অনুজ য়েইনৰ কবিতা- ঠিকনা


ঠিকনা


পুৰণা জাহাজ ঘাট দিচাংমুখ, ঠিকনাটি সাৰে আছে মামাৰে ধৰা লোহাৰ শিকলিৰ
ইয়াৰ সাক্ষী আছে
এই খন দিচাং নদী .....
সেই নদীৰ সোঁতত
স্পৰ্শকাতৰ ককা-দেউতাৰ হাঁহি কান্দোন, শৈশৱৰ ৰংৰহ ইচ ,
এদিন ককাৰ  মুখত শুনা ঢৌ উঠা জাহাজৰ
শব্দ তেতিয়া মোৰ সাধু
শুনাৰ বয়স , তাহানি হেনু জাহাজত কাম কৰিছিল,
সেই তেতিয়াই লোহাৰ শিকলিৰ চুৰি হৈছিল।
ককাদেউতা নাই
অথচ ,সহজে চিনি
পাই আলি বাটৰ সিপাৰে ইপাৰে  আবেলিৰ  যুই-যুই
ধোৱাঁচাঙৰ জখলা
এই খিনিতে আছিল
মোৰ ককাদেউতাৰ ঘৰ
আৰু মোৰ এতিয়াৰ ঠিকনা।
     
   অনুজ য়েইন।

Post a Comment

0 Comments