প্ৰবিন দত্তৰ কবিতা - আজি বুদ্ধ আহিব


আজি বুদ্ধ আহিব………


প্ৰবিন দত্ত/ শিৱসাগৰ
০৭/০৫/২০২০

আজি বুদ্ধ আহিব…
চিকিমিকি গধূলি
পূৱ দিগন্তত উদিত হৈ
মিঁচিকিয়াই  হাঁহিব………
এচেৰেঙা জোনাক হৈ
ধৰালৈ নামিব
আকৌ এবাৰ ভাবুক হৈ পৰিব
হিংসাৰ সৌধ ভাঙি
পুনৰ বিলাব আজি পৃথিৱীত
মানৱ আত্মাৰ মুক্তিৰ
সেই  অমৰ বাণী
কিয় পাহৰিছা তুমি……
"অহিংসাই'পৰম ধৰ্ম" বুলি।

Post a Comment

0 Comments