কবিতা
লেখক - জাকিৰ হুচেইন
তোমাক স্পর্শ কৰিব নোৱাৰো ।
ভয় হয় জানোচা শিহৰণ উঠে,
মই কামুক পুৰুষ হব নোখোজো ।
নহ'লে তুমি ক'বা যৌন উদ্মাদ ।
হয়তো তুমি নাজানা ঘোল্লষী গাভৰু বোৰে যৌনতাৰে ভালপোৱা বিনিময় কৰে ,
বিক্রী কৰে নিজৰৰ দেহ ভালপোৱা জনৰ ওচৰত ।
যৌৱনে পৰিধি ভাঙে নিয়মৰ শিকলি চিঙে,
তোমাক স্পর্শ কৰাৰ হাবিয়াহ নাছিল বুলি নকওঁ ,
সেইবাবেই নিশা কম্বলৰ তলত উম লৈ ফুচফুচাই
পাতিছিলোঁ অভদ্ৰ কথাবোৰ ।
তুমিও সহাৰি দিছিলা ,তোমাৰ সানিধ্যত হৈ পৰিছিলোঁ দুদান্ত প্ৰেমিক ।
(আপোনাৰ নিপুন হাতে লিখা সুন্দৰ কবিতা বা আন লেখা যদি আমাৰ এই জনপ্ৰিয় ৱেবচাইট সমগ্ৰ ডট ইন'ত প্ৰকাশ কৰিব বিছাৰিছে তেন্তে অনুগ্ৰহ কৰি আমাৰ Whatsapp নং ৯৬৭৮৮৫১৯৯১ ত কবিতা বা যিকোনো লেখাটো প্ৰেৰন কৰক । আমাৰ ৱেবচাইটটোত প্ৰত্যেক মাহে অতিকৈ উচ্চমান সম্পন্ন আৰু পাঠকে অতিকৈ ভাল পোৱা কবিতা বা যিকোনো লেখাৰ লেখক জনক আমি মাননীওঁ প্ৰদান কৰো ।)
0 Comments