ভূপেন হাজৰিকা'ৰ সমস্ত জীৱন কাহিনী (Life story of dr Bhupen Hazarika)

ভূপেন হাজৰিকা'ৰ সমস্ত জীৱন কাহিনী (Life story of dr Bhupen Hazarika)


Bhupen Hazarika



জন্ম আৰু শিশুকাল (Birth and childhood)

শিৱসাগৰ জিলাৰ নাজিৰাৰ আমােলাপট্টিত মু্ক্তাৰাম হাজৰিকা নামৰ এজন শিক্ষক আছিল। তেওঁৰ পুত্র বংশীধৰ হাজৰিকাও এজন শিক্ষাবিদ আছিল। বর্তমানৰ নাজিৰা চৰকাৰী হাইস্কুলখন তেৱে স্থাপন কৰা। তেওঁৰে তৃতীয় পুত্র আছিল নীলকান্ত হাজৰিকা। নীলকান্ত হাজৰিকাই গুৱাহাটি কটন কলেজত কলেজীয়া শিক্ষা আহৰণ কৰিছিল। কলেজত পটি থাকোতে তেও সােনাৰাম স্বুলৰ শিক্ষক ৰতিকান্ত দাসৰ চৌহদতে আছিল। বতিকান্তৰ জীয়েকৰ নাম আছিল শান্তিপ্রিয়া দাস। নীলকান্ত আৰু শান্তিপ্রিয়া দুয়ো দুয়ােকে ভাল পাইছিল আৰু ১৯২৪ চনত নীলকান্ত হাজৰিকাই শান্তিপ্রিয়া দাসক বিয়া কৰায়।


 নীলকান্ত হাজৰিকাই বি এ পাছ কৰি অসমৰ সীমান্ত শদিয়াৰ অকাঁ গাৱৰ গবর্ণমেন্ট এম. ই, স্কুলত শিক্ষকৰ চাকৰি পায়। সেই সময়ত শদিয়া হাবি বানিৰে ভৰা আছিল। নীলকান্ত হাজৰিকাই চাকৰি পােৱাৰ পাছত নব বিবাহিতা পত্নীকো তালৈ লৈ গৈছিল। ১৯২৬ চনৰ ৮ ছেপ্টেম্বত হাজৰিকা দম্পতীৰ পুত্র সন্তান এটা শদিয়াতে জন্মলাভ কৰে। এই কেঁচুৱাটোৰে নাম ৰখা হৈছিল ভূপেন হাজৰিকা। 


মাক শান্তিপ্রিয়াৰ সেই সময়ত বয়স বেছি নাছিল। চাৰে পােন্ধৰ বছৰমানহে আছিল। গতিকে ঘৰৰ কামবােৰ অকলে চন্তালিবলৈ কষ্ট পাইছিল । বহু দুৰৰ বলুং গাৱৰ পৰা অহা আঁকা মহিলাবােবে আহি কেঁচুৱা ভূপেনক চোৱা-চিতা কৰিছিল।


 মােমায়েক অনাথ বন্ধুৰ পুনঃসংস্কাৰ ভূপেন -


 ভূপেন হাজৰিকাৰ মােমায়েক অনাথ বন্ধু ওৰেফে অৰবিন্দ দাস এজন ভাল সংগীতজ্ঞ আছিল। তেওঁ খুব ভাল চেতাৰ বজাইছিল। মন্ত্রীসকলে গান গাবলৈ তেওঁক শ্বিলঙলৈ মাতি নিছিল। তেওঁ এজন ভাল ফুটবল খেলুৱৈও আছিল। সােণাৰাম স্কুলৰ পথাৰত তেও ফুটবল খেলিছিল। কিন্তু টাইফয়েড হৈ ২৩ বছৰ বয়সতে অনাথ বন্ধুৱে মৃত্যুবৰণ কৰে। তেওঁৰ মৃত্যুত ঘৰখনে বৰ দুখ পাইছিল। ভূপেন হাজৰিকাৰ জন্মৰ আগে আগে আইতাকে মৃত পুত্ৰক সপােনত দেখা পাইছিল। সপােনত অনাথ বন্ধুৱে কৈছিল, "মা, তই কিয় কান্দি আছ? মই আকৌ তহঁতৰ পৰিয়াললৈ আহিছে। আকৌ মােৰ ভনী জনীৰ গৰ্ভতে মই ল'ৰা হৈ জন্মগ্রহণ কৰিছাে।” ভূপেন হাজৰিকাক আইতাকে অনাথ বুলিয়ে মাতিছিল। পাঁচ বছৰ বয়সতে তেওঁ হাৰমোনিয়াম বজাব শিকিছিল। সেই বয়সতে বন্দুক মাৰিবও শিকিছিল তেওঁ। তেওঁৰ সাধনাৰ প্রধান উৎস আৰু প্ৰেৰণা ঘৰখন, দেউতাক-মাকৰ লগতে স্বর্গ গত মােমায়েকো আছিল।


নেফাৰ গাখীৰ খালে ভূপেন হাজৰিকাই -


 সেই সময়ত শদিয়াত সকলাে জনগােষ্ঠীৰে মধুৰ সম্পর্ক গঢ় লৈ উঠিছিল। এবাৰ বৃটিছ চাহাব এজনে নীলকান্ত হাজৰিকাক নিমন্ত্রণ কৰিবলৈ গৈছিল। চাহাবজন গৱৰ্ণৰৰ দৰে ক্ষমতাশালী লােক আছিল। চাহাবে হাজৰিকাক তেওঁব কেঁচুৱাৰ বাবে অনা পেৰামবুলেটৰ গাড়ীখন উপহাৰ হিচাপে দিছিল। কেঁচুবা ভূপেনক বাৰৰ পৰা যােল্ল বছৰীয়া ছােৱালীবােৰে সেই চাৰিচকীয়া গাড়ীখনত উঠাই শদিয়াখন ঘুৰাই ফুৰাইছিল। কেতিয়াবা গাড়ীখনৰ ফাঁকবােৰৰ মাজেৰে অহা পৰুৱাৰ কামােৰত কেঁচুবাটোৱে কান্দে, তেতিয়া মাকজনীয়ে হুলস্থূল লগায় আৰু পৰুৱাবােৰ মাৰে। আদি ছােৱালীবােৰে ভূপেনক ঘৰৰ মানুহে গম নােপােৱাকৈ ক'ৰবালৈ লৈ যায় আৰু তাৰ লগত খেলে। এদিন ছােবালীবােৰে ভূপেনক গাড়ীখনত লৈ গৈ উভতিয়ে নাহিল, গােটেই ৰাতি পাৰ হৈ গল। ঘৰখনত হুৱাদুৱা লাগিল। কেঁচুৱাৰ মাকে দিনটো কান্দি থাকিল। সিহঁতৰ বলুং গাঁওখনাে আছিল বহু দূৰত। মাজত বিশাল অৰণ্য। পিছদিনাখন দুপৰীয়ালৈকে নহাত দেউতাকে পলিটিকেল এজেন্টৰ ঘৰলৈ গৈ খবৰ দিলে। খবৰটো গৈ তিনিচুকীয়াত থকা পুলিচৰ হেড কোৱার্টাৰ পালেগৈ। পুলিচে কেঁচুৱাক বিচাৰি যােৱাকে ঠিক কৰিলে।


ইফালে তিনিমান বজাত ছােবালীকেইজনী খিল খিলাই হাঁহি হাঁহি কেঁচুৱাক লৈ ঘৰ পালেহি। ওচৰ-চুবুৰীয়া মানুহবােৰে সিহঁতক আগুৰি ধৰি কিয় তেনেকুৱা কৰিলে সুধিলে। মাকে ক'লে, “সিটো মােৰ গাখীৰ খাই আছে। তাত সি কি খালে?" আচলতে ছােৱালীকেইজনীয়ে কেঁচুৱাটো লৈ যােৱাৰ পাছত গাৱৰ সকলােৱে মৰম কৰি ৰাতি ৰাখি থলে। সেই ন-মহীয়া কেঁচুৱাটো বলুং আদি গাঁৱতে থাকি আৰু গাঁৱৰ প্রত্যেকগৰাকী মাতৃৰ পিয়াহ পান কৰিলে। পাছত এই গাঁওখন নর্থ ইষ্টার্ণ ফ্রন্টিয়াৰ এজেন্সি বা সংক্ষেপে নেফাৰ (NEFA) অন্তর্ভুক্ত হয়। ১৯৭২ চনৰ পৰা নেফাৰ নামকৰণ অৰুণাচল প্রদেশ হয়। 


নীলকান্ত হাজৰিকাই শদিয়াৰ পৰা বদলি হৈ যােৰহাট পায়। যােৰহাটত কিছুদিন থকাৰ পিছত গুবাহাটীৰ কটন কলেজিয়েট হাইস্কুললৈ বদলি হৈ আহে৷ ভূপেন হাজৰিকাক ছয় বছৰ বয়সত দেউতাকে ঘৰতে শিকাই ক্লাছ থ্রিত সােণাৰাম হাইস্কুলত নাম লগাই দিলে। তেওঁ পাঠশালা স্কুলত পঢ়িব লগা নহল।



সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা চুমা আশিস লাভঃ ( Love from sahityarathi Laxminath Bezbaruah) :


১৯৩০ চনৰ ৩০ অক্টোবৰৰ কথা। ভূপেন হাজৰিকাৰ বয়স তেতিয়া চাৰি বছৰ। দেউতাক কটন কলেজিয়েট স্কুল শিক্ষক। দেউতাকে তেওঁক ধূতি-পাঞ্জারী পিন্ধাই কলেজিয়েট স্কুললৈ লৈ গৈ এখন মঞ্চৰ ওপৰত তুলি দিলে। তেওঁ এটা গীত গালে। এই গীতটো শুনি সভাত উপস্থিত থকা এজন বিখ্যাত ব্যক্তিয়ে তেওঁৰ গালত চুমা খাই আশীর্বাদ দিলে। এই বিখ্যাত ব্যক্তিজনে আছিল সাহিত্যৰর্থী লক্ষ্মীনাথ বেজবৰুৱা। বেজবৰুৱাই মােৰ জীৱন সোঁৱৰণত লিখিছিল, “ছাত্ৰসকলৰ সভাত এটি অতি কম বয়সীয়া লৰাই (শিশু বুলিলেই হয়) হাৰমণিয়ামৰ সহায়ত সুন্দৰকৈ এটি গান গাইছিল। মই মুগ্ধ হৈ আসনৰ পৰা উঠি সভাতে সাৱতি গালত এটি চুমা খালােগৈ। তাহানি কলিকতাত 'মাষ্টাৰ মদন বােলা তনেকুৱা গান গােৱা লৰা এটিৰ গান শুনিছিলাে। আজি অসমীয়া মাষ্টাৰ মদন কি দেখি বৰ সন্তোষ পালাে। (বেজবৰুৱা গ্রন্থাবলী, প্রথম খণ্ড, পৃষ্ঠা-১২৯)। 


হাজৰিকাৰ দেউতাকে প্রতিযােগিতামূলক পৰীক্ষাত পাছ কৰি ৰেভিনিউ ডিপার্টমেন্টত চাকৰি এটা পালে। চাকৰিসূত্রে তেওঁ ধুবুৰীত থাকিব লগা হয়। ভূপেন হাজৰিকাই তৃতীয়ৰ পৰা পঞ্চম শ্রেণীলৈ গুৱাহাটী আৰু ধুবুৰীত পঢ়ি শেষ কৰে। ধুবুৰীত তেওঁ বঙালী ভাষাৰ সান্নিধ্য লাভ কৰে। তেওঁৰ অন্তৰংগ দুই বন্ধু আছিল কিৰন্ময় লাহিড়ী আৰু হেনা গাংগুলী। দুয়ােজনে তেওঁক বঙালী ভাষাত কবিতা শুনাইছিল। সেই তেতিয়াই হাজৰিকাই সপোন দেখিছিল ভেদা ভেদহীন এখন নতুন পৃথিবী গঢ়াৰ।


গুৱাহাটীত টিঘিল ঘিলনি ৰেল বগৰোৱাব চেষ্টা -


গুৱাহাটীত থকা কেইদিন ভূপেন হাজৰিকা মােমায়েকব ঘৰত আছিল, ভৰলুৰ পাৰত। ভৰলু নদীত সাঁতুৰিছিল আৰু পাৰত ৰবাব টেঙাৰ ফুটবল খেলিছিল। সাঁতুৰিবও শিকিছিল এটা জেদত। এবাৰ ভূপেন হাজৰিকাই সাঁতুৰিবলৈ চেষ্টা কৰি থাকোতে সমান বয়সৰ ছােৱালী এজনী পানীত ডুব গৈছিল। তেওঁ দেখি লগে লগে পানীত জাপ মাৰি দিছিল। তেওঁ যে সাঁতুৰিব নাজানে সেই কথাটো পাহৰি গৈছিল। পাছত বিহাৰী পুলিচ এজনে পানীৰ পৰা দুয়ােটাকে তুলি আনিছিল আৰু ভূপেন হাজৰিকাক প্রচণ্ড ধমকি দিছিল। সেই জেদতে তেওঁ সাঁতুৰিব শিকিছিল। বাৰিষা ৰেলৱে দলঙৰ পৰা ভৰলুৰ বুকুত জাপ মাৰে। নদীত পানী খাব লগা হয়। মাকহঁতে হাক দিলেও কথা নুগুনে। এবাৰ এটা ঘটনা ঘটিল। দলঙত থিয় হৈ ৰেল এখন নিচেই কাষ পাওঁতে তেওঁ জাপ মাৰিলে আৰু আৰু সাঁতুৰি গৈ নদীৰ কাষত থকা বকুল গছৰ কাষ চাপিল। ইতিমধ্যে ৰেলখন হঠাৎ ৰৈ দিলে। বােধহয় ল'ৰাজন দুর্ঘটনাত পতিত হব বুলি ভাবি। ৰেলখনৰ পৰা বঙালী গার্ড এজন ক'লা ৰঙৰ কোট এটা পিন্ধি নামি আহিল আৰু ভূপেন হাজৰিকাক গালি পাৰিবলৈ আৰম্ভ কৰিলে। ভূপেন হাজৰিকা একে দৌৰে আইতাকৰ কাষ পালেগৈ। আইতাকক গােটেই ঘটনাটো বিৱৰি ক'লে। আইতাকে তেওঁক লগে লগে খাটৰ তলত সুমুৱাই থলে । ভূপেন হাজৰিকাই দেউতাকক বৰ ভয় কৰিছিল, কেনেবাকৈ এই কথাবােৰ শুনিব বুলি। তেওঁৰ গার্ডর্জনৰ ওপৰত খং উঠিছিল৷ ইয়াৰ পােতক তুলিবলৈ ভৱিষ্যতে ৰেলখন বগৰাই গার্ডজনক মৰাৰ সিদ্ধান্তই ললে। অন্য মানুহ মৰা নমৰাৰ কথা তেওঁৰ মনে ঢুকি পোৱা নাছিল। এদিন ৰাতি আঠ বজাত মােমায়েকহতৰ ঘৰত কাম কৰা চফইলা নামৰ লৰা জনৰ লগত গৈ ৰেল লাইন দুডালৰ সমান্তৰালকৈ প্রায় দহ ফুট দীঘলকৈ শিলগুটিবােৰ থৈ আহি আইতাকৰ খাটৰ তলত সুমাই থাকিল। ভাবিলে শিলগুটিবােৰ খুন্দিয়াই ৰেলখন পৰি যাব। খাটৰ তলত সুমালে কিবা অঘটন হলেও কোনেও ধৰিব নােৱাৰে। ৰেল আহি ঝক ঝককৈ গুচি গল। ৰেল নাবাগৰিল আৰু মানুহাে নমৰিল। অৱশ্যে ডাঙৰ শব্দ এটা শুনিবলৈ পাইছিল।


অসমীয়া সংস্কৃতিৰ ৰহঘৰা তেজপুৰত পদার্পণ (Enter Assamese culture's city tezpur)


