শ্ৰমিক মই বিশ্বৰ খনিকৰ



আজি বিশ্ব শ্ৰমিক দিৱসৰ উপলক্ষে এজন সাধাৰণ শ্ৰমিকৰ উপলব্ধিৰে মোৰ এই অনুভৱক ধৰি ৰখাৰ ক্ষুদ্ৰ প্ৰয়াস…

শ্ৰমিক মই বিশ্বৰ খনিকৰ
======================

শ্ৰমিক মই অনন্ত কালৰ
দুচকুত আঁকি অলেখ সপোন
মইয়ে গঢ়িছো শতাব্দীৰ সভ্যতা
অস্ত্ৰ মোৰ এটি লৌহ হাতুৰী
সাম্যবাদ মোৰ আমোঘ  নীতি।

মইয়েই খনিকৰ
মইয়ে শিল্পী
মইয়েই সেনাপতি
মইয়েই সৈনিক
কৃষক মই অনাদি কালৰ।

মোৰ ৰক্তৰে জীপাল জনতা
নিজে ভোকত থাকি
আনক জীয়াই ৰখাৰ
দূৰ্বাৰ বাসনা।

বাহুত মোৰ অদম্য শক্তি
প্ৰাণত মোৰ অনাবিল ভকতি
ঘাৰ্মোক্ত দেহ মোৰ
কদাপি নৰয় থমকি।

মইয়ে ভাঙো মইয়ে গঢ়ো
সভ্যতাৰ সূৱৰ্ণ জখলা
যি জখলাৰে বগাই
একবিংশ শতিকাৰ
আধুনিক সভ্যতা।

মোৰ বুকত ভৰি দি
তোমালোকে বুটলিছা
য'তমানে মাণিক মুকুতা
গঢ়িছা মুদ্ৰাৰ পাহাৰ
আৰু বিশাল দালান।

অথচ……
নাই মোৰ অলপো বিলাসীতা
যুগ যুগ ধৰি
মইয়ে বঞ্চিত মইয়ে লাঞ্ছিত
মইয়েই হওঁ অৱহেলিত
ভোক মোৰ নহয় নিবাৰণ।

তথাপি………
শ্ৰমিক মই
অনন্ত কালৰ
মইয়ে বিশ্বৰ খনিকৰ।
০০০০০০০০০০০০০০০০০০০০০০
প্ৰবিন দত্ত / শিৱসাগৰ
০১/০৫/২০২০

Post a Comment

0 Comments