মণিৰাম দেৱানৰ জীৱন কাহিনী

মণিৰাম দেৱানৰ জীৱন কাহিনী



১৮০৬ চনৰ জানুৱাৰী মাহত শিৱসাগৰ জিলাৰ চাৰিঙত মণিৰাম দেৱানৰ জন্ম হয়। মণিৰাম দেৱানৰ পিতাকৰ নাম ৰামদত্ত-মণিৰাম দত্ত বৰভাণ্ডাৰ আৰু মাতৃৰ নাম কৌশল্যা। মণিৰাম দেৱানৰ উপৰি পুৰুষজন আছিল গৌৰধ্বজ ! গৌৰধ্বজ গৌৰৰ নবাব হুছেইন শ্বাহৰ এজন সৈনিক আছিল।

মণিৰাম দেৱান সৰুৰে পৰাই উগ্র স্বভাৱৰ আছিল। তেওঁ কাৰাে তলতীয়া হৈ। থাকি ভাল নাপাইছিল। ইফালে মণিৰামৰ বাল্য কালতেই ১৮১৭ চনত বদন বৰফুকনে। অসমলৈ মান আনে। মানৰ অসম আক্ৰমণৰ সময়ত মণিৰামৰ বয়স ১১-১৫ বছৰৰ। ভিতৰত আছিল। তেতিয়া মণিৰামৰ দেউতাকে ল'ৰা-ছােৱালী, জ্ঞাতি কুটুম্ব লৈ। বঙ্গদেশত আশ্ৰয় লৈছিল। পলাই থকা অৱস্থাত মণিৰামে বঙ্গদেশৰ নৱদীপত সংস্কৃত, বঙালী আৰু ফাচী ভাষাৰ জ্ঞান লাভ কৰে। সৰু কালৰে পৰা তেওঁ মেধাৱী আছিল। মানৰ অত্যাচাৰৰ অন্ত পৰাত ৰামদত্ত পৰিয়ালসহ পুনৰ অসমলৈ আহে।

ইংৰাজ শাসনৰ প্ৰথমছােৱাত মণিৰাম দেৱান আছিল তহচিলদাৰ। পিছলৈ তেওঁ বৃটিছ বিষয়াৰ আপােন হৈ ১৮২৮ চনত চিৰস্তাদৰ হয়। জন ব্রায়েন চাহাবৰ আমােলত মণিৰাম দেৱান বৰ প্ৰভাৱশালী বিষয়া হৈ পৰিছিল। অসমত যে চাহ খেতি কৰিব পাৰি ইয়াৰ সম্ভেদ ইংৰাজসকলে মণিৰাম দেৱানৰ পৰাই পাইছিল।

১৮৩৮ চনৰ পৰাই পুৰন্দৰ সিংহৰ পতনৰ পিছত মণিৰামে দেশপ্রেমিক হিচাপে পৰিচয় দিবলৈ ধৰিলে। ইংৰাজ শােষণৰ কার্যত মণিৰামৰ মন বিদ্রোহী হৈ উঠিল। ইয়াৰ আগেয়ে পিয়লি ফুকনেও বৃটিছৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল। মণিৰামে পুনৰ আহােম কেঁৱৰ এজনক ৰজা পাতিবলৈ ইংৰাজক খাটনি ধৰিলে। কিন্তু ইংৰাজে তেওঁৰ কথা নুশুনিলে। মণিৰামক চাহ কোম্পানী দেৱান’পদবী দি কলকাতাৰ পৰা নিজ ৰাজ্যলৈ ঘূৰাই পঠালে। মণিৰামৰ পৰামর্শমতেই ১৮৩৯ চনত নাজিৰাত অসম চাহ কোম্পানীৰ সদৰ কার্যালয় খােলা হয়। খুব কম সময়ৰ ভিতৰতে মণিৰামৰ পৰামর্শমতে অসমৰ বিভিন্ন ঠাইত কোম্পানীৰ চাহখেতি আৰম্ভ হয়। ইংৰাজসকল চাহ খেতিৰ দ্বাৰা লাভবান হ’ল। মণিৰামে বৃটিছৰ তলত চাকৰি কৰিছিল যদিও অসমীয়া জাতিৰ উন্নতিৰ হকেও কাম কৰি গৈছিল।