১৯৩৬ চনত নীলকান্ত হাজৰিকা তেজপুৰলৈ বদলি হৈছিল। পৰিয়ালটোকো তেওঁ তেজপুৰলৈ লৈ আহিছিল। তেতিয়া তেজপুৰত সাংস্কৃতিক জগতত জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শৰ্মাই দপদপাই ফুৰিছিল। সাহিত্য জগতৰ কাণ্ডাৰীবােৰ আছিল অসম বন্তি সম্পাদক পদ্মনাথ গােহাঞিবৰুৱা, দণ্ডীনাথ কলিতা, আনন্দ চন্দ্র আগৰৱালা আদি। চাৰিওফালে এক সৃষ্টিশীল পৰিবেশ। ভূপেন হাজৰিকাই তেজপুৰ গৱৰ্ণমেন্ট হাইস্কুলত ক্লাছ ছিক্সত নাম লগালে। স্কুলৰ বছৰেকীয়া উৎসৱত ভাতৃ অমৰ হাজৰিকাৰ লগত কাবুলীৱালাই শিকোৱা আফগান গীত এটাৰ লগতে মাকে শিকাই দিয়া জয় জয় যাদৱ বৰগীতটো গাইছিল। তেতিয়াই জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা আৰু ফণী শর্মাৰ চকুত পৰিছিল ভূপেন হাজৰিকাৰ ওপৰত। তেওঁলােকে ভূপেন হাজৰিকাৰ প্রতিভাৰ উমান পাইছিল। তাৰ কেইদিনমান পিছত জ্যোতিপ্রসাদ, বিষ্ণুৰাভা আৰু ফণী শৰ্মাৰ নীলকান্ত হাজৰিকাৰ ঘৰলৈ। আগমন ঘটিল। উদ্দেশ্য আছিল ভূপেন হাজৰিকাক গান ৰেকৰ্ড কৰিবলৈ কলকাতালৈ লৈ যােৱাৰ। তেওঁলােকে নীলকান্ত হাজৰিকাক কৈছিল "পঢ়া-শুনা ঠিকে থাকিব, আমি কলিকতালৈে যাম। এমাহ থাকিব লাগিব। জ্যোতিপ্রসাদৰ 'জয়মতী আৰু শােণিত কুৱৰী' নাটক দুখনৰ ৰেকর্ড হব। ভূপেনে ছােৱালীৰ গানবােৰ ৱােৰ লগতে তবলা বজাব, ভাওটোও দিব লাগিব। মাক-দেউতাকে আলোচনা কৰি ল'ৰাক পঠোৱাৰ সিদ্ধান্ত ল'লে । কিয়নাে অসমৰ মূধাফুটা শিল্পী দুজনে লৈ যাব খুজিছে। মাথাে দেউতাকে দুয়ােজনৰ আগত কলে, লৰাটো আপােনালােকৰ হাতত দিলোঁ। পঢ়া- শুনা যতে ঠিক থাকে সেইটো চাব। আপােনালােকে তাক ব্যৱহাৰ কৰক। দেউতাকে তেওঁক বুক অৱ নলেজ'ৰ দহটা খণ্ড কিনি দিছিল। তাৰ পৰা তেওঁ বাফেল, লিঅনার্ড-দ্যা-ভিন্সি, মাইকেল এঞ্জেলাে আদি মহান ব্যক্তিসকলৰ কথা জানিব পাৰিছিল। দেউতাকে ভূপেন হাজৰিকাক পৃথিবীখনৰ জ্ঞানৰ সােৱাদ লবলৈ বহুত সহায় কৰিছিল,—পৃথিৱীখন চিনি ল'বলৈ, পৃথিৱীৰ মানুহৰ লগত বন্ধুত্ব কৰিবলৈ আৰু সেই মানুহবােৰৰ কলাবােৰ শিকি লবলৈ তেওঁক পৰামর্শ দিছিল। সেয়াই আছিল ভূপেন হাজৰিকাৰ বিশ্ব পৰিক্ৰমাৰ আৰম্ভণি। তেতিয়াই তেওঁৰ মনত ভাৰতীয় সংস্কৃতিৰ বিষয়ে জানিবলৈ খুব ইচ্ছা জাগিছিল। অৱশ্যে এই সময়ছােৱাত তেওঁ জ্যোতিপ্রসাদ আৰু বিষ্ণু ৰাভাৰ প্রচ্ছায়াত থাকি সংগীত আৰু সংস্কৃতিৰ বিষয়ে বহুতাে নতুন কথা শিকিছিল। তেজপুৰত গানৰ আখৰাত জ্যোতিপ্ৰসাদে হাতত ধৰি গান শিকাইছিল, লগতে প্রকাশভংগীৰ কলাও শিকাইছিল । ডঃ দিলীপ দত্তই লিখিছে, “ৰাভাৰ কোলাত বহিয়েই ভূপেন হাজৰিকাইগীত শিকিছিল, তেখেতৰ চাইকেলত উঠি উঠিয়েই হাজৰিকাদেৱে জ্যোতিপ্ৰসাদৰ ওচৰত ইন্দ্ৰমালতী কথাছবিত গীতৰ আখৰালৈ গৈছিল। সেই সময়ছােৱাত ভূপেন হাজৰিকাৰ পূর্ণাংগ জীৱনটো' বুজাত আটাইতকৈ বেছি প্ৰভাৱ বিস্তাৰ কৰিছিল জ্যোতিপ্ৰসাদ আগৱালাই। দেউতাকে তেওঁক সুনামৰ প্রতি আকৃষ্ট কৰিছিল। বিদ্যায়তনিক দিশৰ প্রতি স্পৃহা বঢ়াইছিল মাহীয়েক ভরপ্রিয়া দাস আৰু জ্যোতিপ্ৰসাদ আগৰৱালায়ে। বিষ্ণুপ্রসাদ ৰাভাই দুর্ভেদ্য বস্তু ভেদ কৰাৰ অদম্য স্পৃহা আগবঢ়াইছিল। সেই সময়ৰ গাের্টেই তেজপুৰখনকে তেওঁৰ অসমৰ সমন্বয়থলী বুলি ভাব হৈছিল। ভূপেন হাজৰিকাই তেজপুৰৰ পৰা ৰঙাপাৰালৈ গৈ তাত ৰেলত উঠিল কলকাতা অভিমুখে, লগত জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণী শর্মা। দুই ৰাতি তেওঁলােকে ৰেলত কটাবলগীয়া হৈছিল। প্রথম ৰাতি ভূপেন হাজৰিকাই প্রত্যেকটো ষ্টেচনৰ নাম লিখি উজাগৰে কটালে। দ্বিতীয় ৰাতি জ্যোতিপ্ৰসাদৰ ধমকিত শুই থাকিল। জ্যোতিপ্ৰসাদে তেওঁক মেপ এখনত সকলােবােৰ ষ্টেচনৰ নাম পাব বুলি কৈ মেপখন কিনি দিব খুজিছিল। কলকাতালৈ গৈ অৰোৰা স্টুডিঅ'ত তেওঁলােকে ৰেকর্ড কৰিলে। প্রথমে ভূপেন হাজৰিকাক জয়মতী কুঁৱৰী আৰু শােণিত কুঁৱৰীৰ মাইকী মানুহৰ গীতবােৰ গাবলৈ দিলে। তাৰ পাছত তেওঁৰ কণ্ঠত বিষ্ণুপ্ৰসাদ ৰাভা ৰচিত 'কাষতে কলসী লৈ যায় ঐ ৰচকী বাই' আৰু উলাহেৰে নাচি-বাগি হালি বিয়াকুল গীত দুটা ৰেকর্ডিং কৰিলে। কলকাতাৰ হােষ্টেলত থকা অন্য শিল্পীসকলে ভূপেন হাজৰিকাক মৰম কৰিছিল। সেই বছৰৰ পূজা সংখ্যাত বংগদেশৰ ৰেকর্ড সংগীত নামৰ আলােচনীৰ বেটুপাতত তেওঁৰ ফটো ওলাইছিল কোম্পানীটোৰ কনিষ্ঠতম শিল্পী বুলি। ১৯৩৪ চনত ভূপেন হাজৰিকাই দেউতাকে ৰচনা কৰা গীত অ মইনা কেতিয়া আহিলি তইত সুৰ দিছিল। গীতিকাৰ হিচাপে তেওঁ প্রথম গীত ৰচনা কৰে ১৯৩৭ চনত। এই গীতটো তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেবক গুণানুকীৰ্তন কৰি লিখিছিল—

কুসুম্বৰ পুত্ৰ শ্ৰীশংকৰ গুৰুৱে
ধৰিছিল নামৰে তান
"

জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ লগত ভূপেন হাজৰিকাই ১৯৩৬ চনৰ পৰা ১৯৩৯ চনলৈ কেবাবাৰো কলকাতালৈ গৈছিল। ১৯৩৯ চনত তেওঁ জ্যোতিপ্ৰসাদৰ দ্বিতীয় চলচ্চিত্র ইন্দ্রমালতীত বিশ্ববিজয়ী নৱ জোৱান গীতটো গাইছিল আৰু অভিনয় কৰিছিল। কলকাতা ৰেডিঅ'ত গান গাইছিল। সেই বছৰতে তেওঁ দ্বিতীয় গীত ৰচনা কৰিছিল, ‘অগ্নিযুগৰ ফিৰিঙতি মই। প্রকাশ পাইছিল বিদ্যালয়ৰ হাতেলিখা আলােচনীত। 'বৃটিছ শােষণকাৰীৰ অত্যাচাৰ আদি কুমলীয়া বয়সতে দেখিবলৈ পােৱা কাৰণেই তেওঁবৰো মানআত্মা জাগি উঠে পৰাধীন দেশৰ নাগৰিকসকলে ভূগিবলগীয়া হোৱা শাৰিৰীক আৰু মানসিক নির্যাতনবিলাকৰ প্রতি'। (ভূপেন হাজৰিকাৰ গীত আৰু জীবন ব্যথ, ডঃ দিলীপ দত্ত, পৃষ্ঠা, ৪২)। 


তেজপুৰৰ সাহিত্যিক পদ্মনাথ গােহাঞে তেওঁক মাতি নি কোলাত বহুৱাই গান গাবলৈ দিছিল। আনন্দ চন্দ্র আগৰৱালাই ‘টুইংকল টুইংকল’ৰ অনুবাদবােৰ পঢ়িবলৈ দিছিল। দেউতাকে কিনা ফর্ড গাড়ীখন গেৰেজত থােৱাৰ পাছত সেইখনৰ ভিতৰতে তেওঁ কিবা লিখা-মেলা কৰিবলৈ ঠিক কৰিছিল। পাছত দেউতাকে তেওঁৰ পঢ়া কোঠালিৰ অভাব হােৱা বুলি জানি এটা সৰু কোঠালি দি দিছিল। তেওঁ প্রায়ে পদ্মনাথ গােহাঞি বৰুৱাৰ অসম বন্তিৰ অফিচলৈ গৈছিল। ভূপেন হাজৰিকাৰ জীৱনত প্রভাব পেলােবা অন্য দুজন ব্যক্তি হ'ল ১৯৩৬ চনৰ অসম সাহিত্য সভাৰ সংগীত শাখাৰ সভাপতি নগেন্দ্র নাথ চৌধুৰী আৰু অসমৰ মুখ্য অভিযন্তা ৰাজমােহন নাথ। চৌধুৰীৰ শাস্ত্রীয় সংগীতৰ সাধনাই তেওঁক উন্নতি যােগাইছিল। অভিযন্তা নাথে তেওঁক পুৰাতত্ত্ব বৰঞ্জীৰ কথাবােৰ জীৱন্তে কবিৰ দৰে শিকাইছিল ।


ঐতিহাসিক কটন কলেজত (At historic Cotton College)


১৯৪০ চনত ভূপেন হাজৰিকাই মেট্রিক পৰীক্ষাত উত্তীৰ্ণ হৈ তেজপুৰৰ পৰা আহি গুৱাহাটীৰ কটন কলেজত নামভর্তি কৰে। দেউতাক তেতিয়া মঙলদৈলৈ বদলি হৈ আহিছিল। মামাকৰ ঘৰত থাকিয়ে তেওঁ কলেজলৈ অহা-যােবা কৰিছিল। তেওঁ আছিল কলেজৰ সকলাে ছাত্রতকৈ কম বয়স ।  মাত্র তেৰ বছৰ ন মাহ। হাফপেন্ট পিন্ধি কলেজত সুমুৱাৰ লগে লগে চকীদাৰটোৱে তেওঁক অপমান কৰি কৈছিল, 'বাপু তুমি ক'ৰপৰা আইছাহে, স্কুলক আইছা হ’ব পায়; সেইখান স্কুল'। কটন কলেজলৈ অহা বুলি কোৱাত মেট্রিক পাছ কৰিছেনে নাই সুধিছিল। দৃঢ়ভাবে তেওঁ কৰা বুলি কৈছিল। কলেজৰ শ্ৰেণীকোঠাত তেওঁ কলেজীয়া ছাত্র হয়নে নহয় তাৰ পৰীক্ষাত অবতীর্ণ হ'ব লগা হৈছিল অধ্যাপক পি চি ৰয়ৰ আগতাে। কলেজৰ বিখ্যাত শিক্ষকবােৰ আছিল পি চি বয়, বাণীকান্ত কাকতি, লক্ষ্মী চেটার্জী, বিৰিঞ্চি কুমাৰ বৰুৱা, উপেন্দ্র নাথ লেখাৰু, সূর্য কুমাৰ ভূঞা আদি। তেওঁৰ সহপাঠীসকল আছিল নৰেশ ৰাজখােৱা (সাংবাদিক), নুপুৰ ফুকন (তৰুণৰাম ফুকনৰ পুত্র), বাৰিণ চৌধুৰী (ৰোহিণী চৌধুৰীৰ পুত্র), মইনুল হক চৌধুৰী (কেন্দ্রীয় মন্ত্রী আছিল)। তেওঁতকৈ জ্যেষ্ঠ ছাত্রসকল আছিল চৈয়দ আব্দুল মালিক, টালিমৰাণ আও (ফুটবলাৰ), শৰৎ দাস (ফুটবলাৰ) আদি। এই সময়ছােৱাত তেওঁ দেশভক্ত তৰুণৰাম ফুকন আৰু অধিবক্তা ৰোহিণী চৌধুৰীক ওচৰৰ পৰা লগ পাইছিল। কলেজৰ নৱাগত আদৰণী সভাত তেওঁ বনকোৱৰ আনন্দৰাম দাসৰ দুটা গান গাইছিল- "দূৰণিৰ হৰিণী সৌ গাঁওখনি তাৰ এটি পঁজাতে সৰু বান্ধৈৰ মুখখনি" আৰু লুইতৰ বুকুতে ৰূপহী মাজুলী মৰাে যেন লাগে তাত’। অধ্যাপকসকলে তেওঁক আশীর্বাদ দিছিল। ইফালে ভূপেন হাজৰিকাৰ দেউতাকে এচ ডি চি হিচাপে গুৱাহাটীলৈ বদলি হৈ আহিছিল। সােণাৰাম হাইস্কুলৰ বিপৰীতে তেওঁলােকে সৰু ভাড়াঘৰ এটা লৈছিল। সেই সময়ত গােপীনাথ বৰদলৈ তেওঁলােকৰ ঘৰলৈ অহা- যােৱা কৰিছিল।


বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ত (At Banners Hindu University)

১৯৪১ চনত ভূপেন হাজৰিকাই আই এ পাছ কৰিলে। সেই সময়ত দ্বিতীয় বিশ্বযুদ্ধ চলি আছিল। অসমতাে তাৰ প্ৰভাৱ পৰিছিল। কটন কলেজ বন্ধ হৈ গৈছিল। চুদমাৰছন হল আর্মিয়ে দখল কৰিছিল। ৰাস্তাই-ঘাটে গুৱাহাটীত নানা অত্যাচাৰ আৰম্ভ হৈছিল, অসভ্য যৌন অত্যাচাৰ। ১৯৪২ চনত দেউতাকেও পেন্সন পাইছিল। মাহে ১৪৫ চকা পেন্সনত দহটা ল বা- ছােৱালীৰ (ভূপেন, অমৰ, প্রবীণ, কুইন, নৃপেন, বলেন, কবিতা, কবী, জয়ন্ত আক সমব) সতে ঘৰখন চলােৱাটো বৰ টান হৈ পৰিছিল দেউতাকৰ। বস্তু পাতিৰ দামাে বাঢ়িছিল। ঘৰখনত আর্থিক অনাটন আৰম্ভ হৈছিল। কিন্তু তাৰ মাজতে দেউতাকে তেওঁক কৈছিল—“তই ইয়াৰ পৰা যাগৈ। ইয়াত আৰু পঢ়া-শুনা নহ'ব।”কলকাতা বা পাটনা য’তে ইচ্ছা তাতে পঢ়িব দিলে তেওঁক দেউতাকে, মাহে ষাঠি টকা দি থকাৰ বন্দবস্তত। ইতিমধ্যে ভালে কেইগৰাকী লৰা বেনাৰছলৈ গুচি গৈছিল। কলকাতাত জাপানে বােমা পেলাইছিল। গতিকে তেৱো বেনাৰছলৈ যােৱাৰে সিদ্ধান্ত লৈছিল। তেতিয়া বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ত ভাৰতীয় ৰাজনীতিৰ বিখ্যাত লােকসকল জড়িত আছিল ডঃ সর্বপল্লী ৰাধাকৃষ্ণণ, মদন মােহন মালব্য, জৱাহৰলাল নেহৰু আদি। সেইখন এখন জাতীয়তাবাদী বিশ্ববিদ্যালয় আছিল, যত আই চি এছৰ সলনি ৰাজনৈতিক নেতাহে তৈয়াৰ কৰা হৈছিল। এই বিশ্ববিদ্যালয়খন ৰাইজৰ পৰা দান-বৰঙণি লৈ আৰম্ভ কৰা হৈছিল। ভূপেন হাজৰিকা যেতিয়া বেনাৰছত নামভর্তিৰ কাৰণে উপস্থিত হৈছিল তেতিয়া তেওঁৰ হাতত বেছি টকা নাছিল। ইফালে নামভৰ্তিৰ দিনাে পাৰ হৈ গৈছিল। তেওঁ বিৰলা হােষ্টেললৈ গৈ বঙালী আৰু অসমীয়া ছাত্রসকলক লগ ধৰিছিল। তেতিয়া তেওঁলােকে ডঃ ৰাধাকৃষ্ণক কৈ দিলে নামভর্তি হােৱাটো সম্ভৱ হ'ব বুলি কৈছিল। ৰাধাকৃষ্ণ আছিল বিশ্ববিদ্যালয়ৰ উপাচার্য। ভূপেন হাজৰিকাই যেতিয়া গৈ ডঃ ৰাধাকৃষ্ণক ভঙা ভঙা ইংৰাজীত কৈছিল তেতিয়া কথাখিনি শুনি ডঃ ৰাধাকৃষ্ণণে ডঃ ইউ চি নাগলৈ নামভৰ্তিৰ কাৰণে লিখি দিছিল। তেওঁ দর্শনৰ অনার্চ লৈ পঢ়িব খােজা আবেদনাে ডঃ ৰাধাকৃষ্ণণে মঞ্জুৰ কৰিছিল। বাৰানসীত গৈ থিতাপি লােৱাৰ পিছত ভূপেন হাজৰিকাৰ জীবনৰ চিন্তাধাৰা সলনি হৈ গল। তেওঁৰ সহপাঠীবােৰৰ এজন আফ্রিকা, এজন ইণ্ডোনেছিয়াৰ আৰু এজন জাপানৰ আছিল। এজন মুছলমান সহপাঠীয়ে সংস্কৃত পঢ়ি থকা দেখা পাই তেওঁৰ মনত বিশ্বমানৱতাৰ প্রকৃত স্বকাপৰ কথা পৰিষ্কাৰ হৈ পৰিছিল। বাৰানসীত তেওঁ উকিল স্কুল অব আর্ট নামৰ স্কুলৰ বর্ণদাচৰণ উকীল নামৰ ব্যক্তিগৰাকীৰ তালৈ গৈ শনি আৰু ৰবিবাৰে ছবি আঁকা শিকিছিল। তেওঁ এবাৰ ছবি আঁকা প্রদর্শনীতে ভাগ লৈছিল আৰু অমৃত ৰাজাৰ পত্রিকাত আর্টৰ ওপৰত প্রবন্ধ এটাও লিখিছিল। তেওঁ কণ্ঠে মহাৰাজ আৰু আনাে খেলালৰ ঘৰলৈ গৈছিল সংগীত শুনিব। বিছমিল্লাহ খাৰ ঘৰৰ বাহিৰত ৰৈ ৰৈ তেওঁৰ বেওবাজ শুনিছিল। আচার্য নৰেন্দ্ৰদেৱৰ মাক্সিষ্ট ক্লাছতাে সােমাইছিল কেতিয়াবা। ছাত্ৰৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰি ভূপেন হাজৰিকাই মহাৰাজ কুমাৰ অব ছায়লানাক বৰুৱাই ছাত্র জিৰণি কোঠাৰ সম্পাদক হৈছিল। বিশ্ববিদ্যালয়খন এখন আশ্ৰমৰ দৰে আছিল। হিন্দু শব্দটোৰ সার্বজনীন অর্থটোও তেওঁ তাতে উপলব্ধি কৰিব শিকিছিল। ডঃ ৰাধাকৃষ্ণণে যেতিয়া দর্শনৰ ক্লাছ কৰে তেতিয়া কেৱল ভাৰতবর্ষৰে নহয় গােটেই পৃথিৱীৰ গুণী জ্ঞানী লােকসকলে সেই বক্তৃতা শুনিবলৈ আহিছিল। ডঃ ৰাধাকৃষ্ণণে বাৰানসীত ছমাহ থাকি ছমাহ অক্সফোর্ড বা কেমব্রিজ বিশ্ববিদ্যালয়ব ভিডিটিং প্রফেছাৰ হিচাপে কাম কৰিছিল। বেনাৰছ হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ১৯৪৪ চনত দর্শনৰ স্নাতক আৰু ১৯৪৬ চনত ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্রী লাভ কৰি ভূপেন হাজৰিকা অসমলৈ উভতি আহে। বিশ্ববিদ্যালয় তেওঁ আছিল কনিষ্ঠতম এম এ পাছ কৰা ছাত্র। উপাচার্য ডঃ ৰাধাকৃষ্ণণে তেওঁক এই কথাটো কৈছিল। আচার্য মদন মােহন মালব্যক যেতিয়া তেওঁ ভৰিত ধৰি সেৱা জনাইছিল তেতিয়া মালব্যজীয়ে তেওঁক আশীর্বাদ দি কৈছিল, "যহা যার রহা মহকতে যার যেইচে গােলাব কে ফুল।"


