WhatsAppত অহা কৰোনা ভাইৰাচ সম্পৰ্কীয় নিউজ সমুহ সচা নে মিছা কেনেকৈ জানিব


corona viruse সম্পৰ্কে ভাৰতীয় মানুহৰ মাজত বহুত কিছু ভুল তথ্য সম্প্ৰসাৰিত হোৱা দেখা গৈছে । আৰু এনেদৰে মিছা তথ্য সম্প্ৰসাৰনৰ আটাইতকৈ সহজ মাধ্যম হৈ পৰিছে WhatsApp । যাৰ বাবে কেতিয়াবা সমাজত  এনেবোৰ উৰাবাতৰিয়ে সমাজত আতংক সৃষ্টি কৰাওঁ দেখা গৈছে । কিন্তু এই সকলোবোৰৰ মাজতে বৰ্তমান এটা ভাল খবৰ সকলোৰে বাবে এইটোৱেই আহিছে যে এতিয়াৰ পৰা এই WhatsApp ৰ উৰাবাতৰি বোৰৰ  fact check বা খবৰটোৰ সত্যাসত্য পৰীক্ষা কৰিব পাৰিব অতি সহজে । কাৰন এতিয়াৰ পৰা বিশ্বৰ অতিকৈ Fact checking network IFCN এ WhatsApp ত fact checkingৰ হিন্দী সংস্কৰনো আৰম্ভ কৰিছে । তাৰ পৰিৱৰ্তে ইয়াৰ আগতে IFCNএ কোনো ধৰনৰ হিন্দী ভাষাত অহা WhatsAppৰ বাতৰি বা উৰা বাতৰি  fact check কৰা নাছিল । কিন্তু এতিয়াৰ পৰা IFCN এ  fact checkingৰ হিন্দী সংস্কৰন আৰম্ভ কৰাৰ লগে লগে এই সংস্থাটোৱে যিকোনো হিন্দী ভাষাত অহা WhatsAppৰ উৰাবাতৰি সমুহৰ  fact check বা খবৰটোৰ সত্যা সত্য  কৰি পৰক্ষা কৰি চাই দিব ।

লক্ষনীয়া যে এতিয়াৰ পৰা  এই websiteৰ সহায়ত WhatsApp ব্যবহাৰকাৰীয়ে Covid 19 সম্পৰ্কিত সকলো উৰাবাতৰিৰ  fact check কৰিব পাৰিব । আৰু আপুনি জানি ভাল পাব যে এই websiteত Covid 19 ৰ বাবে special section আছে যাৰ বাবে Covid 19 সম্পৰ্কত যিকোনো বাতৰিৰ  fact check আপুনি instantly কৰিব পাৰিব  । আপুনাক জনাই দিওঁ যে এইক্ষেত্ৰত IFCN এ  ভাৰতৰ ১১ টা Fact checking ৰ গ্ৰুপৰ লগত চুক্তি কৰিছে যাৰ দ্বাৰা এই groups টোৱে হিন্দীত Covid 19 ৰ  fact check তথ্য সমুহ সদায় প্ৰকাশ কৰি দিব । লক্ষনীয় যে IFCN এ সমগ্ৰ বিশ্বত বৰ্তমান পৰ্যন্ত কৰোনা ভাইৰাচত সম্পৰ্কত প্ৰায় 6,600 টা উৰা বাতৰিৰ  fact check বা সত্যাসত্যতা  সকলোৰে আগত দাঙি ধৰিছে ।

গতিকে এই ক্ষেত্ৰত আপুনিওঁ যদি যিকোনো কভিড ১৯ৰ উৰাবাতৰিৰ সম্পৰ্কত  Fact check কৰিব বিচাৰে তেন্তে আপুনি WhatsAppৰ +1(727) 2912606 নম্বৰত WhatsApp কৰি কথা পাতিব পাৰিব ।  তাৰ বাবে হিন্দীত কথা পাতিবৰ বাবে আপুনি প্ৰথম 'নমস্তে' বুলি টাইপ কৰিব লাগিব তেতিয়াহে আপুনি তেওঁলোকৰ লগত হিন্দীত কথা পাৰিব ।


গতিকে এতিয়াৰ পৰা এনেদৰে আপুনি যদি বিচাৰে তেন্তে এনেদৰে WhatsAppৰ যিকোনো সন্দেহযুক্ত বাতৰিক আপুনি সত্যাসত্য নিৰুপন বা  fact check কৰিব পাৰিব ।

Post a Comment

0 Comments