ধাৰাবহিক উপন্যাস - কথকতা এক অন্তহীন আৱেগৰ (পঞ্চম খণ্ড)

কথকতা এক অন্তহীন আৱেগৰ

পঞ্চম খণ্ড

আবেলি সময়ত ছায়া আৰু মই ওলাই গ'লো। ছায়া যিহেতু চৌখিন, সেয়ে সুধিলোঁ কত বজাৰ কৰিব। তাই বিশাল লৈ যাম বুলি ক'লে। একপ্ৰকাৰ ভালে হৈছে এই হাব বা মল বিলাক হোৱাৰ বাবে। অন্ততঃ দোকানে দোকানে ঘূৰি বস্তু বিচাৰিব নালাগে! আমাৰ কাৰণে আৰাম। অৱশ্যে কিছুমানে আকৌ ঘূৰি ভাল পায়! মই টো এনেকুৱাই ভাল পাওঁ.. যত সব বস্তু পোৱা যায়.. কম পৰিমাণে হলেও। 

ছায়াই মেক - আপৰ কিছু সামগ্ৰী কিনিলে। যিবোৰৰ নাম মই নাজানো। অৱশ্যে মই আধুনিকা পছন্দ কৰো যদিও তাই ৰ মেক -আপ বিহীন সৰল মুখখনি হে বিচাৰি ফুৰো সকলোতে.... ভাবি ভাল লাগে!এই যেন আকস্মিক ভাৱে কৰবাত তাইক লগ পাম, তাইৰ ফালে চাই ৰম! প্ৰেম নাই তাইৰ প্ৰতি মোৰ । প্ৰেম আৰু তাই! না না। কব নোৱাৰা কৈ মূৰ টো জোকাৰিলো..

:বেয়া লাগিছে ন!মই ও ভাবিছিলোঁ। 

ছায়াৰ মাতত থতমত খাই উঠিলো যদিও কথাষাৰ ত হয়ভৰ দি মিলাই থলো। মই ও যে। আজিকালি বেছিকৈ অন‍্যমনস্ক হৈ পৰো। 

ছায়ালৈ চালোঁ। তাই চাৰ্ট এটা চাইছে। ছায়াৰ পছন্দ বোৎ ক্লাছি! সৰু সুৰা বস্তুত তাইৰ চকু নপৰে। 

অৱশেষত ছায়াই চুলিত মৰা কিছু জুৱেলাৰী কিনি বজাৰ শেষ কৰিলে। ছায়াই প্ৰায়ে বজাৰ কৰে। বেলেগৰ ওচৰত থকা বস্তুৰ লগত তাইৰ বস্তুৰ মিল থাকিলে তাই কেতিয়াও নিপিন্ধে। তাকে ভাবোঁ কেতিয়াবা... মোক বা তাই কিয় পছন্দ কৰিলে?? 

অ নহয়। ছায়াৰ বজাৰ শেষ হোৱাই নাই। এইবাৰ তাই বিশালৰ কাষতে থকা madam  ৰ শ্ব ৰুমত সোমাল। মই নগলো। তাইও বুজি পালে চাগৈ মই আমনি পালোঁ বুলি। 

গাড়ীত বহিলোঁ। গৰম লাগিছে। এচি চলাইও গৰম উঠিছে। পানী বটলটোৰ পৰা পানী অলপ খাই ললোঁ।আচলতে গাৰ গৰমত কৈ মনৰ জুই য়ে হে দহিছে মোক। আজি ছায়াই ত্ৰিশ হাজাৰ খৰছ কৰিও সন্তুষ্ট হোৱা নাই! কিন্তু তাই... এদিন ৰহিম চাচাই তাইক দহটকীয়া আইনাৰ খাৰু এযোৰ উপহাৰ দিছিল। সেইদিনা তাইৰ মুখৰ পৰা হাঁহি নুগুচাই হৈছিল। মোক কৈছিল, 

: জানে ৰহিম চাচাই মোক উপহাৰ দিছে! আপুনি ..চৰী তুমি হে একো নিদিয়া মোক। 

তাই মোক তুমি বুলি মাতিবলৈ লৈছিল সেই সময়ত। তেতিয়া নুবুজিলো তাইৰ আব্দাৰ আছিল নে হতাশা আছিল সেয়া! কিন্তু এটা কথাত নিশ্চিত মই । তাইৰ ওচৰত সেই খাৰু যোৰ আজিও আছে। ভাঙিলেও  তাই আঠাৰে জোৰা দি হলেও থব। তাইৰ বাবে উপহাৰ এক টকীয়াই হওক বা হাজাৰ টকীয়া, মূল্য একেই থাকিব। কাৰণ তাই আন্তৰিকতাৰ মূল্য বুজিছিল।  কিন্তু তাইক , ইমান পানীৰ দৰে ছোৱালীজনীক সেই সময়ত মই বুজি নাপালোঁ। বিদ্ৰুপৰ হাঁহি এটা বৈ গল ওঁঠেৰে...

: শান্তনু। হেল্প মি য়াৰ! চোৱা না বেগ কেইটা টো ধৰি দিয়া। 

ওলাই গৈ বেগকেইটা তাইৰ হাতৰ পৰা নিজৰ হাতলৈ আনি গাড়ীৰ পিছৰ চিটত ভৰালো। ঘড়ীটোলৈ চালোঁ..আঠ বাজিল। মই টিকট কৰিবলৈও আছে। ধেৎ! ইমান পাহৰিব লাগে নে..