ভাতৃ অমৰ হাজৰিকাই ট্রাক চলাই পইচা যােগাৰ কৰি দিছিল ঃ

ভূপেন হাজৰিকাই এম এ শেষ পৰীক্ষাত একেলগে ২৬০ টকা মাচুল দিব লগা হৈছিল। ঘৰখনৰ পৰা পইচা উপার্জনৰ অন্য উপায় নাপাই ভাতৃ অমৰ হাজৰিকাই প্রভু দয়াল হিস্মৎসিংকাৰ পৰা মিলিটেৰী ট্রাক এখন আনি মিলিটেৰীবােৰক মালিগাঁৱৰ পৰা পাণবজাৰলৈ তিনিদিনৰ কাৰণে অনা নিয়া কৰি টকাখিনি যতনাই দিছিল। বেনাৰছত থকা সময়খিনিতে ভুপেন হাজৰিকাই আগ্রাৰ তাজমহল দেখি লিখি উলিয়াইছিল কপি উঠে কিয় তাজমহল।


বি বৰুৱা মহাবিদ্যালয়ত প্রবক্তা আৰু অল ইণ্ডিয়া ৰেডিঅ'ত চাকৰি (job in B Baruah college and  All India Radio)


ভাৰতবৰ্ষই স্বাধীনতা লাভ নকৰালৈকে কোনাে চাকৰি কৰাৰ ইচ্ছা নাছিল ভূপেন হাজৰিকাৰ। ১৯৪৬ চনত তেওঁ ডঃ সূর্যকুমাৰ ভূঞাৰ অধীনত পুৰাতত্ব বিভাগত ৰিচার্চ স্কলাৰ হিচাপে সােমাইছিল। ১৯৪৭ চনত যেতিয়া তাৰাচান্দ ত্রিপাঠী অধ্যক্ষ হিচাপে আছিল তেতিয়া তেওঁ গুৱাহাটী বি বৰুৱা (ভােলানাথ বৰুৱা) মহাবিদ্যালয়ত প্রবক্তা হিচাপে সােমায়। ঘৰৰ অভাৱেও তেওঁক চাকৰি কৰিবলৈ বাধ্য কবাইছিল। তাত তেওঁ ছমাহ প্রবক্তা হিচাপে কাম কৰিছিল। ১৯৪৮ চনত গুৱাহাটীত অল ইণ্ডিয়া ৰেডিঅ'ৰ কেন্দ্র স্থাপন কৰা হয়। ভূপেন হাজৰিকাইতাত যােগদান কৰে অনুষ্ঠান সহযােগী হিচাপে। ৰেডিঅ’ৰ পইচাৰেও তেওঁ ঘৰখন ভালকৈ চলাব পৰা নাছিল। হাজৰিকাৰ ইচ্ছা আছিল তেওঁ ভৱিষ্যতে যিয়ে নকৰে যাতে সংগীতৰ চর্চটো ঠিকে- ঠাকে চলি থাকে। তেওঁ আমেৰিকাৰ হাৱার্ড, কলম্বিয়া বা ইয়েল বিশ্ববিদ্যালয়ত গণসংযােগৰ ওপৰত গৱেষণা কৰিবলৈ ইচ্ছা কৰিছিল৷ তাৰ পবা জনােৱা হল যে তেওঁক দুবছৰৰ বৃত্তি দিয়া হ'ব আৰু গণসংযােগত এম এ পাছ কৰিব লাগিব। তাৰ পাছতহে গৱেষণা কৰিবলৈ দিয়া হব। ঘৰত অভাৱ স্বত্বেও মাক-দেউতাকে তেওঁক বাহিৰলৈ গুচি গৈ উচ্চ শিক্ষা গ্রহণ কৰি উভতি আহি কিবা কৰিবলৈ কৈছিল।

কামাখ্যা পাহাৰৰ নামনিত বিষ্ণুপ্ৰসাদ ৰাভাক সাক্ষাৎঃ

ৰাভাই তেতিয়া কামাখ্যা পাহাৰৰ তলত এগৰাকী বিধৱা ভদ্র মহিলাৰ সৰু কুটিৰ এটাত আত্মগােপন কৰি আছিল। তালৈ গৈছিল গােবিন্দ কলিতা, নন্দেৰ তালুকদাৰ, ছত্র সিং টেৰণ আদি কমৰেডসকল। ভূপেন হাজৰিকাক তেওঁ চিঠিৰে মাতি পঠাইছিল। ভূপেন হাজৰিকা যেতিয়া গৈছিল তেতিয়া আটাইকে বিদায় দি অকে নামৰ কবিতা এটা লিখিছিল। ১৯৪৩ চনত ভাৰতীয় গণনাট্য সংঘই জন্মলাভ কৰে। ১৯৪৭ চনত অসমৰ শিলচৰত ইয়াৰ শাখা গঠন কৰা হৈছিল। অসম গণনাট্য সংঘৰ সভাপতি হৈছিল জ্যোতিপ্রসাদ আগৰৱালা আৰু সম্পাদক হেমাংগ বিশ্বাস। জ্যোতিপ্ৰসাদৰ প্রেৰণাত ভূপেন হাজৰিকা তাত জড়িত হৈ পৰিছিল। বিষ্ণুপ্ৰসাদ বাভাও তাৰ সক্রিয় কর্মী আছিল।


উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যাত্রা

(Travel abroad for higher education)


সেই সময়ত গােপীনাথ বৰদলৈ অসমৰ মুখ্যমন্ত্রী আছিল৷ তেওঁ আমেৰিকাৰ বৃত্তি পােৱাত ভূপেন হাজৰিকাক সহায় কৰিছিল। যােৱাৰ আগে আগে জ্যোতিপ্ৰসাদেও তেওঁক আশীর্বাদ দিছিল। ১৯৪৯ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ আমেৰিকালৈ যাত্রা কৰিলে। বিমান বন্দৰলৈ বিদায় দিবলৈ। আহিল মাক, দেউতাক, ভগ্নী সুদক্ষিণা শর্মা (কুইন), কনিষ্ঠ ভাতৃ জয়ন্ত আৰু বন্ধু তথা সহকর্মী সাহিত্যিক চৈয়দ আব্দুল মালিক। বিমানেৰে তেওঁ গুৱাহাটীৰ পৰা কলকাতালৈ উৰা মাৰিলে। কলকাতাত তেওঁক বন্ধু ভৱেন দাসে আদৰি ললে। কলকাতাব দমদমৰ পৰা বিশাখাপট্টমলৈ আৰু তাৰ পৰা কলম্বাে চহবলৈ যাত্রা কৰিলে। বিমান পথত 'আসাম ত্রিবিউন' বাতৰিখন পাই তেওঁৰ ভাল লাগিছিল। ডেৰ দিন পলমকৈ জাহাজ অহাত তেওঁৰ শ্রীলংকাৰ কেন্দ্ৰী চহৰ উপভােগ কৰাৰ ভাগ্য ঘটিল। তাত বৌদ্ধ ধর্মীয় লােকসকলৰ প্রার্থনাৰ ধ্বনি আৰু কাৰুকাৰ্যক প্রত্যক্ষ কৰি নিজৰ দেশৰ কোনােবা বুদ্ধগয়াত থকা যেন অনুভৱ হল- একে পৰিবেশ। আধুনিক পৰিয়াল এটাত সােমাই শ্বিলঙত থকা যেন ভাব হল এটি পিয়ানাে, ওপৰত ইউৰােপীয় শিল্পীৰ মেডােনা, লৰা ছােৱালীৰ মুখত ইংৰাজী গীত। চিলােন ৰেডিঅ বন্ধু এজনৰ সহায়ত সেই দেশৰ লােকনৃত্য য়াকুম নেউটুম’ চালে, আমাৰ কামৰূপৰ দেওধনি নৃত্যৰ দৰে। সেয়া দক্ষিণ ভাৰতৰ নাচ, এতিয়া শ্রীলংকাৰ নিজৰ সম্পত্তি। ভাৰত আৰু শ্রীলংকাৰ সাংস্কৃতিক মিল দেখা পালে তেওঁ। কলম্বোৰ পৰা এছ এম ছ্যাম্পােনিওনামৰ জাহজেৰে মাৰছে বন্দৰলৈ সমুদ্র যাত্রা কৰিলে। জাহাজ গৈ এডেন বন্দৰত জিৰোবাত তাত নামি তিনিশ টকাৰে বােলিয্লেক্স কেমেৰা এটা কিনিলে। জাহাজ লােহিত সাগৰত প্রৱেশ কৰাৰ কিছু আগতে আকাশত মুছলমানসকলৰ পবিত্র কাঁচি জোনৰ সৈতে তৰাৰ বিৰল চিত্রটো প্রত্যক্ষ কৰিলে। নতুন কেমেৰাটোৰে এটা ফটো তুলিলে। ইয়াৰ পিছত জাহাজ গৈ জিবুটিত যাত্রা বিৰতি কৰাত তেওঁ নগৰখন চালে। দখল দাবী ইটালীয়ানবােৰে নগৰখনৰ কোনাে উন্নতি কৰা নাই। ইয়াৰ পাছত জাহাজ গৈ কায়বোৰ কাষ চাপিল। আমাৰ মুম্বাইৰ দৰে চহৰ, মানুহে চিঞৰি চিঞৰি কথা পাতিছে, যতে ততে থু পেলাইছে। তেওঁ তাতে চীন মুক্ত হােৱাৰ খবৰ শুনিবলৈ পাইছিল। ৰাতিৰ সমুদ্র যাত্রা লাখ লাখ ফছফৰাছ মাছৰ পৰা উদ্ভাসিত নিয়ন লাইটৰ দৰে পােহৰে তেওঁৰ মন বিস্ময়েৰে ভৰাই পেলাইছিল। কায়বােৰ পৰা জাহাজ টিউনিছলৈ গতি কৰিলে। তাত তেওঁৰ ভাল নালাগিল। বিদেশীসকলক দেখিলে সন্দেহৰ চকুৰে চায়। ইয়াৰ পিছতে তেওঁৰ লক্ষ্যস্থান মার্ছেবন্দবত উপস্থিত হল। জাহাজৰ পৰা নামি ৰেল স্টেচনত টিকট লৈ তাৰ পৰা ৰেলেৰে পেৰিছলৈ যাত্রা আৰম্ভ কৰিলে। পিছদিনা নিচে পুৱাই গার্দেলিও (নর্থ) স্টেচনত উপস্থিত হ'ল। ইয়াতে আমেৰিকান এক্সপ্রেছৰ এজেন্ট বন্ধু এজনে তেওঁক আদৰি ল'লে।


পিকাছেৰ দেশ পেৰিছতঃ (In Paris, the land of Pikas):

হাজৰিকাৰ ৰাতিৰ পেৰিছ উপভােগ কৰাৰ ইচ্ছা আছিল। তেওঁ মমার্ত চাবলৈ গ'ল, য'ত ৰেনােৱা, ভান গখ, টুলে লত্রে আদি বিখ্যাত শিল্পীসকলে এসময়ত আড্ডা মাৰিছিল। তেওঁ পেৰিছ বার্থ নাইট' চাবলৈ গৈছিল। উলংগ সুন্দৰী আৰু নিগ্রোবােৰৰ ্রুপদী ব্যালে নৃতাই তেওঁক মােহিত কৰিছিল। কোনাে যৌনতা বা বেশ্যাবৃত্তি তাত দেখা পােৱা নাছিল। পিছদিনা পুৱা লভলৈ গৈ লিঅনার্ডো-দ্যা-ভিন্সি অংকিত বিখ্যাত মনালিছা চিত্রখন চাইছিল। চি কে বিশ্ববিদ্যালয়ে চাইছিল ।


কলম্বিয়া বিশ্ববিদ্যালয়ত (At Columbia University)


১৯৪৯ চনৰ ১২ ছেপ্টেম্বৰ তাৰিখে ভূপেন হাজৰিকা ফ্রান্সৰ পৰা প্লেনেৰে গৈ নিউয়র্কৰ 'আইডিল ওৱাইড এয়াৰপাের্ট’ত (বর্তমান কেনেডি এয়াৰপাের্ট) উপস্থিত হয়। আকাশচুম্বী অট্টালিকাৰ নিউয়র্ক ডাঙৰ চহৰ। ভাৰতীয় দূতাবাসৰপৰা ভদ্রলােক এজনে আহি তেওঁক একো চিন্তা নকৰিবলৈ হাক দিলে। তেওঁৰ থকা আৰু খােৱাব ব্যৱস্থাৰ লগতে প্রয়ােজনীয় টকা পইচাৰ ব্যৱস্থাও কৰি ৰখা বুলি ক'লে। পুলিচ বিভাগে কেইটামান প্রশ্ন কৰি এৰি দিয়াৰ পাছতে তেওঁলােকে যােগাযােগ কৰিব বুলি কলে। কিন্তু ভূপেন হাজৰিকাক পুলিচৰ গাড়ী এখনত তুলি সাগৰৰ পাৰলৈ লৈ গৈ সাতদিন ইলিচ আইলেগুত থকা কাৰাবাসত বন্দী কৰি ৰাখিলে। ৬ দিনৰ দিনা এজন মেজিষ্ট্রেটে তেওঁক পুলিচৰ দ্বাৰা মাতি নি প্রশ্ন কৰিছিল—তুমি আমেৰিকাৰ পৰা পঢ়ি গৈ ভাৰতৰ দৰিদ্ৰ কেনেকৈ গুচাম বুলি ভাবিছা?, তুমি টেম্পেল অব ফ্রিডম’ বুলি কিতাপ এখন লিখিছা নেকি? তেওঁ আচৰিত হৈছিল। আচলতে বিষ্ণুপ্ৰসাদ ৰাভাই লিখা মুক্তি দেউল নামৰ কিতাপখনত তেওঁ ৰচনা কৰা কেইটামান গীত সন্নিবিষ্ট কৰা হৈছিল। সেয়ে বেটুপাতত ৰাভাৰ লগতে তেওঁৰ নামটোও আছিল। ৰাভা আছিল আৰ চি পি আইৰ সক্রিয় কর্মী। ভূপেন হাজৰিকাই সর্বহাৰাৰ সর্বস্ব পুনৰ ফিবাইআনিম বা নৰকংকালৰ অস্ত্র সাজি শােষণকাৰীক বধিমৰ উদ্দেশ্যে বৃটিছ সাম্রাজ্যবাদৰ বিৰুদ্ধে লিখা বুলি কোৱাত মেজিষ্ট্রেট মৌন হৈছিল। তাত বুঢ়ী মানুহ কেইগৰাকীমানে তেওঁক বাৰে বাৰে কৈছিল, বােপা বেয়া নাপাবা। তুমি কেতিয়াবা তােমাৰ দেশত ফৰেইন মিনিষ্টাৰ হৈ যাব পাৰা তেতিয়া তুমি এন্টি এমেৰিকান হৈ নাযাবা, আচলতে তােমাক যে চেক আপ কৰিবলৈ নিলে এই অফিচিয়েল আমেৰিকাই কৰিলে, প্লিজ ড’ণ্ট মিচ আগুডাবষ্টেণ্ড এমেৰিকান পিপল। সপ্তম দিনা তেওঁক ভাৰতীয় দূতাবাসলৈ যাব দিয়া হৈছিল। কাৰাগাৰৰ ভিতৰত তেওঁ পল ৰবছনৰ ভক্ত বৃদ্ধ নিগ্রাে এজনক লগ পাইৰবছৰ সংগীতৰ বিষয়ে বহুত খবৰ লৈছিল। তেতিয়া ৰবছনক লগ ধৰাৰ অদম্য স্পৃহা উপজিছিল। নিউয়ৰ্কৰ ইণ্টাৰনেচনেল হাউচৰ এটা ভাগত বিদেশী ছাত্রক কম পইচাতে থাকিবলৈ দিয়া হৈছিল। তাতে গৈ ভূপেন হাজৰিকাই থিতাপি লৈছিল। আৰম্ভণিতে তাত তেওঁৰ অকলশৰীয়া ভাবটো আহিল। কোনাে চিনাকি বন্ধু নাই। কিন্তু এটা পিয়ানােই তেওক বন্ধু গােটোৱাত সহায় কবিলে। —লাউঞ্জত বহি থাকোতে পিয়ানােটো তেওঁৰ চকুত পৰিছিল। সেইটো হাতত লৈ তেওঁ সেই সময়ৰ জনপ্রিয় "তছবাৰ তেবী দিল মেৰা বহেলা না সকেগি গীতটোব সুব দিলে। কেবাগবাকী ভাবতীয় লবাই তেওক বেৰি ধৰিলে। সেই সকলােবােৰ ধনী মানুহৰ ল'ৰা, কিন্তু ভূপেন হাজৰিকাই গান গাব জানে, বাদ্য বজাব জানে। সিহঁতৰ মাজত হিৰো হৈ গল তেও। সিহতে তেওঁক ফুৰিবলৈ শিকালে। ইতিমধ্যে গণসংযােগৰ শ্ৰেণী আৰম্ভ হৈছিল। তিনি মাহৰ পিছতে তেওঁ ইঞ্ডিয়ান ষ্টুডেন্ট এচোচিয়েচুনব নিউয়র্ক শাখাৰ সাধাৰণ সম্পাদক পদত নির্বাচিত হৈছিল। এম এ পঢ়াৰ আগতে ইংৰাজী জ্ঞানৰ কাৰণে কৰিব লগা তিনিদিনব বিযফ্রেছাব কোর্চ এটাৰ পৰীক্ষাত তেওঁ প্রথম হৈছিল। ক্লাছৰ মাজৰ আজৰি সময়ত তেওঁ লিফট চলােৱা কামৰ লগতে চুইমিং পুলৰ কাপােৰ পহৰা দিয়া আৰু হলীউডলৈ গৈ গছৰ পৰা আপেল ছিঙি বাকচত ভৰোৱা কাম কৰি টকা উপার্জন কৰিছিল। কিছুদিনৰ পাছত হাৰ্ডছন নদীৰ পাৰত তিনিজন বঙালী ছাত্রৰ লগত ভাড়াঘৰ এটা লৈ মেছ কৰি থাকিল। বঙালী লৰাকেইজনে জুতি লগাই আঞ্জা ৰান্ধিছিল। সেই সময়ত তেওঁ দুজন মহান ভাৰতীয়ক লগ পাইছিল। তেওঁলােক হল ডঃ অমিয় চক্রবর্তী আক ডঃ জাকিব হুছেইন। অমিয় চক্ৰৱৰ্তীয়ে হাভার্ড বিশ্ববিদ্যালয়ত পঢ়াইছিল আৰু ডঃ হুছেইনে তেতিয়া ইউনেস্কো কনফাৰেন্সলৈ গৈছিল। এম এ পৰীক্ষাত তেওঁ A, পাইছিল। তেওঁ ইতিহাসৰ বিখ্যাত কিম্বদন্তী শিক্ষক টয়নবিৰ বক্তৃতা শুনিবলৈ পাইছিল। ডঃ জাকিৰ হুছেইনৰ পৰামর্শমতে ৰাষ্ট্ৰসংঘৰ বিষয়া ববার্ট ট্রেছৰ তালে গে বিচার্ছব তথ্য সংগ্রহ কৰাৰ লগতে চাকৰি এটাও কৰিছিল আৰু মাহে এশ ডলাবকৈ পাইছিল। তেনেদৰে তেওঁ ভাৰতীয় দূতাবাসব অনুষ্ঠানবােৰত ডাঙৰ ডাঙৰ মানুহবােৰক লগ পাইছিল। বিজয়লক্ষ্মী পণ্ডিত আছিল ভাৰতৰ ৰাষ্ট্রদূত। ২৬ জানুৱাৰীত হাজৰিকাই এটা অনুষ্ঠানত অংশগ্রহণ কৰিছিল। এই অনুষ্ঠানটোত নৃত্য কৰিছিল প্রিয়ম্বদা পেটেল নামৰ আফ্রিকাত থকা গুজৰাটী ছােৱালী এজনীয়ে। দুয়ােজন অনুষ্ঠানটো আন্তর্জাতিক সন্মিলনত প্রথম হৈছিল। শেষৰ ফালে তেওঁ 'মেট্রোগল্ডেন মেয়াৰ' আৰু আৰ কে পিকচা্ছয়ে নির্মাণ কৰা চুটি ছবিৰ কমেণ্টৰীবােৰৰ ইংৰাজী বাক্যবােৰ চাই দিও কিছু পইচা উপার্জন কৰিছিল।


