আলি-আ:য়ে লৃগাং

আলি-আ:য়ে লৃগাং

----------------------------
১/ শীতৰ ইতি পৰা লৃগাং ৰাতি
কুঁৱলী ফালি ভাঁহি আহে
নুৰীয়াই থোৱা ৰাগ অই-নি:তম,

ফাগুনৰ প্ৰথম বুধবাৰ
লৃগাং উৎসৱৰ উষ্ম আদৰণি,
লৃগাং আকৌ এনেকৈ,, বিদাই মাগে, মিছিঙৰ হিয়াৰ আমঠো অক্ষুণ্ণ থাকে,আলি মানে কাঠ- আলু,আ:য়ে মানে- ফল
লৃগাং মানে- ৰোপণকৰা।

২/ কুহুমীয়া পানীৰে নিগৰি অহা প:দনৰ টোপ-টোপ টোপাল
নাম তাৰ-প:ৰ আপং (ছাইমদ)
চালনীৰ ফুটা দি সৰকিব
জুলীয়া গাখীৰ গুলপীয়া
নাম তাৰ-নগজিন আপং (লাওপানী)
তৰা পাতত সিজোৱা ভাত, বৰা চাউলৰ গুড়ি
নাম তাৰ-পুৰাং আপিন
(টোপোলা ভাত)

৩/ গুমৰাগ চ:মানৰ উপচি পৰা
প্ৰেমৰ পিয়লা বাটি 
পৰম্পৰাগত অহৰহ ৰজিতা খুৱাই,,
তৰা ফুলৰ এগে-গাচৰ
উমলগা মিবুৰ গালুগ 
য়া:মে-মৃমবৃৰৰ আচিন আয়াং বিজড়িত
শীতৰ এয়াই অনুভূত আলি আই:য়ে লৃগাঙৰ 
উৎসৱ।

৪/ লৃগাং চালে নহব-গুমৰাগ নাচিবই লাগিব
ঢোল বজালে নহ'ব-অই-নি:তম গাবই
লাগিব
খেতি চহালে নহ'ব-
ধান সিঁচিবই লাগিব
আয়াং দিলে নহ'ব-
ফাগুনত বিয়া হ'বই লাগিব।
--------+++------------
       অনুজ য়েইন
       দিচাং মুখ-লিগিৰি বাৰী গাওঁ।৪/০২/২০২১

Post a Comment

0 Comments