এ. হামফ্রেৰ আদালতে গােলাঘাটৰ লােকেল বােৰ্ডৰ কাৰ্যালয়ত ৬ দিন ধৰি এই বিচাৰৰ সাক্ষ্য গ্রহণ কৰিছিল। হামফ্রে আছিল এজন কুখ্যাত প্রশাসক। বিচাৰত ৰেল বগৰােৱা ঘটনাৰ লগত সম্পর্ক নথকা সত্ত্বেও কুশল কেঁৱৰক দোষী সজালে। আচামীসকলৰ ৭ জনক দোষী সাব্যস্ত কৰা হ’ল।বাকীসকলৰ বিৰুদ্ধে সাক্ষ্য নথকাত খালাচ দিয়া হয়। কুশল কেঁৱৰক হামফ্রে চাহাবে ফাঁচীৰ হুকুম দিলে। সেইমতে ১৯৪৩ চনৰ ১৫ জুনত যােৰহাট কাৰাগাৰত কুশল কোঁৱৰক ফঁাচী দিয়া হয়।

হেম বৰুৱাৰ ভাষাত ঃ ‘কুশল সাধাৰণ মানুহ। কিন্তু জন্মৰ বাবে নহয়, মৃত্যুৰ বাবেহে কুশল অমৰ’। কুশল কোৱৰ আজি আমাৰ মাজত নাই। কিন্তু দেশমাতৃৰ কাৰণে কুশল কোঁৱৰে নিজৰ জীৱন বলিদান দি যি আত্মত্যাগৰ পৰিচয় দিলে, সিয়ে কুশল কোঁৱৰক চিৰদিন অমৰ কৰি ৰাখিব।

Post a Comment

2 Comments

  1. যথেষ্ট শুদ্ধ তথ্য। চি এ হামফ্ৰেৰ আছল সম্পূৰ্ণ নাম মিষ্টাৰ এনদ্ৰু কেম্বল হামফ্ৰে আছিল। মেছত থাকোঁতে কোঁৱৰৰ বন্ধু আছিল ডিম্ব ফুকন আৰু ভদ্ৰ ফুকন আছিল। সৰু পথাৰৰ চাংপুলৰ ৰে'ল কাণ্ডৰ মূল নায়ক আছিল বৈকুণ্ঠ সিং, সুৰেন ফুকন আৰু শঙ্কৰ বৰুৱা। বৈকুণ্ঠ সিঙে চাৰেণ্ডাৰ কৰিছিল, সুৰেন ফুকন আৰু শঙ্কৰ বৰুৱা নগা পাহাৰত আত্মগোপন কৰিছিল। সুৰেন ফুকনক দেখা মাত্ৰেই গুলিওৱা নিৰ্দেশ আৰু শংকৰ বৰুৱাৰ মুৰৰ দাম ১০০০০ নিৰ্ধাৰণ কৰিছিল। সকলো ব্লু-প্ৰিন্ট সুৰেন ফুকনৰ মাহিমেলীয়াৰ (ঘিলাধাৰী মৌজাৰ) ঘৰত ৰচা হৈছিল। আনহাতে সৰু পথাৰত ৰে'ল নাবাগৰিলে বালিজানৰ ওচৰৰ ওৱাটিংত ৰে'ল বাগৰাবলৈ পৰিকল্পনা কৰা হৈছিল। ইয়াৰ দ্বায়িত্বত সুৰেন ফুকনৰ ভাতৃ তথা কুশল কোঁৱৰৰ সহপাঠী বন্ধু ডিম্ব ফুকন আৰু ভদ্ৰ ফুকন আছিল। তেওঁলোকেও আত্মগোপন কৰিছিল।
    ইফালে আপুনি কোৱাৰ দৰে সুৰেন ফুকনৰ ১৭ বছৰীয়া ভাতৃ ইন্দ্ৰেশ্বৰ ফুকন সহ ধর্মেশ্বৰ বৰুৱা, তিলক বৰা, আদি কর্মী গৈ সৰুপথাৰত আত্মগােপন কৰি থকা বৈকুণ্ঠ সিং, ৰঞ্জন ডেকা, নগেন চুতীয়া, ঘনশ্যাম শইকীয়া, কনকেশ্বৰ আদিৰ লগত আলােচনা কৰি ৰেল বগৰােৱাৰ সিদ্ধান্ত লৈছিল।

    ReplyDelete
  2. বহু সময়ত বহুতে একো নজনাকৈ কাল্পনিক কাহিনী ৰচি কুশল কোঁৱৰৰ বহু তথ্য ভুলকৈ লিখে আৰু প্ৰচাৰ কৰে। তেনেকুৱা এবাৰ হিতেশ্বৰ শইকীয়াৰ চৰকাৰৰ দিনত চৰকাৰীভাৱে ভুল তথ্যৰে কুশল কোঁৱৰৰ জীৱনী লিখা হৈছিল। এই ক্ষেত্ৰত সৰুপথাৰৰ ৰে'ল দূৰ্ঘটনাত জড়িত থকা অন্যতম সদস্য তথা প্ৰাক্তন কৃষি মন্ত্ৰী প্ৰয়াত সোণেশ্বৰ বৰা দেৱে চৰকাৰক কঠোৰ সমালোচনা কৰিছিল। তেখেতে কৈছিল নগেন চুতীয়া, ইন্দ্ৰেশ্বৰ ফুকন, ঘনকান্ত মহন্ত আৰু তেখেতৰ দৰে সেই আন্দোলনৰ অংশগ্ৰহণকাৰী জীয়াই থাকোঁতেও চৰকাৰে এবাৰো শুদ্ধ তথ্যৰ বাবে তেওঁ লোকক যোগাযোগ নকৰি ভুল কৰিলে। এতিয়াও বহুতে সেই ভুল তথ্য সমূহকে লৈ কুশল কোঁৱৰৰ বিষয়ে লিখি থাকে।

    ReplyDelete
Emoji
(y)
:)
:(
hihi
:-)
:D
=D
:-d
;(
;-(
@-)
:P
:o
:>)
(o)
:p
(p)
:-s
(m)
8-)
:-t
:-b
b-(
:-#
=p~
x-)
(k)