প্রিয়ম্বদা পেটেলৰ লগত বিবাহ সম্পন্ন (Married to Priyamvada Patel)


প্রিয়ম্বদা পেটেল আছিল চৰ্দাৰ বল্লভভাই পেটেলৰ পৰিয়ালৰ ছােৱালী। দেউতাক ডাঃ এম এম পেটেল। কাম্পালাত তেওঁৰ দুশ বিছনাযুক্ত হাস্পাতাল এখন আছিল। প্রিয়ম্বদাই চফিয়া কলেজৰ পৰা ইণ্টাৰ মিডিয়েট পাছ কৰি শান্তি নিকেতনলৈ আহি ছমাহ নাৰ্ছিং শিকিছিল। পিছত নিউয়র্কলৈ আহি মেনহাটান কলেজত বি এ আৰু এম এ (পাব্লিক ল) কৰি ইণ্টাৰনেশ্বনেল ৰিলেচন পঢ়ি আছিল। ভাৰতীয় দূতাবাসত অনুষ্ঠানটো কৰাৰ পাছৰ পৰাই প্রিয়ম্বদাৰ ভূপেন হাজৰিকাৰ প্রতি লাহে লাহে দুর্বলতা অহা যেন দেখা গল। এদিন হঠাৎ প্রিয়ম্বদাই কৈ পেলালে, “মই এম এ পঢ়িবলৈ চাৰি বছৰৰ কাৰণে আহিছিলাে। এতিয়া দেউতাই মাতি পঠাইছে৷ যােৱাৰ আগতে মই তােমাক বিয়া কৰাই যাব খােজো।" ভূপেন হাজৰিকাই যিমান পাৰে নেতিবাচক উত্তৰ দি গৈছিল। প্রিয়ম্বদাই এই সকলােবােৰ সমস্যা সহজে মানি লৈছিল। ভূপেন হাজৰিকাক জেদ ধৰি কৈছিল,—“তেওঁ আনক বিয়া নকৰায়।” যিজন লৰাই ইতিমধ্যে তেওঁক বিয়াব প্রস্তাব দিছিল, সেইজন হল ৰাষ্ট্রসংঘৰ কর্মৰর্ত বিষয়া। পাছলৈ তেওঁ মোৰাৰজি দেশাইৰ দিনত বিত্ত সচিব আছিল আৰু ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ হৈছিলগৈ।। শেষত দুয়ােজনে নিজৰ নিজৰ দেউতাকক চিঠিৰে লিখিছিল। প্রিয়ন্বদাৰ দেউতাকে উৎসাহজনােৱা নাছিল। ভূপেন হাজৰিকাই প্রিয়ম্বদাক তেওলোলৰ ঘৰজোৱাই নহৈ অসমলৈ উভতি যাম বুলি কৈছিল। প্রিয়ম্বদা পেটেল আৰু ভূপেন হাজৰিকাৰ বিবাহ হৈ গল ১৯৫০ চনৰ ১ আগষ্টত। প্রিয়ম্বদা পেটেল হ'লগৈ প্রিয়ম হাজৰিকা। এটা সন্তানৰ জন্ম হল। নাম ভূপেন প্ৰি হাজৰিকা (তেজ)। ইয়াৰ পাছত প্রিয়ম হাজৰিকা কম্পালালৈ উভতি গৈছিল। পিছৰ আঢ়ৈ বছৰ ভূপেন হাজৰিকা অকলে থাকি গৈছিল৷ তেওঁৰ উদ্দেশ্য আছিল লক্ষ্যস্থান প্রাপ্তি। 


ভাইচ-চেন্সলাৰ তথা আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতি আইজেন হাবাবৰ সংস্পর্শঃ 

ভূপেন হাজৰিকাই পিছৰ ফালে মেছৰ পৰা আহি অকলে সৰু ৰূম এটা ভাড়া কৰি লৈছিল। তাৰ ওচৰতে আছিল বিশ্ববিদ্যালয়ৰ ভাইচ-চেন্সেলাৰ আইজেন হাৱাৰৰ ঘৰ। পাছলৈ তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈছিল। প্রাতঃভ্রমণত ভূপেন হাজৰিকাই হাৱাৰৰ লগত মুখামুখি হৈছিল। এই সময়ত কেবাজনাে ছাত্র পেৰিছলৈ ফুৰিবলৈ গৈছিল। তাৰ ভিতৰত ভূপেন হাজৰিকাও আছিল। তাৰে এখন হােটেললৈ বিখ্যাত চিত্রশিল্পী পাবলাে পিকাছে খুব পুৱাই ফুৰিবলৈ আহে। হাজৰিকাই পুৱতি নিশাই উঠি বােন্দাপৰ দি পিকাছােক লগ ধৰিছিল। আবেগত নিজক চম্তালিব নােৱাবি তেওঁৰ সন্মুখলৈ যায় কৈছিল, 'মই আপােনাৰ গুণমুগ্ধ। আপনাৰ ছবি মই ভাল পাওঁ। মই ইণ্ডিয়ান। মই আমেৰিকাত পঢ়ি আছো । —পিকাছোৱে যেতিয়া তেওঁক হাঁহিৰে হাত এখন আগবঢ়াই দিছিল । তেতিয়া পিকাছােৰ হাতখন তেওঁ সজোৰে মুঠি মাৰি নিজকে পৃথিৱীৰ সবাতােকৈ সৌভাগ্যবান বুলি আত্মহাৰা হৈছিল। পিকাছেই তেওঁক কৈছিল- "ভালে থাকিবা সােণটো”।


পল ৰবছনৰ সংস্পর্শ (Contact with Paul Robson)

স্কুলখনৰ নাম জেফাৰছন স্কুল অৱ চোচিয়েল চায়েন্স। স্কুলখন নিশা নবজাৰ পৰা বহে। এজন বন্ধুৱে ভূপেন হাজৰিকাক তাৰ ঠিকনাটো দিছিল। স্কুলখনত পঢ়োৱা হৈছিল কলা, নাটক আৰু সংগীতৰ লগত জীৱনৰ সম্পর্ক। তাত জাতি, ধর্ম, বয়সৰ কোনাে কথা নাই, যিকোনাে মানুহে পঢ়িব পাবে। চক্রেটিছৰ নিচিনা ব্যক্তি এজনে বক্তৃতা দিয়ে, আলােচনা চক্র হয়; সেইজনে পল ববছন, যিয়ে সংগীত আৰু জীৱনৰ বিষয়ে বক্তৃতা দিছিল। হাবার্ড ফাষ্টে বক্তৃতা দিছিল নাটক আৰু জীৱন আৰু সাহিত্য আৰু জীবন ব ওপবত। ভূপেন হাজৰিকাই এটা পথ বিচাৰি আছিল। মানুহৰ মর্যাদাক অপমান কৰাৰ যিবােৰ প্রচেষ্টা চলিছিল এইবােৰৰ প্ৰতি তেওঁ সজাগ হৈ পৰিছিল। এবাৰ এটি সাংস্কৃতিক সন্ধিয়াত পল ৰবছৰ অনুষ্ঠানত ভূপেন হাজৰিকা উপস্থিত আছিল। ৰবছনৰ গীতে উপস্থিত দর্শকক উদ্বুদ্ধ কৰিছিল। যিটো হলত সাংস্কৃতিক অনুষ্ঠান হৈছিল তাৰ বাহিৰত থকা অসংখ্য পুলিচেও ৰবছৰ পিনে শ্রদ্ধাৰে মুৰ দোৱাইছিল। অনুষ্ঠান শেষ হােবাব পাছত ভূপেন হাজৰিকাই মঞ্চৰ পিছফালে গৈ ৰছনক লগ ধবিছিল। ববছনে তেওঁক দেখি হাঁহি আৰু কমর্দন কৰি মৰম ভাব দেখুৱাই কৈছিল, ‘কোৱা ভাৰতৰ কি খবৰ?’ পাঁচ মিনিট সময়ৰ ভিতৰত ভূপেন হাজৰিকাই দেশৰ খবৰ কোৱাৰ লগতে নিগ্রো সংগীতৰ প্রতি শ্রদ্ধাৰ ভাব জনাইছিল। ৰবছনক দেখি তেওঁৰ বিষ্ণু ৰাভাক দেখা যেন লাগিছিল। ইয়াৰ পাছত সুদীর্ঘ চাৰি বছৰ নিউয়র্কত থকা সময়ত ববছনৰ ব্যক্তিগত সান্নিধ্য পােৱাৰ সৌভাগ্য হৈছিল তেওঁৰ। ৰবছনে তেওঁৰ উই আৰ ইন দ্যা চেম বােট ব্রাদাৰ’ শিকাইছিল। সেই সময়ত পল ৰবছনৰ লগত ভাৰতৰ প্ৰধান মন্ত্রী জৱাহৰলাল নেহৰুৰৰ সম্বন্ধ গঢ়ি উঠিছিল। ১৯৫০ চনত আমেৰিকাৰ চৰকাৰে ৰবছনক আমেৰিকাব বাহিবলৈ যাবলৈ দিয়া নাছিল। সেই কাৰণে শান্তি নিকেতনৰ নিমন্ত্রণলৈ যাব নােৱাৰি টেপ কৰি শুভেচ্ছা পঠাইদিছিল। বঙালী ভাষাৰ এই শুভেচ্ছাটোভূপেন হাজৰিকা আৰু তেওঁৰ বন্ধুকেইজনে তর্জমা কৰি দিছিল। জেফাবছন স্কুলত পল ৰবছনে ক্লাছত গীটাৰ এখন হাতত লৈ কৈছিল—‘Guiter is not a musical instrument, it is a social instrument 'হাজৰিকাৰ ভাষাত, ‘পল আছিল social singer with a power to chance' ৰবছনৰ অনুপ্রেৰণাত হাজৰিকাই হাৰমনিয়াম খনকে সামাজিক সৰঞ্জাম কৰি লৈছিল। নিউ ইণ্ডিয়াৰ সম্পাদনাৰ দায়িত্ব ও জয় প্রকাশ নাৰায়ণ, আম্বেদকাৰ আদিয়ে সম্পদনা কৰা 'নিউ ইণ্ডিয়া নামৰ কাকতখনৰ সম্পাদক হৈছিল ভূপেন হাজৰিকা। তাত তেওঁ ১৯৫০ ৫১ চনত এডুকেশন অব মিলিয়ছ’ বুলি সম্পাদকীয় এটা লিখিছিল।


লাইফ আলােচনীত প্রতিবাদ ঃ

১৯৫০ চনত অসমত ডাঙৰ ভূমিকম্প হৈছিল। লাইফ আলােচনীখনত এই ভূমিকম্পৰ বিষয়ে ডাঙৰ প্রবন্ধ এটা প্রকাশ হৈছিল। তাত লিখিছিল অসমীয়া মানুহে ভূমিকম্প আহিলে ‘হৰিবােল হৰিবােল’ বুলি চিঞৰে। ভূমিকম্পক অসমৰ মানুহে ঈশ্বৰৰ বাণী বুলি ভাবে। ভগৱানে যেতিয়া কথা কয় তেতিয়া পৃথিৱীখন কঁপে বুলি কয়। আলােচনীখন পঢ়ি ভাল লাগিল যদিও এই কথাটোৰ কাৰণে তেওঁৰ খং উঠিল। লাইফ আলােচনীৰ সম্পাদকলৈ তেওঁ চিঠি লিখিলে আসাম "চেক্চ" অর্থাৎ অসমৰ ক্ষোভ শিৰোনামেৰে। ২৭ ইন্টাৰনেশ্বনেল চিভিল ছাবডিচৰ প্রস্তাব ও ইউনেস্কো ডিপার্টমেন্ট প্রধান ডঃ ৰবাৰ্ট টেইনছে ভূপেন হাজৰিকাক পি এইচ ডি লােৱাৰ পাছত ইন্টাৰনেশ্বনেল চিভিল ছাবভিছত সােমাব দিছিল আৰু পাছত তেওঁক নাইজেবিয়ালৈ পঠাব খুজিছিল। তেওঁ ইয়াত সম্মতি দিয়া নাছিল। ইতিমধ্যে তেওঁৰ থেচিচ দাখিল কৰা হৈ গৈছিল। তেওঁৰ গৱেষণাৰ বিষয় আছিল বােল অব মাছ কমিউনিকেশন ইন ইন্ডিয়ান এডাল্ট এডুকেশন (ভাৰতৰ প্রাপ্তবয়স্ক শিক্ষাত গণ মাধ্যমৰ ভূমিকা)'। ১৯৫১ চনৰ ১৭ জানুৱাৰীত ভূপেন হাজৰিকাৰ গুৰু জ্যোতিপ্রসাদ আগৰৱালাই মৃত্যুবৰণ কৰে। নিউয়ৰ্কৰ পৰা লগুন হৈ আফ্রিকা তেতিয়া ১৯৫২ চন। নিউয়ৰ্কৰ পৰা কুইন এলিজাবেথ নামৰ জাহাজখনত উঠি ভূপেন হাজৰিকা ছাউদাম্পটনলৈ আহিল। নিউজাৰ্ছি বন্দৰলৈ বিদায় দিবলৈ বহুত বন্ধুবান্ধাৱী আহি গোট খালে। জাহাজ এবাৰ সময়ত দেখিবলৈ পালে কেইগৰাকীমানে জাহাজক অনুসৰণ কৰি পাৰে পাৰে দৌৰি আছে। আৱেগত চকুপানী নিগৰি আহিছিল তেওঁৰ । আটলান্টিক মহাসাগৰৰ শান্ত-সৌম্যৰূপে তেওঁক আশ্চর্যান্বিত কৰিছিল। জাহাজত বহি তেওঁ লিখি উলিয়াইছিল তেওঁৰ জীৱনৰ শ্ৰেষ্ঠ গীত—

সাগৰ সংগমত কতনা সাঁতুৰিলাে,
তথাপিতাে হােরা নাই ক্লান্ত
তথাপি মনৰ প্রশান্ত সাগৰৰ
উর্মিমালা অশান্ত।।

