আপুনি যদি Android স্মাৰ্টফোন ব্যৱহাৰকাৰী হয় তেন্তে এই খবৰটো আপোনাৰ বাবে



আপুনি যদি Android স্মাৰ্টফোন ব্যৱহাৰকাৰী হয় তেন্তে এই খবৰটো আপোনাৰ বাবে । আপোনাক জনাই দিওঁ যে Google Play Store ত বহু কিছু দিন আগৰ পৰাই অনেক কিছুমান  application অন্তৰ্ভূক্ত হৈ আহিছে যিবোৰ ভাইৰাচযুক্ত   application হিচাপে চিহ্নিত হৈছে । আৰু এনেবোৰৰ পৰিপেক্ষিতত  Google এ পৰ্যায়ক্ৰমে এই  application বোৰক  তেওঁলোকৰ platform ৰ পৰা suspend বা delete কৰি আহিছে যদিওঁ গুগুলে সম্পুৰ্ণ ৰুপত এই applicationবোৰক গুগুল Play Store ৰ পৰা মুক্ত কৰিব পৰা নাই । আপোনাক জনাই দিওঁ যে কিছু দিন আগতে এটা  প্ৰতিবেদন প্ৰকাশিত হৈছে যে যাৰ মাধ্যমত জনা গৈছে যে চলিত বছৰৰ প্ৰথম মাহৰ পৰা এই ভাইৰাচ যুক্ত  application বোৰৰ সংখ্যা দুগুণ বাঢ়িছে, আৰু এতিয়া ই Android ফোন ব্যৱহাৰকাৰী সকলৰ বাবে সম্পৰ্ণ  উদ্বেগৰ বিষয় হৈ পৰিছে ।
আমি স্মাৰ্টফোন ব্যৱহাৰকাৰী সকলে আমাৰ স্মাৰ্টফোনটোত যেতিয়াই তেতিয়াই যিকোনো ধৰনৰ  application বা অচিনাকী  application ডাউনলোড কৰি ফুৰো । কিন্তু এই কাৰ্যই আমাৰ স্মাৰ্টফোনটো বহুত ক্ষতি কৰি আহিছে লগতে  আমাৰ ব্যক্তিগত ডাটা লিক কৰাৰ আক্ষংখাওঁ লৈ ফুৰিছে ।

Cyber security form ৰ Upstream Systems ৰ নতুন প্ৰতিবেদন অনুসৰি বৰ্তমান snaptube  নামৰ  application টোক  সকলোতকৈ বিপদজ্জনক  application হিচাপে চিহ্নিত কৰা হৈছে । আৰু লক্ষনীয় কথা যে এই applicationটো এতিয়া বিশ্বব্যাপী ৪০ কোটিৰো অধিক লোকে  download কৰি থৈছে ।  আপুনি যদি snaptube  application টোৰ বিষয়ে নাজানে, তেন্তে আমি আপোনাক জনাই দিওঁ যে এই  application টোৰ দ্বাৰা YouTube  সহ অনেক online video streaming  application বোৰত  উপলব্ধ ভিডিও আৰু অডিও বোৰ ডাউনলোড কৰিব পৰা যায়। আৰু  ইয়াৰ ওপৰিওঁ এই  application ৰ মাধ্যমত আপুনি চচিয়েল মেডিয়া platform ফেচবুকৰ পৰাওঁ ভিডিওবোৰ ডাউনলোড কৰিব পৰা যায় । আৰু এই  application টো প্ৰস্তুত কৰিছে চীন দেশৰ এটা সংস্থা Mobiuspace এ ।

  Cyber security form ৰ প্ৰতিবেদন অনুসৰি, snaptube  ৰ মাধ্যমত ব্যৱহাৰকাৰী সকলৰ অজ্ঞাতেই লক্ষ লক্ষ সন্দেহজনক টকাত লেনদেন কৰি থকা হৈছে।  এই  application টোত অনেকবোৰ অ-দৃশ্যমান বিজ্ঞাপন প্ৰদৰ্শিত হৈ থাকে, যিবোৰ স্বয়ংক্ৰিয়ভাবে ক্লিক হৈ যায় । আৰু এই বিজ্ঞাপনবোৰ ব্যৱহাৰকাৰী সকলৰ অজ্ঞাতে বিজ্ঞাপন নেটৱৰ্কৰ ক্লিক তৈয়াৰ হয় থাকে ।  Cyber security form এ আৰু লিখিছে যে , এই  application টোৱে মেক্সিক', ব্ৰাজিল, শ্ৰীলঙ্কা, দক্ষিণ আফ্ৰিকা আৰু মালেচিয়াত অনেক সন্দেহজনক কাৰ্যক্ৰম কৰি থকা চকুত পৰিছে । আৰু বৰ্তমান Cyber security form এ  এই  application ৰ মাধ্যমত হোৱা এই বছৰৰ 32 মিলিয়নৰ বেছি লেনদেনক বেণ্ড কৰিছে বা ৰুদ্ধ কৰিছে।  লগতিকে এনে পৰিপেক্ষিত বৰ্তমান যদিও এই application টো  Google এ  Play Store ৰে তেওঁলোকৰ platform পৰা আতৰোৱা হৈছে যদিওঁ এই  application টো কিন্তু বৰ্তমান third party store বা websiteৰ পৰা download  উপলব্ধ হয় আছে ।

গতিকে  আপোনাৰ স্মাৰ্টফোনটো  যদি এই application টো ভুলবশত সোমাই আছে তেন্তে এতিয়াই এই applicationটো unstall কৰক আৰু আপোনাৰ ফোনটো সুৰক্ষিত ৰাখক । ধন্যবাদ ।


Post a Comment

0 Comments