ধাৰাবাহিক উপন্যাস - কথকতা এক অন্তহীন আৱেগৰ (ষষ্ঠ খণ্ড)

কথকতা এক অন্তহীন আৱেগৰ



ষষ্ঠ খণ্ড


আচলতে আমি টাউনত থাকো যদিও ধেমাজি টাউনখন সৰু । চহৰৰ ৰেহ ৰূপ সিমান এটা নাই। হয়তো বানপানী ও অন্যতম কাৰণ হব পাৰে। অৱশ্যে বগীবিল দলং হোৱাৰ পৰা পথৰ ব‍্যস্ততা বহু গুণে বৃদ্ধি পাইছে।  আন্ধাৰ ৰাতি, হাইৱেৰ দুইকাষে পথাৰ। গাড়ীৰ পৰা ওলাই ভাল লাগিল মনটো। দূৰৈৰ পৰা ৰিনিকি ৰিনিকি বাঁহীৰ মাত ভাহি আহিছে। হয়তো মোৰ দৰেই কোনো অভাজনৰ মনৰ বতৰা দিছে সুৰটোৱে‌ .....

আন্ধাৰ ৰাতি নিৰলে বাঁহীৰ সুৰ শুনাৰ মাদকতা অনন‍্য। হোষ্টেলত থাকোঁতে মাজুলীৰ বিকাশে প্ৰায়ে ৰাতি বাঁহী বজাইছিল। কিন্তু সেই সময়ত এই মাদকতা পোৱা নাছিলোঁ। তন্ময় হৈ শুনি ৰৈছো  ! যেন পাৰ্থিৱ জগতৰ পৰা অপাৰ্থিৱ জগতলৈ গতি কৰিছোঁ লাহে লাহে.....

ধাতৱ শব্দ এটা শুনি চক্ খাই উঠিলোঁ। মা ৰ ফোন। গমেই পোৱা নাছিলোঁ কিমান সময় ৰলো এনেকৈ। কাইলৈ যাব ও আছে! ধেৎ! গাড়ী ত বহি ঘৰলৈ বুলি যাত্ৰা কৰিলোঁ।  ভাবিছোঁ..কিয় ইমান ভাবুক হৈ পৰো বাৰু মই!  কাইলৈ চাগৈ বিকাশ ও আহিব চাগৈ । সচাই দেই ,মানুহৰ যে জীৱন!

 হোষ্টেলৰ এৰাৰ পিছত আমি সকলোৱে APSC  ৰ বাবে প্ৰস্তুতি কৰিছিলোঁ। কাৰণ আমাৰ চাকৰি এনেদৰেই হয়। মই এবাৰত পাছ কৰিলোঁ। বিকাশ আৰু প্ৰণয়ে দুবাৰকৈ দিব লগা হৈছিল।  প্ৰণয়, অভিনন্দন মানে অভি আৰু মোৰ পোষ্টিং মাজুলীত হোৱাৰ বিপৰীতে বিকাশৰ আকৌ পোষ্টিং হ'লগৈ তেজপুৰত। কপাল! এতিয়া ইচ্ছা গ'লেও লগ কৰিবলৈ সময়ৰ অভাৱ, ব‍্যস্ততা সকলোৰে। বাকীবোৰৰ নাজানো কিন্তু মাজুলী মূখ্যমন্ত্ৰীৰ সমষ্টি হোৱাৰ বাবে আমাৰ কামৰ হেঁচা বেছি পৰে। এতিয়া এইটো ট্ৰেইনিং ইচ্ছা কৰিলে নকৰিলে হয়‌। পিছে আমি কৰিবলৈ বাধ্য। নতুনকৈ শিকিব লগীয়া বিশেষ একো নাথাকে। কিন্তু উপায় নাই। অৱশ্যে মই বেয়া পোৱা নাই! লগৰ বোৰৰ লগত বহুত দিনৰ মূৰত লগ পাম। হয়তো তাইৰ খবৰো পাম!!

ঘৰ আহি পাওঁতে এঘাৰ বাজিছিল। গাড়ী খন জেৰেজত ভৰাই গেটত তলা লগালো। মূল দৰ্জা বন্ধ কৰি চাবিতো কী হোল্ডাৰত থৈ ৰুমলৈ আহিলোঁ‌ । কাইলৈৰ বাবে ৰেডি কৰা বেগটোৰ বস্তু বোৰ আকৌ চালোঁ। থিকে আছে।  লাহেকৈ বিছনাত বাগৰ দিলোঁ। মাই বিছনা পাৰি থৈছিল। লাইট বন্ধ কৰি চকু জপালো। ভাগৰ লগাৰ বাবে চাগৈ চকু টানি আছিল।