লণ্ডনত ভৰি দিয়ে তেওঁ অসমীয়া ল'ৰাবোেৰক বিচাৰি ওলাল, বাৰীন দাস, বাৰীন চৌধুৰী আদিক। মার্ক্সবাদী বুদ্ধিজীবী বজনী পামে দত্তক লগ ধৰি সুধিলে, মই এতিয়া অসমৰ এখন ক্ষয়িষ্ণু সমাজলৈ গৈ কিদৰে থিতাপি লব পাৰিম? মই মধ্যবিত্ত শ্রেণীৰ লবা? মােৰ মনটোও ভাঙি গৈছে। মই কি কৰিব লাগিব। ৰজনী পামে দত্তই তেওঁক নিৰাশ হ’বলৈ মানা কৰি যিটো বিন্দুতে নাথাকক কিয় তাৰে পৰাইদহজনৰ মন সলনি কৰিব পাৰিলেই কাম হব বুলি কৈছিল। আশে-পাশে থকা ল’ৰাবিলাকৰ মনবােৰ সলনি কৰিব পৰাটোৱেই হ’ব সমাজৰ সম্পূর্ণ পৰিবর্তন। তেওঁ আৰু তেওঁৰ ঘৈণীয়েকে মবম কৰি ভূপেন হাজৰিকাক পঠাই দিছিল। বাবীন দাসে তেওঁক নিউয়ৰ্কৰ পৰা ঘূৰি অহাৰ কাৰণ সুধিছিল। সেই সময়ত ভূপেন হাজৰিকাৰ এটাই স্বপ্ন আছিল— কোনােমতে অসমলৈ উভতি গৈ নজনীয়া ভাই-ভনীব পবিয়ালটোব লগতে নিজৰ স্ত্রী আৰু সন্তানটোক চন্ডাল কৰা। নাই বেবিলৈ তেওঁ যাত্রা আবস্তু কৰিলে, সংগী হল নিউয়র্ক ফক গীতাৰ ক্লারে উপহাৰ দিয়া গীতাৰখন। নাইবেৰি বিমান বন্দৰত নমাৰ লগে লগে তাত বৈ থকা গুজৰাটী মানুহবােৰে মালা পিন্ধাই, চন্দনৰ ফোট দি, শংখ-ঘন্টা বজাই বিমান বন্দৰৰ পৰা আদৰি লৈ গল। এই মানুহৰােৰ আছিল ঘৈণীয়েকৰ সম্পৰ্কীয় মানুহ। সকলােবােবেই বৰ ধনী মানুহ। প্রত্যেকবে সাত-আঠখনকৈ কফি বাগান আছে। নাইবেবিব পৰা মােম্বাছালৈ গৈ বিখ্যাত ব্লু মাউন্টেইন (কিলিমাঞ্জাবাে পাহাব) প্রত্যক্ষ কৰিলে। এদিন তেওঁক কম্পালাত ফুটবল খেল চাবলৈ নিমন্ত্রণ কৰা হৈছিল। তাতে ৰজা ওবােটাই ডাঃ এ এম পেটেলৰ জোঁৱায়েক অহা বুলি গম পাই ৰাজভরনত পার্টি দিছিল। তাব পিছদিনা বটাৰী ক্লাবত গণসংযোগ বিষয়ব ওপৰত বক্তৃতা দিছিল। ইয়াৰ পিছত তেওঁ বেলজিয়াম-কংগে চাবলৈ গল। গৈ থাকোতে তেওঁ পিগমি মানুহক দেখা পালে। তিনিফুটীয়া চাপৰ মানুহ।


স্বদেশলৈ প্রত্যাবর্তন ও স্ত্রী আৰু পুত্রৰ সাক্ষাৎ (Return home and meet wife and son)


১৯৫২ চনৰ শেষৰফালে ভূপেন হাজৰিকা আহি মুম্বাইত ভৰি দিলে। তাত তেওঁক স্ত্রীয়ে সন্তানৰ লগত স্বাগতম জনাবলৈ আহিল। মুম্বাইত তেওঁ কেইদিনমান পেটেল পৰিয়ালত থাকিল। বলৰাজ সাহানী, অশােক কুমাৰ, দিনা সাংভী, প্রফেছৰ যশৱস্ত ঠাকুৰ, কিষণ সিং চাববা, বমন ভাই মেহতা আদিক লগ পালে। ববােদাত লগ পালে উমাশংকৰ যােশী, বজা সায়াজী বাওঁ গাইকোবাৰ আৰু গণনাট্য সংঘৰ কৰ্মীসকলক। ভূপেন হাজৰিকাই স্ত্রী আৰু লৰাটোক লৈ কলকাতালৈ উভতিল। কলকাতাত এৰাতি থকাৰ পাছত গুৱাহাটীলৈ উভতাত স্টেচনৰ পৰা বহুত লােকে আদৰি নিলে। গুৱাহাটীত থাকিবলৈ লৈ ভূপেন হাজৰিকাই গান লিখিবলৈ আৰম্ভ কৰিলে। ৫০ টকাত এটা ভাড়াঘৰ ললে আৰু আর্থিক সমস্যাত পৰিল। ৰেডিঅৰ পৰা পােৱা পইচা কেইটাৰে চলি থাকিল তেওঁ। গণনাট্য সংঘতাে লাগি গল। অসমৰ গাঁৱে-ভূঞে ঘূৰি ফুৰিলে। গণনাট্য সংঘৰ পৰা তেওঁ নিমন্ত্রণ পাইছিল কলকাতালৈ যােৱাৰ। মঘাই ওজাক কলকাতালৈ লৈ গল। ৰেলিংটন স্কোৱাৰত গান গালে, মঘাই ওজাই ঢােল বজালে। কলকাতা তেওঁ জনপ্রিয় হৈ পৰিল। গণনাট্য সংঘৰ কাৰ্যালয়ত লগ পালে শম্ভু মিত্র, উৎপল দত্ত, সলিল চৌধুৰী আদিক। গুৱাহাটীতাে গণনাট্য সংঘৰ অধিবেশন পাতিলে। এই অধিৱেশত বিষ্ণুপ্ৰসাদ ৰাভা, বলৰাজ সাহানী, হেমন্ত মুখার্জী, মঘাই ওজা, সলিল চৌধুৰী, দেবব্রত বিশ্বাস, অমৰ শেখ, প্রেম ধাবান আৰু ভাৰতৰ বিভিন্ন প্রদেশৰ লােকগীত-নৃত্যৰ দলে অনুষ্ঠান পৰিবেশন কবিছিল। বিহুত তেওঁ ছােৱালীবােৰক শিকাই দিছিল, বদ পুৰাবৰ কাৰণে মাতিবানাে কাক গাবলৈ; উজান বজাবৰ বিহুখন তেওঁ আৰু পুলিন দাসে প্রথম আৰম্ভ কৰিছিল। পিছত ৰাধাগােবিন্দ বৰুৱাৰ পৃষ্ঠপােষকতাত লতাশিলত প্রথমবাৰৰ বাবে মঞ্চত বিহু পতা হৈছিল। এই বিহুতলিত তেওঁ, ‘লুইতত ভােটোঙাই ওলাল শিহু’ আৰু সাগৰ সংগমত গান দুটা গাব খুজিছিল যদিও গাব নিদিলে কাৰণ তেওঁৰ গান নিষিদ্ধ কৰি দিয়া হৈছিল। সাহিত্যিক চামটোৰেও তেওক এৰাই চলিছিল। তেওঁলােকৰ ধাৰণা আছিল— ভূপেন হাজৰিকা চ'চিয়েলিষ্ট হৈ গল।


গুৱাহাটী বিশ্ববিদ্যালয়ত প্রবক্তা হিচাপে যােগদান আৰু পদত্যাগ (Join and resignation as lecturers at Guwahati University)


১৯৫৪ চনত ভূপেন হাজৰিকাই গুৱাহাটী বিশ্ববিদ্যালয়ত প্রবক্তা হিচাপে যােগদান কৰে। বিৰিঞ্চি কুমাৰ বৰুৱা আৰু ফণীধৰ দত্তই (সেই সময়ৰ পঞ্জীয়ক) দেউতাকক মতাই নি তেওঁক চাকৰিটো দিয়াইছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ক'লা বিভাগৰ অধ্যাপক হিচাপে তেওঁ কার্যনির্বাহ কৰিছিল। তেওঁ পঢ়াৱা তেৰগৰাকী ছাত্র-ছাত্রীৰ বাৰগৰাকীয়ে অনার্চ পাইছিল। তেওঁৰ এজন গুণমুগ্ধ ছাত্র হল বিশিষ্ট নাট্যকাৰ ৰত্ন ওজা। হােষ্টেলৰ নৱাগত আদৰণি সভাত গীত লিখিছিল—স্নেহে আমাৰ শত শ্ৰাৱণৰ’। ১৯৫৩ চনতে তেওঁ ফিনলেগুলৈ যারা নিমন্ত্রণ পাইছিল। নিমন্ত্রণ দিছিল মুলকবাজ আনন্দ, খাজা আহমদ আব্বাছআৰু বিবেকানন্দ মুখার্জীয়ে। প্রথমে তেওঁ দিল্লীলৈ গল, তাৰ পৰা কাবুললৈ। তেওঁৰ লগত আছিল এম এফ হুছেইন, কিষণ চন্দৰ, মুলকবাজ আনন্দ, অধ্যাপক সুন্দৰ লাল, নৰেন্দ্ৰ দেব আৰু বীণাবাদক বাল চন্দৰ। বাকীবােৰ শিল্পী-সাহিত্যিক আৰু সাংসদ আছিল। ফিনলেণুত তেওঁ জা পল ছাত্রেক ওচৰৰ পৰা পাইছিল। ফিনলেণ্ডৰ পৰা লেলিনগ্রেড, লেলিনগ্রেডৰ পৰা মস্কো, মস্কোৰ পৰা কাবুল, কাবুল পবা দিল্লী, দিল্লীৰ পৰা ট্রেইনেবে আহি গুৱাহাটী। গুৱাহাটী পাওঁতে তেওঁৰ তিনিদিন পলম হ'ল। এই ভাবিয়ে তেওঁ দেউতাকক টেলিগ্রাম কবি জনাই দিছিল বিশ্ববিদ্যালয়ত ক'বলৈ। দেউতাকে ক'বলৈ গৈছিল যদিও সান্তোষজনক উত্তৰ পােৱা নাছিল। হাজৰিকাৰ খং উঠিছিল তেতিয়া। তেওঁৰ তিনিদিনৰ দৰমহাও কটা হৈছিল। নিজকে অপমানবােধ কৰিলে, খং কৰিলে তেওঁ। সূর্য কুমাৰ ভূঞা আৰু হলিবাম ডেকাই বুজাবলৈ আহিল। ভূঞাক কলে "জীৱিকাৰ নিৰাপত্তা বিচৰা হলে আমেৰিকাতে থাকিলােহেঁতেন। ৰাষ্ট্রসংঘত ভাল চাকৰি কৰি আছিলাে?” হলিৰাম ডেকাই তেওঁক সাহস দিলে, তােমাক মানুহে বৰ কষ্ট দিছে। মই এঘাৰটা লৰা-ছােৱালী লৈ এটা ৰূমত আছিলোঁ। সাহিত্যও কৰিছিলাে, ডাঙৰ ডাঙৰ বেৰিষ্টাৰৰ মুখামুখি হৈ ওকালতিও কৰিছিলাে। মই সেই সময়ত 'কম্পিটিটিভ এডভােকেট হৈ আছিলাে, সেইবাবে আজি মােক মুখ্য ন্যায়াধীশ পাতিছে। তুমিও ওলাই যােৱা। ওলাই গ'লে অসমৰ মানুহে বুজিব। যেতিয়া মাতে তেতিয়া আহিবা। ইয়াৰ পাছতে তেজপুৰৰ পৰা গংগা প্রসাদ আগৰৱালা আৰু ফনী শর্মা আহি এশ টকা আগধন দি 'পিয়লি ফুকন চলচ্চিত্ৰৰ সংগীত পৰিচালনাৰ। দায়িত্ব দিছিল। পদত্যাগ পত্র দি ভূপেন হাজৰিকা কলকাতালৈ গুচি গৈছিল। আন্তঃ বিশ্ববিদ্যালয় যুৱ উৎসৱত ও ১৯৫৫ চনত দিল্লীত অনুষ্ঠিত আন্তঃ বিশ্ববিদ্যালয় যুৱ উৎসরত ভূপেন হাজৰিকাৰ পৰিচালনাৰে গুৱাহাটী বিশ্ববিদ্যালয় দলে শ্রেষ্ঠ দলৰ সন্মান লাভ কৰিছিল। তেওঁ ছাত্র-ছাত্রীবােৰৰ হতুৱাই এৰা বাটৰ সুৰ নামত নাটকখন কৰিছিল। জিলিকাব লুইতৰ পাৰ ও ১৯৫৪ চনত ভূপেন হাজৰিকাই গুৱাহাটী বিশ্ববিদ্যালয় জালুকবাৰীত মুকলি কৰিবৰ দিনা গীতটি ৰচনা কৰিছিল—

জিলিকাব লুইতৰে পাৰ
আন্ধাৰৰ ভেটা ভাঙি
প্রাগজ্যোতিষত বয়
জেউতি নিজবাবে ধাৰ
শত শত বন্তিৰ
জ্ঞানৰ দীপালীয়ে
জিলিকাব লুইতৰে পাৰ।
সাঁচিপাতে
ভাষা দিব
চিফুঙে আশা দিব
বংঘৰে মেলিব দুৱাৰ
সমাজে সাৱটিব
মহান মানৱতা
বিজ্ঞানে আনিব জোৱাৰ
নতুনৰ গতি খেদা
ডেক গাভৰু আমি নির্ভীক
এই (*) শতিকাৰ
অজ্ঞান চাকনৈয়া
এফলীয়া কৰি থৈ
মাৰি যাওঁ জীৱনৰ ডাব।

(*পাছত হাজৰিকাই চিঠি দি কুৰি শব্দটো এই লৈ সংশােধন কৰে)


কলকাতালৈ গমন


পিয়লি ফুকনৰ দায়িত্ব পাই ভূপেন হাজৰিকা কলকাতালৈ গুচি গল। থাকিল টালিগঞ্জৰ গলফ ক্লাব বােডত। ইতিমধ্যে ঘৈণীয়েক আৰুল’ৰাটোক বৰোড়ালৈ পঠাই দিছিল। সেইসময়ত তেওঁ অন্য বহুত চাকবি কৰিব পাবিলেহৈ যদিও নকৰিলে। পিয়লি ফুকন সম্পূর্ণ হ'ল। ভুপেন হাজৰিকাইনাম পালে। ইতিমধ্যে তেওঁ চাৰিখন বঙালী চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰাৰ নিমন্ত্রণ পালে— জীৱন তৃষ্ণা, অসমাপ্ত, কড়ি ও কমল আৰু ধুমুহা। তেওঁ নিজৰ পৰিচালনাৰে এৰা বাটৰ সুৰ’ চলচ্চিত্র কৰিলে। তাৰ নায়কৰ মুখত বক্তব্য দিলে, অসমৰ মাটিয়ে মােক ভুল নুবুজেটো'। বিষ্ণুপ্ৰসাদ ৰাভাক নি ভূজলং কাকা’ আৰু ফনী শর্মাক 'হাবাল চর্দাব' পাতিলে। লতা মংগেশকাৰৰ কণ্ঠত গান গােৱালে। বদ পুৰাবৰ কাৰণে মাতিবানাে কাক গানটো সমবেত হিচাপে হেমন্ত কুমাৰ, ভূপেন হাজৰিকা আৰু লতা মংগেশকাৰে গালে। জোনাকি ৰাতি’ গানটো লতা মংগেশকাবৰ শ্রেষ্ঠ গান হৈ গ'ল। ১৯৫৭ চন মানত নীল আকাশৰ নীচেনামৰ বঙালী ছবি এখন তেওঁৰ পৰিচালনাৰে আগবাঢ়িছিল যদিও পাছত সেইখনত লগত জড়িত নহল। ১৯৫৮ চনত তেওঁ গােৱালপৰীয়া ভাষাৰ ছবি "মাহুত বন্ধু" কৰিলে। প্রতীমা পাণ্ডেক বিখ্যাত কৰাৰ লগতে গােৱালপৰীয়া ভাষাটোকো স্বকীয় মর্যাদা দিয়াত সহায় কৰিলে। ১৯৫৯ চনত তেওঁ ফনী শৰ্মাৰ পৰিচালনাৰ কেঁচা সােণ’, ‘পুৱতি নিশাৰ সপােন আৰু বঙালী ছবি দুই বেচাড়াব সংগীত পৰিচালনা কৰিলে। ১৯৬০ চনত তেওঁ আর্থিক বিপদত পৰিল। ইতিমধ্যে অসমত ভাষা আন্দোলন আৰম্ভ হল। অসমীয়া বঙালীৰ সংঘাত হ’ল। কলকাতাত ভূপেন হাজৰিকাৰ বিপক্ষে পােষ্টাৰ মাৰিলে। সূর্য বৰাক কলকাতালৈ যাওঁতে হত্যা কৰিলে। বিমান বায়, জ্যোতি বসু, মায়া মুখার্জী, আভা মাইতী এই সকলােৱে তেওঁৰ সুৰক্ষাৰ কাৰণে আনিবলৈ গাড়ী দিছিল। ভূপেন হাজৰিকাই সকলােবােব নেওচি মুক্তমনে ঘূৰি ফুৰিলে যদিও ২০ আগষ্টৰ দিনা অসমৰ বিপক্ষে উলিওৱা সমদল এটাৰ মুখামুখি হােৱাত এগবাকী বেশ্যাৰ ঘৰত আশ্রয় লৈহে জীৱন বচাবলগীয়া হৈছিল। সেই দিনবােৰত কলকতাত ভূপেন হাজৰিকাই ডাঙৰ আর্থিক সমস্যাত পৰিছিল। ১৯৬০ চনত তেওঁ পদ্ম বৰকটকীয়ে জন্ম দিয়া আমাৰ প্রতিনিধি আলােচনীখনত লিখি মাহে দুশ টকা পাইছিল। ১৯৬১ চনত ভূপেন হাজৰিকাই শকুন্তলা চলচ্চিত্র নির্মাণ কৰিলে। শকুন্তলাই আঞ্চলিক ভিত্তিত শ্রেষ্ঠ পুৰস্কাৰ পালে। ইয়াৰ পাছত লটি ঘটি' কৰি ব্যবসায়িকভাবে লাভ হ'ল তেওঁ। তাৰ পাছত প্রতিধ্বনি কৰিলে। ১৯৬০ চনত ভূপেন হাজৰিকাই অসমলৈ আহিও অসম-বঙালীৰ বিভেদৰ বিৰুদ্ধে শান্তিৰ হকে গাঁৱে-গাঁৱে ঘুৰি গান গাইছিল। লগত আছিল হেমাংগ বিশ্বাস, কমল চৌধুবী, খগেন মহন্ত, দীপালি বৰঠাকুৰ আদি। বাতৰি কাকত কিছুমানে সেই সময়ত বহুত ভুৱা বাতৰি পৰিৱেশন কৰিছিল। ১৯৬২ চনত চীনৰ ভাৰত আক্ৰমণৰ পিছত ভূপেন হাজৰিকাইভাৰত চীন সীমান্তৰ টেঙাভেলি, কামেং সীমান্ত, বমডিমা আদিলৈ গৈ চীনা বাক্ষসহতে নিষ্ঠুৰভাৱে অতর্কিতে মহতিয়াই যাবা ভাবতীয় সেনাৰ কেম্প আৰু মৃতদেহসমূহ প্রত্যক্ষ কৰিলে। জনজাতীয়সকলক আশ্বাস দিলে নিজ গাঁৱলৈ উভতি আহি থাকিব পৰিব । বমডিলাত গীত গালে, বিশ্ব বিজয়ী নব জোৱান, সাবে জাহাসে আচ্ছা হিন্দুস্তান হামাৰা’, সৈন্যসকলৰ মনত আত্মবিশ্বাস-আস্থা আহিল। তাৰ পৰা উভতি তেওঁ লিখিছিল কত জোৱানৰ মৃত্যু হ’ল? কাৰ জীৱন যৌৱন গল?/ সেই মৃত্যু অপৰাজেয়?/ তেনে মৃতক নহলাে মই কিয়?/ হেনাে হিমালয় ভাৰতৰ প্ৰহৰী/ তাহানি শুনিছিলোঁ কাহিনী;/ পিছে মৃত জোৱান সরে চিঞৰিছে। “লাগে চিৰজাগ্রত এটি বাহিনী”/ আমি কামেং সীমান্ত দেখিলাে/ দেখি শত্রুব পশুত্ব চিনিলাে;/ আৰু মৃত মৌন শত জোবানলৈ মােৰ অশ্রু অঞ্জলি যাচিলোঁ কত পিতৃ পুত্র হাবা হল/ কোন মাতৃৰ বুকু শুদা হ’ল ৰঙা সেন্দুৰ কাৰ মচা গল?/ কাৰ বাসনা অপূর্ণ বল?/ প্রতি জোৱান ৰক্তৰে বিন্দু/ হ’ল সাহসব অন্ত সিন্ধু/ সেই সাহসব দুজ্জেয় লহবে/ যাচিলে প্রতিজ্ঞা জয়বে।


