প্ৰবিন দত্তৰ কবিতা - আজি দুখবোৰ উটোঁৱাই দিম



আজি দুখবোৰ উটোঁৱাই দিম

আজি দুখবোৰ উটোঁৱাই দিম
সুখৰ পানী পতাত
কাগজৰ নাওঁ সাজি জাপি দিম
সমগ্ৰ বিষাদৰ সাঁচতিয়া সম্ভাৰ।

নেলাগে বিষাদ……
য'ত শান্তিৰে সলাব নোৱাৰি
সুখৰ এটি উশাহ।

তুমি দিয়া বেদনাবোৰক 
আজি এবাৰ সমাধিস্থ কৰিম
চিঞৰি চিঞৰি আজি
এবাৰ আকাশক সুধিম……!

কোনটো স্হায়ী …
ৰাতিনে দিন
জোনাক নে আঁঊসী………?

হ'লেও আজি……
দুখৰ পাগলাদিয়াত
সুখৰ  সাকোঁ সাজিম
এদিনৰ বাবে হ'লেও সুখৰ 
উদযাপন কৰিম।

বুকুৰ বেবিলনত
দুখৰ শিলেৰেই সুখৰ পিৰামিড সাজিম
তথাপি আজি 
দুখবোৰ উটোঁৱাই দিম………।



প্ৰবীণ দত্ত/শিৱসাগৰ
২৩/০৫/২০২০
ভাম্যভাষ…৯৬৭৮২৩৭৮৬৩

Post a Comment

0 Comments