সঞ্জীৱ ৰেড্ডীৰ জীৱন কাহিনী - Life story of sanjiva reddy

সঞ্জীৱ ৰেড্ডীৰ জীৱন কাহিনী



কোনােধৰণৰ নির্বাচন নােহাৱাকৈ সর্ব সম্মতি ক্রমে নির্বাচন হােৱা ভাৰতৰ প্রথম জনা ৰাষ্ট্রপতি হ’ল -নীলম সঞ্জীৱ ৰেড্ডী। এওঁ ভাৰত গণৰাজ্যৰ ষষ্ঠজন ৰাষ্ট্রপতি আছিল।

১৯১৩ চনৰ ১৩ মে’ তাৰিখে অন্ধপ্রদেশৰ অনন্তপুৰ জিলাৰ ইল্লুৰু গাৱত জন্ম গ্রহণ কৰিছিল। তেওঁ হাইস্কুলীয়া শিক্ষা লাভ কৰে মাদ্ৰাজৰ আদিয়াৰৰ থিওছফিকেলত। উচ্চ শিক্ষাৰ লাভৰ বাবে মাদ্রাজ আটর্চ কলেজত ভৰ্ত্তি হয়। কিন্তু কলেজীয়া শিক্ষা শেষ হােৱাৰ আগতেই স্বাধীনতা সংগ্রামত নামি পৰিল। সিমানতে কলেজীয়া শিক্ষা শেষ কৰি পঢ়া জীৱনৰ সামৰণি মাৰিলে ।

নীলম সঞ্জীৱ ৰেড্ডী ছাত্ৰ অৱস্থাৰ পৰাই বিভিন্ন অনুষ্ঠান-প্রতিস্থানৰ লগত জড়িত আছিল। ১৯৩৫ চনত তেওঁ অন্ধপ্রদেশৰ কংগ্ৰেছ কমিটিৰ সম্পাদক আছিল । তেওঁ স্বাধীনতা আন্দোলনত নিবিড় ভাবে লাগি থকাত কেইবা বাৰাে কাৰাবাস খাতিব লগা হৈছিল ।

১৯৪৪ চনত তেওঁ মাদ্ৰাজৰ বিধান সভালৈ নির্বাচিত হৈছিল। তেওঁ মাদ্রাজ কংগ্ৰেছ বিধায়িনী দলৰ সম্পাদক আছিল। কুমাৰ স্বামী ৰাজাৰ মন্ত্ৰী সভাত তেওঁ মাদক দ্রব্য, গৃহ নিমার্ণ আৰু বন বিভাগৰ দপ্তৰ চলাইছিল। তেওঁ ব্যক্তিত্ব প্রতিবাৰ কাৰণে প্রশে কংগ্ৰেছ কমিটিৰ সভাপতি হৈছিল।

১৯৫৩ চনত অন্ধ্র মাদ্রাজৰ পৰা বিচ্ছিন্ন হৈযায়। সেইসময়তে অন্ধ্র প্রদেশৰ কলাহণ্ডীৰ পৰা বিপুল ভােটত বিধান সভালৈ নীলম সঞ্জীৱ ৰেড্ডী নির্বাচিত হৈছিল। তেওঁ দলৰ নেতাও আছিল । ১৯৫৬ চনত অন্ধ প্ৰদেশৰ মূখ্যমন্ত্ৰী হৈছিল । ৰাজ্য মন্ত্রী সভাত নীলম সঞ্জীৱ ৰেড্ডীৰ পাৰ্গলি দেখি সেই সময় প্রধান মন্ত্রী জৱহাৰলাল নেহেৰুৱে ভাৰতৰ কংগ্ৰেছ কমিটিৰ সভাপতি পদত নিযুক্তি দিছিল। সেই সময়ত ভাৰতৰ বিভিন্ন ঠাইত হােৱা কংগ্রেছ অধিবেশন বােৰত সভাপতিত্ব কৰিছিল ।

১৯৬২ চনতনীলম সঞ্জীৱ ৰেড্ডী পুনৰ অন্ধ্রপ্রদেশৰ মূখ্যমন্ত্রী নির্বাচিত হৈছিল। সেই সময়তে এচাম মানুহে তেওঁৰ বিপক্ষে বিচাৰ তৰাত চুপ্রীম কটৰ ৰায় অনুসৰি নীলম সঞ্জীৱ ৰেড্ডীক দোষী সাব্যস্ত কৰে। ফলত তেওঁ বেজাৰ পাই মূখ্যমন্ত্রী পদ ত্যাগ কৰি গাৱলৈ গুচি যায়।

১৯৬৪ চনত লালবাহাদুৰ শাস্ত্ৰীৰ নেতৃত্বত কেন্দ্রীয় মন্ত্রী সভা গঠন হৈছিল। শাস্ত্রী মন্ত্রীসভাত তেওঁ যােগদান কৰি লাে আৰু খনিজ দপ্তৰৰ দায়িত্বভাৰ গ্রহণ কৰে ।

ইন্দিৰা গান্ধীৰ কেন্দ্রীয় মন্ত্রী সভাতে তেওঁ বিমান আৰু পৰিবহন, জাহাজ নির্মাণ আৰু পর্যটন দপ্তৰ পৰিচালনা কৰিছিল ।

১৯৬৯ চনত কংগ্ৰেছ প্রার্থী হিচাপে ৰাষ্ট্রপতি পদলৈ মনােনয়ন পত্র দিছিল । কিন্তু এই নির্বাচনত তেওঁ পৰাজয় বৰণ কৰিছিল। ফলত ভাৰতীয় কংগ্রেছ ইতিহাসত প্রথম প্রথম পৰাজয় বৰণ কৰিলে।

১৯৭৭ চনৰ লােক সভাৰ নিৰ্বাচনত তেওঁ অন্ধ্র প্রদেশৰ হিন্দুপুৰ সমষ্টিৰ পৰা জনতা পার্টি প্রার্থী হৈ নির্বাচনত জয়ী হয়। এই নির্বাচনত কংগ্ৰেছ চৰকাৰ উফৰাই জনতা পার্টিয়ে সংখ্যা গৰিষ্ঠতা লাভ কৰে। ভাৰতীয় কেন্দ্রীয় চৰকাৰ খন জনতা পার্টিৰ হাতলৈ যােৱাত তেওঁ লােক সভাৰ অধ্যক্ষ নির্বচিত

হয়।

সেই বছৰতে ৰাষ্ট্রপতি নির্বাচন আহি পৰিল। তেতিয়া সদস্য সকলৰ সর্বসম্মতি ক্রমে নীলম সঞ্জীৱ ৰেড্ডীক ৰাষ্ট্রপতি নির্বাচন কৰে ।

সুদীর্ঘ পাঁচ বছৰ কাল ৰাষ্ট্রপতি পদ পৰিচালনা কৰাৰ পিছত ১৯৮২ চনৰ ২৩ জুলাই তাৰিখে অৱসৰ গ্ৰহণ কৰে ।

Post a Comment

0 Comments