আপোনাৰ ম'বাইলত দুটা whatsapp কিদৰে চলাব ইয়াত জানক


আপোনাৰ ম'বাইলত দুটা whatsapp কিদৰে চলাব ইয়াত জানক 


আপোনাৰ ম'বাইলত দুটা whatsapp  চলাবলৈ হলে প্ৰথমে আপোনাৰ মবাইলৰ ছেটিংছত যাওঁক । ছেটিংছত গলে আপুনি পোনপটিয়াকৈ  App setting পাব পাৰে অথবা advance feature নতুবা advanced setting পাব পাৰে । 


আপুনি যদি App setting পাইছে তেন্তে এই App settingত সোমাই Dual whatsapp messengerটো দুটা কৰাৰ ব্যৱস্থা পাব । কিন্তু আপুনি যদি App setting  নাপাই তেন্তে advanced setting বা advance feature পাব । ( আপোনাৰ মবাইলৰ setting সদায় আপোনাৰ মবাইলটোৰ কোম্পানীটোৰ নিৰ্ধাৰিত কৰি ৰখা ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে ।)


এতিয়া যদি মবাইলৰ ছেটিংচত পোনে পোনে App setting নাপাই তেন্তে
আপুনি মবাইলটোৰ ছেটিংচত advanced setting বা advance feature পাব তেতিয়া আপুনি তাত ক্লিক কৰিব তেতিয়া আপুনি নিশ্চিত বাবে  App setting পাব ।


যেতিয়া আপুনি App setting  পাব তেতিয়া আপুনি App setting ত ক্লিক কৰিব ।

ইয়াত দেখিব যে আপুনি ভিন্ন Appক Dual বা দুটা কৰাৰ ব্যৱস্থা পাব । 


এতিয়া আপুনি  whatsappক দুটা whatsapp কৰিবলৈ আপুনি হোৱাটচএপ'ৰ সন্মুখৰ বুটামটো অন কৰিব ।


আপুনি দেখিব অন বুটামটো ক্লিক কৰাৰ লগে লগে, দ্বিতীয় হোৱাটছএপ্প ইনষ্টল হয় যাব । 


মন কৰিব যে দ্বিতীয় হোৱাটচএপ'ৰ ল'গ'ত  এটা কমলা ডট  দেখা পাব ।

এতিয়া আপোনাৰ দ্বিতীয় নম্বৰটো আপোনাৰ নতুনকৈ ইনষ্টল হোৱা দ্বিতীয়  হোৱাটচএপ্পত দিব আৰু সহজে  2 টা হোৱাটচএপ আপোনাৰ মবাইলত ব্যৱহাৰ কৰিব পাৰিব । 

Post a Comment

0 Comments