আমি মানুহবোৰৰ বহুত সময় একেৰাহে থিয় হৈ থাকিলে গা বেয়া লাগে কিয় ?

আমি মানুহবোৰৰ বহুত সময় একেৰাহে থিয় হৈ থাকিলে গা বেয়া লাগে কিয় ?



সাধাৰনতে আমি মানুহবোৰৰ থিয় হৈ থাকিলে ভাগৰ লগাৰ কাৰনটো হৈছে মানহ ঠিয় হৈ থকা অৱস্থাত আমাৰ পেশীৰ কাম একেবাৰে কমি
যায়। তেতিয়া অভিকর্ষজ শক্তিৰ ফলত শৰীৰৰ বেছিভাগ তেজ ভৰিৰ পিনে নামি যায়। ফলত হৃদপিণ্ডলৈ তেজৰ সৰবৰাহৰ হাৰ কমি যায়। হৃদপিণ্ডই যি পৰিমাণৰ তেজ পাম্প কৰে, যাক কার্ডিয়াক আউটপুট (Cardiac Output) বােলা হয়, তাৰ পৰিমাণে কম হয়। ফলত তেতিয়া হৃদপিণ্ডৰ হাৰ (Heart Rate) বাঢ়ি যায়। ইফালে ৰক্তচাপো কমি যায়। যাৰ ফলত শৰীৰৰ কামবোৰ এনেদৰে সঠিত অৱস্থাৰ পৰা অসুচল অৱস্থালৈ গুছি যোৱাৰ ফলত আমাৰ এনেদৰে বেছি সময় থিয় হৈ থাকিলে গা বেয়া হৈ উঠে ।

সাধাৰনতে আমি মানুহ বেছি সময় থিয় হৈ থাকিলে অজ্ঞানাে হৈ গুচি যোৱাৰ সম্ভাৱনা থাকে । তাৰ কাৰণটো হৈছে আমাৰ এইসময়ত বেছিভাগ তেজ ভৰিলৈ নামি অহাৰ ফলত মগজুত অক্সিজেনৰ সৰবৰাহ ইমানেই কমি যায় যে মগজুৱে স্বাভাৱিক কাম কৰাৰ ক্ষমতা হেৰুৱাই পেলায়। যাৰ ফলত এই সময়ত মানুহৰ অজ্ঞান হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰে ।

গতিকে এনেবোৰ কাৰনেই আমি মানুহবোৰ বেচি সময় ঠিয় হৈ থাকিলে গা বেয়া হয় যায় ।

লেখাটো ভাল পালে চচিয়েল মেডিয়াত নিশ্চয় চেয়াৰ কৰিব ।



মবাইলটো হাতেৰে চুব নালাগে । মুখেৰে কলে সকলো কৰি দিব । কিন্তু এইয়া কেনেকৈ কৰিব তাক জানিবলৈ ইয়াত ক্লিক (click here) কৰি চাওঁক



যিকোনো এখন গাড়ী বা বাইকৰ  নম্বৰ আপোনাৰ মবাইলত টাইপ কৰি কিদৰে গোটেই গাড়ী বা বাইক খনৰ মালিকৰ নাম ঠিকনা সকলো তথ্য উলিয়াব পাৰি জানিবলৈ ইয়াত  ক্লিক (click here) কৰক


Post a Comment

0 Comments