পত্নীৰ লগত বৈবাহিক বিচ্ছেদ (১৯৬০) দেউতাকৰ মৃত্যু


ভূপেন হাজৰিকাই পত্নীৰ লগত তিনি বছৰমানহে একেলগে আছিল। ঘৈণীয়েক আছিল আন্তঃৰাষ্ট্ৰীয় সম্পর্ক পঢ়া ৰাষ্ট্রদূতৰ সপােন দেখা ধনী মানুহৰ ঘৰৰ ছােৱালী। আনহাতে ভুপেন হাজৰিকা বহেমিয়ান, যাযাবৰ শিল্পী। যেন দুজন ভিন্ন পথৰ যাত্রী। দুয়াে স্বামী-স্ত্রীয়ে হাঁহি হাঁহি কলিকতা হাইকোর্টলে গৈ বিবাহ বিচ্ছেদৰ আইনৰ কামখিনি কৰিলে। তাৰ পাছত হাওৰালৈ গৈ তেওঁক বিদায় দি আহিল। তেওঁলােকৰ অন্য কোনাে সংঘাত হােৱা নাছিল। কিয়নাে প্রিয়মৰ ভায়েক কৈলাশ পেটেল যাদবপু্ বিশ্ববিদ্যালয়ত পঢ়ি থাকোতে ভূপেন হাজৰিকাৰ লগতে আছিল। পাছত ভনীয়েক ৰুবীক (স্তুতি পেটেল) তেওঁলৈ বিয়া দিছিল। ১৯৬৩ চনৰ পৰা ১৯৬৫ চনলৈ ভূপেন হাজৰিকাই চলচ্চিত্রত সংগীতৰ কাম কৰিছিল। তেওঁ সর্বেশ্বৰ চক্রবর্তী পৰিচালিত অসমীয়া চলচ্চিত্র মণিৰাম দেৱানতাে সংগীত পৰিচালনা কৰিছিল। বিবাহ বিচ্ছেদৰ পাছত তেওঁক কলকাতাৰ সমাজখনে সামাজিকভাবে বাদ দিছিল। তেওঁৰ তালৈ আগতে অহা দম্পতীবােৰে অহা বন্ধ কৰিছিল। পার্টিলে তেওঁক নমতা হৈছিল। এই অলকশৰীয়া সময়খিনিত তেওঁ সুৰাৰ সংগী হৈ পৰিছিল। কেতিয়াবা ৰাতি ঘৰলৈয়ে নাহিছিল। গুৱাহাটীৰ ঘৰখনেও মৰি মৰি জীয়াই আছিল। মাকৰ পেৰালাইছিছ হৈছিল, ভায়েক ৰানাই পৰীক্ষাত অসফল হৈ হতাশাত ভুগি আছিল। ভায়েক অমৰ হাজৰিকাই যক্ষ্মাত ভুগিছিল। ভূপেন হাজৰিকাইও ঘৰখনলৈ আহি দুই-এদিন থাকি সঞ্জীৱনী দিব পৰা সম্ভব নাছিল, কাৰণ পইচা নাপালেও তেওঁ অসম বা বংগত গাঁৱে-ভূঞে গান গাব লাগিছিল। তাৰ মাজতে তেওঁ প্রবীণ হাজৰিকাক বিয়া পাতি দি আফ্রিকালৈ পঠাইছিল, নৃপেন হাজৰিকাক লাইব্রেৰী চায়েন্স পঢ়াইছিল। সমৰ হাজৰিকাক কলকাতালৈ নি অটোমােবাইল ইঞ্জিনীয়াৰুং পঢ়াইছিল (কিন্তু নক্সালীসকলৰ ৰেগিঙৰ কাৰণে তেওঁ গুচি আহিব লগা হৈছিল)। ১৯৬৩ চনত ডিচেম্বৰ মাহত ভূপেন হাজৰিকাই জ্যোতিপ্ৰসাদৰ ভাতৃ দেৱপ্ৰসাদ আগৰৱালাৰ চাহ বাগিছালৈ গৈছিল। তাক কেন্দ্র কৰি তেওঁ গহপুৰ, কলবাৰী, বৰাচুক, ঢলপুৰ, নাৰায়ণপুৰ, বিহপুৰীয়া আৰু শেষত উত্তৰ লক্ষীমপুৰলৈকে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিছিল। তাৰ পাছত দৰং জিলাৰ পূব ভৰালী, বৰপেটা, মঙলদৈ, শালা, ওদালগুৰি আদিত গান গাইছিল। বিখ্যাত অসমীয়া চাহ খেতিয়ক হেমেন বৰুৱাই যােৰহাটলৈ নিমন্ত্রণ কৰিছিল,বৰাচলি ক্লাৱ, ভূঞাখাট, শালকাঠনী মকবং, গটঙা, সাপেখাতী, তিতাবব, সােণাৰী আৰু ৰাজগড়ত গান গাইছিল। ১৯৬৩ চনত অসম সাহিত্য সভাৰ ৩১ তম্ নাজিৰা অধিৱেশনত ভূপেন হাজৰিকা সংগীত শাখাৰ সভাপতি মনােনীত হৈছিল। ১৯৬৪ চনব ১৭ জানুৱাবীৰ শিল্পী দিৱসত হাজৰিকা তিনিখন অনুষ্ঠানত উপস্থিত আছিল বৰপেটাৰ প্রগতি, গুবাহাটী মালিগাৱৰ ৰুপজ্যোতি আৰু গুৱাহাটীৰ মধুচয়নিকাই উদ্যাপন কৰা কটন কলেজ ইউনিয়ন হলত। ফেব্ৰুৱাৰী মাহত প্রতিধ্বনি’ চলচ্চিত্ৰৰ কাম আৰম্ভ কৰিলে। এপ্রিলত কৰিলে কোন কত লটিঘটি’ৰ কাম। বিহুত গােটেই অসমত গান গালে। ১৯৬৫ চনত তেওঁক বাজনীতিবিদ দুলাল বৰুৱাই যােৰহাটলৈ নিমন্ত্রণ কবি নি ইন্টাব ইউনিভাবচিটি ফেষ্টিভেলত গীত গােবাইছিল আৰু মাননি হিচাপত ৫০০ টকা দিছিল। সেইটোৱে আছিল তেওঁৰ ৰাইজৰ আগত গীত গাই পােৱা প্রথম মাননি। এই টকাই তেওঁত বহুত সহায় কৰিছিল। ১৯৬৬ চনত লক্ষ্মীপূজাৰ দিনা ভূপেন হাজৰিকাৰ দেউতাক নীলকান্ত হাজবিকাই ইহলীলা সম্বৰণ কৰে। অসমৰ প্রাক্তন মুখ্যমন্ত্রী বিষ্ণুৰাম মেধি, বিমলা প্রসাদ চলিহা আদিৰ লগতে হাজাৰ মানুহে আহি তেওঁলােকৰ শােক সন্তপ্ত ঘৰ শুৱনি কৰিছিল।


নাওবৈচা সমষ্টিৰ বিধায়ক


দেউতাক ঢুকুবাৰ পাছত বিষ্ণুপ্ৰসাদ ৰাভাই ভূপেন হাজৰিকাক কৈছিল, “আর্টৰ বিষয়ে চিৰিয়াছ কিবা কৰিবলৈ হলে তই বিধান সভাৰ মজিয়ালৈ যাব লাগিব।” ১৯৬৭ চনত ভূপেন হাজৰিকাই নাওবৈচা সমষ্টিত কংগ্ৰেছৰ প্রার্থীক চৈধ্য হাজাৰ ভােটত হৰুৱাই অসমৰ প্রথম আঞ্চলিক দল জন গণতান্ত্রিক দলৰ সদস্য হিচাপে বিধান সভালৈ নির্বাচিত হয়।(তেওঁৰ ভাষাত Positive Image আৰু Nuisance value)। তেওঁ ১৯৬৭ চনৰ পৰা ১৯৭১ চনলৈ এই সময়ছােৱাৰ বছৰকেইটাৰ তিনিমাহ কাল শিলঙত থাকি বাকী ন টা মাহ অসম-বংগৰ চলচ্চিত্র আৰু গীতৰ কাৰণে ঘূৰি ফুৰিছিল। এটা ফিল্ম ষ্টুডিঅ’, এটা আর্ট গেলেৰী আৰু এটা জাতীয় নাট্যশালা নির্মাণৰ কাৰণে তেওঁ বহুত যুঁজিছিল। বিধায়ক হিচাপে তেওঁ কৰা ডাঙৰ কাম দুটা হল, জ্যোতি চিত্রবন স্টুডিও' নির্মাণৰ আৰম্ভণী আৰু গুৱাহাটীত ৰবীন্দ্র ভবন স্থাপন। বিধায়ক হৈ তেওঁ শ্বিলঙৰ পাইনউদ হােটেলৰ ৩৩ নং কটেজত আছিল। সেইবাৰৰ বিধান সভাত লক্ষ্যধৰ চৌধুৰী, বিষ্ণু প্ৰসাদ ৰাভা আদিও নির্বাচিত হৈছিল। তেওঁ নিজৰ সমষ্টিৰ স্কুল, মথাউৰি আৰু বিজুলি বাতিৰ উন্নতিকৰণৰ কাম কৰিছিল। ১৯৬৮ চনত মাজুলীত বকুল বনব কবি আনন্দ চন্দ্ৰ বৰুৱাই হাজৰিকাক সুধাকণ্ঠ’ উপাধিটো প্ৰদান কৰিছিল। ১৯৬৯ চনত ভুপেন হাজৰিকাই "চিকমিক বিজুলী’ চলচ্চিত্র নির্মাণ। কৰে । ১৯৬৯ চনৰে ২০ আগষ্টত ভূপেন হাজৰিকাৰ গুৰু বিষ্ণুপ্ৰসাদ বাভাই ইহলীলা সম্বৰণ কৰে। ভূপেন হাজৰিকাই প্রথম অসমীয়া অনু আলোচনী বিন্দুৰ সম্পাদনা কৰিছিল ১৯৭০ চনত। এই আলােচনীৰ ৮ টা সংখ্যা প্রকাশ পাইছিল।


ঢাকা মহানগৰীত


১৯৭২ চনত ভূপেন হাজৰিকাই বাংলাদেশৰ ঢাকা মহানগৰীত উপস্থিত হয়। যাত্রা কালত তেওঁ বিমানতে লগ পাইছিল মস্কোৰ বিখ্যাত প্রাভদা বাতৰি কাকতৰ আন্তর্জাতিক সংবাদিক কমৰেড মেঞ্জামিনিক। তেওঁ আহিছিল ইন্দিৰা গান্ধী আৰু ভূট্টোৰ চিমলা চুক্তি বাংলাদেশ আৰু পাকিস্তানৰ জনগণৰ অভিমত লবলৈ। ভূপেন হাজৰিকাই ঢাকা বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিছিল। তাৰ উপৰি বাংলাদেশ টেলিভিশ্বন, বাংলাদেশ গ্রামােফোন কোম্পানী, বাংলাদেশ বােলছবি শিল্প আদিৰ কিছুমান কার্যসূচীত যােগদান কৰিছিল। ঢাকৃাৰ বােলছবি জগতত অসমীয়া অভিনেত্রী মায়া হাজৰিকাৰ বিশিষ্ট আসন দেখা পায় অভিভূত হৈছিল। ঢাকা অনাতাঁৰ কেন্দ্ৰৰ নিমন্ত্রণত ভূপেন হাজৰিকাই গীত পৰিৱেশন কবিছিল। তাত গৈ তেওঁ জানিব পাবিছিল পাকিস্তানী ৰাক্ষসহতে চলােৱা দমন নীতিৰ কথা। সিহতে লেংগুৱেজ চিম্পিফিকেশন কমিটি (ভাষা সবলীকৰণ সমিটি) নামত ৰবীন্দ্রনাথ ঠাকুৰ, শৰৎ চন্দ্র, ইশ্বব চন্দ্র, বংকিম চন্দ্র, বিমান মিশ্র, প্রবােধ সন্যাল, তাৰা, শংকৰ আদিৰ সাহিত্য নিষিদ্ধ কৰিছিল। বঙালী শব্দ দেশাত্মবােধৰ পৰিৱর্তে কওমী, নিহতব পবিরর্তে খুন, মন্ত্রীৰ পৰিৱর্তে যুজিব, বিমানৰ পৰিৱর্তে ইন্তেকাল, আহতৰ পৰিৱর্তে জখম, আক্ৰমণৰ পৰিৱর্তে হামলা আদি উর্দু শব্দ ব্যৱহাৰ কৰাত জোৰ দিছিল। কিন্তু বংগবাসীয়ে তাৰ প্ৰত্যাহ্বান জনাইছিল। ভূপেন হাজৰিকাই বংশদেশলৈ গৈ বঙালী ভাষাৰ জয়জয় ময়ময় অৱস্থা দেখা পাইছিল। ঢাকা টেলিভিশ্বনত সােমাই ভূপেন হাজবিকাই দিল্লী দূৰদর্শনতকৈও বেছি ভাল পাইছিল। তাতে তেওঁ পাকিস্তানী সৈন্যৰ নিষ্ঠুৰতাৰ চিত্র দেখিবলৈ পাইছিল। ২৬ মার্চত (১৯৭১) পাকিস্তানী সৈন্যই ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰবােৰক নৃশংসভাৱে হত্যা কৰিছিল। নিহত নির্দোষী ল'বাবােবৰ শবােব যিবিলাক মানুহক কটিয়াব দিয়া হৈছিল সেই শ কঢ়িওৱা মানুহবােৰকো সিহঁতে নিষ্ঠুবভাবে গুলীয়াই মাবিছিল। মৃত্যুব সতে যুঁজি থকা অবশিষ্টজনবাে বেয়নেটেৰে খুচি খুচি প্রাণ এৰুৱাইছিল। সেয়া প্রত্যক্ষ কৰি পথাৰত ঘাঁহ খাই থকা গৰুও শংকাত পলাইছিল, আকাশত উৰি থকা কাউৰীবােৰে দূৰলৈ উৰি পলাই গৈছিল। ভূপেন হাজৰিকাই দোলা দোলা গীতটো তাত সুন্দৰভাৱে পৰিৱেশন কৰিছিল

হে দোলা, হে দোলা, হে দোলা, হে দোলা,
একা-বেঁকা বাটেৰে কঢ়িয়াওঁ কঢ়িয়াওঁ হে দোলা।..
বৰ বৰ মানুহৰ দোলা
আপােন কৰিলোঁ বনুৱাৰ জীৱনক দেহা
ভাগবাই তােলা, হে’ ভােলা।
হেইয়া না, হেইয়া না, হেইয়া না হেইয়া।
দোলাৰ ভিতৰত তিৰবিৰ কৰিছে।
চহকী পাটৰে পাগ ঘনে ঘনে দেখিছোঁ
লৰচৰ কৰিছে শুকুলা চোঁৱৰৰ আগ।
মােৰহে ল'ৰাটিক এইবাৰ বিহুতে


