২১ এপ্ৰিলৰ পৰা লক ডাউনত কি কি শিথিলতা থাকিব, অৰ্থাৎ ২১ এপ্ৰিলৰ পৰা আপুনি কি কি কৰিব পাৰিব | lock down relaxation

২১ এপ্ৰিলৰ পৰা লক ডাউনত কি কি শিথিলতা থাকিব, অৰ্থাৎ ২১ এপ্ৰিলৰ পৰা আপুনি কি কি কৰিব পাৰিব | lock down relaxation




১) ২১ এপ্রিল, ২০২০ ৰ পৰা চৰকাৰী কার্যলয়সমুহ খােলা হ'ব।

২) অসম সচিবালয়ৰ উপ-সচিবৰ পৰা আৰম্ভ কৰি উৰ্দ্ধতন সকলো বিষয়। নিয়মীয়াকৈ কার্যালয়ত উপস্থিত থাকিব লাগিব।

৩) তৃতীয় বৰ্গ আৰু চতুর্থবৰ্গৰ কৰ্মচাৰীসকল বিভাগীয় বিষয়াব নির্দেশ অনুসৰি আহিব লাগিব। একে সময়তে সর্বাধিক ৩৩ শতাংশ কর্মচাৰীকার্যালয়ত থাকিব পাৰিব। বিভাগে ইয়াৰ বাবে প্রয়ােজনীয় ৰােষ্টাৰ প্ৰস্তুত কৰিব।

৪) উপ-সচিব, যুটীয়া সচিব, সচিব সকলে কার্যালয়লৈ নিজৰ গাড়ী ব্যৱহাৰ কৰি
আহিব নােৱাৰিব। সচিবালয়ৰফালৰ পৰা বাছৰ ব্যৱস্থা কৰা হ'ব। বাছ অহা-যােৱা কৰা পথ, সময় আদি বাতৰি কাকতত প্ৰকাশ কৰা হ'ব।

৫) সঞ্চালকালয়, স্বায়ত্বশাসিত প্রতিষ্ঠান, ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান আদিত সঞ্চালক
পৰা সহকাৰী সঞ্চালক পর্যায়লৈকে বিষয়া কার্যালয়ত উপস্থিত থাকিব লাগিব। প্রয়ােজনসাপেক্ষে কৰ্মচাৰীক গাড়ী পঠিয়াই অনাৰ ব্যৱস্থা কৰিব।

৬) মালিক আয়ুক্ত, উপায়ুক্ত, মহকুমাধিপতি (অসামৰিক) সকলে নিজৰ কাৰ্যালয়ৰ উপৰিও জিলাৰ বাকীকার্যালয়সমূহত একে ব্যৱস্থা গ্ৰহণৰ বাবে নির্দেশনা জাৰি কৰিব।

৭) কার্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ বাদে আন লােক কার্যালয়লৈ অহাটো নিষিদ্ধ থাকিব। তেওঁলােকৰ প্ৰয়ােজনীয় কাম থাকিলে নিয়ন্ত্রণ কক্ষ বা বৈদ্যুতিন মাধ্যমত যােগাযােগ কৰিব পাৰিব।

৮) সকলাে বিষয়াই কার্যালয়লৈ নিজৰ পৰিচয় পত্র লৈ আহিব।

৯) সকলাে বিষয়া-কৰ্মচাৰীয়ে মুখা (মাস্ক) পৰিধান কৰা আৰু হেণ্ড ছেনিটাইজাৰ
ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰা হৈছে।

১০) কর্মক্ষেত্ৰত সকলােৱে সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব।

১১) কৃষি আৰু গ্ৰাম্য অর্থনীতিৰ ক্ষেত্রসমূহ খােলা থাকিব।

১২) পর্যাপ্ত সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰি আৰু মানসম্পন্ন কার্যসম্পাদন প্রক্রিয়া (SOP)
অনুসৰি ঔদ্যোগিক কাম-কাজ অব্যাহত থাকিব।

১৩) ই-কমার্চ আৰু ডিজিটেল অর্থনীতিৰ কাম-কাজ চলি থাকিব।

১৪) স্বাস্থ্য সেৱাৰ সকলাে গােটৰ কাম-কাজ চলি থাকিব।

১৫) কৃষি কাৰ্যৰ লগত জড়িত যন্ত্রপাতিৰ দোকান আৰু মেৰামতিৰ ব্যৱস্থা খােলা থাকিব।

১৬) বীজ, কীটনাশক দ্ৰব্য আৰু ৰাসায়নিক সাৰৰ উৎপাদন আৰু বিতৰণ অব্যাহত থাকিব।

১৭) কৃষি সামগ্ৰীৰ পৰিবহণ অব্যাহত থাকিব।

১৮) মাছ মৰা কাৰ্য চলি থাকিব।

১৯) গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ উৎপাদন আৰু যােগান অব্যাহত থাকিব।