:ছায়া। এটা কাম কৰো দিয়া। তুমি গাড়ীত বহা। মই টিকট বুক কৰো আৰু হেৰি! খাবলৈ কিবা পেকিং কৰি নিও নেকি! কি ভাবা ??

: ইটছ অকে। এনেয়ো মোৰ ভাগৰ লাগিছে। হেৰি কৰা নহলে , বিৰিয়ানি লৈ লোৱা তিনিটা লগতে চিকেন চাওমিন লৈ লবা। 

: থিক আছে । 

মই কাউন্টাৰলৈ যোৱাৰ আগতে z zone ত সোমাই অৰ্ডাৰ টো দিলো। মনত পৰিল তাই ৰোল খাই খুব ভাল পাইছিল। ছোৱালীবোৰে বিশেষকৈ চাওমিন বা ম'ম বেছি ভাল পায় যদিও তাই ৰোল ভাল পাইছিল। ঘৰতেই বনাইছিল। চিকেন নাথাকিলে পূৰ দিবলৈ ছয়াবিন ব‍্যৱহাৰ কৰিছিল। হেপাঁহ টো পুৰাইছিল।

কাউন্টাৰলৈ গৈ থাকোতে অভি ৰ ফোন আহিল। সিও যাব চাগৈ। ৰিছিভ কৰিলোঁ..

: শান্তনু, তই কাইলৈ যাবি বোলে পুৱা??

:অ। এয়া টিকট কৰিব আহিছোঁ। তই কেতিয়া যাবি? প্ৰনয় চাগৈ এতিয়া বাছত।

: মই তেন্তে ভাল সময়তে ফোন কৰিলোঁ তোক। শুন। মই দুটা টিকট কৰো নহলে । একেলগে যাম। কৰিলোৱে দেই ।  ছয় বজাত ওলাই থাকিবি।  নেটৱৰ্ক ৰ বাছ। নংটো কালি দিব । মই কম বাৰু। ৰাখো দে।

: ভালে হল । দে বাই।

ফোন টো কাটি মোৰ অৰ্ডাৰ লৈ গাড়ীৰ ওচৰ পালোঁ। ছায়াই মাক চাগৈ জনাইছে খোৱা বস্তু লৈ যোৱাৰ কথা। বিশেষ কথা বতৰা নাপাতিলো আৰু। ঘৰলৈ ঘূৰি আহিলোঁ। ছায়াক যাবলৈ দি গাড়ীৰ পৰা বস্তবোৰ নমালো। জানো মাক ছায়াই বজাৰবোৰ দেখাব  । খোৱা বস্তু বোৰ ছায়াই লৈ য়ে গৈছে। 

বস্তু বিলাক থৈ মই ৰুমলৈ গলো। গা ধুই আহো মানে মা হতে বজাৰ চাই আজৰি। পাপা সম্ভৱ ঘৰত নাই।  ন বাজিল। মাই খোৱা বস্তুবোৰ সজাই দিলে। আমি তিনিও খাই ললোঁ। দেৰি নকৰি বস্তু বোৰ গাড়ী ত ভৰাই ছায়াক মাতিলো..

:ছায়া , বলা তোমাক থৈ আহো। মই পুৱা সোনকালে উঠিব লাগিব যে আৰু দেৰি নকৰোঁ। 

: থিক আছে। পিছে বস্তু বোৰ আনিবলৈ নাপাহৰিবা। আন্টী যাওঁ । ভাগৰো লাগিছে বহুত। শুলেহে ভাল লাগিব। গুড নাইট আন্টী!

:গুড নাইট ছায়া।  

মই ছায়াক লৈ গাড়ীত বহিলোঁ। ছায়াই লগৰ কাৰোবালৈ ফোন কৰি বজাৰৰ হিচাপ দিয়া আৰম্ভ কৰিলে। মোৰ বাবে আমনিদায়ক যদিও সহ‍্য কৰিলোঁ।  ছায়াৰ ঘৰৰ আগত গাড়ী ৰখাই বস্তুবোৰ নমালো। গাড়ীৰ শব্দত ছায়াৰ মাক দেউতাক ওলাই আহিছিল। সম্ভাষণ জনাই দুই এটা কথা পাতি বিদায় ললোঁ।  ঘৰলৈ ঘূৰি আহোতে মনটো অচিন আৱেগেৰে ভৰি পৰিল।  এনে লাগিছিল  পখীৰ দৰে মুকলি মনেৰে ডেউকা মেলি যেন কৰবালৈ গুছি যাম! ইচ্ছা গৈছে জোনাকী পৰুৱাই পোহৰোৱা পোহৰৰ মেলা চাবলৈ ...লগত ! তাইক লৈ!!

গাড়ীৰ ব্ৰেক মাৰিলোঁ অকস্মাত।  তাই!!! মই তাইক লৈ কিয়??? ছায়া ৰ সলনি তাই কিয়?? মূৰে কাম নকৰা হল মোৰ। অলপ মুকলি বতাহ লবলৈ গাড়ীৰ পৰা নামি আহিলোঁ।

আগলৈ....

Post a Comment

0 Comments