কল্পনা লাজমীৰ সংযােগ


১৯৭২ চনৰ পৰা কল্পনা লাজমীয়ে ভূপেন হাজৰিকাৰ গতি পথত প্রভাব পেলাই। তেতিয়া কল্পনা লাজমীৰ বয়স আছিল মাত্র ১৭ বছৰ। কল্পনা লাজমী হল বিখ্যাত পৰিচালক শ্যাম বেনেগালৰ ভাগিনীয়েক। এই পৰিচালকগৰাকীৰ লগত কল্পনাই সহকাৰী পৰিচালিকা হিচাপে কাম কৰিছিল। সেই সময়ত ভূপেন হাজৰিকা আর্থিক সংকটত পবিছিল। মানসিকভাবেও তেওঁ দুর্বল হৈছিল। সেই সময়তে কল্পনা লাজমীয়ে ভূপেন হাজৰিকাক সংগ দি জীপাল কৰি তুলিছিল। কল্পনা লাজমীৰ সহযােগত হাজৰিকাই সংগীত পৰিচালনা কৰিছিল ব'দালি, দমন, দৰমিয়া আৰু এক পল চলচ্চিত্র। লাজমীৰ সৈতে হাজৰিকাই যুটীয়াভাৱে নিৰ্মাণ কৰিছিল লােহিত কিনাবে নামৰ হিন্দী ধাৰাবাহিকখন। অনুৰাধা শৰ্মা পূজাৰীৰ ভাষাত তেতিয়ালৈকে ভূপেন হাজৰিকা সুউচ্চ খ্যাতি যশস্যাৰ গম্বুজত বহি থাকিও নিজক চম্ভালি যাবলৈ দিশহাৰা । আত্মীয়-স্বজনক তেওঁ নানা সময়ত সহায় কৰি গৈছে। প্রত্যেকৰে নিজৰ সংসাৰআছে।ভূপেন হাজৰিকাৰ। দৰে বলীয়া বতাহজাক চ্তালিবলৈ আপােন মানুহবােৰেও প্রকৃততে চেষ্টাই নকৰিলে। তেওঁৰ জীৱনৰ নাটকীয় সংঘাত, তেওঁৰ সংস্পৰ্শত থকা সমগ্র বিশ্বৰ যশস্বী মানুহবােৰে ৰাজনীতি, শিল্পকলা, সংগীত, সাহিত্য প্রতিভা সকলাে একেলগে হাতৰ মুঠিত লৈ সমানে কাম কবি যারা, ভূপেন হাজৰিকা নামব এই প্রচণ্ড ধুমুহাক গতিলৈ আনিবলৈ উপযুক্ত মানুহ কোনাে আগবাটি নাহিল। কল্পনা লাজমী আহিছিল প্রথমে ছবি কৰিবলৈহে। ভূপেন হাজৰিকাক একান্তভাবে সকলাে সময়তে তেওঁ সহায় কৰিছিল। কল্পনা লাজমী সকলাে সময়তে ভূপেন হাজৰিকাৰ অপৰিহাৰ্য হৈ উঠিল। কল্পনা লাজমী ভূপেন হাজৰিকাৰ ভাৰসাম্য হৈ পৰিল। অবিবাহিত কল্পনাই বহু কিবাকিবি কৰিব পাবিলেহেঁতেন। তাৰ আগেয়ে মুম্বাইত তেওঁ কাম কৰি আছিল। কল্পনাই সাগৰৰ পাল ছিগি যােৱা নাওখন নিয়ন্ত্রণ কবিলে টৌত চূর্ণ-বিচূর্ণ হৈ যােবাব পৰা।” (বিশ্বনাগৰিক ভূপেন হাজৰিকা, পৃষ্ঠা ৫৮-৫৯) ১৯৭২ চনৰ ১৪ ফেব্ৰুৱাৰীত বার্লিনত অনুষ্ঠিত আন্তর্জাতিক সংগীত সন্মিলনত ভূপেন হাজৰিকাই যােগদান কবে। ১৯৭৩ চনত নির্মাণ কৰা ‘আত্মাৰামৰ আৰােপ কথাছবিৰ সুৰকাৰ আছিল ভূপেন হাজৰিকা।


বার্লিনৰ আন্তর্জাতিক সংগীত সন্মিলনত


আন্তর্জাতিক ৰাজনৈতিক সংগীত সমিতিৰ নিমন্ত্ৰণত ভূপেন হাজৰিকাই ১৯৭৩ চনৰ ২৩ জুলাইত কলকাতাৰ পৰা বার্লিনলৈ উৰা মাৰিলে। সন্মিলনত তেওঁ বিখ্যাত সাংস্কৃতিক নেতাবােবক লগ পাইছিল। বিভিন্ন দেশৰ সহস্রাধিক সৌন্দর্যবােধৰ লগতে শাস্তি আৰু প্ৰগতিৰ আকাংক্ষাৰ সুন্দৰ প্রকাশ দেখি মন ভবি গৈছিল। তেওঁ লগ পােৱা বিখ্যাত ব্যক্তিসকল হল কানাডা পেৰা ফ্রিডমান, গিনিব মহিলা শিল্পী মিৰিয়াম মকেৰা, আমেৰিকাৰ উনি ৰীড, হাংগেৰীৰ এগনেচ, পর্তুগালৰ চিলিয়া, কানাডাৰ লিখক জেক উইণ্টাৰ, পশ্চিম জার্মানীর ডেইমলাৰ। এই ব্যক্তিসকলৰ লগত ৰেডিঅ', টেলিভিশন আৰু ফিল্মত গীতৰ কাৰ্যসূচীত অংশগ্রহণ কবি মস্কো হৈ উভতে। 


লণ্ডন ভ্রমণ - ১৯৭৮


২২ আগষ্টত হাজৰিকাই কলকাতাৰ দমদম এয়াবপাের্টব পবা লণ্ডন অভিমুখে যাত্রা কৰও। ২৩ তাৰিখে লণ্ডনৰ হিফ্র বিমান বন্দৰত নমাৰ লগে। লগে তেওঁক চেনাই মই যাও দেই’ গীতেৰে জনপ্রীয় হােৱা লণ্ডনত বাস কৰা কমল হাজৰিকা, তেওঁৰ পত্নী প্রথম অসমীয়া মহিলা পাইলট দিবা হাজৰিকা, ভাতৃ প্রবীণ হাজবিকা, ভাইবােবাবী তৃষ্ণা আদিয়ে আদৰি লৈ গৈছিল। ২৪ তাৰিখে তেওঁক বেংগলী ইনষ্টিটিউটৰ পৰা বলেন দাসে লৈ গৈ ৰেডিঅ' লণ্ডনত ২৫ মিনিটৰ ইংৰজী ভাষাত ইন্টাৰভিউ এটা লৈছিল। ২৫ আগষ্টত হাজৰিকাই বালিপাবাব অভিযন্তা তরুণ দাসৰ ঘৰত আতিথ্য গ্রহণ কৰে। ২৬ তাবিখে লণ্ডনব মহাত্মা গান্ধী হলত তেওঁক সম্বর্ধনা জনােরা হয়। তাত তেওঁ গীত পৰিৱেশন কৰে । ২৯ তাৰিখে হাজৰিকা কেমব্রিজ বিশ্ববিদ্যালয়ৰ চৌহদত থকা ট্রিনিটি কলেজ অব মিউজিকলৈ যায়। য'ত জ্যোতিপ্ৰসাদ আগৰৱালাই শিক্ষা লাভ কৰিছিল। ২ ছেপ্টেম্ববত স্কটলেগুৰ গ্লাছগােৰ বংগ সংস্কৃতি পৰিষদৰ নিমন্ত্ৰণত গীত পৰিৱেশন কৰে। ৩ ছেপ্টেম্ববত তেওঁ ডঃ অনিমেয দাসব লগত বিখ্যাত কিংছ থিয়েটাৰৰ জুবিক অপেৰা প্রত্যক্ষ কৰে । ৪ ছেপ্টেম্বৰত ডঃ দাসৰ চাণ্ডাৰলেণ্ডলৈ যায়। অঞ্চলটো চমাবেচেট মম, কবিৰায়ৰণ আকুবিজ্ঞানী হামফ্রি ডেভিব ঐতিহাপূর্ণ অঞ্চল। তালৈ গৈ তেওঁৰ তীর্থযাত্রীৰ দৰে ভাব হল। ৬ ছেপ্টেম্ববত হাজৰিকাই এখন মধ্যযুগৰ পৰিবেশ গঢ়ি তােলা হােটেলত নিশাব ভােজন গ্রহণ কৰে। প্রাচীন সামন্ত যুগৰ ৰীতি-নীতি দেখুৱাবলৈ সেই ভােজনালয় পতা হৈছিল। সমগ্র পৃথিৱীৰ পর্যটকসকল তালৈ যায়। তাত তেওঁ পুৰণি ইংলেণ্ডৰ কৃষ্টিৰ উমান পাইছিল। সেই সময়ত অসমৰ বংঘৰত তেনে এখন ভােজনগৃহ পাতি আহােম যুগৰ বীতি-নীতি দেখুরাবব ভাব হৈছিল তেওঁৰ মনত। ৭ ছেপ্টেম্বৰত হাজৰিকাই সন্ধিয়া stratfor upon Avon-ত শ্বেক্সপীয়েৰৰ থিয়েটাৰ চাবলৈ যায়। তাৰ পিছত তেওঁ শ্বেক্সপীয়েৰৰ বাসস্থান চাবলৈ যায়,অসমৰ খেৰ, বাহ, চুকৰিৰে সজা ঘৰ এটাৰ দৰে ৯ ছেপ্টেম্বৰত হাজৰিকাই লণ্ডনৰ বাংলাদেশী মানুহৰ আমন্ত্রণত ঈদ মজলিচত গীত পৰিৱেশন কৰে।

লণ্ডনৰ ট্রাফালগাৰ স্কোৱাৰতঃ

সেইসময়ত গ্রেট বিট্রেইনত বর্ণ বৈষম্াই মুৰ দাঙি উঠিছিল। নেশ্বনেল ফ্রন্ট' নামৰ দল এটাই এছিয়ান মানুহবােবক হত্যা কৰিছিল। তাৰ প্ৰতিবাদত এছিয়া, আফ্রিকা আৰু অন্য সংখ্যালঘু সম্প্রদায়ৰ লােকসকলে বেনাব লৈ ট্রাফালগাৰ স্কোবাবলৈ আহিছিল। এই সমবেত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিছিল লেবাৰ পাৰ্টিৰ চেয়াৰমেন জোন লিষ্টাবে। লিবারেল পার্টি নেতা ডেভিড ষ্টীলে উত্তপ্ত ভাষণ দিছিল। কনজাৰভেটিভ পার্টি নেতা হিউবচিও আহিছিল। আইবিচ নৃত্যআব্ত হৈছিল সভাৰ উদ্দেশ্যক সন্মান জনাই। বাংলাদেশী শিল্পীসকলে মানৱতাৰ গান গাইছিল। লেবাৰ পার্টিৰ নেতা মন্ত্রী মাইকেল ফুটে মঞ্চলৈ আহি ভাবতক প্রতিনিধিত্ব কৰিবলৈ ভূপেন হাজৰিকাৰ নাম ঘােষণা কৰিছিল। ভূপেন হাজবিকা মঞ্চলৈ যােৱাব লগে লগে ভাবতীয় আৰু বাংলাদেশীব লগতে অন্য দর্শকসকলে হাত চাপবি দিছিল। হাজৰিকাইমঞ্চত বিহুগীত—বাগিছাৰ চাকৰি নেলাগে লাহবি; মজদুবব গীত—বাবু বলে কাম কাম, চাহাব বলে ধৰি আন’; স্বৰচিত- অসমীয়াত বুঢ়া লুইত, হিন্দীত 'গংগা বহতী হাে কিউ', বাংলাত ‘গংগা আমাৰ মা গাইছিল। পল ৰছনৰ We are in the same Boat Brothers গােবাব সময়ত সকলাে দর্শকে তেওঁৰ লগত হাত চাপৰিবজাইনাচিবলৈ আৰম্ভ কৰিছিল। শেষত লিবাবেল ডেবিড ষ্টীল, লেবাৰৰ মাইকেল ফুট, কনজাৰভেটিভৰ এম পি হিউ বাঁচিয়ে তেওঁক অভিনন্দন জনাইছিল। বহুতে তেওঁৰ অটোগ্রাফ লৈছিল। উপস্থিত থকা অসমীয়াসকলে। হাতত ধৰি মৰম কৰিছিল। বি বি চিয়ে অভিনন্দন জনাইছিল। লণ্ডনত উপস্থিত থকা ভাৰতৰ চলচ্চিত্র তাৰকা দেবানন্দেও তেওঁক অভিনন্দন জনাই মবমেবে সাবটি ধৰিছিল। নিশা মবডেনলৈ উভতি আহোতে এগৰাকী ব্রিটিছ বুটীয়ে তেওঁক মর্দন কৰিSonny God bless you'বুলি আশীর্বাদ দিছিল।


নিখিল ভাৰত বংগ সন্মিলনত যােগদান আৰু বিদেশ যাত্রা


১৯৭৯ চনৰ ৬ ফেব্রুবাৰীত তিনিচুকীয়াত বহা নিখিল ভাৰত বংগ সাহিত্য সন্মিলনত ভূপেন হাজৰিকা উপস্থিত আছিল। হাজৰিকাই ভাষণ দিছিল অসমীয়া আৰু বঙালী ভাষাৰ পৰস্পৰৰ মাজত সেতু বন্ধনৰ কাৰণে, তাৰ কাৰণে তেওঁ গানাে গাইছিল। সভাত তেওঁৰ বক্তব্য আছিল—“মােৰ মা এজনী ।  প্রতি মানুহৰ মাতৃভাষা প্রত্যেকজনৰে সবাতােকৈ ভাল লাগে। সেই মাতৃভাষাৰ প্রেম মানে এইটো নহয় যে আমি মাতৃভাষাক ঘৃণা করাে।" মই একুবি বছৰ কলিকতাত থাকি তাৰে ভােটাৰ হৈ (অথ্থাৎ নাগরিকত্ব পাইও) ৰবি ঠাকুৰ কোন বা শৰৎচন্দ্ৰৰ বৰ বজাৰত কিবা দোকান আছে নেকি বুলি যদি প্রশ্ন সােধাে তেত্তে বংগ দেশব মানুহৰ কেনে লাগিব?সেয়ে অসমৰ যিসকলে যুগ যুগ ধৰি বসবাস কৰিছে, উশাহ লৈছে, তেওঁলােকেও অসমৰ সাহিত্য-সংস্কৃতি-ভাষাৰ বিষয়ে জানিব লাগে নে নেলাগে এই সভাত সকলােৱে চিন্তা কৰা উচিত। নিখিল ভাৰত বংগ সাহিত্য সন্মিলন তিনিচুকীয়াত হৈছে। অসম সাহিত্য সভাৰ অধিবেশন কলকাতাত হব কিভাবে নেকি? যদি পাবে কেতিয়া হব? মােৰ মাতৃভাষা এটা। যদি সেই মাতৃভাষাৰ উপৰিও আন এটা ভাষা মই শিকি পেলাও তেন্তে ধনী হব কোন ? শিকোতাজন। তাত নিজৰ মাতৃভাষাৰ মহাভাৰত অশুদ্ধ হল নেকি। (দিহিঙে দিপাঙে ২১৫-২১৬ পৃষ্ঠা) এই সভাত অসমীয়া সাহিত্যিক হােমেন বৰগােহাঞি, ডঃ নির্মলপ্রভা বৰদলৈ, গায়ক দিলীপ শৰ্মা আৰু মনীষা হাজৰিকাও উপস্থিত আছিল। বিদেশলৈ ও ১৯৭৯ চনৰ ৮ জুনত হাজৰিকাই কলকাতাৰ পৰা বিমানেৰে বিদেশলৈ যাত্রা কৰে। কেইঘণ্টামানব কাৰণে তেওঁ লণ্ডনত বয়। লণ্ডন এৰি মণ্টিঅলত নামে। তাত তেওঁক বাংলাদেশৰ মােস্তাফা কামাল বাদুদে আদবি দোবাবাল এয়াৰ পাের্টলৈ আনি অন্য এখন প্লেনত অটোৱালৈ পঠাই দিলে। ৯ আগষ্টত হাজৰিকাইলজ এঞ্জেলছ কালিফোর্নিয়াৰ হলীউদৰ ইউনিভার্হেল ষ্টুডিঅ’ প্রত্যক্ষ কৰে। ১৯১৫ চনত আৰম্ভ কৰা ষ্টুডিঅ’টোত শ শ ছবি নির্মাণ কৰা হৈছিল। ১০ আগষ্টত হাজৰিকাই ১৯৫৪ চনত রাল্ট ডিজনিয়ে লছ এঞ্জেলছত স্থাপন কৰা ডিজনিলেগুলৈ যায়। ১৯৫৫ চনৰ ১৭ জুলাইত ডিজনিলেণ্ডৰ কাম সম্পূর্ণ হৈছিল। ৱাল্ড ডিজনিৰ মতে fusaLGIO a, For all children in age and spirit. ১৯৮০ চনত হাজবিকাই জাপানব RO-ON নামৰ প্রতিষ্ঠানব দ্বাবা জাপানলৈ আমন্ত্রিত হৈছিল। প্রায় আঢ়ে মাহে জাপান, আমেৰিকা, কানাডা, ইংলেণ্ড হৈ পুনৰ কলকাতালৈ উভতি আহিছিল। ১৯৮১ চনব ২৬ ছেপ্টেম্ববত তেওঁক থাইলেগুলৈ নিমন্ত্রণ কৰা হয়। থাইলেওুব সংস্কৃতিবলগত আহােম সংস্কৃতিৰ তেওঁবহুত মিল দেখা পাইছিল। এইবছৰৰ ১ অক্টোবৰত তেওঁ আকৌ RO-ON প্রতিষ্ঠানে আমন্ত্রণ জাপানব টকিঅলৈ গৈছিল। তাত তেওঁ প্রফেছৰ ইস্বিদা, প্রফেছব মবিমটো, বিখ্যাত মহিলা কণ্ঠশিল্পী টাকিকা কাটো, গীতিকাব খাবচাকী, চুজুকী, চাতাে আদিব লগত সান্নিধ্য লাভ কৰি বিভিন্ন ঠাইত গীত পৰিবেশন কৰি কানাডা, লণ্ডন, ৰােম, আমেৰিকা হৈ ভাৰতলৈ উভতে। জাপানত তেওঁক পৃথিৱীৰ অন্যতম কণ্ঠ, সুৰশিল্পী আৰু ৰাষ্ট্রদূত হিচাপে সন্মান জনােৱা হৈছিল। আমেরিকা তেওঁ ফ্লবিডাব কাষব আর্লেগ্ডা চহৰলৈ গীত গাবলৈ নিমন্ত্রিত হৈছিল। তাত রাল্ট ডিজনি সংস্থাই নির্মাণ কৰা চি রল্ডলৈ গৈ মানুহে খন্দা সাগবব তললৈ গৈ হাতীতকৈও ডাঙব চার্ক মাছ চাইছিল। তাৰ পিছত এই সংস্থাই নির্মাণ কৰা এপক ট চেন্টাৰ চাইছিল, যত অনাগত ভরিয্যতত মানব সভ্যতা কি হ'ব পাৰে তাৰে নিদর্শন দাঙি ধৰিছিল। বিশ্বৰ বিভিন্ন সভ্যতা তাত দেখুওৱা হৈছিল যদিও ভাৰতৰ কোনাে সভ্যতা তেওঁ দেখা পােবা নাছিল। ভাৰত চৰকাৰৰ লগত বহুবাব লিখা-লিখি কবিও সঠিক উত্তৰ পােৱা নাছিল হেনাে তেওঁলােকে। আমেৰিকাত তেওঁ ভাবতীয় শাস্ত্রীয় সংগীতব আদব দেখা পাইছিল। ইস্কন ব আমেকিন ভক্তসকলে তেতিয়া নিউয়র্কব বাজপথত হবে কৃষ্ণ হবে বাম ভজন গাই আত্মহাৰা হৈ মৃদংগ বজোৱা তেওঁ দেখা পাইছিল। বহু বিশ্ববিদ্যালয়ত ভাৰতীয় সংগীত শিকিবৰ বাবে ভাৰতীয় গুৰু আৰু আমেৰিকান শিষ্যৰ মধুৰ সম্পর্ক গঢ়ি উঠা তেওঁ দেখা পাইছিল। ডেকা আমেৰিকান সংগীতপ্রেমীসকলে বিলাপৰ বাগত গাইছিল, 'হে গণপতি শুবুপতি, গুৰু গণেশ, হে গণপতি গুৰু গণেশ লক্বোদৰ শ্ৰীগজানন হে গণপতি গুৰু গণেশ। এয়া তেওঁলােকে (EAR) নামৰ সংগীতৰ আলােচনীৰ পৰা সংগ্রহ কৰিছিল। ভূপেন্দ্র সংগীত ও ১৯৮১ চনত যােৰহাটত বিষ্ণু-জ্যোতি সংগীত বিদ্যালয়ত বিভূচৰণ বৰুৱাৰ উদ্যোগত বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱস পতা হৈছিল ।


