ফখৰুদ্দিন আলি আহমদৰ জীৱন কাহিনী - life story of fakhruddin ali ahmed

ফখৰুদ্দিন আলি আহমদৰ জীৱন কাহিনী



অসমৰ বিজ্ঞ ৰাজনীতিবিদ ফখৰুদ্দিন আলি আহমদ আছিল। ভাৰতবৰ্ষৰ পঞ্চম জন ৰাষ্ট্রপতি । এইজনা মহান নেতাৰ ১৯০৫ চনৰ ১৩ মে তাৰিখে ভাৰতৰ ৰাজধানী দিল্লী মহানগৰীত জন্ম গ্রহণ কৰে। তেওঁৰ পিতাকৰ নাম আছিল কর্ণেল জালনুৰ আলি আহমদ। এওঁলােকৰ পূৰ্বপুৰুষ সকল আছিল অসমৰ গােলাঘাট মহকুমাৰ অন্তর্গত কছাৰীহাট নামৰ এখন সৰু গাৱঁত । জালনুৰ আলি আহমদ আছিল বৃটিছৰ দিনত কর্ণেল খিতাপ লাভ কৰা প্ৰথম অসমীয়ালােক।

ফখৰুদ্দিন আলি আহমদৰ দহজন ককাই ভাই আছিল। সেই সকলৰ ভিতৰত ফখৰুদ্দিনেই আছিল ডাঙৰ । তেওঁ স্কুলীয়া শিক্ষা উত্তৰ প্ৰদেশৰ গােন্দাৰত আৰম্ভ কৰিছিল। কিন্তু দেউতাকদিল্লীলৈ বদলি হৈ যােৱাৰ কাৰণে দিল্লীচৰকাৰী হাইস্কুলত পঢ়িবলৈ লয় , তাৰ পৰাই ১৯২১ চনত এসে পৰীক্ষাত উত্তীণ হয় ।

উচ্চ শিক্ষাৰ বাবে তেওঁ ইংলেণ্ডলৈ যায়। ১৯২৭ চনত কেমব্রিজৰ ছেইন্টকেথেৰিন কলেজৰ পৰা বুৰঞ্জী বিষয়ত বি. এ. ডিগ্রী লাভ কৰে। তাৰ পিছত ইনাৰ টেম্পলৰ পৰা বাৰ এটল পাছ কৰি উভটি আহে।

ফখৰুদ্দিনে প্রথম চাকৰি পাতনি মেলে পঞ্জাৱৰ উচ্চ ন্যায়লয়ত এজন উকিল হিচাপে কিন্তু পঞ্জাৱত থাকি ভাল নােপােৱাত অসমলৈ ঘুৰি আহি গুৱাহাটীত উকালতি কৰিবলৈ লয়। তেতিয়া আছিল ১৯২৮ চনত দেশৰ স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল। জাতীয় কংগ্ৰেছত গভীৰ ভাবে সােমাই পৰে । ১৯৩৫ চনত অসম বিধান সভালৈ কংগ্ৰেছৰ প্রার্থী হিচাপে মনােনীত হয়। ১৯৩৮-৩৯ চনত পুনৰ মূখ্যমন্ত্রী লােকপ্রিয় গােপীনাথ বৰদলৈৰ মন্ত্রী সভাৰ বিত্ত আৰু ৰাজহ মন্ত্রী আছিল । তেওঁ মহাত্মা গান্ধীৰ সত্যাগ্রহ আন্দোলনত যােগ দি এবছৰ কাৰাবাস খাতে । ইয়াৰ কিছুদিনৰ পাছত তেওঁ পুনৰ গণ আন্দোলনত যােগ দি তিনি বছৰ ছমাহ কাৰাবৰণ খাতিব লগীয়া হৈছিল।

১৯৪৬ চনত পুনৰ অসম বিধান সভালৈ কংগ্ৰেছ প্রার্থী হিচাপে নির্বাচিত হয়। সেই বছৰ অসমৰ এডভােকেট জেনেৰেল নিযুক্ত হৈছিল । আইনজীৱীহিচাবে তেওঁ ছােভিয়েট ৰাছিয়ালৈ যায় । ইয়াৰ দুবছৰ পাছত মার্কিন যুক্তৰাষ্ট্ৰলৈও গৈছিল ।১৯৫২ চনত ৰাজ্যসভালৈ আৰু ১৯৫৭ চনত অসমত বিধান সভালৈ নির্বাচিত হৈছিল। বিমলা প্রসাদ চলিহাৰ মন্ত্ৰী সভাত ফখৰুদ্দিনে আইন, বিত্ত , পঞ্চায়ত , আৰু স্বায়ত্ব শাসন দপ্তৰ পৰিচালনা কৰিছিল । ১৬৬২ চনত পুনৰ নিৰ্বাচনত জয়ী হৈ একে দপ্তৰকে পৰিচলনা কৰিছিল। ১৯৬৫ চনত তেওঁ কেন্দ্রীয় মন্ত্রী সভাত যােগদান কৰিছিল। শক্তি আৰু জলসিঞ্চন দপ্তৰৰ ভাৰ গ্ৰহণ কৰিছিল। ১৯৬৭ চনত পুনৰ নিৰ্বাচনত জয়ী হৈ কেন্দ্রীয় মন্ত্রীসভাত শিল্প আৰু কোম্পানী পৰিক্ৰমা দপ্তৰ লৈছিল। ১৯৭০ চনত কৃষি দপ্তৰৰ ভাৰ গ্ৰহণ কৰিছিল। কেন্দ্রীয় মন্ত্রীসভাত থকা কালছােৱাত তেওঁ ইংলেণ্ড, বুলগেৰীয়া, পশ্চিম জার্মানি, ফ্রান্স, যুগােশ্লোভিয়া, হাঙ্গেৰী, ইটালী, আৰৱ, লংকা, ৰুচীয়া, ইৰাণ, হংকং, জাপান, ফিলিপাইন আদি দেশলৈ গৈছিল ।

১৯৭১ চনত ফখৰুদ্দিন আলি আহমদ পুনৰ নির্বাচিত হৈ প্রধান মন্ত্রী ইন্দিৰা গান্ধীৰ মন্ত্রীসভাৰ মন্ত্রী নিযুক্তি হৈছিল ।

১৯৭৪ চনত ভাৰতৰ পঞ্চম জনা ৰাষ্ট্রপতি ফখৰুদ্দিন আলি আহমদ নির্বাচিত হয়। তেওঁৰ দিনতে দেশত হঠাতে জৰুৰীকালীন অৱস্থা ঘােষণা কৰে। ১৯৭৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ে ডক্টৰেট’ উপাধি প্রদান কৰে । ডিব্ৰুগড় বিশ্ববিদ্যালয়েও ‘ডক্টৰ অৱ’ সন্মান দিছিল ।

১৯৭৭ চনৰ ১১ ফ্রেব্রুৱাৰী তাৰিখে ৮ বাজি ৫২ মিনিটত হৃদ ৰােগত আক্ৰান্ত হৈ এই জনা মহান ৰাজনীতিজ্ঞ ব্যক্তিৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭২ বছৰ। তেখেতে গােটেই জীৱন জাতীয় সংহতিৰ কাৰণে চেষ্টা চলাই গ'ল । সেয়েয়ে ভাৰত বাসীয়ে তেখেতৰ জন্ম দিন ১৩ মে’ ‘জাতীয় সংহতি দিৱস হিচাপে পালন কৰি আহিছে।

Post a Comment

0 Comments