অসমীয়া ফকৰা যোজনা সংগ্ৰহ

অসমীয়া ফকৰা যোজনা সংগ্ৰহ


অসমীয়া ভাষাৰ আন এক উল্লেখযোগ্য সম্পদ হৈছে  ফকৰা-যোজনা সমূহ ৷ অসমীয়া ভাষাত বহুতো ফকৰা যোজনা আছে । আজিৰ লেখাটোত আমি আপোনালোকলৈ অতিকৈ ব্যৱহাৰ কৰা ফকৰা যোজনা সমুহ সংগ্ৰহ কৰি আনি দিয়া হল - 


১. উপকাৰীক অজগৰে খায়৷


২. টেঙা আম এবাৰহে বেচিব পাৰি৷


৩. তুলসীৰ লগত কলপটুৱাৰ মুক্তি৷


৪. বাহিৰে ৰং-চং ভিতৰি কোৱা-ভাতুৰি৷


৫. পৰৰ মূৰত কঁঠাল ভঙা৷


৬. ওলায়েই দেখিবা যাক, শতৰু নুবুলিবা তাক৷


৭. অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ৷


৮. কথাত কটা যায়, কথাত বঁটা পায়৷


৯. আপোন ভালেই জগত ভাল৷


১০. হাতী মাৰি ভুৰুকাত ভৰোৱা৷

১১. অতি ভক্তি চোৰৰ লক্ষণ৷


১২. ফিৰিঙতিত খাণ্ডব দাহ৷


১৩. বাঘৰ নেজেৰে কাণ খজুৱা৷


১৪. আইৰ সমান হ’ব কোন, নৈৰ সমান বব কোন৷

১৫. চিনা হাঁহৰ ঠোঁটলৈকে মঙহ৷


১৬. আগৰ হাল যিফালে যায়, পাছৰ হালো সিফালে যায়৷

১৭. এডাক দেখি উঠিল গা
কেতুৰীয়ে বোলে মোকো খা৷৷


১৮. ভালে পায় ভাল, জাবৰে পায় খাল৷


১৯. দুই নাওঁত দুই ভৰি৷


২০. খং নামে চণ্ডাল৷

২১. ওঁঠ চেপিলে গাখীৰ ওলোৱা৷

২২. গৰুৰ আগত টোকাৰী বায়
শিং জোকাৰি ঘাঁহ খায়৷৷


২৩. গছত উঠাই গুৰিত কটা৷


২৪. মূৰ্খ বন্ধুতকৈ জ্ঞানী শত্ৰুৱেই ভাল৷


২৫. এনেই বুঢ়ী নাচনী, তাতে নাতিনীয়েকৰ বিয়া৷


২৬. গাখীৰ খুৱাই সাপ পোহা৷

২৭. কালৰো কাল বিপৰীত কাল, হৰিণাই চেলেকে বাঘৰ গাল৷


২৮. ছোৱালী আনিবা মাক ভাল, মাটি কিনিবা মাজ খাল৷

২৯. বিনা মেঘে বজ্ৰপাত৷


৩০. দুই ম'হৰ যুজত বিৰিণাৰ মৰণ৷

৩১. এদিন বামুনৰ, এদিন বহুৱাৰ৷


৩২. আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা৷


৩৩. পৰুৱাৰ পাখী গজে মৰিবলৈ৷

৩৪. গছত কথা ওঁঠত তেল
নৌ খাওঁতেই শেলবেল৷৷


৩৫. আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল৷


৩৬. ছোৱালী বোলে কুৰিতে বুঢ়ী৷


৩৭. উলুৰ লগত বগৰী পোৰা৷


৩৮.এশ গৰু মাৰিলে বাঘৰো মৰণ৷


৩৯. মিছা কথাৰ ঠেং চুটি৷

৪০. আঁঠুৱা চাই ঠেং মেলা৷



Post a Comment

0 Comments