এলাৰ্মৰ শব্দত সাৰ পালোঁ। বহুত দিনৰ মূৰত ভাল টোপনি আহিল কালি। গা ধুই আহো মানে পাচঁ বাজিল। মা সোনকালেই উঠি ভাল বহাই দিলে। পুৱাই ভাত খাবলৈ বেয়া পাওঁ মই। হলেও বাৰ ঘন্টীয়া যাত্ৰা। খালি পেটত গলে মাৰ চিন্তা হয়। সেয়ে চাহ খাই উঠি  মায়ে বাঢ়ি দিয়া আলু ভাত অলপ নিমখেৰে সানি খাই ল'লো। বিশ্বনাথ চাৰিআলি ত ৰখাব বাৰু , হলেও বাৰটা বাজি যাব। সেয়ে খাই লোৱাটো ভাল। মাক মাত দি পাপা আৰু মই ওলাই আহিলোঁ।  পাপাই হাইৱেৰ কাষত গাড়ী ৰখালে। বাছৰ নম্বৰটো অভিয়ে মেছেজ কৰিছিল গতিকে চিন্তা নাই। অভি জোনাইৰ পৰা আহি আছে।

পাপাক যাব দিলোঁ। মোক ভালদৰে যাবলৈ কৈ পাপা ঘৰলৈ ঘূৰিল। ছয় বাজি পোন্ধৰ মিনিট যাওঁতে বাছখন পালেহি। অভি দ্ৰাইভাৰৰ কাষতে আছিল। বান্দৰ টো! মোক কেছুৱা বুলি ভাবিছে চাগৈ! হাঁহি ওলাল। আচলতে এই যে মৰম, এই সচেতনতা ...এয়াই চাগৈ প্ৰকৃত বন্ধুত্ব।
বাছত উঠি চিটত বহিলোঁ। খিৰিকীৰ কাষত মই বহিলোঁ। সি কাষৰটোত।  ভাল বেয়া খবৰ দুটা মান লৈ  দুয়ো মনে মনে থাকিলোঁ। সি অৰ্ঘালৈ ফোন কৰিলে। অৰ্ঘা আমাৰ লগৰে। অভিৰ প্ৰেমিকা। বিয়াও হব অহা বছৰৰ শেষলৈ। মোৰ হে কাৰো লগত কথা পাতিবলৈ মন যোৱা নাই। পিছে মোৰ মন নগলে বুলি ফোন জানো নাহিব! এয়া প্ৰণয় কলিং.... ৰিছিভ কৰিলোঁ..

:আহিছ নে তহঁত??

:এয়া বৰদলনি পাৰ হলো। কি কৰিছ??

: কি কৰিবি আৰু!শুই আছোঁ। তহঁত আহিছনে নাই খবৰ ললোঁ। দে আহি থাক। মই শো অলপ ।

: থিক আছে দে।

অভিক ইংগিতেৰে প্ৰণয়ে ফোন কৰাৰ কথা ক'লো। সি যিহেতু ব‍্যস্ত, মই ও হেডফোন লগাই গান শুনিবলৈ ধৰিলোঁ। গান শুনি থাকোঁতে টোপনি আহিল। বান্দৰদেৱাত গাড়ী ৰখাওতে হে সাৰ পালোঁ। অভিয়ে নামি গৈ ৰজনীগন্ধা কিনি আনিলে। মানে চিট বদলাবৰ সময় হ'ল। এটা সময়ত অৱশ্যে ময়ো খাইছিলোঁ...পিছে এতিয়া বাদ পৰিল। 
মই দিনত লং জাৰ্নি নকৰোঁ।ভাল নাপাওঁ। উপায় নাই বাবে এতিয়া আহি আছোঁ। আচলতে ৰাতি আহিলে সবফালে ঠাণ্ডা হৈ থাকে তাৰোপৰি গাড়ী মটৰৰ উৎপাতো কম মানে নাই বুলিবলৈ পাৰি। টোপনি মাৰি ভাল লাগে। কিন্তু দিনত! এফালে ৰ'দ, এফালে গাড়ীৰ শব্দ, তাতে আকৌ মাজে মাজে যাম ত ফচা!অসহ্য!  কি কৰিম আৰু...।সবফালে তো সুবিধা নহয়।

বিশ্বনাথ চাৰিআলি পালোহি। ইয়াতে ৰখাই বাছবোৰ। ইহঁতৰ লিংক হোটেল থাকে যে। মই সেইবোৰ ত নাখাও কাৰণ ভাল নবনাই। অভি নামি গল। মই ও নামিলো।  কাষৰ সৰু হোটেল এখনত সোমাই ফ্ৰেছ হৈ ললোঁ। অভিয়ে ভাতৰ অৰ্ডাৰ দিলে।  হোটেল খন সৰু কাৰণে মানুহো কম। মাছৰ আঞ্জা লৈ ভাত খালোঁ। ভাতৰ লগত পাঁচ বিধমান ভাজি , পিতিকা আছিল । মচুৰ ডালি আৰু মাটিমাহ ৰ ডালিও দিছিল। তৃপ্তিৰে ভাত খাই মই চফ অলপ লৈ চকলেট দুটা কিনিলো। আমনি লাগিলে খাম! অভিক নেদেখিলো। চাগৈ ৰজনী কিনিবলৈ গল। অলপ এনেয়ে ঘূৰি ফুৰি বাছত বহিলোঁ। অলপ পাছত অভিও আহিল। সকলো মানুহ উঠাৰ পিছত বাছখনে গতি কৰিলে গুৱাহাটী অভিমুখে...

আগলৈ

Post a Comment

0 Comments