ধাৰাবাহিক উপন্যাস - কথকতা এক অন্তহীন আৱেগৰ(দ্বিতীয় অধ্যায়)

কথকতা এক অন্তহীন আৱেগৰ



আগৰ খণ্ডটো পঢ়িবলৈ ইয়াত ক্লিক কৰক

""অহ!কাম অন শান্তনু। তোমাৰ প্লেনটো সফল হ'ল।তাই তোমাক এৰি যাবই। ইমান চিন্তা কিহৰ?""

এৰা!মই কিয় বা ইমান চিন্তা কৰিছোঁ।বুকুখন বা কিয় ইমান ধৰফৰাই আছে! যেন নঘটিবলগীয়া হে কিবা ঘটিছে।নাজানোঁ কিয়।

: ""শান্তনু""  ছায়াৰ মাত।

মই ঘূৰি চালোঁ। সোমাওতে ৰুমটোৰ অৱস্হাটো চকুত পৰা নাছিল। এতিয়া চাওঁতে!   আমি যেনেকৈ এৰিছিলো, তেনেদৰেই আছে। আদিম বাসনাত মত্ত হোৱাৰ চিন বিছনাত এতিয়াও বিৰাজমান!!

তাৰমানে...

তাই যে দুৱাৰখন খুলি থমকি ৰৈছিল.....

উস্, তাইক বিচাৰিব লাগিব। অ, তাইক বিচাৰিব লাগিব। জানো তাই কেতিয়াও হাৰ নামানে। নিজক খুলি কেতিয়াও নেদেখাই। তাই চাগৈ মোক আৰু লগ নকৰিব....

ভাবি চিন্তি ছায়াক ঘৰত থৈ মই মোৰ ..নহয়..আমাৰ ঘৰলৈ আহিলোঁ। ঘৰতো অন্ধকাৰত বুৰ গৈ আছে। গাড়ীখন গেৰেজত ভৰাই মই চাবিৰে দুৱাৰ খুলিলো।
পিন্ধি থকা জোতাযোৰ খুলি বাহিৰৰ ৰেক ডালত থলো।  এই টো তাইৰ প্ৰথম আদেশ আছিল।

"জোতাবোৰ খুলি য'তে ত'তে নথব। বাহিৰৰ ৰেকডালত থৈ হে ভিতৰলৈ সোমাব"।

 প্ৰথম অৱস্থাত কিছু দিগদাৰ পাইছিলোঁ যদিও পিছলৈ এক অলিখিত নিয়মত পৰিণত হৈছিল । আজিও ব‍্যতিক্ৰম নহ'ল। ।আচৰিত ভাবে যাক পাহৰিবলৈ অত আয়োজন, তাকেই বাৰে বাৰে মনত পেলাইছোঁ।  আনকালে ঘৰত আহি ফ্ৰেছ হৈ কিবা খাওঁ। কেতিয়াবা তাই বনাই। কিন্তু তাইৰ হাতৰ খোৱা তকৈ নিজে বনাই খাওঁ। নাজানোঁ এই অৱহেলা তাই কেনেকৈ সহি আছিল। কিন্তু আজি তাইৰ কথাবোৰে চোন মনলৈ আহি আছে।  আজি একো খাবলৈ মন যোৱা নাই। ঘৰ পোহৰ কৰিবলৈ ও ইচ্ছা যোৱা নাই।

ড্ৰয়িংৰুমৰ চোফা খনত বহি গেটৰ ফালে চাই আছো। গেটৰ লাইট কেইটাই ঘৰৰ বাহিৰ খন পোহৰাই তুলিছে। তাইক এবাৰ দেখা হ'লে! এবাৰৰ বাবে হ'লেও তাইক চোৱা বাসনাই হিয়া উত্তাল কৰি তুলিছে। এনে হোৱাৰটো কাৰণ নাছিল! প্ৰথম বাৰৰ বাবে এনে অনুভৱ হৈছে। কাৰণ?? নাজানোঁ।

" তুমি মোক পাবলৈ নিবিচাৰিবা।মই তোমাক গ্ৰহণ কৰিব নোৱাৰো।"" - এয়া মই। বিয়াৰ আগদিনা তাইক ফোন কৰি কোৱা কথা।

বাহিৰৰ গেটৰ শব্দত উচপ খাই উঠিলোঁ। চালোঁ, তাই আহিছে। গেটৰ খিলিডাল খুলি সোমাব লৈছে। কিন্তু... তাইচোন ৰৈ গ'ল। ঘৰটোলৈ একেৰাহে চাই ৰ'ল। যেন নেদেখা বস্তু এটাহে দেখিলে। লাইটৰ পোহৰত তাইৰ মুখ খন উজলি উঠিছে। কিন্তু এয়া কি?? তাইৰ চকুত চকুপানী!!

মই আৰু অসহায় হৈ পৰিছোঁ। হৃদয়ত যেন কোনোবাই চুৰীকাঘাত কৰিছে! আজি এবছৰে তাইৰ চকুত চকুপানী নেদেখিলো। যিমান ঠাট্টা, যিমান গালি ,যিমান অপমান নকৰো কিয়, তাইৰ মুখত সদায় হাঁহি দেখিছিলো। যেন মই শিলৰ ওপৰত হে চাবুক চলাইছিলো। মোৰ বন্ধু মহলত তাইৰ কথা কৈ তাইক হাহিয়াতৰ পাত্ৰ কৰিছিলোঁ। কিন্তু আজি! সদায় শিলৰ বৰ্ম পিন্ধা , মোক শাসন কৰা তাইৰ মুখখনত চকুপানী!  আস!  বুকুখনেও যেন চেতনা হেৰুৱাই পেলাইছে! বিষ টো আকৌ উজাই আহিছে।

 উঠি যাব লওতেই তাই গেট খুলি বাহিৰলৈ দৌৰ দিলে। ঘড়ীটোলৈ চালোঁ..১২.৩০.. এই  মাজৰাতি তাই ক'ত যাব ? মই দিগভ্ৰান্ত হোৱাৰ দৰে হ'লো। তাইৰ পিছে পিছে মই ও গ'লো। দৌৰিছো; মই বহুত দৌৰিছো। কিন্তু..... নাই তাই। ক'তো নাই! ৩ বজালৈ বিচাৰি বিচাৰি নাপায় তাইৰ ঘৰলৈ ফোন কৰিলোঁ।

সম্পূৰ্ণ এটা বছৰৰ পিছত।

ফোন কৰোঁতে ভবা নাছিলোঁ কি কম? এতিয়া ৰিং হোৱাৰ পিছতহে ভাবিছোঁ কি কম? ক'ৰ পৰা আৰম্ভ কৰিম। কিন্তু ৰিং হৈ হৈ ফোন টো কাট খাই গ'ল। হাত ভৰি ত কঁপনি উঠিছে....মুৰটোও ঘূৰোৱা ঘূৰোৱা লাগিছে...বহুত ভাগৰ লাগিছে.. এনে লাগিছে যেন মই  ওখ ঠাইৰ পৰা জাঁপ দিছোঁ.. সন্মুখৰ সকলো অস্পষ্ট হৈ পৰিছে...চাৰিওফালে অন্ধকাৰ হৈ আহিছে...এটা সময়ত মই নাজানো কি হল মোৰ!!!

(আগলৈ)

পৰৱৰ্তী খণ্ডটো কাইলৈ প্ৰকাশ পাব


Post a Comment

0 Comments