১৪ এপ্ৰিলৰ পাছৰ পৰা পুনৰ চলিব পাৰে ৰে’ল, কিন্তু সকলো যাত্ৰীয়ে যাত্ৰা কৰিব নোৱাৰিব !! কোনবোৰে পাৰিব জানিবলৈ ইয়াত পঢ়ক

১৪ এপ্ৰিলৰ পাছৰ পৰা পুনৰ চলিব পাৰে ৰে’ল, কিন্তু সকলো যাত্ৰীয়ে যাত্ৰা কৰিব নোৱাৰিব !! কোনবোৰে পাৰিব জানিবলৈ ইয়াত পঢ়ক



ভাৰতীয় ৰে’লৱেই ৰে’লৰ চলাচল পুনৰ আৰম্ভ কৰাৰ বাবে আৱশ্যকীয় প্ৰট’কল প্ৰস্তুত কৰিছে। প্ৰটকল অনুসৰি লকডাউনৰ পাছত ১৫ এপ্ৰিলৰ পৰা পুনৰ আৰম্ভ হব পাৰে ৰেল সেৱা । নতুন প্ৰট’কল মতে, যাত্ৰীয়ে ৰে’লৰ নিৰ্ধাৰিত সময়তকৈ চাৰি ঘণ্টা পূৰ্বে ষ্টেচন পাব লাগিব। ৰে’লৱে ষ্টেচনত উপস্থিত হোৱাৰ পূৰ্বে সকলো যাত্ৰীৰ হ’ব থাৰ্মেল স্ক্ৰীণিং। থাৰ্মেল স্ক্ৰীণিঙত জ্বৰ, কাহ, চৰ্দি আদি ধৰা পৰিলে যাত্ৰাৰ বাবে অনুমতি দিয়া নহ’ব।

ৰে’লৱে বিভাগৰ পৰা জনোৱা অনুসৰি, ১৫ এপ্ৰিলৰ পৰা সংৰক্ষিত নন এচি শ্লিপাৰ শ্ৰেণীত যাত্ৰা কৰাৰ বাবে অনুমতি দিয়া হ’ব। ৰে’লত নাথাকিব এচি দবাৰ লগতে অসংৰক্ষিত শ্ৰেণীত যাত্ৰা কৰাৰ অনুমতি। ইমানেই নহয়, ৰে’লৱে ষ্টেচনত কেৱল নন এচি শ্লিপাৰ শ্ৰেণীত টিকটসংৰক্ষণ কৰা লোককহে ষ্টেচনত প্ৰৱেশ কৰাৰ অনুমতি দিয়া হ’ব যাত্ৰা কৰিব দিয়া হব ।

Post a Comment

0 Comments