অসম সাহিত্য সভাৰ সভাপতি ভূপেন হাজৰিকা


 ভুপেন হাজৰিকাই ১৯৯৩ চনৰ ৬ ফেব্রুরাবীব পৰা আৰম্ভ হােৱা অসম সাহিত্য সভাৰ ৫৯ তম্ শিৱসাগৰ অধিবেশনত আনুষ্ঠানিকভাবে সভাপতি দায়িত্ব গ্রহণ কৰে। সাহিত্য সভাৰ সভাপতি নির্বাচিত হলে আপুনি প্রথমে কি কৰিব?' বুলি সােধা প্রশ্ন এটাৰ উত্তৰত হাজৰিকাই কৈছিল, প্রথমে মই আমাৰ বুকুৰ আপােন মিচিং, বড়াে, বাভা, কার্বি আদি জনগােষ্ঠীসমূহৰ সৈতে অনুভূতিকভাবে মনৰ কথা পাতিম, পোৱা-নােপােৱাৰ মুকলি আলচ কৰিম, প্রাপ্য সম্মান তথা স্বীকৃতিখিনিৰ বাবে নতুনকৈ কার্যপন্থা হাতত লম। ইয়াৰ পিচত অসমীয়া সাহিত্যৰ বছা বছা দহখন উপন্যাস ভগবতী প্রসাদ ভৱনৰ আলমাৰিকেইটা ভাঙি বাহিবলৈ উলিয়াই নিয়াৰ ব্যবস্থা কবিম। এটা লিটাবেৰী কমপ্লেক্স' কৰিম, য'ত এনেকুৱা এটা ব্যবস্থা থাকিব যাতে কম্পিউটাৰ পদ্ধতিত এটা ৰঙা লাইটৰ চুইচ টিপি দিলেই ওলাইযাব জোনাকী যুগত কিমানজনে লিখিছিল, কি কি লিখিছিল। (সাক্ষাৎ ভুপেন হাজৰিকা বিদ্যুৎ কুমাৰ ভূঞা, পৃষ্ঠা-৪৬-৪৭)। সভাপতিৰ অভিভাষণত আবম্ভণিতে তেওঁ স্বীকাৰ কৰি কৈছিল, ‘পাণ্ডিত্য নিদর্শন থকা ভাষণ দিয়াৰ অভ্যাস আমাৰ নাই। হৃদয়ৰ পৰা গীত বছি অন্তৰৰ সুৰেৰে তিয়াই, কণ্ঠক বাহনবূপে লৈ মানবতাবাদী শ্রােতাৰ হৃদয় স্পর্শ কৰাৰ প্ৰচেষ্টাতে আজীৱন কটোৱা সাংস্কৃতিক বনুৱা বা ৰণুৱাহে মই। অসম সাহিত্য সভাৰ কৰ্তব্য কেনেকুৱা। হেবা উচিত তাক তেওঁ অভিভাষণত এনেদবে কৈছে অসম সাহিত্য সভা কেৱল অসমীয়া সাহিত্য সভা নহৈ ই অসমৰ সাহিত্য সভা হব লাগে। ্গােলিকভাবে যি মাটিভাগ অসমৰ অঞ্চলৰূপে সেই সীমাৰ ভিতৰতে হাথিকা আৰু লুইতকাপী অসমীয়া সাহিত্যক, জীবন্ত উপনৈ হৈ, তজবজীয়া নিজবা হৈ অহােৰাত্ৰি পৰিপুষ্ট কৰা বিভিন্ন ঐতিহ্যপূর্ণ জনজাতীয় ভাষা গােষ্ঠীসমূহ আবু অন্যান্য জনগােষ্ঠীব সাহিত্য কর্মীসকলব বাবেই এই অসম চনাহিত্য সভাৰ মঞ্চ সমান গুৰুত্ব লৈ একেল্লগে বহা, আলচ কৰা, পৰস্পৰক

স-সন্মানে বুজিবলৈ চেষ্টা কবা সুবিশাল মঞ্চ হওক এই মহান সাহিত সভা। উদাৰ দৃষ্টিভংগী হওক এই মননশীল সাহিত্য সভাৰ। যৌথ হওক । ইয়াৰ পৰিকল্পনা। অস্ত্র হওক মানবতাবাদ। লক্ষ্য হওক শাস্তি আৰু সামূহিক কল্যাণ । ভাষণত তেওঁ অসমীয়াক আত্মবিশ্লেষণ কৰিবলৈ আহ্বান জনাইছিল। যুগজয়ী সাহিত্য সৃষ্টিৰ সাধনা নকবা কাৰণে খেদ প্রকাশ কৰিছিল আৰু কিছু হতাশাগ্রস্ত অসমীয়া লােকক হীনমন্যতাই আক্রমণ কৰিছে বুলি আক্ষেপ কবিছিল। তেওঁ ব্রহ্মপুত্র আৰুবৰবাক উপত্যকাৰ জনসাধাৰণৰ মাজত প্ৰতিটো জনগােষ্ঠীৰ প্রতি উদাৰ দৃষ্টিভংগী গ্রহণ কৰি কৈছে, মই আনন্দত কিৰিলি পাৰি উঠিম যদি বড়াে, মিচিং, কার্বি ভাষাত ৰচিত বা বৰাক শ্রীভূমিব কথিত ভাষাৰে লিখা উপন্যাস এখনে জ্ঞানপীঠ, সাহিত্য একাডেমী বা নবেল, সাহিত্য পুৰস্কাৰ পায়। ভাষাটোৰ স্বকীয় বৈশিষ্ট্য অটুট বাখি বিশৃংখলাব পৰা হাত সাবিবলৈ ছাত্র-ছাত্রী আৰু গবেষকৰ বাবে এখন সর্বাধুনিক, সৰ্বাংগীন অভিধান আৰুব্যাকৰণৰ প্ৰয়ােজনীয়তাৰ কথা দোহাৰে। বিভিন্ন থলুৱা গােষ্ঠীৰ লগতে কামৰূপ আৰু মুছলমান সমাজত ব্যৱহৃত শব্দ অভিধান আৰু সাহিত্যত। সামৰিবলৈ তেওঁ লেখক আৰু অভিধান প্রণেতাসকলৰ প্রতি আহ্বান জনায়। অসমীয়া ভাষাৰ ভৱিষ্যতৰ প্ৰতি আশাবাদ পােষণ কৰি কৈছে, উনবিংশ শতিকাত ব্রিটিছ অহাৰ পাছত প্রায় ৩০/৪০ বছৰ ধৰি অসমীয়া ভাষা অসমৰ পবা নির্বাসনত থাকিও জী থাকি আজিৰ অৱস্থা পালেহি, তেন্তে আজি আমাৰ কিছুলােকে অসমীয়া ভাষা-সাহিত্যৰ অস্তিত্ব সম্পর্কে কিয়নাে সন্দিহান হব লাগে। কোনাে সাহিত্য জীয়াই থকাৰ সৈতে ভৌগােলিক বিবাটত্বৰ বৰ বেছি সম্বন্ধ নাই।... সাহিত্যিকসকলৰ দায়িত্বৰ কথা উল্লেখ কবি তেওঁ বিভিন্ন থলুবা গােষ্ঠী, জনজাতি, সম্প্রদায় আদিৰ সমাজ জীবন প্রকাশ কবি সাহিত্যক জনমুখী কৰিবলৈ আহ্বান জনাইছিল।



ভূপেন হাজৰিকাৰ গীতত সমন্বয়ৰ সুগন্ধ


মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে অসমৰ ইমুৰৰ পৰা সিমূৰলৈ। ঘূৰি ভক্তিৰ দোলেৰে যিবৰ অসমৰ গঢ় দিছিল তাত আত্মাহাবা হৈ হাজৰিকাই
তেওঁৰ প্রথম গীতটো ৰচনা কৰিছিল—

কুসুম্বৰ পুত্র শ্ৰীশংকৰ গুৰুৱে ধৰিছিল নামবে তান
নামৰে সুৰতে আনন্দত নাচিছিল পরিত্র ববদোরা থান

নামঘৰ সাজিলা, ৰাইজক থাপিলা একতাৰ আসনৰ আনি
ভাওনা সােণতে বৰগীত সুরা প্রচাবিলা দেববাণী
মােৰ গুৰু ঐ, প্রচাবিলা দেববাণী।

জীৱনৰ দ্বিতীয় গীতটোতে হাজৰিকাই জাতীয় সমন্বয়ৰ গভীৰ চেতনা প্রকাশ কৰিছে

অগ্নিযুগৰ ফিৰিঙতি মই।
নতুন অসম গড়িম

হৰিজন পাহাবী, হিন্দু-মুছলিমৰ বড়,
কোচ, চুটিয়া, কছাৰী,আহােমৰ অন্তব
ভেদি মৌ বােবাম ভেদাভেদৰ প্ৰাচীৰ
ভাঙি সাম্যৰ সৰগ ৰচিম।

...ভূপেন হাজৰিকাই অসমৰ পর্বতে-ভৈয়ামে বাস কৰা থলুৱা লােকসকল আৰু অসমকে মাতৃভূমি বুলি গ্রহণ কৰা নতুন লােকসকলকো অসমীয়া বুলি গ্রহণ কৰে। পৰ্বত-ভৈয়ামৰ সম্পীতি দেখিলে তেওঁ নথৈ আনন্দিত হয়। ভূপেন হাজৰিকাই সদায় পর্বত-ভৈয়ামৰ গীত গাই আহিছে। লােকপ্রিয় বৰদলৈৰ মৃত্যুৰ পিছত আন্তৰিক ভাবে পর্বত-ভৈয়ামৰ সম্প্ৰীতিৰ কাৰণে ডক্টৰ ভূপেন হাজৰিকাৰ দৰে আন কোনাে অসমীয়া নেতাই কেতিয়াও খটা নাই। পর্বত-ভৈয়ামৰ সম্পীতিৰ অবিহনে অসমৰ শ্ৰীহানি হ'ব বুলি আৰু অসমৰ ভবিষ্যত বিপন্ন হ'ব বুলি হাজৰিকাই ভালদৰে জানিছিল—অসমৰ পর্বত আৰু ভৈয়ামৰ ৰাইজ আৰু নেতাসকলে এই গীতবিলাকৰ কাতৰ আহ্বানৰ প্রতি কাণ দিয়া হলে হয়তাে আজিব অসম, অৰুণাচল, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আদিৰ লােকে এতিয়া হিয়া ভুকুৱাবলগীয়া নহ'লহেঁতেন’ (ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ—ডঃ দিলীপ দত্ত, পৃষ্ঠা- ১৯৮-১৯৯) হাজবিকাই বিভিন্ন জাতি-উপজাতিৰ সমন্বয়তহে অসমীয়া জাতি সংস্কৃতি সৃষ্টি হৈছে বুলি অনুভৱ কৰে। তেওঁৰ ভাষাত বিশাল ব্রহ্মপুত্র হল মহামিলনৰ তীর্থ। এই ব্ৰহ্মপুত্ৰৰ পাৰত কন্যাকৰ পৰা অহা বংশত জন্মলাভ কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মৰুৰ দেশৰ আজান ফকীৰ, দিল্লীৰ শিল্পী দিলরাব, পঞ্চনন্দীব তেগবাহাদুৰ, দূৰৈৰ (তাই- মংগােলীয়) লাচিত, কিতপুত্র বিষ্ণুপ্ৰসাদ ৰাভা আৰু পদ্মা নদীৰ দুর্যোগে খেদি পঠোবা লােকসকলৰ মিলনৰ জ্যোতি প্রবাহ হৈ পাতকীৰ চক্রান্তক ওফৰাইব্রহ্মাপুত্রত সমন্বয়ৰ সেতু গঢ়ে। ১৯৬১ চনত অৰুণাচলৰ আলঙলৈ যাওতে হাজৰিকাই ‘চিয়াঙৰে গালঙ...' শীর্ষক গীত এটা ৰচনা কৰিছিল। গীতটোত আপাটনী ভনীটিৰ আতিথ্যৰ গাঢ়তা আৰু মনপা ককাইটিৰ বুদ্ধৰ মুর্তিৰ উপহাবে যুগ যুগৰ পাহাৰ-ভৈয়ামৰ মিতিৰালিৰ ধ্বজা উৰাইছে। চেবদুকপেন, টংচা অকা আৰু বৰীয়ে তাত চেনেহ এনাজৰীৰে বাটি কাঢ়িছে। ১৯৬৬ চনত ৰচনা কৰা বাপ সীমান্ত... শীর্ষক গীতটোতও ভৈয়ামৰ লগত পাহাৰৰ সমন্বয়ৰ কথা বর্ণনা কৰিছে—বৈষ্ণৱ যুগৰ শ্রীবাম আটাই নক্তে নৃপতি ক শবণ দিনবৰাে উত্তৰ নবােত্তম হােবালৈ আঁত বিচাৰি উলিয়াইছে। ১৯৭১ চনত বচনা কবা 'অবুণ কিৰণ... শীর্ষক গীতটোতাে হাজবিকাই সমন্বয়ৰ মহত্ব ফুটাই তুলিছিল। নগা পাহাৰ আৰু অসমৰ যুগ যুগৰ সমন্বয়কে তেওঁ গীতত প্রকাশ কৰিছে, ‘পাহাৰ বগাই আহিল ডালিমীবে জাক' আকু 'আমি দুয়াে পূর্ব ভাৰতীয়ে জীয়া প্রতীক সমন্বয়ৰ...' শীর্ষক গীতেৰে। ১৯৬৪ চনত নির্মাণ কৰা প্রতিধ্বনি চলচ্চিত্রত গােবা হে হে হে ঢােলে ডগৰে...' গীতত তেওঁ সেই একে সমন্বয়ৰ সুবে ব্যক্ত কৰিছে, চেৰাপুঞ্জীৰ ভিজা আকাশৰ উদাৰ মেঘে বাৰিষা ৰূপেৰে লুইতক সাবটি ধবে, শুৱালকুছিব সােণালী মুগাৰ জেইনছেম পিন্ধে গাভৰুৱে আৰু তাৰ সৰল গছৰ ধূপকাঠে ভৈয়ামত সুগন্ধি সুবাহ বিলায়, ব্রেই আৰু জোনে শাৰদী নিশা একে জোনাক ঢালে, পাহাবত দিনে-বাতি মাটি কটা খাচী কৃষকক ভৈয়ামৰ হেজাৰ বংমনে আঁকোবালি ধবে। হাজবিকাই খাচীৰ উব্লেইক ভগৱান শিৱৰ লগত তুলনা কৰিছে। আমাৰ কৃষণগবখীয়াব বাহী আবু খারচী গবখীয়াৰ শ্বাবতিৰ সুব একে, কিয়নাে দুয়ােটা বাঁহৰে বাঁহী। বােলাে অ মিচিং ডেকাটি’ শীর্ষক গীতত হাজৰিকাই সমন্বয়ৰ সুঘ্রাণ বিলাই শেষত উল্লেখ কৰিছে, জংকি পানেই মিচিং সমাজ/ নিজেই দিচাং। আবুং হৈ/অসমীয়াৰে বৰ লুইতৰ সোঁতটি বঢ়াব মৰমৰহে এই যুগটি। হাজৰিকাই বহুগীতত কার্বি (বংবং আৰুৰংপি কতজনে/আমাৰ বুকুত সারটি সপােন বহন সানে) বড়াে-বাভা (বড়াে, ৰাভা, মিচিঙৰ/ ৰূপ-ৰসে ভৰপূৰ -জীয়া আমাৰ ভাষাৰ, বড়ােৰ ভাষাবে বৰ মানে বতাহ) আদি জনগােষ্ঠীব প্রসংগ টানি তেওঁলােকৰ প্রতি সহৃদয়তা প্রকাশ কৰিছে। হাজৰিকাৰ গানৰ অন্য এটা বৈশিষ্ট্য হল তেওঁ যি জনগােষ্ঠীৰ বাবে গীত ৰচনা কৰে, গীতত সেই জনগােষ্ঠীৰ নির্বাচিত শব্দ প্রয়ােগ কৰে। । হাজৰিকাইচাহ জনগােষ্ঠীৰ বিষয়েও বহুত গীত ৰচনা কৰিছে, ৰূপচী নৈব পাবেদি কোন চাওতালী গাভৰু যায়', জনকপুৰ্ব জানকীয়ে মিচিক- মাচাক হাঁহে’, আশ্বিন মাসে দুর্গা পূজা' আদি। হিন্দু-মুছলমানৰ সমন্বয়ৰ ঐতিহ্যব কথাও হাজৰিকাৰ গীতত প্রকাশ পাইছে,- মহাত্মা হাসি জিকিব বচিলে', 'বমজানৰে বােজা গল ওলাল ঈদৰ জোন', শ্বমা থাকিলে জৰুৰ জৰৰ পৰােবানা যে আহিবই আদি। এইবােৰৰ উপৰিও হাজৰিকা ৰচিত সমন্বয়ৰ আৰু বহু গীত আছে। গতিকে ক'ব পাবি, ভূপেন হাজৰিকাই বর্ণিল গীতেৰে ব্ৰহ্মপুত্ৰৰ দুয়ােপাৰে যি সমন্বয়ৰ বৃক্ষৰােপণ কৰিলে সেয়া যুগ-যুগলৈ বৰ্তি থাকিব।


(আগলৈ)

 


Post a Comment

0 Comments