মই আজি AGPৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আত্মহত্যা কৰিলো - অগপ সভাপতি অতুল বৰা'ৰ প্ৰতীকী ছুইচাইড নোট

মই আজি AGPৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আত্মহত্যা কৰিলো - অগপ সভাপতি অতুল বৰা'ৰ প্ৰতীকী ছুইচাইড নোট


সমগ্ৰ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে  আন্দোলন চলি থাকোতে হঠাৎ মঙলবাৰে নিশা আমবাৰীৰ অগপৰ মুখ্য কাৰ্যালয়ৰ দেৱালত দেখা গল এটা প্ৰতীকী মৃতদেহ। খেৰ জুমুঠিৰে প্ৰতীকী অৰ্থত প্ৰস্তুত কৰা মৃতদেহটো  আছিল অগপ'ৰ সভাপতি অতুল বৰাৰ । দেখা গল যে এই প্ৰতীকী মৃতদেহটোৰ কাষতে এটা চুইচাইট নোট । যত লিখা আছিল - 

‘নমস্কাৰ, মই অতুল বৰা। নিজৰ মন্ত্ৰিত্ব ৰক্ষাৰ স্বাৰ্থত মই মোৰ আইক বিক্ৰী কৰিলো। ৮৫৫জন শ্বহীদক অপমান কৰি মই অনুতপ্ত। তাৰে দুখতে মই আজি AGPৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আত্মহত্যা কৰিলো। – দুখেৰে... অতুল।’

মঙৰবাৰে নিশা এই প্ৰতীকী মৃতদেহটো অগপৰ কাৰ্যালয়ৰ দেৱালত দেখা গল । বৰ্তমানলৈকে এই কাৰ্যটো কোনে কৰিলে এইয়া জানিব পৰা নাই । কিন্তু কোনোবা লোকে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অগপৰ স্থিতিত অসন্তুষ্ট হৈয়েই এই কাম কৰা বুলি সকলোৱে মত পোষণ কৰিছে ।

বৰ্তমান এই সম্পৰ্কত আৰক্ষীয়ে তদন্ত কৰা দেখা গৈছে ।




আপোনাৰ মবাইলটো কিদৰে টিভি'ত কনেক্টশ্বন কৰি ডাঙৰ স্ক্ৰিনত চাব পাৰি জানিবলৈ ইয়াত ক্লিক (click here) কৰক



মবাইলটো হাতেৰে চুব নালাগে । মুখেৰে কলে সকলো কৰি দিব । কিন্তু এইয়া কেনেকৈ কৰিব এই জানিবলৈ ইয়াত ক্লিক (click here) কৰি চাওঁক


আপোনাৰ ফটোখনৰ বেকগ্ৰাউণ্ড কেনেকৈ ৩ ছেকেণ্ডত নাইকীয়া কৰিব জানিবলৈ ইয়াত ক্লিক ( click here ) কৰক



Post a Comment

0 Comments