কবিতা - সপোন

সপোন

লেখক - ধনীৰাম বড়ি


দেখোঁ
চুব নোৱাৰোঁ
মেৰিয়াই পাক
চক্ৰ ফেটী সাপৰ
কপালৰ মণি

নোপোৱা জীৱনৰ
বিষণ্ণ দুখবোৰ লৈ
অকলে অকলে
গোটেই নিশা
হাঁহি হাঁহি পাৰ কৰোঁ !

হয়তো
নোপোৱা আশাবোৰে
মোৰ জীৱনৰ বাবে
ৰঙীন সুখেৰে
ওলমি আছিল সপোন

চুব মন যায়
চাব মন যায়
কাষত পাবলৈ মন যায়

তথাপি..
দূৰে দূৰে দুটি মণিত
ৰৈ যায়
এখন সঁচা হৃদয়ৰ মাজত ৷



(আপোনাৰ নিপুন হাতে লিখা সুন্দৰ কবিতা বা আন লেখা যদি আমাৰ এই জনপ্ৰিয় ৱেবচাইট সমগ্ৰ ডট ইন'ত প্ৰকাশ কৰিব বিছাৰিছে তেন্তে  অনুগ্ৰহ কৰি আমাৰ Whatsapp নং ৯৬৭৮৮৫১৯৯১ ত কবিতা বা যিকোনো লেখাটো প্ৰেৰন কৰক । আমাৰ ৱেবচাইটটোত প্ৰত্যেক মাহে অতিকৈ উচ্চমান সম্পন্ন আৰু পাঠকে অতিকৈ ভাল পোৱা কবিতা বা যিকোনো লেখাটোৰ লেখক জনক আমি মাননীওঁ প্ৰদান কৰো ।)

Post a Comment

0 Comments