ৰজা পুৰন্দৰ সিংহৰ মৃত্যুৰ পিছত তেওঁৰ পুত্র কামেশ্বৰ সিংহৰ লগলাগি মণিৰামে নিজৰ দেশ উদ্ধাৰৰ প্ৰয়াস কৰিছিল। কিন্তু ১৮৫১ চনত কামেশ্বৰ সিংহৰাে মৃত্যু হােৱাত কামেশ্বৰৰ এঘাৰ বছৰীয়া ল'ৰা কন্দপেশ্বৰৰ অভিভাৱক হিচাপে পুনৰ আহােম ৰাজ্য উদ্ধাৰৰ হকে তেওঁ চেষ্টা চলায়। ১৮৫৩ চনত মিলচ চাহাবে নাজিৰাৰ অসম চাহ কোম্পানীলৈ অহাত মণিৰামৰ পৰামর্শমতে কন্দর্পেশ্বৰ সিংহই চাহাবক সাক্ষাৎ কৰি তেওঁক ৰজা পাতিবলৈ আবেদন জনায়। কন্দর্পেশ্বৰৰ আবেদন মজবুত নকৰাত, মণিৰামে চন্দ্রকান্ত সিংহৰ পুতেক ঘনকান্ত সিংহক উজনি অসমৰ ৰজা পাতিবলৈ আবেদন জনায়। এই আবেদনাে নাকচ হােৱাত মণিৰামে আত্মসন্মানত আঘাত পাই অসম চাহ কোম্পানী দেৱানী পদ ইস্তফা দিয়ে।

চাহ কোম্পানীৰ চাকৰি বাদ দি মণিৰামে যােৰহাটৰ ওচৰত দুখন চাহ বাগিচা খােলে। চাহ বাগিচা খুলি মণিৰামে দিনক দিনে উন্নতি কৰিবলৈ ধৰে। এইদৰে এখনৰ পিছত এখনকৈ মণিৰামে চাহ বাগিচা পাতিবলৈ ধৰে। তেওঁ মুঠ আঠখন চাহ বাগিচা পাতে। বহুতে মণিৰাম দেৱানকেই প্রথম অসমীয়া চাহ খেতিয়ক বুলিও ক'ব খােজে।

১৮৫৭ চনৰ ঘটনা। মণিৰাম তেতিয়া কলকাতাত আছিল। ভাৰতৰ প্রথম স্বাধীনতা আন্দোলন চিপাহী বিদ্রোহেগা কৰি উঠিছিল। তেতিয়া মণিৰামে কলকাতাত থাকিয়েই প্রতিজ্ঞাবদ্ধ হ’ল যে এইটোৱে অসমৰ পৰা বৃটিছক খেদাৰ উপযুক্ত সময়। মণিৰামৰ নির্দেশমতে আহােমৰ ৰাজধানী যােৰহাটত গুপুত মন্ত্রণা চলিল। মণিৰামৰ অনুপস্থিতিত অসমত কন্দপেশ্বৰ সিংহক সহায় কৰা একমাত্র ব্যক্তি আছিল পিয়লি বৰুৱা। পিয়লি বৰুৱাৰ আন এটা নাম আছিল মহেশ চন্দ্র গাভৰু মেলীয়া বৰুৱা! এওঁ মণিৰামৰ সহযােগী আছিল। মণিৰামে কলকাতাৰ পৰা দিয়া গােপন চিঠি-পত্র ভাট বা পিয়নে আনি পিয়লি বৰুৱাৰ হাততেই দিছিল। এইদৰে মণিৰাম দেৱানৰ গােপন নির্দেশত অসমতাে প্রথম স্বাধীনতা আন্দোলন তীব্র হ’বলৈ ধৰে। এবাৰ কন্দর্পেশ্বৰ সিংহলৈ মণিৰামে পঠোৱা এখন গােপন চিঠি ভাটজনে ভুল কৰি হৰনাথ বৰুৱা দাৰােগাৰ হাতত দিলে। ভাটজনে হৰনাথক ৰজা বুলি ভাবিছিল। চিঠিখনৰ লিখেতাৰ নাম নাছিল যদিও হৰনাথে সেইখন মণিৰামৰ চিঠি বুলি থিৰাং কৰি চিঠিখন জিলা আয়ুক্ত হলৰয়ড চাহাবক দিলে। হলৰয়ডে চিঠিখন পঢ়ি বিদ্রোহীহঁতৰ ঘৰ পুলিচৰ সহায়ত খানা তালাচ কৰিলে। ৰজা কর্পেশ্বৰক বন্দী কৰি আলিপুৰ জেললৈ পঠালে। পিয়লি বৰুৱাক যােৰহাটত বন্দী কৰিলে। মণিৰাম দেৱানক কলকাততে বন্দী কৰিলে। পিছত মণিৰামক কলকাতাৰ পৰা যােৰহাট জেললৈ অনা হ'ল।