২০) গােশালা সমূহ খােলা থাকিব।

২১) খাদ্য প্রস্তুতকৰণৰ উদ্যোগ খােলা থাকিব।

২২) ইটা ভাটা খােলা থাকিব।

২৩) জলসিঞ্চন আৰু পানী যােগানৰ লগত জড়িত কাম-কাজসমূহ অব্যাহত থাকিব।

২৪) অত্যাৱশ্যকীয় সামগ্রী বিক্ৰী কৰা দোকান বাদে আন বাণিজ্যিক প্রতিষ্ঠানসমূহ বন্ধ থাকিব।

২৫) তথ্য প্রযুক্তিৰ কাম-কাজ আৰু তথ্য প্রযুক্তিৰ দ্বাৰা পৰিচালিত সেৱাসমূহ ৫০
শতাংশ কর্মচাৰীৰে চলিব।

২৬) শীতল ভঁৰাল, গুডাম আদি চলি থাকিব।

২৭) অত্যাৱশ্যকীয় সামগ্রী, ঔষধ, স্বাস্থ্য সেৱাৰে জড়িত উদ্যোগসমূহ খােলা থাকিব।

২৮) উৎপাদনৰ বাবে নিৰৱচ্ছিন্ন প্রক্রিয়া প্রয়ােজন হােৱা উৎপাদন গােটসমূহ
(Continuous process production units) চলি থাকিব।

২৯) তথ্য প্রযুক্তিৰ হাৰ্ডৱেৰ, পেকেজিং সামগ্রী, মৰাপাট উদ্যোগ খােলা থাকিব।

৩০) তেল আৰু প্রাকৃতিক গেছ উদ্যোগৰ কাম-কাজ চলি থাকিব।

৩১) ইলেক্ট্রিচিয়ান, পানীমিস্ত্রি, মটৰ মেকানিক, কাঠমিস্ত্রি, কম্পিউটাৰ / ম'বাইল ফোন মেকানিক আদি স্বনিয়ােজিত কর্মীসকলে গ্রাহকৰ নিজস্ব চৌহদত সেৱা আগবঢ়াব পাৰিব।

৩২) চিকিৎসা সেৱাৰ লগত জড়িত আৰু চৰকাৰী নির্দেশনাবলী অনুসৰি অনুমতিপ্রাপ্ত যানবাহনৰ বাদে মানুহৰ আন্তঃজিলা আৰু আন্তঃৰাজ্যিক ভ্রমণ (ৰেলগাড়ী, বাছ ইত্যাদি) বন্ধ থাকিব।

৩৩) সকলাে শিক্ষা প্রতিষ্ঠান আদি বন্ধ থাকিব।

৩৪) টেক্সী (অটোৰিক্সা আৰু চাইকেল ৰিক্সাকে ধৰি) আৰু কেৰ সেৱা বন্ধ থাকিব।

৩৫) সকলাে চিনেমা হল, মল, শ্বপিং কমপ্লেক্স, জিমনেছিয়াম, স্পৰ্টছ কমপ্লেক্স, ছুইমিং পুল, এণ্টাৰটেইনমেন্ট পার্ক থিয়েটাৰ, বাৰ, অডিটৰিয়াম, এছেৱলীহল আৰু এনেধৰণৰ
স্থানসমূহ বন্ধ থাকিব।

৩৬) সকলাে ধৰণৰ সামাজিক অনুষ্ঠান আয়ােজন আৰু জনসমাগম বন্ধ থাকিব।

৩৭) ৰাইজৰ বাবে সকলাে ধর্মীয় স্থান আৰু ধর্মীয় সমাগম বন্ধ থাকিব।

৩৮) মৃতকৰ শেষকৃত্যৰ বাবে ২০ জনতকৈ অধিক লােক উপস্থিত থাকিবলৈ অনুমতি দিয়া নহ'ব।











মবাইলটো হাতেৰে চুব নালাগে । মুখেৰে কলে সকলো কৰি দিব । কিন্তু এইয়া কেনেকৈ কৰিব তাক জানিবলৈ ইয়াত ক্লিক (click here) কৰি চাওঁক




যিকোনো এখন গাড়ী বা বাইকৰ  নম্বৰ আপোনাৰ মবাইলত টাইপ কৰি কিদৰে গোটেই গাড়ী বা বাইক খনৰ মালিকৰ নাম ঠিকনা সকলো তথ্য উলিয়াব পাৰি জানিবলৈ ইয়াত  ক্লিক (click here) কৰক



আপোনাৰ মবাইলটো কিদৰে টিভি'ত কনেক্টশ্বন কৰি ডাঙৰ স্ক্ৰিনত চাব পাৰি জানিবলৈ ইয়াত ক্লিক (click here) কৰক



আপোনাৰ ফটোখনৰ বেকগ্ৰাউণ্ড কেনেকৈ ৩ ছেকেণ্ডত নাইকীয়া কৰিব জানিবলৈ ইয়াত ক্লিক ( click here ) কৰক

Post a Comment

0 Comments