যােৰহাটত কেপ্টেইন হলৰয়ডৰ আদালতত বিচাৰ হ’ল। বিচাৰত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচীৰ হুকুম দিয়া হ'ল। সেইমতে ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত মণিৰামক ফঁাচী দিয়া হ'ল।

মণিৰাম দেৱান এজন সাহিত্যৰ অনুৰাগী আছিল। ব্যস্ততাৰ মাজতাে তেওঁ পঢ়া-শুনা বাদ দিয়া নাছিল। মণিৰাম বৰুৱাৰ ঘৰত কেইবাজনাে পণ্ডিত লােক আছিল। তেওঁলােকৰ হতুৱাই মণিৰামে সেইসময়ৰ সাঁচিপতীয়া আৰু তুলাপতীয়া পুথিবােৰ যতনাই থৈছিল। অৰুনােদই কাকতখনাে তেওঁ পঢ়িছিল আৰু দান-বৰঙণিও আগবঢ়াই আহিছিল। সেই সময়ত কলকাতাৰ পৰা প্ৰচাৰিত ‘সমাচাৰ দর্পণ’ত মণিৰামে প্রায়ে লিখিছিল। ভক্তি প্রদীপ’ আৰু বৰভূঞা চৰিত্ৰ’ এই দুখন পুথি লিখাৰ উপৰিও মণিৰাম দেৱানে বুৰঞ্জী বিবেক ৰত্ন’ নামে এখন বুৰঞ্জী লিখিছিল। মণিৰাম দেৱানে বঙলা-অসমীয়া মিশ্রিত গদ্যত ৰচনা কৰিছিল বুৰঞ্জী বিবেক ৰত্ন।

মণিৰাম দেৱান এজন নিভাঁজ অসমীয়া আছিল। তেওঁৰ সাজ-পাৰ হিচাপে আছিল মেজেংকৰি কাপােৰৰ মির্জাই চোলা, পাটৰ চৌগা, গােৰােহা যােৱাকৈ পিন্ধিব পৰা পাটৰ চুৰীয়া, কাণত থুৰীয়া, কান্ধত পাটৰ চেলেং। বিষয়া হৈ থকা সময়ত তেওঁ কেপম দোলাত উঠি গৈছিল। লগুৱাই মূৰত বৰ জাপ ধৰি নিছিল। তামােলৰ পিক পেলাবলৈ পিকদানী, সােণ-ৰূপৰ ধোঁৱা-খােৱা তেওঁ সদায় ব্যৱহাৰ কৰিছিল। আহাৰ খাওঁতে বানবাতি, বানকাঁহী ব্যৱহাৰ কৰিছিল। চমু কথাত, তেওঁ অসমৰ শেষ সামান্তবাদী ৰাজপুৰুষ আছিল।

মণিৰাম দেৱান অতিথিপৰায়ণ লােক আছিল। তেওঁৰ চাৰিগৰাকী পত্নী আছিল। মণিৰাম দেৱানৰ এখন বহল সংসাৰ আছিল।

আজি আমাৰ মাজত মণিৰাম দেৱান নাই। কিন্তু বৃটিছৰ বিৰুদ্ধে বিদ্রোহ ঘােষণা কৰি নিজৰ জীৱন বিসর্জন দি জাতিৰ বাবে যি ত্যাগৰ নিদর্শন দেখুৱাই গ'ল— তাৰ বাবে মণিৰাম দেৱান আমাৰ মাজত সদায় অমৰ হৈ ৰ'ব।

Post a Comment

0 Comments